Advertisment

১০ দিনীয়া উৎকণ্ঠাৰ অন্তঃ দেৱেন্দ্ৰৰ হাততেই মাৰাঠা ৰাজ্যৰ গুৰু দায়িত্ব

সকলো জল্পনা-কল্পনা আঁতৰিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাডনাৱিছে। বুধবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ পৰিষদীয় দলৰ বৈঠকত দেৱেন্দ্ৰ ফাডনাৱিছকেই বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

author-image
Tushar Pratim
New Update
১০ দিনীয়া উৎকণ্ঠাৰ অন্তঃ দেৱেন্দ্ৰৰ হাততেই মাৰাঠা ৰাজ্যৰ গুৰু দায়িত্ব

অন্ত পৰিল মহাৰাষ্ট্ৰৰ ১০ দিনীয়া ৰাজনৈতিক উৎকণ্ঠা। মুখ্যমন্ত্ৰী কেন্দ্ৰীক এই যুঁজখনত শেষ হাঁহি মাৰিলে দেৱেন্দ্ৰ ফাডনাৱিছে। বৃহস্পতিবাৰৰ শপতগ্ৰহণৰ বাবে সকলো সাজু হৈছে যদিও একনাথ সিন্দেক লৈ সৃষ্টি হৈছে অনিশ্চয়তা। মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিবেশ, পৰিস্থিতিৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।  

Advertisment

 

সকলো জল্পনা-কল্পনা আঁতৰিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাডনাৱিছে। বুধবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ পৰিষদীয় দলৰ বৈঠকত দেৱেন্দ্ৰ ফাডনাৱিছকেই বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। যোৱা ১০ দিন ধৰি চলি থকা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীক এই বিতৰ্ক ইয়াৰ লগে লগে অসান ঘটিল। 

অৱশ্যে মুখ্যমন্ত্ৰী কেন্দ্ৰীক বিতৰ্কৰ অৱসান ঘটিলেও একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাৰ অসন্তুষ্টি আঁতৰ নহল। বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় বিজেপিৰ পৰিষদীয় দলৰ বৈঠক। এই বৈঠকত উপস্থিত আছিল দুই কেন্দ্ৰীয় পৰ্যবেক্ষক বিজয় ৰূপাণী আৰু নিৰ্মলা সীতাৰামণ।

এই বৈঠকতেই দেৱেন্দ্ৰ ফাডনাৱিছৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰা হয়। এই প্ৰস্তাৱতলৈ সহাৰি জনাই সকোলোৱে। ইতিমধ্যে মুম্বাইৰ আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতি চলিছে। সাজু হৈ উঠিছে বিশাল মঞ্চ। বৃহস্পতিবাৰে বিয়লি মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ  ফাডনাৱিছে। 
তাৰ পূৰ্বে আজিয়েই দেৱেন্দ্ৰ ফাডনাৱিছে ৰাজভৱনলৈ গৈ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ সন্মুখত চৰকাৰ গঠনৰ দাবী জনাব। দেৱেন্দ্ৰ ফাডনাৱিছক সংগ দিব একনাথ সিন্দে আৰু অজিত পাৱাৰে।

মহাৰাষ্ট্ৰৰ বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে দায়িত্ব লাভ কৰি সন্তুষ্টি লাভ কৰিছে বুলিও জনাইছে দেৱেন্দ্ৰ ফাডনাৱিছে। তেওঁ উল্লেখ কৰা মতে ১৩২ গৰাকী বিজেপি বিধায়কৰ সমৰ্থন লাভ কৰিছে। তেওঁক পুনৰ এবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালনৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদো জ্ঞাপন কৰিছে।

উল্লেখ্য যে, ২৮৮ খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত এইবাৰ বিজেপিৰ নিজা শক্তি ১৩২। তাৰোপৰি মিত্ৰদল শিৱসেনাৰ ৫৭ আৰু এন চি পিৰ শক্তি ৪১।

যদিও সংখ্যাৰ ফালৰ পৰা শিৱসেনাৰ আসন বিজেপিৰ আসনতকৈ আধাতকৈয়ো কম তথাপিও ৰাজ্যখনত মুখ্যমন্ত্ৰী কেন্দ্ৰীক যুঁজত নামিছিল দলটোৰ নেতা একনাথ সিন্দে। এন চি পিয়েও বিচাৰিছিল পুনৰ এবাৰ মুখ্যমন্ত্ৰী হওক একনাথ সিন্দে। সেয়ে বিজেপিয়ে একনাথ সিন্দেক একে মুখে বিমুখ কৰি দেৱেন্দ্ৰ ফাডনাৱিছক মুখ্যমন্ত্ৰী হিচাপে গোষণা কৰিবলৈ সাহস কৰা নাছিল।

কিয়নো শিৱসেনা আৰু এন চি পি মিলাই মুঠ শক্তি ১০১। ক্ষমতা দখলৰ বাবে এই দুই শক্তিয়ে বিজেপিৰ সংগ ত্যাগ কৰাৰ দৰে চিন্তা যাতে নকৰে তাৰ বাবে প্ৰতিটো খোজ সাৱধানে দিবলগীয়া হৈছে বিজেপিয়ে। বাৰে বাৰে বিবেচনা কৰিবলগীয়া হৈছে একনাথ সিন্দেৰ দাবী।

শিৱসেনাৰ বিধায়কসকলেও একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে পুনৰ দায়িত্ব দিবলৈ এক চাপ সৃষ্টিত লিপ্ত হৈছিল। সংবাদ মাধ্যমৰ আগত মুকলিকৈয়ে শিৱসেনাৰ বিধায়কসকলে দাবী কৰি কয়, যদিও মহাৰাষ্ট্ৰত বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিছে তথাপিও মুখ্যমন্ৰীদা হিচাপে একনাথ সিন্দেকেই দায়িত্ব দিব লাগে।

মহাৰাষ্ট্ৰৰ জনতাই একনাথ সিন্দেৰ শাসনৰ প্ৰতি আকৃষ্ট হৈছে। একনাথ সিন্দে চৰকাৰৰ জনপ্ৰিয়তাৰ বাবেহে পুনৰ এবাৰ মহাৰাষ্ট্ৰৰত মহাজুটিৰ চৰকাৰ হৈছে। এই দাবীলৈ পূৰ্ণ সমৰ্থন দিছিল এন চি পিয়ে। এনে পৰিস্থিতিত বিজেপিয়ে অতি সতৰ্কতাৰে আগবাঢ়িবলৈ বাধ্য হৈছে।

এন চি পিৰ সমৰ্থন লৈ যোৱা ১০ টা দিনে মুখ্যমন্ত্ৰীত্বৰ দৰদাম কৰি অৱশেষত হাৰ মানিলে একনাথ সিন্দেয়ে। কেন্দ্ৰীয় নেতৃত্বৰ আশীৰ্বাদত পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে দেৱেন্দ্ৰ ফাডনাৱিছ। পূৰ্বে নিৰ্ধাৰণ কৰা অনুসৰিয়েই ৫ ডিচেম্বৰ, বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হব দেৱেন্দ্ৰ ফাডনাৱিছৰ শপতগ্ৰহণ অনুষ্ঠান।

এই অনুষ্ঠানতে বিজেপিৰ দুই মিত্ৰদল শিৱসেনা আৰু এন চি পিৰ দুজন প্ৰতিনিধিয়েও উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এন চি পিৰ পৰা অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো নিশ্চিত।

কিন্তু শিৱসেনাৰ পৰা একনাথ সিন্দেয়ে উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নে নাই তাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা। আনকি তেওঁ উপ-মুখ্যমন্ত্ৰী হবনে নাই সেয়াও নিশ্চিত নহয়। 

খবৰ অনুসৰি একনাথ সিন্দে উপ মুখ্যমন্ত্ৰী পদৰ বাবে আগ্ৰহী নহয়। তেওঁৰ পুত্ৰ শ্ৰীকান্ত সিন্দেকহে উপমুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিবলৈ বিচাৰিছে। অৱশ্যে এই খবৰো আকৌ শ্ৰীকান্ত সিন্দেয়ে অস্বীকাৰ কৰিছে।

ইফালে ৰাজ্যখনৰ নতুন চৰকাৰত কোন দলে কি বিভাগ লব সেই লৈয়ো জটিলতাই দেখা দিছে। সিন্দে শিবিৰে দাবী কৰা গুৰুত্বপূৰ্ণ বিভাগসমূহ দিবলৈ আগ্ৰহী নহয় বিজেপি। এনে অস্থিৰতাৰ মাজতেই সকলো সাজু হৈছে। শাৰীৰিক অসুস্থতাৰ দোহাই দি বিজেপি নেতৃত্বৰ পৰা দূৰত্ব বজাই ৰখা একনাথ সিন্দেয়ে এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে নে নাই তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে  শপত গ্ৰহণ অনুষ্ঠানৰে পাছতে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাজনীতি কেনেধৰণৰ হব সেয়া স্পষ্ট হৈ পৰিব।  

 

দেৱেন্দ্ৰ ফাডনাভিছ একনাথ সিন্দে মহাৰাষ্ট্ৰ