হাতত যাদু থকা অসমৰ খেতিয়কজনক সন্মান জনাব 'IARI'-য়ে

হাতত যাদু থকা অসমৰ খেতিয়কজনক সন্মান জনাব 'IARI'-য়ে

author-image
Asomiya Pratidin
New Update
হাতত যাদু থকা অসমৰ খেতিয়কজনক সন্মান জনাব 'IARI'-য়ে

হাতত যাদু থকা অসমৰ খেতিয়কজনক সন্মান জনাব 'IARI'-য়ে

তেওঁৰ খেতিৰ এটা বেঙেনা হয় আঢ়ৈ কেজিৰো অধিক, এটা কবিৰ ওজন ১৩ কেজিৰো অধিক। তেওঁৰ খেতি পথাৰত চলে কৃষি বিজ্ঞানীৰ গৱেষণা। এই খেতিয়ক জনলৈ আগবঢ়াইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

এটা বেঙেনা কিমান ডাঙৰ হ'ব পাৰে? তেওঁ উৎপাদন কৰা এটা বেঙেনাৰ ওজন ২ কেজি ৮০০ গ্ৰাম। ২২ বিঘা মাটিত ধান শাক, পাচলিৰ খেতি কৰা মানুহজনৰ হাতত যাদু আছে। এবাৰ তেওঁ খেতি কৰা এটা বন্ধাকবি দেখি মানুহ অবাক হৈছিল। কিয়নো সেই কবিটোৰ ওজন আছিল ১৩ কেজি ৩০০ গ্ৰাম।

কবিটো চাবলৈ তেওঁৰ খেতি পথাৰলৈ কৃষি বিভাগৰ লোক দৌৰি গৈছিল। তেওঁৱেই উৎপাদন কৰিছিল ৩৫ কেজি ওজনৰ এটা বৃহৎ ৰঙালাও। তেওঁ কৰা কৃষি পদ্ধতি আনতকৈ পৃথক

নিজৰ উদ্ভাৱণী শক্তিৰে পৰিস্থিতি চায় তেওঁ ব্যৱস্থা লয়। কেতিয়াও আলুৰ বীজ তেওঁ কীটনাশক চতিয়াই সাঁচি নথয়। বিশেষ ভাৱে প্ৰস্তুত কৰা এক মিশ্ৰণ আৰু পানী মিহলাই আলুৰ বীজবোৰ তীয়াই ৰ'দত শুকুৱাই তেওঁ সংৰক্ষণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও তেওঁক মাতি আনিছিল কইনাধৰালৈ। আৰু তেওঁৰ মুখৰ পৰা শুনিছিল খেতি কৰা প্ৰণালী আৰু পদ্ধতিৰ কথা। ৰাজ্যত এজন বিশিষ্ট খেতিয়ক হিচাপে তেওঁৰ নাম আছে।

পাটাছাকুচীৰ বেজকুচী গাঁৱত তেওঁৰ ঘৰ। নাম গৌৰীকান্ত ডেকা। ল'ৰালি কালৰে পৰা তেওঁৰ খেতিত ছখ। ৫০ বছৰৰো বেছি হ'ল তেওঁৰ খেতি কৰা। বৰ্তমান তেওঁৰ বয়স ৭৪ বছৰ। কিন্তু খেতি এৰা নাই।

ৰাজ্যৰ এই বিশিষ্ট খেতিয়কজনকেই এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত সম্বৰ্ধনা জনাবলৈ নিমন্ত্ৰণ জনোৱা হৈছে। ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্ড ইনষ্টিটিউটে সম্বৰ্ধনা জনাব গৌৰী কান্ত ডেকাক।

তেওঁৰ সৈতে তেওঁৰ অভিজ্ঞতা আৰু কৃষিৰ কথা পাতিব দেশৰ কৃষি বিজ্ঞানীয়ে। ২ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ নতুন দিল্লীত পোছা কৃষি বিজ্ঞান মেলা ২০২৩ আৰম্ভ হ'ব। ৪ মাৰ্চত অসমৰ এই খেতিয়ক জনক সম্বৰ্ধনা জনাব।

উল্লেখযোগ্য যে, কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক, কৃষি বিজ্ঞানী আৰু কৃষকসকলৰ বাবে তেওঁৰ খেতি পথাৰ এক গৱেষণাৰ ক্ষেত্ৰ। ৰাসায়নিক সাৰ, কীটনাশক ব্যৱহাৰতো তেওঁ অতি সচেতন।

গৰুৰ মোটৰ পৰা তেওঁ প্ৰস্তুত কৰে কীটনাশক। ঘৰতেই বনাই তেওঁ পচন সাৰ। তেওঁৰ দুটা ডাঙৰ পুখুৰীও আছে। বাৰীত আছে আপেল, ড্ৰেগণ ফ্ৰুট, আম আদি ফলমূলৰ গছ।

২০১৮ চনত তেওঁ লুইতপৰীয়া লাইফ টাইম এচিভমেণ্ট সন্মাক লাভ কৰিছিল। বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰই তেওঁক সম্বৰ্ধনা জনাইছিল। তেওঁৰ নিজৰ ২২ বিঘা মাটিৰ উপৰিও লিজত ৭০ বিঘা মাটি লৈ খেতি কৰি আছে। তৰুণ প্ৰজন্মৰ খেতিয়কৰ বাবে প্ৰেৰণাৰ উৎস।

Also Read: হেঙেৰাবাৰীৰ হোমেন বৰগোহাঞিৰ ঘৰটোও...

কৃষি