/asomiyapratidin/media/media_files/2025/01/29/dhbKulm2LmagipuQFGr9.jpg)
ঘাইপথ অথবা জলপথ নহয়, এইবাৰ অবৈধ ভাৱে পশুধন সৰবৰাহৰ মাধ্যম হৈ পৰিছে ভাৰতীয় ৰে'ল ! মঙ্গলবাৰে ৪০০ ম'হ কঢ়িয়াই অনা এখন ৰে'ল আহি উপস্থিত হৈছিল গুৱাহাটীত। আশ্চৰ্যজনকভাৱে এই ৰে'লখনত কঢ়িয়াই অনা ম'হবোৰৰ নাছিল কোনো গৰাকী। ৰে'ল বিভাগৰ হাততো নাছিল এইসমূহৰ সৰবৰাবৰ কোনো নথি। কোনে আৰু ক'ৰ পৰা আনিছিল এইসমূহ ম'হ? নিশাৰ এন্ধাৰত ক'লৈ লৈ যোৱা হ'ল এই মহখিনিক? কি অৱস্থাত আছে এই ৰে'লখন? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
অৱশেষত ওলাল জোলোঙাৰ মেকুৰি। ৰে’ল যোগে বহু অবৈধ সামগ্ৰী সৰবৰাহ হোৱাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে। এইবাৰ উত্তৰ প্ৰদেশৰ অবৈধ ভাৱে ৰে’লেৰে ৪০০ গোনা ম’হ সৰবৰাহ কৰা খবৰ ফাদিল কৰিছিল অসমীয়া প্ৰতিদিন ডিজিটেলে।
মঙলবাৰৰ আবেলি গুৱাহাটীৰ সমীপত উপস্থিত হৈছিলহি ২২৫৯৫৩/C নম্বৰৰ মালবাহী ৰে’লখন। সেই ৰে’লখনত অবৈধভাৱে ৪০০ ম’হ সৰবৰাহৰ খবৰ লাভ কৰাৰ পাছত ৰে’লখনৰ শেহতীয়া স্থিতি জানিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে যোগাযোগ কৰিছিল ৰে’ল কৰ্তৃপক্ষৰ সৈতে।
সাধাৰণতে ৰে’লৰ গতিবিধি অনলাইন ট্ৰেকিঙৰ জৰিয়তে উপলব্ধ হয় যদিও এই ৰে’লখনৰ গতিবিধি অনলাইন ট্ৰেকিঙৰ জৰিয়তে চাব পৰা কোনো ব্যৱস্থা নাছিল। সন্ধিয়া প্ৰায় ৫ বজাত উক্ত ৰে’লখন উপস্থিত হৈছিলহি বিজি য়াৰ্ডত। তাৰ পাছতেই দেখা পোৱা গৈছিল সেই ৰে’লখনৰ ৩০ টাৰো অধিক ডবাত কঢ়িয়াই অনা হৈছিল ৪০০ অধিক ম'হ।
সংবাদ মাধ্যমৰ উপস্থিতিয়ে সেই সময়ত বিবোধিত পেলাইছিল ৰে’ল কৰ্তৃপক্ষকো। দেখা পোৱা গৈছিল প্ৰতিটো ডবাত ১৮ ৰ পৰা ২০ টাকৈ ম’হ আছিল। ৰে’ল কৰ্তৃপক্ষই সেই ম’হৰ গৰাকী কোন তাৰ কোনো সুউত্তৰ দিব পৰা নাছিল।
পৰৱৰ্তী সময়ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ঘেৰি ধৰিছিল ৰে’লখন। ডবাসমূহত মহবোৰৰ বাবে কিছু খাদ্য আৰু ম’হ বোৰক যত্ন ল’বলৈ দুজনকৈ সাধাৰণ বনুৱা আছিল যদিও নাছিল তাত চিকিৎসক বা আন চৰকাৰী কৰ্তৃপক্ষৰ লোক। সংবাদ মাধ্যমক সেই স্থানৰ পৰা আঁতৰি যোৱালৈ বাট চাইছিল ৰে’ল কৰ্তৃপক্ষই।
ইতিমধ্যে বাহিৰত নাগালেণ্ডত পঞ্জীয়নকে ধৰি বহু সংখ্যক বাহন সাজু কৰি থোৱা হৈছিল। সংবাদ মাধ্যমৰ উপস্থিতিৰ বাবে ৰে’লসমূহৰ পৰা নমোৱা নাছিল এই অবৈধভাৱে সৰবৰাহ কৰা ম’হবোৰ।
কোনো চৰকাৰী নথি বা কোনে মহসমূহ সৰবৰাহ কৰিছে সেই তথ্যও দিব পৰা নাছিল ৰে’লৱে কৰ্তৃপক্ষই। জানিব পৰা মতে পি এম এছ এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ নামত জনৈক মুছাৰফ নামৰ লোকজনে এই ম’হবোৰ সৰবৰাহ কৰিছিল। নিশা ২ বজাৰ পাছত সংবাদ মাধ্যমৰ লোক আঁতৰি যোৱাৰ পাছত ৰে’লসমূহৰ পৰা মহবোৰ গাড়ীত উঠোৱাৰ পৰ্ব আৰম্ভ কৰিছিল এই চক্ৰটোৱে।
প্ৰথমে ৰে’লখন বিজি য়াৰ্ডত আছিল যদিও পৰৱৰ্তী সময়ত পুৱতি নিশা অসম জাতীয় বিদ্যালয়ৰ সমীপতে এন জি গুডামলৈ লৈ যোৱা হৈছিল। তাতেই ৰে’লসমূহৰ পৰা এই মতা মহবোৰ নমাই ট্ৰাকত উঠাই সেইবোৰ অজ্ঞাত স্থানলৈ লৈ যোৱা হয়।
স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে নিশা চাৰি বজাৰ পৰা এই ট্ৰাকসমূহত ম’হবোৰ উক্ত স্থানৰ পৰা লৈ যোৱাৰ পৰ্ব আৰম্ভ হৈছিল। ইফালে সংবাদ মাধ্যমত এই অবৈধ মহ সৰবৰাহৰ সবিস্তাৰ খবৰ আৰু দৃশ্য প্ৰচাৰ হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গুৱাহাটীৰ প্ৰশাসন তথা চৰকাৰে।
অনুমান কৰা হৈছে মেঘালয়ৰ মাজেৰে এই মহবোৰ অবৈধভাৱে বাংলাদেশলৈ চালান দিয়া হ’ব। পুৱতি নিশা নিউ গুৱাহাটীৰ পৰা এনেদৰে ম’হ সৰবৰাহৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, এই ম’হবোৰ ফাৰুকাবাদৰ পৰা অনা হৈছিল। এনেদৰে প্ৰায়ে পশুধন ৰে’ল যোগে অতি সংগোপনে সৰবৰাহ হৈ আহিছে।
এইদৰে সৰবৰাহ কৰা এনে একোটা ম’হৰ মূল্য ২ লাখৰো অধিক হ’ব। সেই হিচাপত মঙ্গলবাৰে ৰে’ল যোগে সৰবৰাহ কৰা মহখিনিৰ মুঠ মূল্য ৮ ৰ পৰা ১০ কোটিৰ কম নহ’ব। এই ম’হবোৰ সৰবৰাহ কৰা ২২৫৯৫৩/C নম্বৰৰ ৰে’লখন পুৱাৰ ভাগত এন জি গুডামত পৰিস্কাৰ কৰি থকা পৰিলক্ষিত হৈছে।