/asomiyapratidin/media/media_files/2024/12/13/SVAyEokYSfYyncjQd38N.jpg)
সোণাপুৰৰ ক্ষেত্ৰীত অবৈধ পাহাৰ খনন সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতে অসাধু বিজেপি নেতাৰ অপবাদৰ সন্মুখীন হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেল। এই অসাধু বিজেপি নেতাক প্ৰত্যাহ্বান জনাই আজি পাহাৰ খননস্থলীত উপস্থিত হয় গৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক। ইয়াৰ পিছতে সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ মেলিবলৈ সাহস নোহোৱা বিজেপি নেতাৰ হে ওলাল অবৈধ সুৰাৰ ৰমৰমীয়া বেহাৰ আখ্যান। পৰ্যবেক্ষণৰ সময়ত আৰু কি দেখিলে অসমীয়া প্ৰতিদিনৰ সাংবাদিকে? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
সোণাপুৰ ক্ষেত্ৰী অঞ্চলত মুক্ত পাহাৰ খননৰ সন্দৰ্ভত ধাৰাবহিকভাৱে অসমীয়া প্ৰতিদিন ডিজিটেলে বাতৰি প্ৰকাশ কৰি আহিছে। সেই বাতৰিক লৈ মনে সজা কাহিনীৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল কেইজনমান স্থানীয় বিজেপি নেতা।
এই পাহাৰ খনন কাণ্ডৰ সৈতে প্ৰত্যক্ষ, পৰোক্ষভাৱে সোণাপুৰ ক্ষেত্ৰীৰ একাংশ বিজেপি নেতা জড়িত থকা অভিযোগৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত বহু গুৰুত্বপূৰ্ণ তথ্য আহি পৰিছে। বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰাৰ দায়িত্ব লৈ এই চক্ৰটোৱে প্ৰতিখন পাহাৰৰ ৰঙা মাটি কঢ়িওৱা ডাম্পাৰৰ পৰা নিয়মীয়াকৈ ধন সংগ্ৰহ কৰি আহিছে।
সোণাপুৰৰ কেইবাটাও পাহাৰ ইতিমধ্যে কাটি তহিলং কৰাৰ পাছতো ৰাজনৈতিক ক্ষমতাৰে পুষ্ট এই চক্ৰটোক বাধা দিয়াৰ সাহস গোটাব পৰা নাই আৰক্ষী তথা বন বিভাগে। আন একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে এই চক্ৰটোৰ ইচাৰাত বন ধ্বংস অভিযানত হাত উজান দিয়াহে পৰিলক্ষিত হৈছে।
অব্যাহত আছে পাহাৰ খনন
(শুকুৰবাৰৰ দিনটোত সোণাপুৰৰ পাহাৰখননস্থলীৰ দৃশ্য)
শুকুৰবাৰৰ দিনটোলৈকে সোণাপুৰ ক্ষেত্ৰীৰ এই অঞ্চলসমূহত পাহাৰ খনন অব্যাহত আছে। বৰঞ্চ পূৰ্বতকৈ অধিক ৰূপত এই পাহাৰ খনন কাৰ্য অব্যাহত ৰখোৱাৰ দৃশ্য পৰিলক্ষিত হয় শুকুৰবাৰৰ দিনটোত।
৩০/৪০ খন ডাম্পাৰে পাহাৰ খননৰ ৰঙা মাটি বন বিভাগৰ চকুৰ সন্মুখতে দিনে, ৰাতিয়ে কঢ়িযাই থকা হৈছে। এখন চালান যোগাৰ কৰি সেই চালানৰ বিপৰীতে একোখন ডাম্পাৰে ২০/২৫ বাৰলৈকে মাটি কঢ়িওৱাৰ তথ্য পোহৰলৈ আহিছে।
পাহাৰ খননস্থলীত কি কাম এই যুৱকৰ দলৰ?
(পাহাৰ খননস্থলীত কি কাম এইসকল যুৱকৰ?)
সোণাপুৰৰ তেনে এক পাহাৰ খননস্থলিত গৈ উপস্থিত হোৱা অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিকে খননস্থলীৰ সমীপতে টেবুল, চকী পাৰি বহি থকা এক যুৱকৰ দল দেখা পাইছিল। সেই দলটোৱে খননস্থলীলৈ যোৱা ডাম্পাৰসমূহৰ নম্বৰ সংগ্ৰহ কৰি আছিল সেই স্থানত।
একোখন বহীত সেই ডাম্পাৰসমূহৰ নম্বৰ লিখি গৈছিল তেওঁলোকে। ৫/৬ জনীয়া এই যুৱকৰ দলটো কি কৰিছে সেই বিষয়ে জানিব বিচৰাত সেই স্থানৰ পৰা উঠি যায়। লগতে ডাম্পাৰ আহ-যাহ কৰাৰ হিচাপ ৰখা বহীবোৰ লুকুৱাই সাংবাদিকক সেই স্থানৰ পৰা আঁতৰি যাবলৈহে ভাবুকি দিয়ে।
তেওঁলোক স্থানীয় যুৱক বুলি দাবী কৰি দলটোৰ দুজনমান যুৱকে নিজকে বিজেপি কৰ্মী বুলিও পৰিচয় দিয়ে। এতিয়া প্ৰশ্ন হয় সেই স্থানত এই যুৱক দলৰ কাম কি? যদি বন বিভাগৰ নীতি, নিয়ম মানি এই খনন চলোৱা হৈছে তেনে ইয়াত যুৱক দলৰ জৰিয়তে কোনে বহাইছে চিণ্ডিকেট? এই তদন্ত কৰিলেই ওলাই পৰিব জোলোঙাৰ মেকুৰী।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰত্যাহ্বান গ্ৰহণ নকৰিলে
(সংবাদ মেল সম্বোধন কৰি থকাৰ সময়ত ডিমৰীয়া মণ্ডলৰ বিজেপি সভাপতি ৰাজেন মহন্ত, সোণাপুৰ মণ্ডলৰ সভাপতি দেৱেশ্বৰ দলৈ, ডিমৰীয়া মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি যতীন্দ্ৰনাথ ডেকা, ডিমৰীয়া মণ্ডল যুৱ মৰ্চাৰ সম্পাদক প্ৰশান্ত মেধি।)
পাহাৰ খননৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশিত খবৰক লৈ সংবাদ মেল পাতিছিল কেইজনমান স্থানীয় বিজেপি নেতাই। সোণাপুৰৰ ডিমৰীয়া মণ্ডলৰ হৈ সংবাদ মেল সম্বোধন কৰিছিল ক্ৰমে প্ৰশান্ত মেধি, যতীন্দ্ৰ নাথ ডেকা আদিয়ে।
সংবাদ মেলত প্ৰশান্ত মেধিয়ে অভিযোগ কৰিছিল যে কোনো এক চক্ৰ প্ৰৰোচনাত এই খবৰ মিচাকৈ বিজেপি নেতাৰ নাম সাঙোৰ খোৱাই প্ৰকাশ কৰা হৈছিল। লগতে অভিযোগ কৰিছিল অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিকে সুৰাৰ বটল লৈ এই খবৰ প্ৰকাশ কৰিছে।
স্থানীয় বিজেপি নেতাৰ এই অভিযোগ প্ৰত্যাখ্যান কৰি কিহৰ ভিত্তিত এই চিণ্ডিকেট চক্ৰই কিহৰ ভিত্তিত এনে অপপ্ৰচাৰ চলাইছে সেই সন্দৰ্ভত কেমেৰাৰ সন্মুখত তথ্য দাঙি ধৰিবলৈ আহ্বান জনাইছিল অসমীয়া প্ৰতিদিন ডিজিটেলে। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কেইবাজনো স্থানীয় বিজেপি নেতাৰ পৰা ফোন যোগে সাক্ষাত বিচৰা হৈছিল যদিও বিভিন্ন অজুহাতত তেওঁলোক আঁতৰি থাকিল।
এতিয়া কওঁ সেইসকল বিজেপি নেতাৰ অতীত
অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিকে সুৰাৰ বটল লৈ বাতৰি পৰিবেশন কৰা বুলি অভিযোগ তোলা প্ৰশান্ত মেধি নিজেই এজন অবৈধ সুৰাৰ ব্যৱসায়ী। এক হোৱাটছএপ গ্ৰুপৰ বাৰ্তালাপত প্ৰশান্ত মেধিয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁ মদ বিক্ৰী কৰিছিল।
আনকি এই প্ৰশান্ত মেধিয়ে অৰুণাচলী সুৰা, মেঘালয়ৰ সুৰা বটলত অসমৰ লেবেল লগাই বিক্ৰী কৰাৰো অভিযোগ আছে। পূৰ্বতে এক সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত মেধিয়ে বিজেপিৰে এজন বিধায়কৰ নাম ব্যৱহাৰ কৰি গৰু সৰবৰাহ কৰা গাড়ী ধৰি টকাৰ লেনদেন কৰাৰ অভিযোগতো অভিযুক্ত।
কলং, কপিলী নামৰ মৎস্য উন্নয়নৰ সৈতে জড়িত এন জি অ’ খহৰা পথাৰৰ ১৯৪ নং ডাগত ১১ বিঘা মাটি আবণ্টন দিছিল। চৰকাৰে আবণ্টন দিয়া এই মাটি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াই চমজাই দিবলৈ যাওঁতেই ৰহস্যজনকভাৱে তেওঁ বাধা প্ৰদান কৰিছিল। ইয়াৰ আঁৰতো বহুতে কমিচনৰ অংক থকা বুলিও অভিযোগ কৰে।
আৰক্ষীক মেনেজ কৰাত ওস্তাদ প্ৰশান্ত মেধিয়ে খহৰা খলংপাৰ অঞ্চলত তীৰ আৰু জুৱাৰ প্ৰচলনত উদ্যোগ লোৱাৰ অভিযোগ আছে।সদ্যহতে পাহাৰৰ মাটি খননৰ চিণ্ডিকেটৰ সৈতে তেওঁৰ নাম সাঙোৰ খাই পৰিছে এইগৰাকী স্থানীয় বিজেপি নেতাৰ।
এজন বিতৰ্কিত ফৰেষ্টাৰ জয়ন্ত কলিতাৰ আশীৰ্বাদো আছে এই ক্ষেত্ৰত। আন এজন বিজেপি স্থানীয় বিজেপি নেতা যতীন্দ্ৰ নাথ ডেকা পূৰ্বতে আছিল ছাত্ৰ সন্থাৰ নেতা। বিত্তীয় খেলিমেলিৰ বাবে তেওঁক আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
তেওঁৰে এক অডিঅ’ ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছেহি। য’ত যতীন্দ্ৰনাথ ডেকাই চালান কটাৰ কথা আৰু মিলামিলিকৈ পাহাৰৰ মাটি ডাম্পাৰৰ জৰিয়তে কঢ়িয়াই নিয়াৰ কথা স্পষ্টকৈ পাতিছে।
প্ৰতিখন ডাম্পাৰৰ লয় পৰা ২০০০ টকাকৈ
(এনেকৈয়ে মোবাইলত এখন চালান দেখুৱাই দিনটোতে এখন ডাম্পাৰে কঢ়িয়াই ৩০/৪০ বাৰ মাটি)
অবৈধভাৱে বা বন বিভাগৰ অনুমতি সাপেক্ষে পাহাৰ খন্দা প্ৰতিখন ডাম্পাৰ চলাচলৰ বাবদ এই চিণ্ডিকেট চক্ৰই ২০০০ টকাকৈ সংগ্ৰহ কৰে। সেই টকাৰ বিনিময়ত চক্ৰটোৱে বন বিভাগ আৰু আৰক্ষীয়ে এই ডাম্পাৰসমূহ যাতে নধৰে তাৰ নিশ্চয়তা দিয়ে।
নিয়ম অনুসৰি একোখন ডাম্পাৰে প্ৰতিবাৰ মাটি লৈ যাওঁতে একোখনকৈ চালান ল’ব লাগে। যিখন চালানত নিৰ্দিষ্ট স্থানত মাটি পেলোৱাৰ পাছত বন বিভাগৰ লোকে পৰীক্ষা কৰা হ’ল বুলি চালানখনত লিখি দিব লাগে।
কিন্তু এয়া নহয় তাত। এখন চালানেৰেই দিনে ৰাতিয়ে মাটি কঢ়িওৱাৰ সুবিধা কৰি দিয়ে। ইয়াৰ বাবত চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাই। আনহাতে এই চক্ৰটোৱে প্ৰতিদিনে ৫/৬ লাখকৈ টকা সংগ্ৰহ কৰে।
নপতা ফুকন নৃপেন
(নৃপেনে কি কৰিছিল?)
সোণাপুৰ ক্ষেত্ৰীত মাটি কটাৰ সন্দৰ্ভত প্ৰকাশিত খবৰক লৈ সামাজিক মাধ্যমত তৎপৰ হৈছে এজন ব্যক্তি। নাম তেওঁৰ নৃপেন ৰাজবংশী। এই ব্যক্তিজনে পূৰ্বতে বিজেপিৰ ছ’চিয়েল মিডিয়াৰ সহ আহ্বায়ক ৰূপে কাম কৰিছিল।
২০২৩ ৰ ৯ ছেপ্টেম্বৰত বিজেপিয়ে তেওঁক দলৰ পৰা নিলম্বন কৰে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি মালয়বাৰীৰ নৃপেন ৰাজবংশীয়ে লগত এগৰাকী মহিলা আৰু পুৰুষক লৈ স্থানীয় মহিলাসকলক শ্ৰমিক কাৰ্ড দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল।
( বিজেপিৰ পৰা কিয় বিদায় দিছিল নৃপেনক?)
ভুক্তভোগী মহিলাসকলে প্ৰৱঞ্চক নৃপেনৰ বিৰুদ্ধে সোণাপুৰ ৰাজহচক্ৰ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল। তাৰ পাছতেই তেওঁক দলে নিলম্বন কৰাত এতিয়া বিজেপিৰ স্থানীয় নেতাৰ হৈ সামাজিক মাধ্যমত স্বয়ম্ভু উকিল হিচাপে দায়িত্ব পালন কৰে।
তেওঁৰ দস্তাবেজ ইয়াতে শেষ হোৱা নাই। আৰু বহু কুকাণ্ডৰ তথ্য ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছেহি। পাহাৰ খন্দাৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰা সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা এইজন নৃপেন ৰাজবংশীৰ অতীত শুচৰিলে আৰু দুৰ্গন্ধ ওলাব।
এখন চৰকাৰী গোপন পত্ৰ
(কি হ'ল তদন্ত কমিটীৰ প্ৰতিবেদন?)
সোণাপুৰ ৰাজহ চক্ৰৰ অধীনত অনুমতি সাপেক্ষে বা অনুমতি নোহোৱাকৈ হৈ থকা পাহাৰ খননৰ সন্দৰ্ভত ২০ জুলাই ২০২৪ তে এখন চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছিল। ডাইৰেক্টৰেট অফ জিঅ’লজী এণ্ড মাইনিং, আছামৰ সঞ্চালকে স্বাক্ষৰ কৰা এই পত্ৰত কোৱা হৈছিল যে, সেই স্থানসমূহত হোৱা খনন আৰু তাৰ পৰা কঢ়িয়াই নিয়া মাটিৰ সবিশেষ তদন্তৰ বাবে এখন কমিটী গঠন কৰি দিয়া হৈছে।
সেই কমিটীক তেনে পাহাৰ খনন কৰা স্থান সমূহ পৰীক্ষা কৰি কিমান মাটি খান্দিছে তাৰো প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। এই তদন্তকাৰী দলত আছিল যুটীয়া সঞ্চালক বৰ্ণালী চৌধুৰী, যুটীয়া সঞ্চালক বৰ্ণালী নাথ, যুটীয়া সঞ্চালক খগেন শইকীয়া, জ্যেষ্ঠ ভূ-তত্ববিদ বৰ্ণালী বৰা, মনোজ গগৈ, মুন চন্দ্ৰ ডেকা, অনুপম ফুকন, সহকাৰী ভূ-তত্ববিদ দিবাকৰ দাস, মৃদুল বৰি, খনি জৰীপক মঞ্জুল বৰা, জৰীপক অমিত গগৈ আৰু অনুপম দত্ত।
এই কমিটীৰ প্ৰতিবেদন কি হ’ল? কিয়নো পাহাৰ খননৰ বাবে কেৱল বন বিভাগেই অনুমতি প্ৰদান কৰিব নোৱাৰে। ৰাজহ আৰু জিয়লজী এণ্ড মাইনিং বিভাগৰো সেউজ সংকেট লাগে। কি পৰিস্থিতিত এই পাহাৰবোৰ খান্দিবলৈ চৰকাৰী ভাৱে অনুমতি প্ৰদান কৰা হয় সেয়াও এক ৰহস্যৰ বিষয়।
( ৩০/৪০ খন ডাম্পাৰে কঢ়িয়াই আছে মাটি)
অসমীয়া প্ৰতিদিনে ডিজিটেলে পৰৱৰ্তী সময়ত এই অবৈধ পাহাৰৰ খনন বিষয়ক খবৰ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি যাব। ব্যক্তিগত স্বাৰ্থৰ বাবে এচামে পাহাৰৰ ৰঙা মাটিলৈ যি চিণ্ডিকেট গঢ়িছে সেই চিণ্ডিকেটৰ আঁৰত আছে দিছপুৰৰে প্ৰভাৱশালী ব্যক্তি।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাহাৰ খননক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ বিপৰীতে সোণাপুৰৰ এই পাহাৰ খননক লৈ নীৰৱতা অৱলম্বন কৰাত স্থানীয় সচেতন ৰাইজেই আশ্চৰ্য ব্যক্ত কৰিছে।