নানান সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ শিপিনীসকলৰ বাবে আছে এখন বিশেষ আঁচনি। প্ৰচাৰৰ অভাৱত বহুতেই নাজানে এই বিষয়ে। ডনাৰ মন্ত্ৰণালয়ৰ অধীনস্থ NEHHDC ৰ পৰা লাভাম্বিত হ'ব পাৰিব সকলো শিপিনী। মধ্যভোগী অবিহনেই নিজেই নিৰ্ধাৰণ কৰা মূল্য লাভ কৰিব পাৰে এই আঁচনিখনৰ জৰিয়তে শিপিনীসকসে। গ্ৰাহকেও এই আঁচনিৰ জৰিয়তে ডনাৰ মন্ত্ৰণালয়ৰ পৰা লাভ কৰে সাহায্য। এই আঁচনি তথা পদক্ষেপৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যৰ শিপিনীসকলৰ বাবে হস্ততাঁত শিল্প আৰু ৰেচম বিভাগে বহু কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে যদিও এতিয়াও শিপিনীসকলৰ সমস্যাৰ অন্ত পৰা নাই। বিশেষকৈ বহিঃ ৰাজ্যত মেচিনত উৎপাদিত কাপোৰে এই শিপিনীসকলক জুৰুলা কৰিছে। তেওঁলোকে তাঁত শালত বহু কষ্টৰে গামোচা, চাদৰ, মেখেলাকে ধৰি বিভিন্ন কাপোৰ তৈয়াৰ কৰে যদিও পাৱাৰলুমৰ কাপোৰে এইসকল শিপিনীৰ বজাৰখন দখল কৰিলে। ফলত বহু শিপিনীয়ে তাঁতশাল এৰি অন্য কামত মনোনিবেশ কৰিছে।
কিন্তু এতিয়াও তাঁতশালত হাতে বোৱা কাপোৰৰ চাহিদা নথকা নহয়। মানুহৰ এতিয়াও পাৱাৰলুমৰ কাপোৰৰ পৰিবৰ্তে তাঁতশালৰ কাপোৰৰ প্ৰতি আগ্ৰহ আছে। কিন্তু গ্ৰামাঞ্চলৰ শিপিনীসকলে এই বজাৰখন চিনাক্ত কৰিব পৰা নাই বা এই বজাৰখন ধোকি পোৱা নাই। এচাম মধ্যভোগীৰ বাবেও তেওঁলোকৰ দ্বাৰা উৎপাদিত কাপোৰৰ উচিত মূল্যৰ পৰাও বঞ্চিত হৈছে।
কিন্তু ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰণালয়ৰ এনে এক আঁচনি আছে যি আঁচনিয়ে এনে শিপিনীসকলক উপকৃত কৰাৰ বহু থল আছে। এই আঁচনিখনে শিপিনীসকলক এখন বজাৰ দিয়াই নহয়, বজাৰ আৰু তেওঁলোকৰ মাজত থকা মধ্যভূগীৰ ব্যৱস্থাকো দূৰ কৰিছে।
ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা নিগম হৈছে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলোমছ ডেভলপমেণ্ট কৰ্পোৰেচন লিমিটেড। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ হস্তশিল্প, হস্ততাঁত শিল্পৰে জড়িতসকলৰ বাবে এই নিগমৰ এক পদক্ষেপ হৈছে পূৰ্বশ্ৰী অন হুইলছ। এই পূৰ্বশ্ৰী অন হুইলছ পদক্ষেপে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্প আৰু হস্ততাঁত শিল্পৰে জড়িতসকলক উপকৃত কৰাৰ যথেষ্ট থল আছে।
এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে হস্তশিল্পৰে জড়িতসকলৰ লগতে হস্ততাঁত শিল্পৰে জড়িত শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ সঠিক মূল্যত বিক্ৰী কৰিব পৰাকৈ এখন বজাৰ দিয়া। ইয়াত শিপিনীসকলৰ বিশেষ কৰিবলগীয়া একো নাথাকে। তেওঁলোকে কেৱল সামগ্ৰী উৎপাদন কৰি সেইসমূহৰ মূল্য নিৰ্ধাৰণ কৰিলেই হ'ল। শিপিনীসকলে নিৰ্ধাৰণ কৰা মূল্যই তেওঁলোকে প্ৰদান কৰিব।
কোভিড পৰিস্থিতিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিপিনীসকলে ভোগ কৰা সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ, তেওঁলোকক উৎপাদিত সামগ্ৰীৰ সঠিক আৰু উচিত মূল্য দিবলৈ,মধ্যভোগী দূৰ কৰিবলৈ ২০২১ৰ ছেপ্টেম্বৰ মাহত ডনাৰ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছিল এই পদক্ষেপ। ইয়াৰ জৰিয়তে মন্ত্ৰণালয়ৰ এটা বিশেষ দলে শিপিনীসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে।
এক নিৰ্দিষ্ট সময়ৰ বাবে তেওঁলোকে শিপিনীসকলৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ হাতে বোৱা কাপোৰসমূহ, হাতেৰে তৈয়াৰ কৰা বাঁহ, বেতৰ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰে। শিপিনীসকলে ইয়াৰ বাবে যি মূল্য নিৰ্ধাৰণ কৰি দিয়ে সেই মূল্যই তেওঁলোকক দিয়া হয়। অৱশ্যে বজাৰত তেওঁলোকৰ কাপোৰ বোৰ বিক্ৰী হলেহে এই মূল্য লাভ কৰিব। বিক্ৰী নহলে সেই কাপোৰসমূহ চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁলোকক ঘূৰাই দিয়া হয়।
অৱশ্যে শিপিনীয়ে এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি দিলেও গ্ৰাহকে সেই মূল্যতকৈ ২০ শতাংশ ৰেহাই মূল্যত এইসমূহ ক্ৰয় কৰিব পাৰে। গ্ৰাহকক যি ২০ শতাংশ ৰেহাই দিয়া হয় শিপিনীসকলে সেই ২০ শতাংশ ধন ডনাৰ মন্ত্ৰণালয়ৰ পৰা লাভ কৰে। অৰ্থাৎ শিপিনীয়ে বিচৰা ধৰণেই মূল্য লাভ কৰিব আৰু গ্ৰাহকেও ৰেহাই পাব।
এই সন্দৰ্ভত NEHHDC ৰ ডেপুটি মেনেজাৰ ডেভিড ছেমুৱেলে কয়, কোভিড পৰিস্থিতিৰ পাছত শিপিনীসকলক সকাহ দিবৰ বাবে ডনাৰ মন্ত্ৰণালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিমৰ বিভিন্ন গ্ৰামাঞ্চললৈ যাওঁ আৰু শিপিনীসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টি কৰো। তেওঁলোকে হাতে বাৱো কাপোৰসমূহ সংগ্ৰহ কৰি আনো আৰু বজাৰত বিক্ৰী কৰি সেই ধন চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ অন্তত তেওঁলোকক প্ৰদান কৰো।
তেওঁ কয়, আমি কেৱল হাতে বোৱা কাপোৰহে সংগ্ৰহ কৰো। তেওঁলোকে কিদৰে কাপোৰসমূহ তৈয়াৰ কৰিছে, কেনেকৈ কৰিছে সেয়া সকলো ৰেকৰ্ড হৈ থাকে। তেওঁলোকৰ শালসমূহত আমাৰ ডিভাইছ সংলগ্ন হৈ থাকে। তাতেই সকলো দৃশ্য বন্দী হয়। সেয়ে ইয়াত ভেজাল হোৱাৰো কোনো সুযোগ নাথাকে।
এখন ভ্ৰাম্যমাণ বাহনত এই সামগ্ৰীসমূহ লৈ ডনাৰ মন্ত্ৰণালয়ৰ এই দলটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰে। সকলো ধৰণৰ বাণিজ্য মেলা, ONGC কে ধৰি তৈল আৰু প্ৰাকৃতি গেছ উৎপাদন, সংশোধন কৰা কোম্পানীৰ টাউনশ্বিপ, উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত হৰ্ণবিল ফেষ্টিভেল, জিৰ' মিউজিক ফেষ্টিভেল, ফেলকন ফেষ্টিভেল, চেৰি ব্লুজুম ফেষ্টিভেলকে ধৰি সকলোলৈকে যায়। অখ্যাত গাঁৱৰ পৰা চহৰলৈকে সকলো স্তৰকে সামৰি লয় তেওঁলোকে। বিদেশৰ বাণিজ্য মেলাতো এইসমূহ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।
NEHHDC ৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীৰ গড়চূকত। এই সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে তেওঁলোকৰ এখন স্থায়ী বিপণীও আছে গুৱাহাটীত। আমবাৰীত পূৰ্বশ্ৰী নামেৰে আছে এই বিপণীখন। যিকোনো শিপিনীয়ে ইচ্ছা কৰিলেই এই কাৰ্যালয়লৈ আহি তেওঁলোকৰ সৈতে চুক্তি কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী নিজেই নিৰ্ধাৰণ কৰা উচিত মূল্যত দি যাব পাৰে।
ইয়াৰ বাবে বৰ বিশেষ জটিলতা একো নাই। কোনো মধ্যভোগীৰ প্ৰৱেশ নাই। নিশ্চয়কৈ এই পদক্ষেপে শিপিনীসকলক উপকৃত কৰিব। কিন্তু প্ৰচাৰৰ অভাৱত এই পদক্ষেপৰ বিষয়ে বহু শিপিনীয়েই অজ্ঞ। নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কোৰ্পোৰেচন লিমিটেডে শেহতীয়াকৈ ৭.৬ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে গুৱাহাটীত অষ্টলক্ষ্মী হাট আৰু অভিজ্ঞতা কেন্দ্ৰ স্থাপন কৰিছে।
এই হাটত ২৪খন স্থায়ী বিপণী থাকিব। য’ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শিপিনীৰ বজাৰ প্ৰৱেশৰ সুবিধা হোৱাৰ লগতে বহিঃৰাজ্যৰ শিপিনীসকলকে থাকিব পৰাকৈ এটা শিপিনী আৱাসগৃহও থাকিব।
উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে ১৪.৯২ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে বাক্সাৰ মুছলপুৰৰ ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত এৰি ৰেচম স্পিনিং প্লাণ্টো স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগটো কাৰ্যক্ষম হোৱাৰ পিছত প্ৰতিদিনে ৪৫০ কিলোগ্ৰাম এৰী ৰেচমৰ সূতা উৎপাদন কৰিব পৰা হ’ব।
নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডত অংশগ্ৰহণ কৰিছে পূৰ্বশ্ৰী হুইলছৰ এই ভ্ৰাম্যমাণ বাহনখনে। তেওঁলোকে ইয়ালৈ লৈ আহিছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিপিনীয়ে হাতে বোৱা কাপোৰ, হাতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী। আনিছে বাঁহৰ পৰা তৈয়াৰ কৰা কাপোৰো। গ্ৰাহকৰো ভাল সহাৰি পাইছে। নিৰ্দিষ্ট এক ৰেহাই মূল্যত তেওঁলোকৰ পৰা সম্পূৰ্ণ নিৰ্ভেজাল, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ শিপিনীসকলে হাতে বোৱা কাপোৰসমূহ ক্ৰয় কৰিব পাৰিব।