বহুতে কয়, আজিকালি ইচ্ছ্যুবোৰ বেলেগত চৰ্চা নহলেও, সামাজিক মাধ্যমত চৰ্চা হোৱাৰ বাবেই চৰকাৰ, প্ৰশাসনে বাধ্য হৈ ব্যৱস্থা লয়। কিন্তু এই কথাও পুৰণি হোৱাৰ দিন অচিৰেই আহি আছে। এতিয়া সামাজিক মাধ্যমো ধনৱান তথা ক্ষমতাশালী চক্ৰই যি বিচাৰে, সেই মতেহে বিষয়বোৰৰ বহুল প্ৰচাৰ হ'ব। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
নিয়ম মানে নিয়মেই! নিয়ম ধনী-দুখীয়া সকলোৰে বাবে সমান। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত নীতি-নিয়মক লৈ সকলো অতিকৈ সচেতন। প্ৰাচীন কালৰে পৰা আমাৰ দেশত চলি অহা বহু নীতি-নিয়ম এতিয়াও ধনী-দুখীয়া নিৰ্বিশেষে আখৰে আখৰে পালিত হয়। কিন্তু ডিজিটেলৰ ক্ষেত্ৰখনত যি ধনৱান, সেই চক্ৰৰ ইচাৰাতে সলনি হয় নিয়ম!- এয়া অভিযোগ নহয়, শেহতীয়াকৈ বহুকেইটা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।
সমাগত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত শাসক-বিৰোধী সকলোৱে শাসনৰ বাঘজৰী হস্তগত কৰিবলৈ উঠি পৰি লাগিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি বিৰোধীৰ বাঘা বাঘা নেতাই দেশৰ বাণিজ্যৰ হৰ্চস্পট মহাৰাষ্ট্ৰক দখল কৰিবলৈ দিনে-নিশাই প্ৰচাৰ চলাইছে।
পোণপতীয়া প্ৰচাৰৰ উপৰিও এইবাৰ মহাৰাষ্ট্ৰ নিৰ্বাচনত শাসক-বিৰোধী সকলোৱে ডিজিটেল মাধ্যম তথা সামাজিক মাধ্যমক অধিক গুৰুত্ব প্ৰদান কৰিছে। শেহতীয়াকৈ ৫টা বিশেষ সংস্থাই মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ এক সমীক্ষা চলাইছিল। এই সমীক্ষাত পোহৰলৈ আহিছে, এই নিৰ্বাচনত ফেচবুক কৰ্তৃপক্ষই ধনৰ বিনিময়ত তেওঁলোকৰ গাইডলাইন সলনি কৰিছে।
অৰ্থাত মেটা (META) কৰ্তৃপক্ষই ফেচবুক, ইনষ্টাগ্ৰামৰ অন্য ব্যৱহাৰকাৰীৰ বাবে যিবোৰ নিয়ম তথা গাইডলাইন নিৰ্ধাৰণ কৰিছে, তেনে নিয়ম ধন বিনিয়োগ কৰা সকলৰ ক্ষেত্ৰত নাই। মহাৰাষ্ট্ৰৰ নিৰ্বাচনতো মেটা কৰ্তৃপক্ষই নিজৰ গাইডলাইনত শিথিলতা আনি বিজেপি তথা মিত্ৰজোঁটৰ সপক্ষে প্ৰচাৰ কৰাত সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে এই ৫টা বিশেষ সংস্থাই।
এই সংস্থাকেইটাই মেটাৰ সকলো দিশ নিৰ্মোহভাৱে পৰ্যালোচনা কৰি পোহৰলৈ আনিছে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ। এইখিনিতে এই ৫ সংস্থাৰ নামকেইটা উল্লেখ কৰিব বিচাৰিছো। মহাৰাষ্ট্ৰ নিৰ্বাচনত সামাজিক মাধ্যমৰ ভূমিকা আৰু ইয়াৰ আঁৰৰ বহু তথ্য পোহৰলৈ অনা এই ৫সংগঠন হৈছে- দলিত চলডাৰেটী ফৰাম, ইক, হিন্দু ফৰ হিউমেন ৰাইটছ, ইণ্ডিয়ান আমেৰিকান মুছলিম কাউন্সিল আৰু ইণ্ডিয়ান ছিভিল ৱাৰ্টছ ইন্টাৰনেচনেল।
এই ৫ সংস্থাৰ শেহতীয়াকৈ ৪৯পৃষ্ঠাজোৰা এক প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত উল্লেখ আছে যে, মহাৰাষ্ট্ৰ নিৰ্বাচনত ফেচবুক, ইনষ্টাগ্ৰামত কেৱল পোষ্ট বুষ্টিঙৰ বাবে বিজেপিয়ে প্ৰায় ৩.৩১কোটি টকা খৰছ কৰিছে। তাৰ বিপৰীতে বিৰোধী মিত্ৰঁজোটে পোষ্ট বুষ্টিঙৰ বাবে কৰা খৰছৰ পৰিমাণ মাত্ৰ ৫২লাখ টকা।
ৰাজনৈতিক দলবোৰৰ লগতে এই প্ৰতিবেদনত পোহৰলৈ আহিছে আন এটা দিশ। নিৰ্বাচনৰ সময়ত চৰকাৰী বিভিন্ন কাম-কাজ প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে অতিৰিক্তকৈ সামাজিক মাধ্যমত প্ৰায় ২.২৪কোটি টকাৰ ব্যয় কৰিছে। ফেচবুকত বিভিন্ন পেইজ খুলি তাৰ জৰিয়তে চৰকাৰৰ উন্নয়নমূলক কাম-কাজ খতিয়ান দাঙি ধৰা হয়। আৰু এই পোষ্টবোৰক ফেচবুক, ইনষ্টাগ্ৰামে অধিক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে কাম কৰে। ইয়াৰ বাবে বিশাল ধনৰাশিৰ চুক্তি কৰা হয়।
শেহতীয়াকৈ কেৱল মাত্ৰ অধিক ধন উপাৰ্জনৰ বাবে মেটা কৰ্তৃপক্ষই ফেচবুক, ইনষ্টাগ্ৰামৰ বহুকেইটা গাইডলাইন শিথিল কৰিছে। যিয়ে ধন বেছিকৈ খৰছ কৰিছে, তেওঁলোকৰ বাবে এই গাইডলাইনবোৰ সাধাৰণ ব্যৱহাৰকাৰীতকৈ বেলেগ। উদাহৰণ স্বৰূপে, সাধাৰণ ব্যৱহাৰকাৰীৰ কোনো এটা বিশেষ পোষ্ট কমিউনিটী গাইডলাইনৰ দোহাই দি ফেচবুকে ডিলিট কৰি দিয়ে। কিন্তু সেই একেই পোষ্ট যদিহে সেই ধন বিনিয়োগ কৰা চক্ৰটোৱে পোষ্ট কৰে, তেওলোকৰ ক্ষেত্ৰত এনে কঠোৰ ব্যৱস্থা নলয় মেটা কৰ্তৃপক্ষই।
মহাৰাষ্ট্ৰৰ এই বিষয়টোৱে প্ৰথমে বৰ বেছি গুৰুত্ব লাভ কৰা নাছিল যদিও, শেহতীয়াকৈ বি বি চিয়ে এই সম্পূৰ্ণ বিষয়টোক লৈ এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনত সকলোবোৰ বিষয় পুংখানুপুংখভাৱে উল্লেখ কৰা হৈছে। ইফালে এই বিষয়টোক লৈ মেটা কৰ্তৃপক্ষই স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে।
মেটা কৰ্তৃপক্ষৰ মতে, আমি কাৰোৰে হৈ কাম কৰা নাই আৰু আমাৰ গাইডলাইন কাৰোৰে বাবে শিথিল কৰা নাই। সকলোৰে বাবে আমাৰ নিয়ম একেই। বিজ্ঞাপনদাতাসকলেও আমাৰ এই গাইডলাইন মানি কাম কৰিব লাগিব। আমাৰ নীতি-নিয়ম উলংঘা কৰা সকলো বিজ্ঞাপন আমি আমাৰ মাধ্যমৰ পৰা আতঁৰাই দিও।
ইফালে মহাৰাষ্ট্ৰ নিৰ্বাচনত মেটা কৰ্তৃপক্ষই বিজেপিৰ বাবে তেওঁলোকৰ নীতি-নিয়ম শিথিল কৰাৰ প্ৰসংগক লৈ ৰাজ্যখনৰ বিজেপিয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰা সংস্থাকেইটাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন কৰিছে। তেওঁলোকৰ মতে, এই সংস্থাকেইটা কংগ্ৰেছ তথা বিৰোধী দলৰ আশীষপুষ্ট সংস্থা। যাৰ বাবে তেওঁলোকে এনে প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজহুৱা কৰিছে।
আনফালে মহাৰাষ্ট্ৰ কংগ্ৰেছ তথা বিৰোধী দলসমূহে মেটাৰ এই কাৰ্যক অধৰ্মৰ আখ্যা দিছে। তেওঁলোকৰ মতে, বিজেপিয়ে প্ৰতিবাৰেই এনে অধৰ্মৰ পথ লয়। আৰু এইবাৰ সেই অধৰ্মৰ পথৰ সহযোগী হৈছে মেটা কৰ্তৃপক্ষ। তেওঁলোকৰ অভিযোগ যে, বিজেপিৰ কোনো এটা পোষ্ট যিমান লাইক, কমেন্ট, শ্বেয়াৰ হয়, তাৰ তুলনাত তেওঁলোকৰ কোনো পোষ্ট ৰাইজৰ মাজলৈ নাযায়। ফেচবুত, টুইটাৰ, ইনষ্টাগ্ৰামৰ এনে কাৰ্য নিৰ্বাচনী কাম-কাজ আৰম্ভ হোৱাৰ পৰাই হৈ আছে বুলি অভিযোগ কৰে কংগ্ৰেছে। সমগ্ৰ বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ অভিযোগনামাও দাখিল কৰিছে বিৰোধী মহাঁজোটে।
সমগ্ৰ বিষয়টোক লৈ এতিয়া ধুৱলী-কুৱঁলী এক পৰিৱেশে বিৰাজ কৰিলেও ইয়াৰ সত্যতা একেবাৰে নুই কৰিব নোৱাৰি। শেহতীয়া বহুকেইটা নিৰ্বাচনত বিজেপিয়ে সামাজিক মাধ্যত বহু কোটি কোটি টকা খৰছ কৰাৰ তথ্য পোহৰলৈ আহিছিল। অৱশ্যে মেটা কৰ্তৃপক্ষই বিজেপিক ধনৰ বিনিময়ত এনেদৰে সহায় কৰাৰ তথা পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে।
কেৱল মহাৰাষ্ট্ৰ নিৰ্বাচনতে নহয়, শেহতীয়াকৈ হৈ যোৱা আমেৰিকা নিৰ্বাচনতো সামাজিক মাধ্যমে ধনৰ বাবদ অৰ্ধমৰ পথ বাচি লোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ট্ৰাম্পে সামাজিক মাধ্যমত অধিক গুৰুত্ব দি টুইটাৰ তথা এক্সৰ মালিককে নিজৰ হৈ কেম্পেইনত নমাইছিল। আনকি ট্ৰাম্পৰ হৈ সামাজিক মাধ্যমত প্ৰচাৰৰ বাবে দায়িত্ব দিয়া হৈছিল নিজ সৰু পুত্ৰক।
গতিকে এনে দিশবোৰলৈ চাই পোনচাতেই সামাজিক মাধ্যম যে ধন বিনিময়ত তেওঁলোকৰ নীতি-নিয়ম তথা গাইডলাইন সলনি নকৰিব, সেই কথা মানি লব নোৱাৰি। অৱশ্যে মেটা কৰ্তৃপক্ষই এই বিষয়টোক বহুবাৰ সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চোৱা হয় বুলি স্পষ্টীকৰণ দি আহিছে। সেয়া যি কি নহলেও, সামাজিক মাধ্যমত লাইক, কমেন্ট, শ্বেয়াৰ কিনিবলৈ কোটি কোটি টকা খৰছ কৰা এই প্ৰৱণতাই আগন্তুক সময়ত কি ৰূপ ধাৰণ কৰে, সেয়া লক্ষ্যণীয় হ’ব...