যান-বাহন আইন মানি চলাটো সকলোৰে বাবে জৰুৰী। এনে আইন সঠিকভাৱে মানি চলিলে দুৰ্ঘটনাজনিত বিষয়বোৰৰ পৰা ৰক্ষা পাব পাৰি। কিন্তু যান বাহন আইনৰ নামত পৰিবহণ বিভাগে সৰ্ব সাধাৰণৰ ওপৰত একপ্ৰকাৰে সন্ত্ৰাস চলোৱাহে পৰিলক্ষিত হৈছে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
সাধাৰণ ৰাইজৰ বাবে এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে পৰিবহন বিভাগ আৰু যানবাহন আৰক্ষী। কিয়নো কেতিয়া, কোন সময়তে এইসকলে জৰিমণা বিহে তাৰ কোনো নিশ্চয়তা নাই।
ঋণৰ ভৰত কোঙা হৈ থকা অসম চৰকাৰে ইতিমধ্যে ৰাজহ সংগ্ৰহৰ বাবে বিভিন্ন বিভাগক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পিছতে বিভাগসমূহে ৰাজহৰ সংগ্ৰহৰ লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে। পৰবিহণ বিভাগেও ৰাজহ সংগ্ৰহৰ লক্ষ্য আগত লৈয়ে যোৱা সময়ছোৱাত যধেমধে জৰিমণা বিহাত নামি পৰিছে।
বিশেষকৈ পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰ বাহনখন জৰিমণা সংগ্ৰহৰ প্ৰধান অস্ত্ৰ হিচাপে বিবেচিত হৈছে। এই বাহনখন ৰাজপথৰ কাষত ৰখাই থৈ কেৱল জৰিমণা সংগ্ৰহত নামি পৰিছে বিভাগ।
যাৰ বাবে অভিলেখসংখ্যক ৰাজহ সংগ্ৰহো কৰিবলৈ সক্ষম হৈছে পৰিবহণ বিভাগে। ৰাষ্ট্ৰীয় ঘাইপথসমূহত বাহন চলাচলৰ বাবে এক নিৰ্ধাৰিত গতিবেগ থাকে যদিও বিসংগতিপূৰ্ণ এই গতিবেগে বহু ক্ষেত্ৰত বিপদত পেলাইছে সাধাৰণ ৰাইজক।
অসমত ৰাষ্ট্ৰীয় ঘাইপথত ব্যক্তিগত বাহনৰ অতিৰিক্ত সীমা ঘণ্টাত ১০০ কিলোমিটাৰ। ১০০ কিলোমিটাৰতকৈ অধিক বেগত কোনেও বাহন চলাব নোৱাৰে। তেনে কৰিলেই ভৰিব লাগে ২০০০ টকাৰ জৰিমণা।
একেদৰে যাত্ৰী কঢ়িওৱা M1 কেটেগৰীৰ অৰ্থাৎ চালককে ধৰি ৯ গৰাকী যাত্ৰীৰ আসন থকা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ। M 2 কেটেগৰী অৰ্থাৎ ৯ গৰাকী যাত্ৰীতকৈ অধিক আসন থকা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা আছে।
সামগ্ৰী কঢ়িওৱা N কেটেগৰীৰ বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ সৰ্বাধিক ৭০ কিলোমিটাৰ। ৰাষ্ট্ৰীয় ঘাইপথত দুচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰৰ বিপৰীতে তিনিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত গতিবেগ ঘণ্টাত ৫০ কিলোমিটাৰ।
সেইদৰে ৰাজ্যিক ঘাইপথৰ ক্ষেত্ৰত ব্যক্তিগত বাহনৰ গতিবেগ ঘণ্টাত ৮০ কিলোমিটাৰ। M1 কেটেগৰীৰ অৰ্থাৎ ৯ গৰাকীতকৈ কম যাত্ৰীৰ আসনযুক্ত যাত্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ লগতে M 2 কেটেগৰী অৰ্থাৎ ৯ গৰাকী যাত্ৰীতকৈ অধিক আসন থকা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ ক্ষেত্ৰত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৭০ কিলোমিটাৰ।
সামগ্ৰী কঢ়িওৱা N কেটেগৰীৰ বাহনৰ ক্ষেত্ৰত সৰ্বাধিক ঘণ্টাত গতিবেগ ৭০ কিলোমিটাৰ। দুচকীয়া বাহন অথৱা মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৬০ কিলোমিটাৰৰ বিপৰীতে তিনিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত ঘণ্টাত ৫০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা হৈছে।
যদিও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ বাবে বাহন অনুসৰি এই গতিবেগ নিৰ্ধাৰণ কৰা আছে তথাপিও ঠায়ে ঠায়ে ইয়াৰ গতি হ্ৰাস কৰাৰ বাবে ৰাজপথত নিৰ্দেশনা লগাই থোৱা থাকে। বিদ্যালয়, অন্যান্য ৰাজহুৱা অনুষ্ঠান, স্থানীয় বজাৰ, ব্যস্ত অঞ্চল অনুসৰি গতিবেগ হ্ৰাস কৰা হৈছে।
কিন্তু লক্ষ্যণীয় ভাৱে গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে গ’লে বহু ঠাইতে দেখা যায় বাহনৰ গতিবেগ কোনোবা ঠাইত যদি ৮০ কিলোমিটাৰ দেখুওৱা হয় তাৰ ঠিক ২০ মিটাৰ মানৰ আঁতৰতে থাকে ৬০ কিলোমিটাৰ অথবা ৪০ কিলোমিটাৰ। অৰ্থাৎ প্ৰতি ২০ মিটাৰৰ অন্তৰে অন্তেৰে গতিবেগ সলনি হয়।
১০০ স্পীডত আহি থকা এখন বাহনে ২০ মিটাৰৰ ব্যৱধানত গতিবেগ ৮০ আৰু ৮০ ৰ পৰা ৬০ লৈ হ্ৰাস কৰিব লাগে। এয়া কেৱল এটা ৰাষ্ট্ৰীয় ঘাইপথৰহে উদাহৰণ। গুৱাহাটীক সংযোগ কৰা প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথৰে একে অৱস্থা। গুৱাহাটী বিমানবন্দৰক সংযোগ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো এইদৰে ঠায়ে ঠায়ে হঠাৎ গতি হ্ৰাস কৰিবলগীয়া হয়।
লক্ষ্যণীয় ভাৱে এনে স্থানতে ৰাজপথৰ পৰা আঁৰ লৈ বহি থাকে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰ বাহন। ১০০ কিলোমিটাৰ বেগেৰে গৈ থকা এখন বাহনে ২০ মিটাৰৰ অন্তৰে অন্তৰে কিদৰে স্পীড হ্ৰাস কৰিব সেয়া অতি লক্ষ্যণীয় বিষয়।
ইফালে যোৱা সময়ছোৱাত এনে কেতবোৰ ঘটনা পোহৰলৈ আহিছে যিয়ে ৰাইজৰ চকু কপালত তুলিছে। ঘৰতে থোৱা বাহনখনৰ নামতো যান-বাহন আইন ভংগৰ নামত ই-চালান প্ৰেৰণ কৰা হৈছে, টোল টেক্স কৰ্তন কৰা হৈছে।
মন কৰিবলগীয়া যে, অসম চৰকাৰৰ পৰিবহণ বিভাগে ই-চালানৰ জৰিয়তে যি জৰিমণা সংগ্ৰহ কৰি আছে সেই ব্যৱস্থাও বে-আইনী বুলি দাবী কৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হৈছে।
যান বাহন আইন-১৯৮৮ ৰ ধাৰা ১৭৯(১) আৰু ১৮৩(১) অনুসৰি যান বাহন আইন ভংগকাৰীৰ গোচৰ ন্যায়ালয়ত দাখিল কৰিব লাগে যদিও অসম চৰকাৰ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগে এই আইন উলংঘনেৰে কেৱল এছ এম এছ প্ৰেৰণ কৰি ই-চালানৰ জৰিয়তে জৰিমণা সংগ্ৰহ কৰি ৰাজহ বৃদ্ধি কৰিছে। জৰিমণা আদায় নিদিলে প্ৰদূষণৰ প্ৰমাণ পত্ৰ, গাড়ীৰ মালিকিস্বত্ব স্থানান্তৰ, আৰ চি নবীকৰণ, পঞ্জীয়ন পত্ৰ নৱীকৰণ, ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আদিত বাধা দিয়া হৈছে।
এইদৰেই জৰিমণা সংগ্ৰহতে গুৰুত্ব আৰোপ কৰা পৰিবহণ বিভাগে বিসংগতিপূৰ্ণ ব্যৱস্থাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ অৱশ্যে লোৱা নাই। যান বাহন আইন মানি অনুসৰণ কৰাটো অত্যন্ত জৰুৰী। কিন্তু এই আইনৰ সুযোগেৰে বিসংগতিপূৰ্ণ ব্যৱস্থাৰে কেৱল ৰাজহ সংগ্ৰহৰ অভিযানত নামি পৰা বিষয়টো কিমান সমীচিন সেয়া বিভাগৰ মন্ত্ৰী তথা বৰমূৰীয়া সকলেও বুজি পোৱা উচিত।