/asomiyapratidin/media/media_files/2025/02/14/uGwFPhVbHTI3zEPzoxbj.jpg)
দুই বন্ধু নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্পৰ সংবাদ মেলে বিশ্বজুৰি লাভ কৰিলে চৰ্চা। দুই বন্ধুৰ ৰাজনৈতিক কামকাজ আৰু আচৰণৰো সাদৃশ্য দেখা পোৱা গ'ল এই সংবাদ মেলত। আমেৰিকা ভ্ৰমণৰ সময়ত দুই দেশৰ ৰাষ্ট্ৰ নেতাৰ এৰি চলিলে দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই সমগ্ৰ বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
দুজন নেতা, দুয়োৰে আছে নিজা বৈশিষ্ট্য। এজনে কিছু দিন পূৰ্বে ধাৰাবাহিকভাৱে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছে আৰু আন এজনে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছে।
এজনে এই সুদীৰ্ঘ কালত দেশত এখনো সংবাদ মেল সম্বোধন কৰাৰ নজিৰ নাই। তাৰোপৰি সংখ্যাৰ বলত সংবিধান সংশোধনৰ পৰা আৰম্ভ কৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগ আছে। আন এজনে আকৌ দ্বিতীয়বাৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছতে এটাৰ পিছত এটাকৈ সিদ্ধান্তৰে বিশ্বৰ দৃষ্টি কাঢ়িছে। এখন অদ্ভুত আমেৰিকা গঢ়াৰ প্ৰাৰম্ভিক পৰ্যায়ত উপনীত হৈছে।
এই দুই নেতাই সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ যিদৰে দিলে তাতো দেখা গ’ল সাদৃশ্য। এজনে যদি ব্যক্তি কেন্দ্ৰিক আলোচনা নকৰাৰ কথা ক’লে আন এজনে আকৌ সাংবাদিকৰ প্ৰশ্নই নুশুনা, নুবুজাৰ অভিনয় কৰিলে। ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সংবাদ মেলৰ কাহিনী এয়া।
আমেৰিকা ভ্ৰমণৰত নৰেন্দ্ৰ মোডী আৰু সেই দেশৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ যৌথ সংবাদ মেলে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। আমেৰিকাত সংবাদ মেলত প্ৰধানমন্ত্ৰী মোডীক গৌতম আদানী প্ৰসংগত প্ৰশ্ন কৰিছিল সেই দেশৰ সাংবাদিকে।
গৌতম আদানীৰ উৎকুচ কাণ্ডক লৈ দুয়োখন দেশৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে। আদানীৰ বিৰুদ্ধে আমেৰিকা আদালতে গ্ৰেপ্তাৰী পৰোৱোনা জাৰি কৰিছিল। সেয়ে নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত আদানীৰ প্ৰসংগত সাংবাদিকে কৰিছিল প্ৰশ্ন।
এই প্ৰশ্নৰ উত্তৰত মোডীয়ে ক’লে- “প্ৰথমতে ভাৰত এখন গণতান্ত্ৰিক দেশ, আৰু আমাৰ সংস্কৃতি আৰু আমাৰ চিন্তা দৰ্শন হ’ল ‘বসুধৈৱ কুটুম্বকম,’ যাৰ মূল অৰ্থ হ’ল সমগ্ৰ বিশ্বই এটা পৰিয়াল।”তেওঁ আৰু কয় আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ “ব্যক্তিগত বিষয়”। আৰু যেতিয়া এনে ব্যক্তিগত বিষয়ৰ কথা আহে তেতিয়া দুখন দেশৰ দুজন নেতাই এই বিষয়ত একত্ৰিত হৈ ব্যক্তিগত বিষয়ত একো আলোচনা নকৰে।’
এইদৰেই আদানীৰ প্ৰসংগ এৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। আনহাতে এগৰাকী ভাৰতীয় সংবাদিকে ড’নাল্ড ট্ৰাম্পৰ আগত উত্থাপন কৰিছিল প্ৰবজিত ভাৰতীয়ৰ প্ৰসংগ। প্ৰবজিত ভাৰতীয়ৰ সৈতে হোৱা অমানৱীয় আচৰণৰ প্ৰসংগ।
সাংবাদিকগৰাকীয়ে প্ৰথমবাৰ প্ৰশ্ন শেষ কৰিলে যদিও ট্ৰাম্পে শুনিয়েই নাপালে। দ্বিতীয়বাৰ তেওঁ পুনৰ অলৰ ডাঙৰকৈ একেটা প্ৰশ্ন কৰাত প্ৰশ্নটো সম্পূৰ্ণই কৰিব নিদিলে ট্ৰাম্পে। তেওঁ ক’লে একো বুজি পোৱা নাই। লগে লগে তেওঁ আন এজন সাংবাদিকৰ প্ৰশ্ন ল’লে।
এইদৰেই মোডী আৰু ট্ৰাম্পে দুটা গুৰুত্বপূৰ্ণ বিষয়ক সংবাদ মেলত এৰি চলিলে। অৱশ্যে সংবাদ মেলখনত দুয়োখন দেশৰ বাণিজ্যৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিলে ৰাষ্ট্ৰ নেতা দুগৰাকীয়ে।
মন কৰিবলগীয়া যে, এই সংবাদ মেলৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আছিল। কিয়নো এই দুয়ো নেতা এনে এক সময়ত একত্ৰিত হৈছিল যি সময়ত কেৱল এই দুয়োখন দেশৰ সমস্যাই নহয়, বিশ্বৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ো আলোচনাত স্থান পাইছিল। এই বিষয়সমূহৰ সৈতে আছিল দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিবেশ, বাণিজ্য, বিশ্বৰ কেইবাটাও প্ৰান্তত চলি থকা যুদ্ধ আদি।
ভাৰতৰ পৰা আমেৰিকালৈ অবৈধভাৱে প্ৰবজনৰ বিষয়টোৰ সন্দৰ্ভত আমেৰিকাই লোৱা কঠোৰ স্থিতিৰ বিপৰীতে তেওঁলোকৰ ওপৰত চলা অমানৱীয় আচৰণৰ বিৰুদ্ধে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পৰ সন্মুখত বিষয়টো উত্থাপন কৰিব বুলি ধাৰণা কৰা হৈছিল। আশা কৰা হৈছিল মোডীয়ে ইয়াৰ বিৰোধিতা কৰিব।
কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়েও ট্ৰাম্পৰ সুৰতে সুৰ মিলাই ক’লে অনুপ্ৰৱেশকাৰীক কোনো প্ৰশ্নয় দিয়া নহ’ব। সেয়া ভাৰতৰে হওক বা বিদেশৰে হওক। অনুপ্ৰৱেশকাৰী ভাৰতীয়ই হওক বা আন কোনো দেশৰে হওক বিতাৰণ কৰাটো তেওঁলোকৰ অধিকাৰ। কিন্তু মোডীয়ে এবাৰলেও নকলে মানৱীয়তাৰ কথা।
উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্প আলোচনাত বহিছিল। দুয়োৰে মাজত প্ৰায় চাৰিঘণ্টা ধৰি বিভিন্ন বিষয়ত চলিছিল আলোচনা। এই আলোচনাত এফ-৩৫ যুদ্ধ বিমান, ৫০০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যিক চুক্তি, অসামৰিক পৰমাণু চুক্তি আদি বিষয়ে আলোচনা আৰু চুক্তি সম্পাদন হয়।
ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ সংকটৰ বিষয়টোও আলোচনাৰ মজিয়ালৈ আহে। এই বিষয়ত ট্ৰাম্পে জনাই যে, স্বেইখ হাছিনাৰ পচনৰ আঁৰত আমেৰিকাৰ কোনো ভূমিকা নাই। তেওঁ গোটেই বিষয়টো মোডীৰ ওপৰতে এৰি দিছে।
আমেৰিকাৰ পৰা সকলোতকৈ বেছি তেল আৰু প্ৰাকৃতিক গেছ আমদানি কৰিব ভাৰতে। এই সম্পৰ্কীয় এক চুক্তিও মোডী আৰু ট্ৰাম্পৰ মাজত সম্পন্ন হয়।