ৰাজেন গোহাঁয়ে পোৱা নাই অমিত শ্বাহৰ সাক্ষাৎঃ অসমত ভৱনত এতিয়াও অপেক্ষাত...

ৰাজেন গোহাঁয়ে পোৱা নাই অমিত শ্বাহৰ সাক্ষাৎঃ অসমত ভৱনত এতিয়াও অপেক্ষাত...
ৰাজেন গোহাঁয়ে পোৱা নাই অমিত শ্বাহৰ সাক্ষাৎঃ অসমত ভৱনত এতিয়াও অপেক্ষাত...

ক্ষোভ আৰু অসন্তুষ্টিৰে দিল্লীলৈ গৈছিল ৰাজেন গোহাঁই। অমিত শ্বাহক সাক্ষাৎ কৰি বহু অভিযোগ দিয়াৰ কথা আছিল। ২০ আগষ্টতে দিল্লীলৈ যোৱা গোহাঁয়ে এতিয়ালৈকে পোৱা নাই কেন্দ্ৰীয় নেতৃত্বৰ সাক্ষাৎ। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

অত্যন্ত ক্ষোভ আৰু ৰাজ্যিক নেতৃত্বৰ প্ৰতি থকা অসন্তুষ্টিৰে দিল্লীলৈ যাত্ৰা কৰা প্ৰাক্তন সাংসদ, বিজেপি নেতা ৰাজেন গোহাঁইয়ে এতিয়ালৈ পোৱা নাই কেন্দ্ৰীয় নেতৃত্বৰ সাক্ষাৎ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চৰম অসন্তুষ্টি ব্যক্ত কৰি ৰাজ্যিক কেবিনেট মৰ্যাদা ত্যাগ কৰা ৰাজেন গোহাঁইয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'বলৈ দিল্লীলৈ উৰা মাৰিছিল যদিও এতিয়ালৈকে তেওঁ পোৱা নাই অমিত শ্বাহৰ সাক্ষাৎ।

বৰঞ্চ গৃহমন্ত্ৰীগৰাকীয়ে ৰাজেন গোহাঁই দিল্লীত উপস্থিত হোৱাৰ পাছতে ৰাজধানী ত্যাগ কৰিছে। ফলত উপায়ন্তৰ হৈ অসম ভৱনতে সময় পাৰ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰীগৰাকীয়ে।

ইফালে দিল্লীত কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎৰ বাবে ৰাজেন গোহাঁয়ে অপেক্ষা কৰাৰ সময়তে আজি গুৱাহটীত ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে বিজেপিৰ একাংশ কৰ্মীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থিয় দিয়া বিজেপিৰ একাংশ নেতৃত্বক এই প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দলৰ প্ৰতি, ৰাজ্যৰ প্ৰতি কি অৱদান আছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

চাৰি বাৰৰ সাংসদৰ উপৰিও ৰে'ল ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা ৰাজেন গোহাঁয়ে তেওঁৰ কাৰ্যকালত অসমৰ বাবে কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক তেওঁলোকে ব্যৰ্থ মন্ত্ৰী আখ্যা দিলে। উল্লেখ্য যে শেহতীয়াকৈ অসম বিজেপিত নবিজেপি আৰু পুৰণি বিজেপিৰ কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

বিশেষকৈ কংগ্ৰেছ ত্যাগ কৰি দাদা বিগ্ৰেডে বিজেপিত যোগদান কৰি এতিয়া দলটোৰ ভিতৰচৰত ক্ষমতাশালী হৈ পৰাত অস্তিত্বৰ আশংকাত ভূগিছে বহু জ্যেষ্ঠ নেতা। তেনে প্ৰেক্ষাপটত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মাজে মধ্যে দলটোৰ নেতৃত্বক মুকলিকৈ সমালোচনা কৰি আহিছিল যদিও আন আন জ্যেষ্ঠ নেতাসকল কিন্তু মৌন হৈ আছিল।

শেহতীয়াকৈ ইন্দ্ৰাণী তহবিলদাৰ কাণ্ডৰ সৈতে দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম জড়িত হৈ পৰাৰ পাছতে ভিতৰি ভিতৰি উমি উমি জ্বলি থকা জুই কুৰাই তীব্ৰ ৰূপ ধাৰণ কৰিলে। অৱশ্যে তাৰ পাছতো বহু অসন্তুষ্ট জ্যেষ্ঠ নেতাই ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এতিয়াও মৌন হৈ আছে বুলি বিশেষজ্ঞসকলে দাবী কৰে।

উল্লেখ্য যে, ২০১৬ ত ৰাজ্যৰ পৰা কংগ্ৰেছ চৰকাৰ উৎখাত হোৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিলে দলটোৰ মাজত সৃষ্টি হোৱা বিসম্বাদ আৰু নেতৃত্বৰ মাজৰ সংঘাত যে অন্যতম মূল কাৰণ আছিল সেই কথা স্পষ্ট হয়। বৰ্তমান শাসনাধিস্ত বিজেপি দলটোত সৃষ্টি হোৱা পৰিস্থিতি বিসম্বাদৰ পৰ্যায়লৈ যোৱা নাই যদিও দলটোৰ নেতৃত্বৰ মাজত যে বিশ্বাসযোগ্যতা, গ্ৰহণযোগ্যতাৰ পৰিৱেশ লাহে লাহে হ্ৰাস পাইছে সেয়া স্পষ্ট হৈছে।

বিজেপিৰ কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম জড়িত হৈ পৰাৰ পাছতে দলটোৰে একাংশই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভঙাৰো কথা ভাইৰেল ফোন কলত প্ৰকাশ পাইছিল। তাৰ পাছতেই বিস্ফোৰণ ঘটিছিল অসমৰ ৰাজনীতিত।

সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰণে সৃষ্টি কৰা ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ কৰিছিল যদিও তেওঁৰ এই কৌশল যেন বৰ বিশেষ ফলপ্ৰসূ নহ'ল। দলটোৰ ভিতৰে বাহিৰে অস্তিত্বৰ শংকাত ভূগি থকা, ৰাজনৈতিক ভৱিষ্যত প্ৰায় ধ্বংস হোৱা জ্যেষ্ঠ নেতাৰো সহাৰি লাভ নকৰিলে ৰাজেন গোহাঁয়ে।

আনহে নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে শীতল যুদ্ধত নমা বুলি চৰ্চাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো এই পৰ্যন্ত সহাৰি নাপালে ৰাজেন গোহাঁয়ে। যাৰ বাবে দিল্লীৰ অসম ভৱনত এতিয়া সময় পাৰ কৰিবলৈ বাধ্য হৈছে।

দিল্লীলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিয়েই ৰাজেন গোহাঁয়ে লাভ কৰি থকা ৰাজ্যিক কেবিনেট মৰ্যাদাও ত্যাগ কৰিছিল। দলৰ ভিতৰত জ্যেষ্ঠ তথা পুৰণি কৰ্মীক গুৰুত্বহীন কৰা কাৰ্যৰ বিষয়ে, পুৰণি কৰ্মীৰ দুখ, দুৰ্দশাৰ বিষয়ে অৱগত কৰিবলৈ ২০ আগষ্টতে তেওঁ দিল্লীলৈ উৰা মাৰিছিল যদিও আজিও কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ সাক্ষাৎ লাভ কৰা নাই।

দিল্লী যাত্ৰাৰ পূৰ্বে নগাঁৱত ২০ আগষ্টৰ বিয়লি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ সাতবাৰকৈ ফোন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক সাক্ষাৎ কৰিবলৈ বিচৰাৰ কথা অৱগত কৰিছিল। অথচ সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰি দিল্লীলৈ ৰাওনা হৈছে।

যিগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিবলৈ ৰাজেন গোহাঁই দিল্লীলৈ ৰাওনা হৈছে, সেইগৰাকী হিমন্ত বিশ্ব শৰ্মায়েই সাত বাৰকৈ ফোন কৰি ৰাজেন গোহাঁইক অমিত শ্বাহক সাক্ষাৎৰ কথা কৈছে। কথাবোৰ কিবা খেলি মেলি নহয়নে?

দিল্লীলৈ যাত্ৰাৰ পূৰ্বে ৰাজেন গোহাঁয়ে কৈছিল- ''মই যদি মুখ খোলো তেন্তে জুই লাগিব । ৰাজেন গোঁহাইয়ে কাৰো ধমকিলৈ ভয় নকৰে।'' সেয়া যিয়েই নহওক ৰাজেন গোহাঁইৰ দৰে এগৰাকী নেতাই দিল্লীলৈ যোৱাৰ পূৰ্বে কৈ যোৱা কথাবোৰ আৰু দিল্লীত অসম ভৱনত ঘণ্টাৰ পাছত ঘণ্টাকৈ কেন্দ্ৰীয় নেতৃত্বৰ সাক্ষাৎৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱা কথাবোৰে বহু প্ৰশ্নৰ অৱতাৰণা কৰে।

এই মুহূৰ্তত ৰাজেন গোহাঁই প্ৰায় অকলশৰীয়া হৈ পৰিছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। ৪ বাৰৰ সাংসদ, এবাৰৰ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইক এতিয়া ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ কৈছে তেওঁৰেই দলৰ নেতৃত্বই।

৭২ বছৰীয়া হোৱা ৰাজেন গোহাঁইক ৰাজনীতি এৰি নাতিৰ সৈতে খেলিবলৈ দিছে জয়ন্ত মল্ল বৰুৱাই। এইবোৰ কথা দিল্লীৰ নেতৃত্বক কোৱাৰ কথা আছিল ৰাজেন গোহাঁইৰ। তেওঁ এতিয়ালৈকে অমিত শ্বাহক ক'বলৈ পৰা নাই নৰেন্দ্ৰ মোডী, ৰাজনাথ সিঙৰ দৰে ৭২ অতিক্ৰম কৰা নেতাক ৰাজনীতি ত্যাগ কৰিবলৈ জয়ন্ত মল্ল বৰুৱাই দিয়া পৰামৰ্শৰ বিষয়ে।

হয়তো এইবোৰ কথা তেওঁৰ কোৱা নহ'ব। যিদৰে বহু বঞ্চিত, অসন্তুষ্ট জ্যেষ্ঠ নেতাই কওঁ বুলিও মুখ খুলি ক'ব পৰা নাই বহু কথা। হয়তো আগলৈও ক'ব নোৱাৰিব মনৰ ভিতৰতে গুজৰি গুমৰি থকা কথাবোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in