Advertisment

সুধাকণ্ঠই গাইছিল 'এই পৃথিৱী এক ক্ৰীড়াঙ্গন', মনমোহন সিঙে বুজিছিল...

ক্ৰীড়া আৰু ৰাজনীতিৰ মাজত নাই কোনো প্ৰত্যক্ষ সম্পৰ্ক। অথচ ক্ৰীড়া জগতখনক কূটনৈতিক মঞ্চলৈ ৰূপান্তৰ কৰিছিল ড০ মনমোহন সিঙে। সৰ্বত্ৰে সমালোচিত হোৱাৰ পিছতে সদ্য প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে কি খেলক দিছিল প্ৰাধান্য?

author-image
Asomiya Pratidin
New Update
সুধাকণ্ঠই গাইছিল 'এই পৃথিৱী এক ক্ৰীড়াঙ্গন',  মনমোহন সিঙে বুজিছিল...

ক্ৰীড়া আৰু ৰাজনীতিৰ মাজত নাই কোনো প্ৰত্যক্ষ সম্পৰ্ক। অথচ ক্ৰীড়া জগতখনক কূটনৈতিক মঞ্চলৈ ৰূপান্তৰ কৰিছিল ড০ মনমোহন সিঙে। সৰ্বত্ৰে সমালোচিত হোৱাৰ পিছতে সদ্য প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে কি খেলক দিছিল প্ৰাধান্য? তেওঁৰ কাৰ্যকালত কিদৰে খেল হৈ পৰিছিল কূটনীতিৰ অংশ? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গাইছিল ''এই পৃথিৱী এক ক্ৰীড়াঙ্গন/ ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গন''। ড০ ভূপেন হাজৰিকাই যিদৰে ক্ৰীড়াক শান্তিৰ প্ৰাঙ্গন আখ্যা দিছিল ঠিক সেইদৰেই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙেও ক্ৰীড়াৰ জৰিয়তে অহা শান্তিৰ বাৰ্তাক উপলব্ধি কৰিব পাৰিছিল। 

তেওঁ খেলক কেৱল মনোৰঞ্জন আৰু জনপ্ৰিয়তাৰ এক আহিলা হিচাপে ব্যৱহাৰ নকৰি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰো অংশ কৰি লৈছিল। যদিও ক্ৰীড়াৰ সৈতে প্ৰত্যক্ষভাৰে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই তথাপিও এতিয়া ভাৰতত ক্ৰীড়া আৰু ৰাজনীতিৰ মাজত গঢ় লৈ উঠিছে এক ঘনিষ্ঠ সম্পৰ্ক।

টকিঅ’ অলিম্পিকেই হওক বা পেৰিছ অলিম্পিকেই হওঁক, ক্ৰিকেটৰ এদিনীয়া বিশ্বকাপেই হওক বা টি-২০ বিশ্বকাপেই হওঁক ভাৰতীয় খেলুৱৈৰ সৈতে ঘনিষ্ঠতাৰে আলোচনাত লিপ্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কেতিয়াবা যদি পৰাজিত ভাৰতীয় ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমলৈ সোমাই গৈ ক্ৰিকেটাৰসকলৰ মনোবল বৃদ্ধি কৰিছে, কেতিয়াবা আকৌ বিজয়ী ক্ৰিকেটদলক তেওঁৰ কাৰ্যালয়লৈ মাতি আনি বিজয়ৰ বিভিন্ন উল্লেখনীয় মুহূৰ্তৰ বিষয়ে চৰ্চা কৰিছে।

 অলিম্পিকত পদকপ্ৰাপ্ত খেলুৱৈৰ সৈতে এফালে ভিডিঅ’কলৰ জৰিয়তে শুভেচ্ছা জনাইছে, তাৰ পাছত আকৌ সকলোকে একেলগে তেওঁৰ কাৰ্যালয়লৈ মাতি আনি আন্তৰিকতাৰে বিভিন্ন বিষয়ৰ চৰ্চা কৰিছে। এই সকলো দৃশ্য তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে। এইদৰে ক্ৰীড়াবিদৰ সৈতে নিজেও চৰ্চাত আছে প্ৰধানমন্ত্ৰী মোডী। 

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়ত ড০ মনমোহন সিঙেও ক্ৰীড়াক ৰাজনীতিৰ এক অংশ কৰি লৈছিল। কিন্তু মনমোহন সিঙে ক্ৰীড়া ক্ষেত্ৰখনক কিছু বহল পৰিসৰতহে ব্যৱহাৰ কৰিছিল। তেওঁ জনপ্ৰিয়তাৰ বিপৰীতে ক্ৰীড়াক আন্তৰ্জাতিক কূটনীতিতহে ব্যৱহাৰ কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙৰ প্ৰধান আৰু প্ৰাথমিক লক্ষ্য আছিল দেশক আৰ্থিকভাৱে সুদৃঢ় কৰা। এখন উন্নত ভাৰত গঢ়া। পণ্ডিত জৱহৰলাল নেহৰুৱে যি কূটনীতিত বিশ্বাস ৰাখিছিল সেই একেই ধাৰাত বিশ্বাসী আছিল ড০ মনমোহন সিং।

নেহৰুৰ দৰেই তেওঁ প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ জৰিয়তে আৰ্থিক উন্নয়নৰ কথা চিন্তা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক ৰক্ষা নকৰিলে আৰ্থিক উন্নয়ন সম্ভৱ নহয়। সেয়ে তেওঁ সন্ত্ৰাসবাদী আক্ৰমণ বা সীমান্তৰ সিপাৰৰ পৰা আক্ৰমণৰ চেষ্টা অব্যাহত ৰখাৰ সময়তো ড০ সিঙে পাকিস্তানৰ সৈতে সুসম্পৰ্ক অটুট ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।তাৰ বাবে তেওঁ ভাৰত আৰু পাকিস্তানত এক ধৰ্মলৈ ৰূপান্তৰ হোৱা ক্ৰিকেটকে প্ৰধান মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।

২০০৪ চনত ড০ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ২০০৫-০৬ চনত পাকিস্তানৰ সৈতে এক ছিৰিজ খেলিছিল ভাৰতে। এই ছিৰিজক তেওঁ দুই দেশৰ কুটনীতিৰ এক আহিলা কৰি লৈছিল।

ছিৰিজ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছিল পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী পাৰ্ভেজ মুছাৰফক। দিল্লীত প্ৰধানমন্ত্ৰী মোডী আৰু মুছাৰফে একেলগে বহি চাইছিল ভাৰত-পাকিস্তানৰ মেচ।

তাৰ পাছত ২০০৮ চনত সংঘটিত হয় মুম্বাই আক্ৰমণ। পাক সন্ত্ৰাসবাদীয়ে মুম্বাই আক্ৰমণ কৰাৰ পাছতে সমগ্ৰ দেশত পাকিস্তান বিৰোধী ঢৌ তীব্ৰতৰ হৈ উঠে। বহুতেই পাকিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধই দাবী কৰিলে। সমালোচিত হ’ল ভাৰত চৰকাৰো। তেতিয়াও কিন্তু স্বভাৱসুলভ ভাৱেই শান্ত হৈ থাকিল প্ৰধানমন্ত্ৰী মনমোহন সিং।

সৰ্বত্ৰে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ আৰু পদত্যাগৰ দাবী। তাৰ পাছতো তেওঁৰ মুখৰ পৰা নাহিল কঠোৰ বাক্যবাণ। এনে পৰিস্থিতিত বহুতেই বহু কথাই ক’লে। কিন্তু এগৰাকী অৰ্থনীতিবিদ হিচাপে মনমোহন সিঙে প্ৰাধান্য দিলে দেশৰ অৰ্থনীতিকহে।

সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতো পাকিস্তান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ আগত লোৱা সুবিধাবাদী ভূমিকাৰ পাছতো ড০ সিঙে চুবুৰীয়া দেশখনৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ ওপৰতহে গুৰুত্ব দিলে। কিয়নো সেই সময়ত ভাৰতৰ ওপৰত যথেষ্ট চাপ সৃষ্টি হৈছিল।

এফালে সীমান্তত চুবুৰীয়া চীনৰো আগ্ৰাসন বাঢ়িছিল। দুফালে দুই শত্ৰুক কৌশলগত ভূমিকাৰে বশ কৰিব নোৱাৰিলে যে দেশৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব সেয়া তেওঁ বুজি উঠিছিল। সেয়ে আকৌ ক্ৰিকেটকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ভাৰত-পাকিস্তানৰ সম্পৰ্ক সুস্থিৰ কৰাৰ ওপৰত জোৰ দিছিল। স্বাভাৱিকতে ইয়াৰ বাবে তেওঁ দেশজুৰি সমালোচিত হৈছিল।  

২০০৮ ৰ মুম্বাই আক্ৰমণৰ পাছত ২০১১ ত ভাৰত উপ-মহাদেশত অনুষ্ঠিত হৈছিল আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ। এই বিশ্বকাপৰ ছেমি ফাইনেলৰ মেচখনকেই মনমোহন সিঙে ব্যৱহাৰ কৰিছিল কূটনৈতিক মঞ্চ হিচাপে।

এই মেচখন উপভোগ কৰিবলৈ তেওঁ পুনৰ আমন্ত্ৰণ জনাই পাকিস্তানৰ প্ৰধানমন্ত্ৰীক। মনমোহন সিঙৰ আমন্ত্ৰণ মৰ্মেই মেচখন উপভোগ কৰিবলৈ আহে তদানীন্তন পাক ধানমন্ত্ৰী ইউছুফ ৰাজা গিলানী। মোহালি ক্ৰিকেট গ্ৰাউণ্ডত দুই ৰাষ্ট্ৰনেতাই সেইদিনা উপভোগ কৰিলে সম্পূৰ্ণ মেচ। পাকিস্তান ক্ৰিকেট দলটোৰ সদস্যৰ সৈতে মত বিনিময়ো কৰিলে ড০ সিঙে।

ড০ সিঙে বুজিছিল ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত কৰিবলৈ একমাত্ৰ উপায় হৈছে ক্ৰিকেট। ক্ৰিকেটক বাদ দি এই দুয়োখন ৰাষ্ট্ৰৰ জনতাই একো বুজি নাপায়। হাতত বেট-বল লৈ যেতিয়া দুই দেশৰ ক্ৰিকেটাৰ খেল পথাৰত নামে তেতিয়া এফালে যিদৰে দেশপ্ৰেম জাগ্ৰত হৈ উঠে সেইদৰেই ক্ৰীড়াসুলভ মানসিকতাও প্ৰাণৱন্ত হৈ পৰে।

খেল পথাৰৰ এই যুঁজখন হৈ পৰে আন্তৰিকতাপূৰ্ণ। অথচ ইয়াত থাকে তেজ গৰম কৰি তোলা তীব্ৰ উত্তেজনা। সেয়ে ড০ সিঙে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত ক্ৰিকেটকে প্ৰাধান্য দিছিল।

কংগ্ৰেছ চৰকাৰৰ পতনৰ পাছত অৱশ্যে ভাৰত চৰকাৰে চুবুৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি অহাৰ নীতি অব্যাহত ৰাখিছে যদিও পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছে। দুয়ো দেশৰ কূটনৈতিক সম্পৰ্কৰ বাবেই দ্বিপাক্ষীক শৃংখলা বন্ধ হৈ আছে।

ক্ৰিকেটেই নহয়, কোনো খেল খেলিবলৈ ভাৰতীয় দলক পাকিস্তানলৈ প্ৰেৰণ কৰা নাই ভাৰত চৰকাৰে। ড০ মনমোহন সিঙৰ সেই নৰমস্থিতি সমালোচিত হৈছিল। অৱশ্যে তেওঁৰ এই স্থিতি সমালোচনাৰ উৰ্ধত নহয় ঠিকেই।

কিন্তু ড০ মনমোহন সিঙে ক্ৰিকেটক যিদৰে কূটনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল সেই কৌশলগতস্থিতিক বহুতেই সাধুবাদো দিছিল। ক্ৰিকেটৰ জৰিয়তে তেওঁ কেৱল দুখন দেশৰ মাজৰ সুসম্পৰ্কই ধৰি ৰাখিব বিচৰা নাছিল ইয়াৰ আঁৰত আছিল আন্তঃৰাষ্ট্ৰীয় চাপ হ্ৰাস কৰি দেশৰ অৰ্থনীতি ক্ষতি নোহোৱাকৈ এক ভাৰাসাম্য ৰক্ষা কৰাৰ নীতি। 

ক্ৰিকেট পাকিস্তান ড০ মনমোহন সিং ক্ৰীড়া