Advertisment

উপ নিৰ্বাচন শেষঃ উফ্ এতিয়াহে ৰক্ষা...

ভোটগ্ৰহণ অনুষ্ঠিত হ’ল অসমৰ ৫ টা বিধানসভা সমষ্টিত। সৰ্বাধিক চৰ্চাত থাকিল চামগুৰি আৰু বিহালী। ঠিক নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়ৰে পৰা ভোটগ্ৰহণ চলি থকালৈকে চামগুৰিৰ পৰা আহিল কেৱল সংঘৰ্ষ আৰু হিংসাৰ খবৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নিৰ্বাচন নাছিল আছিল ৰক্তক্ষয়ী ৰণ

আজি অন্ত পৰিল অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। অসমৰ ৰাজনৈতিক, সামাজিক ইতিহাসত সৰ্বকাললৈ কালিমা সনা এই নিৰ্বাচন শেষ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে বহুতেই। কেৱল সাধাৰণ ৰাইজেই নহয়, ৰাজনৈতিক নেতাৰো একেই অৱস্থা। পিছে এই উত্তেজনাপূৰ্ণ উপ-নিৰ্বাচনৰ ফলাফল কি হ'ব? জনতাই কি ৰায় দিলে? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

ভোটগ্ৰহণ অনুষ্ঠিত হল অসমৰ ৫ টা বিধানসভা সমষ্টিত। সৰ্বাধিক চৰ্চাত থাকিল চামগুৰি আৰু বিহালী। ঠিক নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়ৰে পৰা ভোটগ্ৰহণ চলি থকালৈকে চামগুৰিৰ পৰা আহিল কেৱল সংঘৰ্ষ আৰু হিংসাৰ খবৰ।

ৰাইজৰ মৌলিক সমস্যা, উন্নয়ন আদিৰ সন্দৰ্ভত কোন নেতাৰ, কোন ৰাজনৈতিক দলৰ কি স্থিতি অথবা পৰিকল্পনা সেই বিষয়ে কোনো চৰ্চাই নহল চামগুৰিত। সমষ্টিটোত উপ নিৰ্বাচন মুলতঃ হৈ পৰিল কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ ৰণক্ষেত্ৰ।

সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন বিধায়ক হব পৰাকৈ সক্ষম হয় নে নহয় সেয়া ৰাইজে বুজি পালে নে নাই সেয়াও সন্দেহৰ বিষয়। অৱশ্যে বিজেপিৰ প্ৰাৰ্থী তথা যুৱ নেতা দীপ্লুৰঞ্জন শৰ্মাৰ বলিষ্ঠ কণ্ঠই বহুতকে আকৰ্ষণ কৰিছে। তাঞ্জিলক যিকোনো প্ৰকাৰে জয়ী কৰি আনিবলৈ পিতৃ ৰকিবুল হুছেইন, কংগ্ৰেছৰ আন আন শীৰ্ষ নেতা জপিয়াই পৰিল।

কিন্তু লক্ষ্যণীয় ভাৱে দীপ্লুৰঞ্জন শৰ্মাৰ হৈ বিজেপিৰ শীৰ্ষ নেত্বত্বই সেইদৰে জপিয়াই পৰা পৰিলক্ষিত নহল। মুখ্যমন্ত্ৰীয়ে সমষ্টিটোত নিয়ম মাফিক নিৰ্বাচনী প্ৰচাৰ চলালে যদিও দীপ্লুৰঞ্জনৰ প্ৰধান শক্তি হিচাপে দেখা গল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ জিতু গোস্বামী আৰু সুৰেশ বৰাক। সংখ্যালঘু এলেকাত আকৌ শুকুৰ আলীক। 

তাঞ্জিল হুছেইন আৰু দীপ্লুৰঞ্জন শৰ্মাৰ বাহিৰে সমষ্টিটোত আন আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰভাৱ প্ৰায় শূন্য বুলিব পাৰি। আপে যদিও নৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল তেওঁ কিন্তু কোনো চমক সৃষ্টি কৰা পৰিলক্ষিত নহল।

সেইদৰেই বিহালীতো নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা ভোটগ্ৰহণ অন্ত পৰালৈকে নিত্য নতুন দৃশ্যপট সলনি হোৱা দেখিবলৈ পালে অসমৰ ৰাইজে। কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈয়ে উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ টিকট লাভ কৰা জয়ন্ত বৰাক বহুতেই এনে সৌভাগ্যৰ অধিকাৰী প্ৰথমগৰাকী নেতা বুলিয়েই আখ্যা দিলে।

কংগ্ৰেছৰ টিকট পোৱাৰ ঠিক আগমুহূৰ্তলৈকে বিজেপিৰ সদস্য হৈ থকা জয়ন্ত বৰাৰ বাবেই ভংগ হল অসমৰ বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চৰ। গৌৰৱ গগৈৰ আঙুলিত ধৰি কংগ্ৰেছলৈ আহি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ন্ত বৰাই এই নিৰ্বাচনত জয়ী হবনে নাই সেয়া পিছৰ কথা যদিও বিহালী সমষ্টিত শাসক আৰু বিৰোধীৰ মাজৰ যুঁজখন শ্বাসৰুদ্ধকৰ।

সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দিগন্ত ঘাটোৱাৰক। দলৰ এজন সহজ- সৰল কৰ্মী দিগন্ত ঘাটোৱাৰক জয়ী কৰি আনিবলৈ বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিলে। সেনাপতিৰ ভূমিকা ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী তথা দাদা বিগ্ৰেডৰ মূল হোতা পীযুষ হাজৰীকাই।

মন্ত্ৰী হাজৰীকাৰ নেতৃত্বতে আন কেইবাজনো মন্ত্ৰী, বিধায়ক তথা বিজেপি নেতাই সমষ্টিটোত দিনা ৰাতি একাকাৰ কৰি গাঁও, বাগান সকলোতে বিয়পি পৰি প্ৰচাৰত জপিয়াই পৰিল। স্বাভাৱিকতে দিগন্ত ঘাটোৱাৰতকৈ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল বিজেপি দলৰ এই নেতাসকল।

নিৰ্বাচনৰ ঠিক আগে আগে মঙ্গলবাৰে সন্ধিয়া বিশ্বনাথ চাৰিআলিত থকা কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত জিলাখনৰ অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা অভিযানে আজিৰ ভোটগ্ৰহণত কিছু প্ৰভাৱ পেলোৱা বুলি জানিব পৰা গৈছে। এই হোটেল দুখনৰ জৰিয়তেই অবৈধ ধনৰ লেনদেনৰ অভিযোগ উঠিছিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। এই অভিযোগৰ কোনো শক্তিশালী প্ৰত্যুত্তৰ অৱশ্যে নাহিল কংগ্ৰেছৰ ফালৰ পৰা। অভিযানকাৰী দলটোৱেও এই অভিযোগৰ কোনো প্ৰমাণ নাপালে। তাৰ পাছতো আজিৰ ভোটগ্ৰহণত এই বিষয়টোৱে কিছু প্ৰভাৱ পেলোৱাতো জয়ন্ত বৰাৰ বাবে যে শুভ লক্ষ্যণ নহয় সেয়া কিন্তু স্পষ্ট।

৪০ বছৰ ধৰি ক্ষমতা নিজৰ হাতত ৰখাৰ পাছতো বঙাইগাঁৱৰ মোহ এৰিব নোৱাৰা বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ বিৰুদ্ধে আছিল প্ৰতিষ্ঠান বিৰোধী ঢৌ। দলটোৰ ভিতৰতে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ক্ষোভৰ সৃষ্টি হৈছিল। পদত্যাগ কৰিছিল কেইবাজনো শীৰ্ষ নেতাই।

এনে বোৰ ৰাজনৈতিক দৃশ্যপটে বঙাইগাওঁ সমষ্টিৰ উপ নিৰ্বাচনত এখন আকৰ্ষণীয় যুঁজৰ ইংগিত দিছিল যদিও পৰিশেষত কিন্তু পৰিস্থিতি বহু সলনি হল। সমষ্টিটোত সৃষ্টি হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌয়ে দীপ্তিময়ী চৌধুৰীক কিদৰে প্ৰতিহত কৰিবলৈ সক্ষম হয় সেয়া হব লক্ষ্যণীয়। বহুতেই কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিংহই এনে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সুযোগ লব পাৰিব বুলি ধাৰণা কৰিছিল যদিও ভোটগ্ৰহণৰ সময়ছোৱাত তেনে কোনো উমান পোৱা নগল।

ধলাই সমষ্টিত মূল যুঁজখন হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই। সমষ্টিটোত বিজেপি দলৰ সেনাপতিৰ দায়িত্ব লাভ কৰিছে জয়ন্ত মল্ল বৰুৱাই। বিহালীত পীযুষ হাজৰীকাই দিন-ৰাতি একাকাৰ কৰিবলগীয়া হোৱাৰ দৰে পৰিস্থিতিৰ মুখামুখি অৱশ্যে ইয়াত জয়ন্ত মল্ল বৰুৱা হবলগীয়া হোৱা নাই।

সেই ফালৰ পৰা এই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসতকৈ অধিক সৌভাগ্যশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাহে। বিজেপিৰ বাবে প্ৰায় সহজ হৈ থকা এই সমষ্টিত নিহাৰ ৰঞ্জন দাসে আনুষ্ঠানিক বিজয় সাব্যস্ত কৰাৰ লগে লগেই মুখ্যমন্ত্ৰীৰ গুড বুকত হয়তো জয়ন্ত মল্ল বৰুৱাৰ স্থান অধিক ওপৰলৈ উঠিব। সমষ্টিটোত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক। অৱশ্যে তেওঁৰেই দুৰ্ভাগ্য বিহালী আৰু চামগুৰিয়ে গ্লেমাৰ পোৱাত কংগ্ৰেছ দলে তেওঁৰ প্ৰচাৰত যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে দিব নোৱাৰিলে।

চিদলী সমষ্টিত দুটা দশকৰ পাছত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছ।দলীয় ভেঁটি প্ৰায় শূন্য এই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস কৰাটোৱেই তেওঁৰ বাবে এক সাফল্য স্বৰূপ। সমষ্টিটোত ইউ পি পি এল আৰু বি পি এফৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হৈছে। বি পি এফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰু ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মৰ মাজত কোনে শেষ হাঁহি মাৰে সেয়া আজিৰ ভোটগ্ৰহণত ইতিমধ্যে ৰাইজে নিৰ্ণয় কৰিছে যদিও এই যুঁজখনত যে বিজেপিয়ে এক ডাঙৰ খেল খেলিলে সেয়া বড়ো জনগোষ্ঠীয় একাংশ সংগঠনে উপলব্ধি কৰিব পাৰিলে যদিও হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থতে হয়তো বুজিও নুবুজাৰ অভিনয়হে কৰিলে।

সেয়া যি কি নহওক মাত্ৰ ১২ মাহৰ কাৰ্যকালৰ বাবে অনুষ্ঠিত হোৱা এই উপ-নিৰ্বাচনৰ ফলাফল কি হয় সেয়া অহা ২৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা হব। চামগুৰিৰ ৭৮.১০ শতংশ, বিহালীৰ ৭৩.৭০ শতাংশ, বঙাইগাঁৱৰ ৭২ শতাংশ, ধলাইৰ ৭২.৪০ শতাংশ আৰু চিদলীৰ৭১.৫০ শতাংশ ভোটাৰে আজি যি জনাদেশ দিলে এই জনাদেশে কিন্তু অসমৰ আগন্তুক সময়ৰ ৰাজনীতিৰ বহু ইংগিত প্ৰদান কৰিব।

উপ নিৰ্বাচন চামগুৰি বিহালী