/asomiyapratidin/media/media_files/2024/11/28/cqp6OZMIfx5ZYdqxG0Fu.png)
আকৌ উত্তপ্ত হৈছে বাংলাদেশ। এইবাৰ ছাত্ৰ আন্দোলনৰ নেতাৰ দাবী বাংলাদেশৰ পৰা খেদি পঠিয়াব লাগে ইছকনক। ইছকন হেনো সন্ত্ৰাসবাদী সংগঠন। বাংলাদেশৰ শান্তি ভংগ কৰিছে এই সংগঠনে। বাংলাদেশত ইছকন বিৰোধী এনে পৰিস্থিতি কিয়? কোন ইয়াৰ অন্তৰালৰ কাৰণ কি? কাৰ প্ৰৰোচনাত এনে পৰিস্থিতি? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ISKCON হেনো উগ্ৰপন্থী সংগঠন। শ্ৰীমদ্ভাগৱত, ভগৱতগীতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা হিন্দু ধৰ্মীয় অনুষ্ঠান ইছকনে হেনো বাংলাদেশত বিভাজনৰ বীজ ৰোপণ কৰিছে। শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত ইছকনৰ অনুগামীসকলে দেশখন অশান্ত কৰাৰ কৌশল ৰচনা কৰিছে।
বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ এনে অভিযোগত ভাৰতেই নহয়, বিশ্বৰে ইছকন তথা শ্ৰীকৃষ্ণ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। একেমুখে গৰিহণা দিছে বাংলাদেশক। আগষ্ট মাহত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ জৰিয়তে বাংলাদেশত ৰাজনৈতিক পট পৰিবৰ্তন হৈছিল।
সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা এই আন্দোলনৰ প্ৰতি দেশখনৰ সকলো ধৰ্মীয় লোকেই সহাৰি জনাইছিল। আন্দোলনত সংখ্যাগৰিষ্ঠ মুছলমানসকলৰ দৰেই সংখ্যালঘু হিন্দু তথা অন্যান্য সম্প্ৰদায়ৰ লোকসকলো জপিয়াই পৰিছিল। এই আন্দোলন আছিল চৰকাৰ আৰু সংৰক্ষণ বিৰোধী।
কিন্তু শ্বেইখ হাছিনাৰ পলায়নৰ পাছতেই হঠাৎ এই আন্দোলনে গতি সলনি কৰে। আগদিনালৈকে একেলগে আন্দোলন কৰি থকাসকলেই নিশাৰ ভিতৰতে হিন্দুসকলৰ ওপৰত জপিয়াই পৰে। ঠায়ে ঠায়ে লুটপাত কৰে। হত্যাৰো বলি হয় বহু লোক। মন্দিৰ তথা অন্যান্য উপাসনাস্থলীও ধ্বংস কৰে একাংশ ধৰ্মান্ধই।
হঠাৎ এই আন্দোলনে অন্য দিশে গতি কৰে। চূড়ান্ত সাম্প্ৰদায়িক হৈ পৰা বাংলাদেশৰ সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্ব যিদৰে এফালে ভাৰত বিৰোধী হৈ পৰিছে সেইদৰেই হিন্দু ধৰ্মৰ বিৰুদ্ধেও একাধিক ঘটনাত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।
ইছকনৰ পৰা বহু পূৰ্বেই বহিষ্কৃত এজন নেতাৰ বিৰুদ্ধে উত্থাপন পোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পিছতেই এতিয়া তেওঁলোকে ইছকনক আখ্যা দিছে সন্ত্ৰাসবাদী সংগঠন হিচাপে। দাবী উত্থাপন হৈছে বাংলাদেশৰ পৰা ইছকনক খেদি পঠিওৱাৰ।
কি হৈছে বাংলাদেশত?
যোৱা ২৫ নৱেম্বৰত ঢাকা বিমান বন্দৰৰ কাষৰ পৰা পৰা বিজিবিয়ে গ্ৰেপ্তাৰ কৰিছিল সনাতন ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক। তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে বাংলাদেশৰ জাতীয় পতাকা অৱমাননা কৰাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।
চিন্ময় কৃষ্ণ দাস বাংলাদেশৰ সনাতনী জাগৰণ গোটৰ মুখপাত্ৰ আৰু হাথাজাৰীৰ পুন্দ্ৰিক ধামৰ অধ্যক্ষ। ২৫ নৱেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত ২৬ নৱেম্বৰত চট্টগাম মেট্ৰপলিটান-৬ ৰ কাজী শ্বৰিফুল ইছলামে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।
সেই সময়তে কাৰাগাৰৰ চৌহদত সৃষ্টি হয় যুদ্ধ সদৃশ পৰিস্থিতি। চিন্ময় কৃ্ষ্ণ দাসৰ অনুগামীসকলে তেওঁক মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰায় ৩ ঘণ্টা তেওঁক কাৰাগৰলৈ লৈ যাবলৈ লোৱা বাহনখন আৱদ্ধ কৰি ৰাখে।
পাছত আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। এই সময়তে প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে আৰু আদলত চৌহদ ৰণক্ষেত্ৰলৈ পৰিণত হয়। তাৰ মাজতেই দুয়ো পক্ষৰ যুঁজত প্ৰাণ যায় অধিবক্তা চাইফুল ইছলাম আলিফৰ।
পৰৱৰ্তী সময়ত পৰিস্থিতি কিছু নিয়ন্ত্ৰিত হয় যদিও অধিবক্তা চাইফুল ইছলাম আলিফক ইছকনৰ অনুগামীসকলে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ আন্দোলনৰ নেতৃত্বই। ২৭ নৱেম্বৰত তেওঁলোকে চাইফুল ইছলাম আলিফৰ মৃতদেহ লৈ চট্টগামত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু দাবী উত্থাপন কৰে বাংলাদেশত স্থান নাই ইছকনৰ। ইছকন হেনো এটা সন্ত্ৰাসবাদী সংগঠন।
কি কৈছিল ছাত্ৰ আন্দোলনৰ নেতৃত্বই?
বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আব্দুল্লাহ আৰু জুলাই ছহিদ স্মৃতি ফাউণ্ডেছনৰ সাধাৰণ সম্পাদক ছাৰজিছ আলমে ২৭ নৱেম্বৰত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে বাংলাদেশত শীঘ্ৰেই ইছকনক নিষিদ্ধ কৰিব লাগে। তেওঁলোকৰ মতে দেশখনৰ মুছলমান-হিন্দুৰ মাজৰ সম্প্ৰীতিত ইছকনৰ দৰে সংগঠনে বাধাৰ সৃষ্টি কৰিছে। ভাৰতীয় সংবাদ মাধ্যমেও ইয়াত ভূমিকা লৈছে।
হাছনাত আব্দুল্লাহে কয়, বাংলাদেশৰ ইছকন যোৱা ১৬ বছৰ ধৰি আৱামী লীগৰ সহায়ত ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত ডাঙৰ দীঘল হৈছে। এতিয়া ইছকনে এটা উগ্ৰপন্থী সংগঠন হিচাপে বাংলাদেশত অস্থিৰতাৰ সৃষ্টি কৰিছে। তেওঁ কয়, বাংলাদেশত ইছকনৰ কোনো স্থান নাই।
আন এগৰাকী নেতা ছাৰ্জিছ আলমে কয়, যি ৰক্তৰ বন্যা বোৱাই শ্বেইখ হাছিনা এই দেশ এৰি পলায়ন কৰিছে, যি ৰক্তৰ ওপৰত নতুন বাংলাদেশ গঢ়ি উঠিছে, সেই ৰক্তৰ ওপৰত উঠি ইছকনৰ বহিষ্কৃত নেতা চিন্ময় কৃষ্ণ দাসে উচতনি দিয়ে। সেই ৰক্তৰ ওপৰত উঠি হত্যাকাৰী হাছিনাই উচতনি দিয়ে, সেই ৰক্তৰে ওপৰত উঠিয়েই ইছকনে উচতনি দিয়ে, সেই ৰক্তৰ ওপৰত উঠি ভাৰতৰ কিছু প্ৰেতাত্মাই উচতনি দিয়ে।
আমি সেই সকলো প্ৰেতাত্মাক স্পষ্টকৈ ক’ব বিচাৰো যে, আমি ১৬ বছৰ ধৰি স্বৈৰাচাৰী হত্যাকাৰী হাছিনাক দেশৰ পৰা বিতাৰিত কৰিছো। কেইজনমান সৰু উগ্ৰপন্থীৰ দ্বাৰা পৰিচালিত ইছকনক দেশৰ পৰা বিতৰিত কৰাটো আমাৰ হাতাৰ মলি।
চিন্ময় কৃষ্ণ দাস প্ৰকৃততে ইছকনৰ সদস্য হয়নে?
যিগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি বাংলাদেশত এই পৰিস্থিতিৰ সূচনা হৈছে সেই ব্যক্তিগৰাকী প্ৰকৃততে ইছকনৰ সৈতে জড়িত হয়নে? এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে। আজি বাংলাদেশৰ ইছকনৰ ফালৰ পৰা ঢাকাত এক সংবাদ মেল সম্বোধন কৰি এই সন্দৰ্ভত স্পষ্টিকৰণ দিয়া হৈছে।
দৰাচলতে চিন্ময় কৃষ্ণ দাস ইছকনৰ সৈতে জড়িত নহয়। ইছকনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰীয়ে জনোৱা অনুসৰি চিন্ময় কৃষ্ণ দাসক বহু পূৰ্বেই ইছকনৰ পৰা বহিষ্কাৰ কৰা হৈছে। বহিষ্কৃত চিন্ময় কৃষ্ণ দাসৰ কৰ্মকাণ্ড আৰু বক্তব্য তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত। ইয়াৰ দায়িত্ব ইছকনে গ্ৰহণ নকৰে।
তাৰোপৰি তেওঁ কয়, চিন্ময় কৃষ্ণ দাসৰ সন্দৰ্ভত ভাৰতৰ মন্তব্য বা অৱস্থানৰ সৈতে ইছকনৰ কোনো সম্পৰ্ক নাই। কোনো দেশৰ কোনো ব্যক্তিয়ে চিন্ময়ক লৈ কি উদ্যোগ গ্ৰহণ কৰিছে বা কি কৈছে তাৰ বাবে ইছকন দায়ী নহয়। চট্টগামৰ অধিবক্তাক হত্যা কৰা ঘটনাৰ সৈতে ইছকনক অন্যায়ভাৱে জড়িত কৰা হৈছে। এয়া অপপ্ৰচাৰ।
চিন্ময় কৃষ্ণ দাসৰ অপৰাধ কি?
যোৱা ২৫ নৱেম্বৰৰ বিয়লি প্ৰায় ৪ বজাত চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক ঢাকা বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বি জি বিয়ে। তেওঁৰ বিৰুদ্ধে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা অৱমাননাৰ অভিযোগ আছে।
যোৱা ৩১ অক্টোবৰত বি এন পি নেতা ফিৰোজ খানে কোতাৱলি আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ সন্দৰ্ভত এক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰতে চিন্ময় কৃষ্ণ দাসসহ মুঠ ১৯ জনক অভিযুক্ত কৰা হৈছিল।
অভিযোগত কোৱা হৈছে ৫ আগষ্টৰ গণ অভ্যুত্থানৰ সময়ত নিউমাৰ্টৰ জিৰো পইণ্টত থকা স্তম্ভৰ ওপৰত বৈষম্য বিৰোধী ছাত্ৰ-জনতাই এখন জাতীয় পতাকা উত্তোলন কৰিছিল। সেই পতাকা এতিয়াও তাতেই আছে।
২৫ অক্টোবৰত বাংলাদেশৰ সনাতন জাগৰণ মঞ্চৰ উদ্যোগত এখন মহা সমাবেশ হৈছিল।চট্টগামৰ বিভিন্ন এলেকাৰ পৰা এই সমাবেশলৈ হাজাৰ হাজাৰ মানুহ আহিছিল। সেইদিনা চন্দন কুমাৰ ধৰকে ধৰি ৯ জন অভিযুক্তৰ প্ৰৰোচনাত বাকী অভিযুক্তসকলে নিউ মাৰ্কেট চাৰিআলিৰ জিৰো পইণ্ট স্তম্ভ আৰু ইয়াৰ চাৰিওফালে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাত ইছকনৰ গেৰুৱা ৰঙৰ ধৰ্মীয় পতাকা উত্তোলন কৰাৰ অভিযোগ উঠিছিল।
এই সন্দৰ্ভত ইছকনৰ প্ৰচাৰক ধামৰ অফিচিয়েল ফেচবুক পেজত এটা ভিডিঅ' বাৰ্তাত দেশদ্ৰোহৰ গোচৰ সন্দৰ্ভত চিন্ময় কৃষ্ণ দাসৰ এটা বিবৃতি প্ৰকাশ হৈছিল। তাত, তেওঁ এই গোচৰটোক সনাতন ধৰ্মীয়লোকৰ আঠ দফীয়া দাবীৰ শান্তিপূৰ্ণ আন্দোলন কাৰ্যসূচীক বিচ্যুত কৰাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছিল।
তাৰোপৰি তেওঁ কৈছিল ৫ আগষ্টৰ পাছত বাংলাদেশত সনাতনী লোকসকলৰ ওপৰত হোৱা হিংসাত্মক আক্ৰমণ, নিৰ্যাতনৰ বিৰুদ্ধে এই প্ৰতিবাদ। এই আন্দোলন বৰ্তমানৰ চৰকাৰ অথবা ৰাষ্ট্ৰৰ বিৰুদ্ধে নহয়।
ভাৰত বিৰোধিতাৰ বাবেই ইছকনক বিৰোধিতা নেকি?
ছাত্ৰ আন্দোলনৰ সময়ৰে পৰা বাংলাদেশত ভাৰত বিৰোধী স্থিতি শক্তিশালী হৈ উঠিছে। ভাৰতৰ সহায়তে স্বাধীনতা লাভ কৰা এই দেশখনত ভাৰতে যথেষ্ট বিনিয়োগো কৰিছে। দুয়ো দেশৰ মাজত বুজাপৰাৰে যথেষ্ট উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
তাৰ পাছতো বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ নেতৃত্ব তথা বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰাকৰে ভাৰত বিৰোধী স্থিতি লৈ আহিছে। ইয়াৰ মূলতে হৈছে শ্বেইখ হাছিনাৰ ভাৰতৰ সৈতে থকা সম্পৰ্ক। এই সম্পৰ্কৰ বাবেই ভাৰতত আশ্ৰয় লোৱাৰো সুযোগ পাইছে হাছিনাই।
তাৰোপৰি দেশখনৰ সংৰক্ষণ বিৰোধী আন্দোলনত হিন্দু ধৰ্মীয় লোকসকলো সমানেই অংশগ্ৰহণ কৰাৰ পাছতো তেওঁলোকক নানান ধৰণে অত্যাচাৰ চলোৱা হৈছে। ইয়াৰ আঁৰত লুকাই আছে এক সাম্প্ৰদায়ীক শক্তি।
এই শক্তিয়েই এতিয়া ধৰ্ম নিৰপেক্ষ বাংলাদেশৰ সংবিধান সংশোধন কৰি দেশখনক এখন ইছলাম ধৰ্মীয় দেশলৈ ৰূপান্তৰ কৰাৰ চেষ্টা চলাইছে। এই শক্তিয়েই ভাৰতৰ বিৰুদ্ধে পূৰ্বৰে পৰা নানান ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে।
তাৰেই অংশ হিচাপে বিশ্ব প্ৰসিদ্ধ হৈ পৰা অতি নিয়মানুবৰ্তিতা আৰু পদ্ধতিগতভাৱে পৰিচালিত ধৰ্মীয় অনুষ্ঠান ইছকনকো সন্ত্ৰাসবাদী আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাই এই শক্তিয়ে।