Advertisment

হৰিবিলাসৰ তামোলবাৰী, জ্যোতি প্ৰসাদৰ সৃষ্টিৰ কঠিয়াতলী, দেৱী প্ৰসাদে ল'লে তুলি...

১৯১৫ চনৰ ২ জানুৱাৰীত তামোলবাৰী চাহ বাগিচা পঞ্জীয়ন হৈছিল তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেড হিচাপে। এই বাগিচাখন প্ৰতিষ্ঠা কৰিছিল হৰিবিলাস আগৰৱালাই। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
হৰিবিলাসৰ তামোলবাৰী, জ্যোতি প্ৰসাদৰ সৃষ্টিৰ কঠিয়াতলী, দেৱী প্ৰসাদে ল'লে তুলি...

তামোলবাৰী চাহ বাগিচা- বিশেষ চিনাকীৰ প্ৰয়োজন নাই, নামেই যথেষ্ট। এই চাহ বাগিচাতেই উমলিছিল, ইয়াৰ বতাহ, পানী খাই সৃষ্টিৰ পাতনি মেলিছিল সৰ্বকালৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়াই। এই বাগিচাখনত সেই ঐতিহ্যক সোঁৱৰি আজিও মূৰ থিয় কৰি আছে জ্যোতি তীৰ্থই। পিছে এতিয়া জ্যোতি তীৰ্থৰ অৱস্থা কি? কোনে লৈছে ইয়াৰ সংৰক্ষণৰ দায়িত্ব? কথা দি, কথা ৰাখিবলৈ পাহৰিলে চৰকাৰে। ৰাইজৰ ক্ষোভ আৰু এগৰাকী অসমীয়াৰ যোগাত্মক চিন্তাই কিদৰে আশাৰ সঞ্চাৰ কৰিছে জ্যোতি তীৰ্থলৈ? এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

চাহ নগৰী ডিব্ৰুগড়ৰ প্ৰায় ২৩০ খন চাহ বাগিচাৰ এখন বিশেষ চাহ বাগিচা। এই চাহ বাগিচাখনৰ আছে এক সুকীয়া ঐতিহ্য। ডিব্ৰুগড় জিলাৰ সদৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ আঁতৰত থকা এই চাহ বাগিচাখন অসমীয়া সমাজ, সংস্কৃতি, সাহিত্য আৰু স্বাধীনতা সংগ্ৰামৰ সৈতে এনেদৰে সংপৃক্ত হৈ আছে যে, ইয়াৰ নামটোৱেই এক ইতিহাসলৈ পৰিণত হৈছে। 

১৯০৩ চনৰ ১৭ জুনত এই বাগিচাখনতেই জন্ম হৈছিল অসমৰ সৰ্বকালৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ। জীৱনৰ এচোৱা সময় তেওঁ এই বাগিচাতেই উমলিছিল। ইয়াৰ বতাহ, পানী সেৱন কৰাৰ ফলতেই তেওঁৰ দেহত প্ৰবাহিত ৰক্তও হৈ পৰিছিল নিভাঁজ অসমীয়া। 

১৯১৫ চনৰ ২ জানুৱাৰীত তামোলবাৰী চাহ বাগিচা পঞ্জীয়ন হৈছিল তামোলবাৰী টি কোম্পানী প্ৰাইভেট লিমিটেড হিচাপে। এই বাগিচাখন প্ৰতিষ্ঠা কৰিছিল হৰিবিলাস আগৰৱালাই। 

হৰিবিলাস আগৰৱালাৰ এই চাহ বাগিচাৰ পৰিচালকৰ বঙলাটোত থাকিয়েই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল চিৰযুগমীয়া বহু সৃষ্টিৰাজি। ১৯১৫ ৰ পাছত ২০১৯। সুদীৰ্ঘ প্ৰায় ১০৪ বছৰৰ অন্তত এই বাগিচাখনৰ মালিকিস্বত্ব হস্তান্তৰ হ’ল। 

বাগিচাখনৰ নতুন গৰাকী হ’ল অসমীয়া সাহিত্যক মনে প্ৰাণে ভাল পোৱা, অসমীয়া জাতিৰ সৈতে নিজকে বিলীন কৰি দিয়া দেৱীপ্ৰসাদ বাগড়োডিয়া। গুণীৰ গুণ বুজিবলৈ, ঐতিহাসিক সমলৰ মূল বুজিবলৈ নজনা অসমীয়া জাতিৰ বাবে হয়তো এয়া আছিল আশাৰ খবৰ। 

শতিকাগৰকা এই চাহ বাগিচাখনৰ যিটো ঘৰত ৰূপকোঁৱৰৰ জন্ম হৈছিল সেই ঘৰটো সংৰক্ষণৰ দায়িত্ব অসম চৰকাৰে কেতিয়াবাই ল’ব লাগিছিল যদিও সেয়া আজিও হৈ নুঠিল। বৰঞ্চ বাৰে বাৰে প্ৰতিশ্ৰুতি দি কেৱল দায়িত্বৰ পৰা ফালৰি কটাৰ নেতাৰ যি চৰিত্ৰ সেই চৰিত্ৰ ৰূপকোঁৱৰৰ ‘জ্যোতি তীৰ্থ’ৰ ক্ষেত্ৰতো একেই থাকিল। 

যি কাম অসম চৰকাৰে ইমান বছৰে কৰিব নোৱাৰিলে সেই কাম ২০১৯ ত বাগিচাখনৰ দায়িত্ব লৈয়েই আৰম্ভ কৰিলে দেৱীপ্ৰসাদ বাগড়োদিয়া নামৰ অসমীয়াজনে।নিজৰ ধন খৰচ কৰি মেৰামতি কৰিলে ‘জ্যোতি তীৰ্থ’ক। 

ইতিহাস, ঐতিহ্যৰ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰা বাগড়োডিয়াই শতিকা প্ৰাচীন বঙলাটোৰ পুৰণি অৱস্থাকেই অক্ষত ৰাখি মেৰামতি কৰিলে। কোঠাবোৰৰো নামাকৰণ কৰিলে।

ইটা, টিনপাত, লোহাৰে নিৰ্মাণ কৰা এই বঙলাত বহা কোঠা, খোৱা কোঠা, তিনিটা শোৱনি কোঠা, দুটা গাধোৱা ঘৰ আছে। পঢ়িবলৈ, লিখামেলা কৰিবলৈ বাৰাণ্ডাৰ সৈতে এটা পৃথক কোঠা আছে। 

আগফালে আৰু পিছফালে বাৰাণ্ডা থকা বঙলাটোৰ পাকঘৰটো বঙলাৰ পৰা পৃথককৈ নিৰ্মাণ কৰা৷ ইয়াৰ পাকঘৰ তিনিটা কোঠালিযুক্ত যদিও ইয়া মূল বঙলাৰ পৰা কিছু আঁতৰত নিৰ্মাণ কৰা হৈছে। 

এটা মুক্ত কৰিড’ৰৰ জৰিয়তে ইয়াৰ মূল বঙলাৰ সৈতে সংলগ্ন কৰা হৈছে। চ’ৰা ঘৰ আৰু ডাইনিং কোঠা ফায়াৰ প্লেছ সংলগ্ন। দুয়োটা ফায়াৰ প্লেছৰে চিমনি একেটাই৷ এইসকলো এতিয়াও পূৰ্বৰ অৱস্থাতেই অক্ষত হৈ আছে। 

অসমীয়া জাতিৰ সৈতে বিলীন হৈ পৰা দেৱীপ্ৰসাদ বাগড়োডিয়াই বঙালাটো মেৰামতি কৰি ইয়াক এটা সংগ্ৰহালয়ৰ ৰূপ দিছে। পৰ্যটকে যাতে ‘জ্যোতি তীৰ্থ’লৈ আহি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াজনৰ স্মৃতি বিজড়িত এই বঙলাটো এবাৰ চাব পাৰে তাৰো ব্যৱস্থা কৰিছে। 

অ’ৰ-ত’ৰ পৰা বিচাৰি আনিছে ৰূপকোঁৱৰৰ বিভিন্ন সম্পদ। এই সংগ্ৰহালয়ত আছে  সংগীত শুনা যন্ত্ৰৰ ৰূপান্তৰৰ ধাৰাৰ এক নিদৰ্শন। বিভিন্ন প্ৰকাৰৰ গ্ৰাম’ফনৰ পৰা কেছেট, চিডিলৈকে সকলো আছে ইয়াত। সংৰক্ষণ কৰা হৈছে কিছু ৰেকৰ্ড। 

পুৰণি বিভিন্ন ধৰণৰ কেমেৰাৰ পৰা টেলিফোন আৰু মুভীকেমেৰাও ইয়াত আছে৷ দেৱীপ্ৰসাদ বাগড়োদিয়াই নিজে যি পাৰিছে সেয়াই কৰিছে। মূল্যবান বুলি ভবা যি সমল পাইছে সেয়াই সংৰক্ষণ কৰিছে। 

২০১৯ চনত ৰূপকোঁৱৰৰ ১১৭ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত তামোলবাৰী চাহ বাগিচাৰ এই বাসগৃহতে অনুষ্ঠিত হৈছিল এক বৰ্ণাঢ্য অনুষ্ঠান। তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াত মুখ্য অতিথিৰ আসন শুৱনি কৰিছিল। 

তেওঁৱেই তামোলবাৰী চাহ বাগিচা জ্যোতি তীৰ্থলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা শুভাৰম্ভ কৰিছিল। উন্মোচন কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আবক্ষ মূৰ্তি। এই অনুষ্ঠানতে সোণোৱালে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটা শাখা জ্যোতি তীৰ্থত স্থাপন কৰাৰো কথা দিছিল।

৫ বছৰৰ পাৰ হ’ল। মাজুলীৰ বিধায়ক হৈ মুখ্যমন্ত্ৰী হোৱা সোণোৱালে দিছপুৰ এৰি আকৌ দিল্লী পালেগৈ। ৰাজ্যসভা এৰি ডিব্ৰুগড়ৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আকৌ এবাৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব। 

পিছে তেওঁ দিয়া সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতিয়েই হৈ থাকিল।মাজতে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত সাংস্কৃতিক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা বিমল বড়ায়ো জ্যোতি তীৰ্থ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। পিছে সেয়াও হৈ নুঠিল। 

অসমৰ বাবে সৌভাগ্যৰ বিষয় এয়াই যে, জহি-খহি যোৱা লাহোৱালৰ তামোলবাৰী চাহ বাগিচাখন ২০১৯ ত দেৱীপ্ৰসাদ বাগড়োডিয়াৰ দৰে ব্যক্তিৰ হাতলৈ যোৱাৰ বাবেই জ্যোতি তীৰ্থই আজিৰ অৱস্থাত আছে। ইতিমধ্যে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনাৱালীৰ প্ৰায়খিনি হিন্দীলৈ অনুবাদ কৰা দেৱীপ্ৰসাদ বাগড়োডিয়াৰ সৈতে এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিছিলো। 

দিনত ৰূপকোঁৱৰক স্মৰণ কৰি সন্ধিয়াৰ সময়ত ব্যক্তিগত কিছু কামত তেওঁ চিলাপথাৰলৈ গৈ আছিল। তেতিয়াই তেওঁ ফোনতে আমাক ক’লে- ‘’জ্যোতি প্ৰসাদৰ যি বাসগৃহ আছিল সেয়া সম্পূৰ্ণ মেৰামতি কৰা হৈ গ’ল। ঘৰটোৰ চাৰিওফালে ফেঞ্চিং দিয়া হ’ল। ইতিমধ্যে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমি সকলো চোৱাচিতা কৰি আছো।‘’

তেওঁ আৰু ক’লে- ‘’নতুন বিশেষ একো কৰিব পৰা নাই। কিছু মূল্যৱান সম্পদ আমি সংৰক্ষণ কৰিছো। জ্যোতি তীৰ্থত আমি শিল্পী দিৱস, তেওঁৰ জন্ম দিৱসৰ লগতে মাজে মাজে অন্য সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছো। কিবা এটা ভাল কাম কৰিম বুলি আছুতীয়াকৈ কিছু ঠাই ৰাখিছো। সেই বিষয়ে আমি চৰকাৰকো কৈছো। আমিও নিজাববীয়াকৈ যত্ন কৰিছো। কিন্তু এতিয়ালৈকে সফল হোৱা নাই। আশা কৰিছো সোনকালেই সেইবোৰ হৈ উঠিব।''

জ্যোতি প্ৰসাদৰ ৰচনাৱলী হিন্দীলৈ অনুবাদ কৰা দেৱীপ্ৰসাদ বাগড়োডিয়াই মহাপুৰুষ দুজনাৰ সৃষ্টিকো হিন্দীলৈ অনুবাদ কৰাৰ দৰে মহৎ কাম ইতিমধ্যে সম্পন্ন কৰিছে। তেওঁ আমাৰ আগত জনোৱা অনুসৰি জ্যোতি তীৰ্থত যিসমূহ মূল্যৱান সামগ্ৰী সংৰক্ষণ কৰিছে তাৰ সৈতে তেওঁ হিন্দীলৈ অনুবাদ কৰা গুণমালা, নামঘোষা, বৰগীতো সংৰক্ষণ কৰিছে। 

আজি ইয়াত শিল্পী দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুতেই অসম চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিলে। জ্যোতি তীৰ্থৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কথা দি, কথা নাৰাখিলে অসম চৰকাৰে। ডিব্ৰুগড় জিলাৰ হোৱাৰ পাছতো সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ জ্যোতি তীৰ্থৰ প্ৰতি আগ্ৰহ নোহোৱাত স্বাভাৱিকতে ক্ষোভিত সচেতন ৰাইজ।

তথাপিও ৰাইজ আশাবাদী। সততে ঐতিহ্যৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে জ্যোতি তীৰ্থক নতুন ৰূপ দিবলৈ আগবাঢ়ি আহিব। পিছে আজি শিল্পী দিৱসৰ দিনটোতো ৰূপকোঁৱৰৰ এই জন্মগৃহত উপস্থিত থাকিবলৈকে সময় নোহোৱা চৰকাৰ, প্ৰশাসনে ৰাইজৰ এই আশাক কিমান গুৰুত্ব দিব সেয়া সহজে অনুমেয়।            

লাহোৱাল জ্যোতিপ্ৰসাদ আগৰৱালা