অহ' ছৰি ! তাৰ পাছত এটা মিঠা হাঁহি বিত্তমন্ত্ৰীৰ...

অহ' ছৰি ! তাৰ পাছত এটা মিঠা হাঁহি বিত্তমন্ত্ৰীৰ...
অহ' ছৰি ! তাৰ পাছত এটা মিঠা হাঁহি বিত্তমন্ত্ৰীৰ...
হাঁহিলে নিৰ্মলা সীতাৰমণে। ধৰিব পাৰিলে ভুলতে তেওঁ ন'কবলগীয়া শব্দ এটা ক'লে। ভুল স্বীকাৰ কৰি পুনৰ আৰম্ভ কৰিলে বাজেট ভাষণ। জিভা পিচলি তেওঁনো কি এনে শব্দ ক'লে এইবাৰ বাজেট দাখিলৰ সময়ত। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

সকলোখিনি ঠিকে-থাকেই গৈ আছিল। দেশবাসীৰে নহয়, বিশ্ববাসীৰ চকু নিবদ্ধ হৈ আছিল নিৰ্মলা সীতাৰমণৰ ওপৰত। ইটোৰ পিছত সিটো ঘোষণা কৰি গৈছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।

বাজেটৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। ছেনচেক্স, নিফটি, কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বাজেট ঘোষণাৰ লগে লগে বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবেও এই বাজেটত আছিল বহু কেইটা উল্লেখ যোগ্য ঘোষণা।

কিন্তু হঠাৎ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী ৰৈ গ'ল। সদনত উপস্থিত থকাসকলে কিবা এটা ক'লে। মুহূৰ্ততে হাঁহিৰ এক পৰিৱেশ সৃষ্টি হ'ল। পৰিস্থিতি চম্ভালি ল'লে বিত্তমন্ত্ৰীয়ে। অ'হ ছৰি, তেওঁৰ মুখৰ পৰা ওলাল এই দুটা শব্দ।

তাৰ পাছত এবাৰ নহয়, কেইবা বাৰো তেওঁ কথা কেইটা দোহাৰিলে। সেই সময়ত বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ দি কৈ আছিল পুৰণি প্ৰদূষণ সৃষ্টি কৰা বাহনসমূহ স্ক্ৰেপলৈ ৰূপান্তৰ কৰাৰ কথা।

ইয়াৰ বাবে তেওঁ বাজেটত ধাৰ্য কৰা ধন আৰু পৰ্যায়ক্ৰমে কেন্দ্ৰীয় চৰকাৰক পুৰণি বাহনবোৰৰ স্থানত নতুন বাহন ক্ৰয়, ৰাজ্য চৰকাৰসমূহেও বিশেষকৈ এম্বুলেঞ্চ বা আন চৰকাৰী বাহনবোৰ সলনি কৰাৰ কথা উল্লেখ কৰিছিল।

এই কথাখিনি ক'বৰ বাবেই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল ভাষণত। প্ৰদূষিত বাহনৰ কথা ক'বলৈ গৈ তেওঁ ভুল ক্ৰমে পলিউচনৰ ঠাইত পলিটিকেল শব্দটো উল্লেখ কৰাৰ লগে লগেই সদনত উপস্থিত থকা বহু কেইজন সাংসদে বিষয়টো আঙুলিয়াই দিলে।

শাসক, বিৰোধী প্ৰায় সকলো সাংসদেই ৰস পালে নিৰ্মলা সীতাৰমণে পলিটিকেল শব্দটো কোৱাৰ লগে লগেই। তেওঁ কৈছিল।'ৰিপ্লেছিং দ্যা পলিটিকেল.... অহ' ছৰি' তাৰ পাছত এটা হাঁহি মাৰি নিজেও স্বীকাৰ কৰি ল'লে- হয় মোৰ ভুল হৈছে।

পুৰণি প্ৰদূষিত বাহনবোৰ সলনি কৰাটো অতিকৈ প্ৰয়োজন বুলি ভাষণ উল্লেখ কৰি নিৰ্মলা সীতাৰমণে কয়, আমাৰ এক সেউজীয়া পৰিৱেশ আৰু অৰ্থনীতিৰ বাবে এই পুৰণি প্ৰদূষিত বাহনবোৰ সলনি কৰাটো অতি আৱশ্যক হৈ পৰিছে।

অহ' ছৰি ! তাৰ পাছত এটা মিঠা হাঁহি বিত্তমন্ত্ৰীৰ...
৭ লাখ টকালৈ আয়কৰ ৰেহাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in