পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু বিজেপি। পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে দলটোৱে। এই সময়ত লক্ষ্যণীয় ভাৱে উজনি অসম হৈ পৰিছে বিজেপিৰ দুই শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মুখ্য কেন্দ্ৰ। ২০২৬ ত পুনৰ হ'ব নেকি মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক? ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰিব নেকি সৰ্বানন্দ সোণোৱালে? ড০ হিমন্ত বিশ্ব শ ৰ্মাৰ উজনি অসম কেন্দ্ৰিক সক্ৰিয়তাৰ কাৰণ কি? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যত এতিয়া শাসকীয় দলৰ মাজত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা পৰিলক্ষিত হৈছে। বিৰোধী দলৰ ভিতৰত একমাত্ৰ ৰাইজৰ দলৰ নেতা অখিল গৈগৈয়ে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা অব্যাহত ৰখাৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে তেনে কোনো তৎপৰতা দেখুওৱা নাই।
শাসকীয় দলে চৰকাৰী হিতাধিকাৰী আঁচনিৰ সৈতে সমষ্টি সমষ্টিয়ে সোমাই পৰিছে। প্ৰাথমিক দৃষ্টিত শাসকীয় দলৰ এই ব্যস্ততা যদিও পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তথাপিও ইয়াৰ আঁৰত আছে ২০২৬ ৰ ব্লু-প্ৰিণ্ট।
২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাম-কাজ আৰম্ভ কৰি দিছে। আনকি তেওঁ অতি শেহতীয়াকৈ সম্প্ৰসাৰণ কৰা মন্ত্ৰীসভাতো তাৰ এক ইংগিত দেখিবলৈ পোৱা গৈছে।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত এইবাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাত স্থান দিলে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকনক। প্ৰশান্ত ফুকনক মন্ত্ৰীত্ব প্ৰদানৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এটা গুলীত কেইবাটাও চিকাৰ কৰি পেলালে।
সুদীৰ্ঘ প্ৰায় ৪২ বছৰ ধৰি ডিব্ৰুগড়ে এজনো মন্ত্ৰী লাভ কৰা নাছিল। তাৰোপৰি মন্ত্ৰীত্ব নাপায় ক্ষোভিত হৈ আছিল প্ৰশান্ত ফুকনো। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পন্থী বুলিও বহুতেই ক’ব বিচাৰে।
অৱশ্যে তৰল কথা বতৰাৰে চৰ্চাত থকা ফুকনে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰেও ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিয়েই আহিছিল। তাৰোপৰি বিভিন্ন কাৰণত শাসকীয় চৰকাৰখনৰ প্ৰতি অসন্তুষ্ট হৈ আছে আহোম সম্প্ৰদায়ৰ এটা বৃহৎ অংশ।
সেয়ে প্ৰশান্ত ফুকনক কেৱল মন্ত্ৰীয়েই নহয়, গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দি তেওঁ এটা গুলীত কেইবাটাও চিকাৰ কৰি পেলালে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ আন এটা কাৰ্যালয় স্থাপন কৰি তেওঁ উজনি অসমৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে।
এই কাৰ্যালয়ৰ পৰা প্ৰতি মাহে দুদিনকৈ কাম কৰিব বুলিও উদ্বোধনী অনুষ্ঠানতে ঘোষণা কৰিছিল। অৱশ্যে ঘোষণা অনুসৰি প্ৰতি মাহে দুদিন তেওঁ তাৰ পৰা কাম-কাজ কৰা পৰিলক্ষিত হোৱা নাই।
আনহাতে বিজেপিৰ ৰাজ্যসভাৰ দুগৰাকী সদস্যই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হোৱাত উজনি অসম সুৰক্ষা পৰিষদে দাবী কৰিছিল এই দুই আসনতে উজনি অসমৰ দুজন লোকক প্ৰাৰ্থিত্ব দিব লাগে। লক্ষ্যণীয়ভাৱে এই দুয়োখন আসনতে বিজেপিয়ে উজনি অসমৰে দুজন ব্যক্তি ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰক্ষেপ কৰি ৰাজ্যসভালৈ নিৰ্বাচিত কৰিলে।
ইয়াতো কেইবাটাও অংক জড়িত হৈ আছিল। এফালে পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ আৰু মন্ত্ৰী হোৱাত আহোম সম্প্ৰদায় আনন্দিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মাৰ্ঘেৰিটাক দিল্লীত সংস্থাপন হোৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ দিল্লীৰ পাল্লত ভাৰি হ'ল।
আনহাতে ৰামেশ্বৰ তেলীক ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত কৰি চাহ জনজাতীয় লোকৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিলে আৰু পুৰণি বিজেপি কৰ্মীৰো মন জয় কৰিলে। সোণোৱাল পন্থী তেলীৰ ড০ শৰ্মাৰ প্ৰতিও বৃদ্ধি পালে আনুগত্য।
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শেহতীয়াকৈ তেওঁৰ কাম-কাজ সন্তৰ্পনে উজনি অসম কেন্দ্ৰীক কৰি তুলিছে। উজনি অসমত তেওঁৰ সক্ৰিয়তাই আন কেইবাটাও দিশ উন্মোচিত কৰিছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে সুযোগ পালেই অসমত বিভিন্ন কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়ত পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰৰ কথা কোৱা সোণোৱালৰো কাম-কাজ উজনি অসম কেন্দ্ৰিক হৈ উঠিছে।
ইয়াৰ আঁৰত আছে কেইবাটাও কাৰণ। ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে উজনি অসমৰ ৰাজনৈতিক পৰিবেশ বহু সলনি হৈছে। উজনি অসমৰ বিজেপি শিবিৰত এতিয়াও সোণোৱালৰ গুৰুত্ব আছে, প্ৰভাৱ আছে।
সোণোৱালে এই শক্তিক ধৰি ৰাখিব বিচাৰিছে। উজনি অসমৰ এই শক্তিৰ লগত অসন্তুষ্ট বিজেপি নেতাৰ সহযোগিতাত সোণোৱালে হয়তো পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তনৰ এক প্ৰচেষ্টা চলাব। ইতিমধ্যে তাৰ ইংগিত পোৱা গৈছে।
২০২১ ৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰৰ বিজেপিয়ে তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱাল আৰু তেতিয়াৰ দুই নম্বৰৰ মন্ত্ৰী ড০ শৰ্মাৰ কোন মুখ্যমন্ত্ৰীৰ পদৰ দাবীদাৰ হ’ব সেয়া ঘোষণা কৰা নাছিল। নিৰ্বাচনী ফলাফল ঘোষণাৰ এক দীঘলীয়া সময়ৰ পাছতহে ড০ শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল।
২০২৬ ত মুখ্যমন্ত্ৰী ড০ শৰ্মাকেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব নে ২০২১ ৰ দৰেই কোনো ঘোষণা অবিহনেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়া সময়ে নিশ্চয় ক’ব। কিন্তু যোৱা কেইবাখনো ৰাজ্যত বিজেপিয়ে এই এইকেই নীতি অনুসৰণ কৰি আহিছে।
ইফালে ৰাষ্ট্ৰীয় পৰ্যায়তো হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা মন কৰিবলগীয়া। এগৰাকী কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে তেওঁ নিজৰ এক প্ৰতিচ্ছবি তৈয়াৰ কৰিছে। বিৰোধী কংগ্ৰেছ, ৰাহুল গান্ধী, ছোনিয়া গান্ধীকে ধৰি শীৰ্ষ নেতৃত্বক চোকা সমালোচনাৰে ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।
বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত তেওঁৰ ওপৰত ন্যস্ত দায়িত্ব পালনৰ ক্ষেত্ৰতো দিন-ৰাতি একাকাৰ কৰি দিছে। এনে পৰিস্থিতিত তেওঁ ৰাজ্যৰ ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতি অভিমুখী যাত্ৰাৰ বাট তৈয়াৰ কৰিছে নেকি বুলিও বহু প্ৰশ্ন উদয় হৈছে।
কিন্তু মুখ্যমন্ত্ৰীৰ দৰে আসন এৰি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ তেওঁ যাবনে? সেয়াও এক ডাঙৰ প্ৰশ্ন। এই কথা ঠিক যে, ড০ শৰ্মাই যি উদ্দেশ্যৰে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক সক্ৰিয়তা অব্যাহত ৰাখিছে তাৰ অন্তৰালৰ লক্ষ্য কিন্তু সৰু নহয়।
অৱশ্যে ড০ শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ পুৰণি একাংশ অসন্তুষ্ট নেতাই মুকলি অভিযোগ কৰি আহিছে যদিও এইসকলক অসন্তুষ্ট নেতাকো তেওঁৰ কাম-কাজৰ জৰিয়তেই উত্তৰ দিছে। যিসময়ত ৰাজেন গোঁহাইৰ দৰে পুৰণি বিজেপি নেতাই মুকলি বিদ্ৰোহ কৰিছে সেই সময়তেই তেওঁৰো সতীৰ্থ তথা অসন্তুষ্ট পুৰণি বিজেপি নেতা হিচাপেই লোকসভা নিৰ্বাচনৰ আগলৈকে পৰিচিত ৰমেন ডেকা ৰাজ্যপাল হ'ল।
এয়াও কিন্তু অসন্তুষ্ট বিজেপি নেতাসকলৰ বাবে এক শক্তিশালী বাৰ্তা আছিল। অৱশ্যে তাৰ পাছতো একাংশ পুৰণি বিজেপি নেতা ৰাজেন গোঁহাইৰ নেতৃত্বত একত্ৰিত হৈছে।তেওঁলোকে বিজেপি দল আৰু চৰকাৰক ভাবুকিও দিছে। পিছে ২০২৬ ত এইবোৰ কাৰকে কি প্ৰভাৱ পেলাই সেয়াহে হ'ব লক্ষ্যণীয়।