বৃদ্ধি পাইছে ৰান্ধনিশালৰ পৰিসৰ : সংসাৰৰ পৰা ব্যৱসায়লৈ

বৃদ্ধি পাইছে ৰান্ধনিশালৰ পৰিসৰ : সংসাৰৰ পৰা ব্যৱসায়লৈ

- পল্লৱী শইকীয়া

নাৰী হৈছে প্ৰকৃতিৰ অনুপম সৃষ্টি,নাৰী শব্দৰ অন্তৰালত লুকাই থাকে মমতা, সৌন্দৰ্য ত্যাগ,সহনশীলতা ধৈৰ্য সাহস আদিৰ দৰে গুণৰ সমাহাৰ। নাৰী অৰ্ধ আকাশ। শস্য শ্যামলা পৃথিৱীখনৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি পুৰুষ আৰু নাৰী।

ভাৰতীয় সভ্যতাত নাৰীৰ স্থান অতীজৰে পৰাই উচ্চ । পৌৰাণিক গ্ৰন্থ সমূহতো নাৰীক আগস্থান দিয়া হৈছে। হিন্দু শাস্ত্ৰৰ ধৰ্মগ্ৰন্থ মহাভাৰত, ৰামায়ণতো নাৰীৰ সন্মানৰ বাবে সৃষ্টি হৈছে বহু অধ্যায়। নাৰী জননী, নাৰী সৃষ্টিশীল মহাত্মা গান্ধীয়ে কৈছিল এগৰাকী পুৰুষক শিক্ষা বা জ্ঞান দিলে কেৱল তেওঁৰ মাজতে সীমাৱদ্ধ হৈ ৰয় কিন্তু এগৰাকী নাৰীক শিক্ষা দিলে এখন সমাজে লাভ কৰে তাৰ ফচল। এটি শিশুৰ জন্মৰ পৰা শিশুটিৰ চৰিত্ৰ গঠনৰ পৰা সমাজত নিজৰ অস্তিত্ব প্ৰকাশ কৰিব পৰালৈকে সকলো দিশ চোৱা চিতা কৰে এগৰাকী নাৰীয়ে, মাতৃত্ব লাভ কৰাৰ পাছতে সন্তানৰ জীৱন গঢ় দিয়াৰ দায়িত্ব মূৰ পাতি লয় এগৰাকী নাৰীয়ে।

পুৰুষ প্ৰধান সমাজত অৰ্থনৈতিকভাৱে নহলেও এখন ঘৰৰ প্ৰতিটো দিশ তদাৰক কৰে নাৰীয়ে। পৰিয়ালৰ প্ৰতিজন লোক যেনে শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে খাদ্যৰ তালিকা প্ৰস্তুত কৰে এগৰাকী নাৰীয়ে, সেয়া মাতৃয়ে হওক বা পত্নীয়ে হওক। পুৰণি কালৰ পৰাই এগৰাকী নাৰীৰ ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ এষাৰ বিশেষ বাক্য। ৰান্ধনী কোঠাৰ ভোজন তৈয়াৰৰ বাবেই যেন নাৰীৰ জন্ম। নাৰী যিমানেই স্বাৱলম্বী নহওক কিয় হেতা ঘূৰাবই লাগিব। সেয়ে এগৰাকী কন্যা শিশুক কিশোৰী কাল পোৱাৰ পাছৰে ঘৰখনত ৰন্ধন প্ৰকৰণৰ শিক্ষা দিয়া হয়। ভৱিষ্যতৰ এগৰাকী সফল গৃহিনী কৰি তোলাৰ প্ৰশিক্ষণ দিয়া হয়।

একপ্ৰকাৰে সমাজৰ কেইষাৰ মান কথাই এগৰাকী নাৰীক কেৱল ৰান্ধনী কোঠাৰ বাবে তৈয়াৰ কৰাত অৰিহণা যোগাই । নাৰীৰ সপোন দেখাৰ অধিকাৰ যেন জ্বলি ছাঁই হৈ যায় ৰান্ধনী শালৰ জুইত। সেই  সপোনৰ চিতাত বহু নাৰীয়ে হাঁহি হাঁহি খাদ্য ৰান্ধি পৰিয়ালৰ সন্মুখত পৰিৱেশন কৰে। চহৰ অঞ্চলত এনে পৰিস্থিতি যথেষ্ট কমিছে যদিও গ্ৰাম্যাঞ্চলত আজিও ৰান্ধনিশালত বন্দী বহু মহিলা। 

আজিৰ নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়, ক্ৰীড়া জগতৰ পৰা অভিনয়ৰ জগতলৈ, ব্যৱসায় বাণিজ্যৰ পৰা মহাকাশলৈ। বিজ্ঞানৰ পৰা সাহিত্যলৈ, পথাৰৰ পৰা বজাৰলৈ সকলো দিশতে আজিৰ নাৰীয়ে দেখুৱাইছে নিজৰ পাৰদর্শীকতা । কিন্তু যি ৰন্ধন প্ৰকৰণৰ বাবে এটা সময়ত এগৰাকী নাৰীৰ জীৱন বন্দী হৈ পৰিছিল বা এগৰাকী ভাল ৰান্ধনী হোৱাৰ বাবে হেঁচা লাভ কৰা নাৰী জাতিয়ে আজি জীৱিকাৰ বাবে ব্যৱহাৰ কৰিছে সেই ৰান্ধনী শাল। পৰিয়ালৰ সন্মুখত খাদ্য যোগান ধৰাৰ সমান্তৰালকৈ পাকঘৰৰ হেতা খনক ব্যৱহাৰ কৰিছে স্বাভিমান আৰু স্বাৱলম্বিতাৰ অস্ত্ৰ হিচাপে ।

অন্যান্ন দিশ সমূহৰ লগতেই নাৰীৰ হেতাই জিনিছে বিশ্ব। এটা সময় আছিল যেতিয়া নাৰীয়ে কেৱল পৰিয়াল আৰু আত্মীয়ৰ বাবে ৰান্ধিছিল কিন্তু আজিৰ নাৰীয়ে ব্যৱসায় কৰিছে সেই সুস্বাদু খাদ্যক লৈ। গুৱাহাটীৰ ভোজ, ভোট জলকীয়া আদিৰ দৰে জনপ্ৰিয় ৰেস্তোৰাঁ সমূহৰ আঁৰত আছে একোগৰাকীকৈ নাৰী। বাৰীৰ টেঙা বিচাৰি আনি গৰমৰ দিনত কাঁহীৰ কাষত লৈ খাবলৈ ভাল বুলি ভাবি এটা সময়ত ঘৰৰ গৃহিনীয়ে তৈয়াৰ কৰিছিল আচাৰ, পিছে বৰ্তমান অসমত গঢ়ি উঠিছে সেই আচাৰৰ এখন বৃহৎ বজাৰ।কেইবছৰ মান আগলৈকে বহি ৰাজ্যৰ কোম্পানীৰ আচাৰ দপদপাই থকা আচাৰৰ বজাৰখন আজি নাৰীৰ হাতলৈ গৈছে, নিজৰ লগতে দিছে আনকো সংস্থাপন ।

এটা সময়ত হেতা ঘূৰাবলৈ লাগিব বুলি ঠাট্টা কৰা নাৰীয়ে হেতা খনকেই আজি কৰি ল'লে জীৱিকাৰ অস্ত্ৰ। উদাহৰণ স্বৰূপে পিঠা পনাৰ কথাও ক'ব পাৰি আজিৰ পৰা ১০টা বছৰ পূৰ্বলৈকে কেৱল নিজৰ ঘৰ খনৰ বাবে প্ৰতিগৰাকী নাৰীয়ে পিঠা পনা তৈয়াৰ কৰিছিল কিন্তু আজিৰ সময়ত অসমত নাৰী সকলৰ উদ্যোগত গঢ় লৈ উঠিছে এখন বজাৰ।

প্ৰতিটো বিহুত ওচৰে পাজৰে বজাৰ সমূহ ভৰি পৰে অসমৰ থলুৱা পিঠা পনাৰে। অৱশ্যে এই ক্ষেত্ৰত দুই এজন বহিৰাগত ব্যৱসায়ীয়ে অসমৰ নাৰীৰ কষ্টৰ ফচলেৰে অধিক ধন উপাৰ্জনৰ সুযোগ নোলোৱাকৈ থকা নাই যদিও ঘৰৰ পাছফালৰ ঢেঁকীটো অথবা ঘৰৰ আখলৰ পৰা এখন বজাৰলৈ এগৰাকী নাৰীৰ দ্বাৰা তৈয়াৰ হোৱা খাদ্যই  এখন বজাৰ দখল কৰাটো আজিৰ দিনত গৌৰৱৰ কথা। আনহে নালাগে সৌ সিদিনা লৈকে তেজপুৰৰ ভিতৰৰ গাঁৱৰ সান্তা শৰ্মাক নো চিনি পাইছিল কেইজনে । ৰান্ধি ভালপোৱা সান্তা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে । একেদৰেই জিলিকিছে গুৱাহাটীৰ নাজিয়া চুলতানা ।

অসমৰ আলুপিটিকা, বেঙেনা পুৰা, খৰিচা, খৰালি আদিক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিছে সান্তা শৰ্মাই । এক কথাত কবলৈ গ'লে ৰন্ধন প্ৰকৰণ নাৰী জীৱনৰ অবিচ্ছেদ্য অংগ কিন্তু এতিয়া এই ৰন্ধনেই ৰৈ পৰিছে একাংশ নাৰীৰ বাবে স্বাৱলম্বিতাৰ পথ।আজিও ৰান্ধনীশাল প্রিয় নাৰীৰ বাবে কিন্তু বৃদ্ধি হৈছে ৰান্ধনী ঘৰৰ চাৰি বেৰৰ পৰিসৰ। পাকঘৰৰ হেতাখনকেই সাৰথি কৰি বিশ্ব জয়ৰ সপোন ৰচিছে আজিৰ নাৰীয়ে। আকাশ চোৱাৰ হেঁপাহ আৰু পুৰুষৰ সমান অধিকাৰৰ লাভৰ আকুলতাই  নাৰীক দিছে নিজৰ অস্তিত্বৰ ৰক্ষাৰ প্ৰেৰণা।

নাৰীক ঈশ্বৰে এনে শক্তি দিছে একে সময়তে নাৰীয়ে বজাৰত,পথাৰত, ব্যৱসায়ত প্ৰভাৱ বিস্তাৰ কৰিছে ৰাজনিতিৰ পৰা মহাকাশলৈ আজিৰ নাৰীৰ দপদপনি। সমাজ খনক আগুৱাই নিয়াৰ ক্ষেত্ৰ নাৰীৰ আছে বিশেষ ভূমিকা সেয়া মাদাৰ টেৰেছা হওক বা ইন্দিৰা মিৰী হওক বিৰুবালা ৰাভাই হওক বৰদোৱা উদ্ধাৰ কৰা আই কনকলতাই হওক। জাতিৰ স্বাৰ্থত ওলাই অহা কনকলতা হওক বা মূলগাভৰুৱে হওক সময়ে সময়ে নাৰীয়ে ৰান্ধনী কোঠাৰ সীমা অতিক্ৰম কৰি সমাজৰ হকে আগবাঢ়ি অহাৰ উদাহৰণ বহু আছে। কৈ থাকিলেও শেষ নহয় নাৰীৰ অৱদান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in