মঙ্গলবাৰে নিৰ্বাচনঃ কাৰ হাতলৈ যাব মিজোৰাম? সকলোৰে দৃষ্টি জেড পি এমলৈ...

মঙ্গলবাৰে নিৰ্বাচনঃ কাৰ হাতলৈ যাব মিজোৰাম? সকলোৰে দৃষ্টি জেড পি এমলৈ...
মঙ্গলবাৰে নিৰ্বাচনঃ কাৰ হাতলৈ যাব মিজোৰাম? সকলোৰে দৃষ্টি জেড পি এমলৈ...
মাজত মাত্ৰ কেইটামান ঘণ্টা। শেষ নিশাৰ খেল আৰম্ভ মিজোৰামত। ৰাজ্যখনত কাৰ শক্তি কিমান? কোনে জয় কৰিছে ৰাজ্যবাসীৰ হৃদয়? শাসকীয় MNF -এ পাৰিবনে ক্ষমতা ধৰি ৰাখিব? পাৰিব নেকি কংগ্ৰেছে ক্ষমতা পুনৰ উদ্ধাৰ কৰিব? 'কিং মেকাৰ'ৰ ভূমিকা ল'বলৈ উলোৱা ZPM ৰ অৱস্থা কি? ভোটগ্ৰহণৰ প্ৰাকক্ষণত এই সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

পুনৰ উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ প্ৰৱেশ ঘটিব নেকি? উত্তৰ পূৰ্বাঞ্চলৰ এখনো ৰাজ্য নিজৰ দখলত ৰাখিব নোৱাৰা কংগ্ৰেছে পুনৰ ঘূৰাই আনিব পাৰিব নে সোণালী অতিত? ২০১৮ ত মিজোৰাম বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱা কংগ্ৰেছ পুনৰ ৰাজ্যখনৰ শাসনলৈ ঘূৰি আহিব পাৰিবনে? মাত্ৰ ১ খন আসন দখলেৰে মিজোৰাম চৰকাৰৰ অংশীদাৰ হোৱা বিজেপিৰ আসন হ'ব নেকি বৃদ্ধি? নে বিজেপিৰ ছত্ৰছায়াত আঞ্চলিক ৰাজনৈতিক শক্তি মিজো নেচনেল ফ্ৰণ্টেই পুনৰ দখল কৰিব মিজোৰাম? কি হ'ব জোৰাম পিপলছ মোভমেণ্টেৰ ভূমিকা? জেড পি এম সঁচাকৈয়ে হ’বনেকি কিং মেকাৰ?

এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হৈছে মিজোৰাম। ৰাজ্যখনত ৭ নৱেম্বৰ, মঙ্গলবাৰে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে সাজু হৈছে ৰাজ্যখন। তীব্ৰ প্ৰচাৰৰ মাজেৰে সাজু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবঢ়া আটাইকেইটা ৰাজনৈতিক দল। এতিয়া বাকী কেৱল শেষ নিশাৰ খেল।

মিজোৰামৰ ৰাজনৈতিক ইতিহাসত কোনো এটা ৰাজনৈতিক দলেই ক্ষমতাত স্থায়িত্ব লাভ কৰা নাই। প্ৰতি দশকৰ অন্তত মিজোৰামত সলনি হয় চৰকাৰ। অৱশ্যে ৰাজ্যখনত ১৯৭২ চনৰ পৰা আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাহিৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে কংগ্ৰেছে শাসনৰ ক্ষমতা দখল কৰিছে যদিও ২০১৮ চনত বিজেপিয়ে এম এন এফৰ আশীৰ্বাদত ৰাজ্যখনৰ চৰকাৰৰ অংশীদাৰ হৈছিল।

২০০৮ ত কংগ্ৰেছ ক্ষমতালৈ আহি ২০১৮ চন পৰ্যন্ত ক্ষমতাত আছিল যদিও ২০১৮ ত ৰাজ্যখনৰ জনতাই কংগ্ৰেছক বিদায় দি মিজো নেচনেল ফ্ৰণ্টক ক্ষমতালৈ আনিছিল। জোৰামথাঙ্গাৰ নেতৃত্বৰ এই চৰকাৰখনে সফলতাৰে সম্পূৰ্ণ কৰিলে ৫ বছৰীয়া কাৰ্যকাল। সেয়ে এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, ২০২৩ ৰ নিৰ্বাচনতো পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই পুনৰ ক্ষমতালৈ আহিব নেকি মিজো নেচনেল ফ্ৰণ্ট?  নে এইবাৰ ৰাজ্যবাসীয়ে ভংগ কৰিব পূৰ্বৰ সেই অকথিত নিয়ম !

৪০ খন আসনৰ মিজোৰামৰ নিৰ্বাচন মূলতঃ এইবাৰ তিনিকোণীয়া হ’ব। শাসকীয় মিজো নেচনেল ফ্ৰণ্ট, কংগ্ৰেছ আৰু জোৰাম পিপলছ মোভমেণ্টৰ মাজতেই হ’ব মূল যুঁজখন। যদিও বিজেপি ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰৰ অংশীদাৰ তথাপিও এই নিৰ্বাচনত বিজেপি ফেক্টৰ নহয়।

শাসকীয় এম এন এফ, আঞ্চলিক ৰাজনৈতিক দল জেড পি এম আৰু কংগ্ৰেছে আটাইকেইখন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে ২৩ খনত, আম আদমী পাৰ্টিয়ে ৪ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নিৰ্দলীয় ২৭ জনে প্ৰতিদ্বন্দিতা কৰিছে।

বিজেপিয়ে যদিও ২৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে তাৰ মাজতে আকৌ অভিযোগ উঠিছে নিৰ্বাচিত কেতবোৰ সমষ্টিত বিজেপিয়ে জেড পি এম, এম এন এফৰ প্ৰাৰ্থীক বিজয়ী কৰিবৰ বাবে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইয়াৰ আঁৰত লুকাই আছে বিজেপিৰ আন এক অংক।

যদিও মিজো নেচনেল ফ্ৰণ্ট এন ডি এৰ অংশীদাৰ তথাপিও দলটোৱে বিজেপিৰ একাধিক সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। ২০১৮ ত জন্মলাভ কৰা জেড পি এমৰ যি উত্থান ঘটিছে সেই উত্থানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজন সাপেক্ষে দলটোৰ বুকুচাত উঠি ৰাজ্যখনৰ ক্ষমতাৰ অংশীদাৰ হোৱাৰ এক বাট মুকলি ৰাখিছে বিজেপিয়ে।   

২০০৮ ৰ নিৰ্বাচনত ৩২ খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যখনৰ ক্ষমতা দখল কৰা কংগ্ৰেছে ২০১৩ ত ৩৪ খন আসন লাভ কৰি ক্ষমতা নিজৰ হাতত ৰাখিছিল। কিন্তু ২০১৮ ৰ নিৰ্বাচনত কংগ্ৰেছ পূৰ্বৰ ৩৪ খন আসনৰ পৰা ৩০ খনেই হেৰুৱাই মাত্ৰ ৪ খন হে দখল কৰে।

কংগ্ৰেছৰ এনে বিপৰ্যয়ৰ মূলতে আছিল মিজো নেচলেন ফ্ৰণ্ট আৰু ডেজ পি এমৰ উত্থান। সেইবাৰ ৰাজ্যখনত মিজো নেচনেল ফ্ৰণ্টে ২৭ খন আসন দখল কৰাৰ বিপৰীতে জেড পি এমে ৮ খন আসন দখল কৰিছিল। বিজেপিয়ে লাভ কৰিছিল ১ খন আসন।

২০১৮ ত আবিৰ্ভাৱ হোৱা জোৰাম পিপলছ মোভমেণ্টে আত্মপ্ৰকাশ কৰি ৰাজ্যখনৰ নতুন বিকল্প ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ হৈছিল। এই জেড পি এমৰ নেতা একালৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰাক্তন আই পি এছ বিষয়া লালডুহোমা।

এই লালডুহোমাৰ হাততে পৰাস্ত হৈছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী লালথানহাওলা।শেহতীয়াকৈ ৰাজ্যখনৰ লুংলেইৰ পৌৰসভাৰ ১১ খন আসনৰ ভিতৰত ১১ খনেই দখল কৰিছে এই দলটোৱে। সেয়েহে এইবাৰৰ নিৰ্বাচনত এই দলটোৱে যে বৃহৎ অঘটন ঘটাব সেয়া নিশ্চিত।

সমীক্ষাও সেই কথাকেই প্ৰকাশ কৰিছে। ৰাজ্যখনত 'কিং' হ'ব নোৱাৰিলেও লালডোহোমা যে 'কিং মেকাৰ' হ'ব সেয়া প্ৰায় নিশ্চিত। মিজোৰামত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন মেজিক নম্বৰ ২১। এইবাৰৰ নিৰ্বাচনত কোনে এটা ৰাজনৈতিক দলেই এককভাৱে ২১ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিব বুলি ধাৰণা কৰা হৈছে।

৪০ টা বিধানসভা সমষ্টিত মুঠ ১২৭৬ টা ভোটকেন্দ্ৰ সাজু হৈ আছে। এই ১২৭৬ টা ভোটকেন্দ্ৰতে বুধবাৰে নিৰ্ধাৰণ হব ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত। ৰাজ্যখনত এইবাৰ মুঠ ৮.৫৭ লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪৩৮,৯২৫ গৰাকী মহিলা ভোটাৰ আৰু ৪১২,৯৬৯ গৰাকী পুৰুষ ভোটাৰ।

মিজোৰাম নিৰ্বাচনৰ এইবাৰৰ মূল ইছ্যু সমূহৰ ভিতৰত মূলতঃ শৰনাৰ্থী সমস্যা, ড্ৰাগছৰ অবাধ প্ৰচলন, অনুন্নতঃ আন্তঃগাঁথনি, ইউনিয়ন চিভিল কোড,  আৰ্টিকেল ৩৭১, সীমা বিবাদ আদি। ৰাজ্যখনত আজিৰ তাৰিখত প্ৰায় ৭২০০০ শৰনাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে। ইয়াৰ ভিতৰত ১২,৬০০ মণিপুৰৰ পৰা অহা কুকি সম্প্ৰদায়ৰ শৰনাৰ্থী আৰু ৬০,০০০ ম্যানমাৰৰ পৰা অহা শৰনাৰ্থী।

ইয়াৰোপৰি চুবুৰীয়া মণিপুৰত সৃষ্টি হোৱা অগ্নিগৰ্ভৰ পৰিস্থিতিয়েও এই ৰাজ্যখনৰ নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলাব। মণিপুৰ কাণ্ডৰ বাবেই মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাহস নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি বিজেপিৰ পৰা কিছু দুৰত্ব বজাই চলিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেখন মঞ্চত থিয় হ'বলৈও অস্বীকাৰ কৰিছে।

ৰাজ্যখনৰ কুকি সম্প্ৰদায়ৰ লোকসকলৰ ভোট হেৰুৱাৰ ভয়ত তেওঁ এন ডি এৰ অংশ হৈ আছে যদিও মুকলিকৈ বিজেপিৰ বিৰোধিতা কৰিছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে, আগন্তুক লোকসভা নিৰ্বাচনৰ পাছত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী।

ইফালে বিজেপিৰ হিন্দুত্ববাদী চৰিত্ৰৰ বাবেও তেওঁ এন ডি এৰ অংশীদাৰ হৈয়ও দুৰত্ব বজাই চলিছে জোৰামথাঙ্গাই। কিয়নো মিজো ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাজ্যখনৰ গীৰ্জাসমূহৰ লগতে অৰাজনৈতিক ছাত্ৰ সংগঠন মিজো জিৰালাই পাওলা চমুকৈ এম জেড পিয়ে।

এই সংগঠনটোৱে বিজেপিক তীক্ষ্ণ সমালোচনা কৰি আহিলেও এন ডি এৰ অংশীদাৰ এম এন এফক সেই তীক্ষ্ণ সমালোচনাৰ পৰা দূৰত ৰাখে। অৱশ্যে কংগ্ৰেছ আৰু জোৰাম পিপলছ মোভমেণ্টে এম এন এফ আৰু বিজেপিৰ এই গোপন প্ৰেমক প্ৰতিখন নিৰ্বাচনী প্ৰচৰাত উন্মোচিত কৰি আহিছে।

কংগ্ৰেছে ড্ৰাগছ, নিবনুৱা সমস্যা, জোৰামথাঙ্গাৰ দুৰ্নীতি আদি বিষয়ক লৈ ৰাইজৰ মাজলৈ গৈছে। দলটোৱে ৰাজ্যখনত পুনৰ ক্ষমতা দখলৰ বাবে যথেষ্ট কষ্ট কৰিছে। মিজো জনতাৰ সৈতে গান্ধী পৰিয়ালৰ সম্পৰ্কৰ কথা আৱেগিক ভাৱে প্ৰচাৰ কৰিছে।

ছোনিয়া গান্ধীয়ে ভিডিঅ' বাৰ্তাৰে মিজো শান্তি চুক্তি আৰু ৰাজীৱ গান্ধীৰ ভূমিকাৰ কথা উল্লেখ কৰিছে।মিজোৰাম তেওঁলোকৰ হৃদয়ত আছে বুলি আৱেগিক মন্তব্য কৰিছে। ৰাহুল গান্ধীয়েও ৰাজ্যখন ভ্ৰমণ কৰি কংগ্ৰেছৰ প্ৰতি মানুহক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে। বহু সময়ত সফলো হৈছে।

আইজলৰ ৰাজপথত দেখা গৈছে কংগ্ৰেছৰ জনসমুদ্ৰ। অৱশ্যে দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰবীণ নেতা লাল থানহাওলাক এইবাৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰাক লৈ অসন্তুষ্ট হৈ আছে একাংশ মিজো লোক। তেওঁক প্ৰাৰ্থীত্বৰ পাৰ বঞ্চিত কৰাৰ বাবেও দলটোৱে বিপদ পৰাৰ সম্ভাৱনা নথকা নহয়।

এম এন এফ আৰু কংগ্ৰেছৰ মাজৰ যুঁজখনৰ বিপৰীতে অতি কৌশলগতভাৱে প্ৰচাৰ চলাই জনতাৰ মাজত সোমাই পৰিছে জোৰাম পিপলছ মোভমেণ্ট। চি ভোটাৰৰ সমীক্ষা অনুসৰি এই দলটোৱে ১০ ৰ পৰা ১৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। শাসকীয় এম এন এফৰো ১২ ৰ পৰা সৰ্বাধিক ১৭ খন পৰ্যন্ত আসন পোৱাৰ সম্ভাৱনা আছে।

কংগ্ৰেছে পূৰ্বতকৈ আসন অধিক লাভ কৰিলেও ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় আসন দখল কৰিব নোৱাৰিব। বিজেপি আৰু নিৰ্দলীয়ই মিলি অতি বেছি ২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সেয়ে এতিয়া সকলোৱে দৃষ্টি ৰাখিছে জেড পি এমৰ নেতা লালডুহোমাৰ ওপৰত।

তেওঁৰ দলটোৰ সমৰ্থন অবিহনে যে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে সেয়া নিশ্চিত। যদিহে ৰাজ্যখনত আঞ্চলিক শক্তিৰ হাততে ক্ষমতা থকাটো বিচাৰে তেন্তে এম এন এফলৈ সমৰ্থন আগবঢ়াব পাৰে। কিন্তু তেওঁৰ সম্পৰ্ক জোৰামথাঙ্গাৰ সৈতে সৌহাদ্যপূৰ্ণ নহয়। জোৰামথাঙ্গাৰ সৈতে সংঘাত হোৱাৰ ফলতে তেওঁ ত্যাগ কৰিছিল এম এন এফ।

আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাওলাৰ সৈতেও তেওঁৰ সম্পৰ্ক বেয়া। এইগৰাকী লাল থানহাওলাৰ বাবেই তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল। অৱশ্যে যিহেতু এইবাৰ লাল থানহাওলাই টিকট লাভ কৰা নাই সেয়েহে সৰ্বভাৰতীয় প্ৰেক্ষাপটত সৃষ্টি হোৱা বিজেপি বিৰোধী মঞ্চৰ সৈতে চামিল হোৱাৰ স্বাৰ্থত দলটোৱে শেষ মুহূৰ্তত কংগ্ৰেছলৈ সমৰ্থন আগবঢ়ালেও আচৰিত হ'বলগীয়া একো নাথাকিব।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খেল খেন খেলিব বিজেপিয়ে। কেন্দ্ৰত শাসনত থকাৰ সুৱাদতে বিজেপিয়ে এখন আসন দখল কৰিব পাৰিলেও যে ৰাজ্যখনত কংগ্ৰেছ মুক্ত এখন চৰকাৰ গঠনৰ চেষ্টা কৰিব সেয়া নিশ্চিত।

মঙ্গলবাৰে নিৰ্বাচনঃ কাৰ হাতলৈ যাব মিজোৰাম? সকলোৰে দৃষ্টি জেড পি এমলৈ...
ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া হৈ পৰিছে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in