Advertisment

ঘাট-মাউৰা হ'ল কমলিকাঃ বাকৰুদ্ধ ৰাজ্যবাসী...

২০২১ ৰ কোভিড পৰিবেশ। প্ৰতি মুহূৰ্ততে কোভিড আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰে সংবাদ মাধ্যমত প্ৰকাশ হৈছে খবৰ। মৃত্যুও তেতিয়া কেৱল এটা সংখ্যালৈ ৰূপান্তৰ হৈছে।

author-image
Asomiya Pratidin
New Update
00

শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ৰাজ্যবাসী শোক সাগৰত ডুব গৈ থকাৰ সময়তে মৃত্যু হ'ল ভূপেন দাস। মাত্ৰ ৪ বছৰ পূৰ্বে মাতৃক হেৰুওৱা কমলিকা আজি ঘাট মাউৰা। কণমানি ছোৱালীজনীৰ এই অসহায় অৱস্থা দেখি বাকৰুদ্ধ ৰাজ্যৰ জনতা। সামাজিক মাধ্যমত বৈছে শোকৰ বন্যা। এই সন্দৰ্ভতে এক বিশেষ প্ৰতিবেদন। 

Advertisment

২০২১ ৰ কোভিড পৰিবেশ। প্ৰতি মুহূৰ্ততে কোভিড আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰে সংবাদ মাধ্যমত প্ৰকাশ হৈছে খবৰ। মৃত্যুও তেতিয়া কেৱল এটা সংখ্যালৈ ৰূপান্তৰ হৈছে। চিনা, অচিনা মানুহবোৰৰ মৃত্যুৰ খবৰো তেতিয়া হৈ পৰিছিল একোটা প্ৰত্যাহিক সাধাৰণ খবৰৰ দৰেই। 

তাৰ মাজতেই বিহুৰ বতৰতে আহিছিল এটা খবৰ। কোভিড আক্ৰান্ত হৈ মৃত্যু হ’ল বিহু গীতৰ সম্ৰাজ্ঞী ভিতালী দাস। ২১ এপ্ৰিলৰ এই খবৰ ৰাজ্যবাসীৰ বাবে আছিল অবিশ্বাস্য। বিহুৰ বতৰতে বিহুগীতৰ সম্ৰাজ্ঞীৰ চিৰ বিদায়ৰ এই খবৰ আছিল অসহনীয়। 

৪ বছৰ উকলিল। আকৌ আহিল বিহুৰ বতৰ। এইবাৰ অৱশ্যে ৰঙালী বিহু নহয়, ভোগালী বিহুৰ বতৰ। ভোগালীৰ আনন্দমুখৰ পৰিবেশৰ পৰা ৰাইজ বাহিৰলৈ অহাই নাই। ১৭ জানুৱাৰী, শুকুৰবাৰে আহিল আকৌ এটা খবৰ।

বিশিষ্ট তবলা বাদক ভূপেন দাস আৰু নাই। বহুতৰ বাবে ভূপেন দাস হয়তো চিনাকী নহয়। কিন্তু ভূপেন দাসৰ সৈতে আন দুটা নাম যেতিয়াই চৰ্চালৈ আহিল ঠিক তেতিয়াই মানুহবোৰ মুহূৰ্তৰ বাবে শিল পৰা কপৌৰ দৰে হৈ পৰিল।

ঘাত মাউৰা হৈ পৰিল কমলিকা জনী। ভিতালী দাস আৰু ভূপেন দাসৰ একমাত্ৰ কন্যা। মাত্ৰ ৪ বছৰ পূৰ্বে কমলিকাই হেৰুৱাইছিল মাতৃ ভিতালী দাসক। আৰু ৪ বছৰ পিছত হেৰুৱালে পিতৃক। এতিয়া কমলিকাৰ কাষত কোনো নাই।

অকলশৰীয়া হৈ পৰিল ছোৱালীজনী। ভিতালী দাসৰ অনুপস্থিতিত কমলিকাৰ কাষত সকলো সময়তে থিয় দিছিল ভূপেন দাসে। মাতৃৰ দৰেই বিহু গাই কমিলিকাই। ৰাইজেও কমলিকাৰ কণ্ঠৰ গান শুনি ভাল পায়। সেয়ে ৰাইজে যেতিয়াই বিচাৰে অসুস্থ দেহাৰেই ভূপেন দাসৈ লৈ গৈছিল তাইক।

হাইস্কুলত থকাৰ সময়তে কমলিকাই মাকক হেৰুৱাইছিল। তাৰ পাছতো দেউতাকৰ তত্বাৱধানতে গানৰ চৰ্চা কৰি গৈছিল। দেউতাকৰ সৈতে পঢ়াৰ লগতে সমানে আগুৱাই নিছিল সংগীতৰ চৰ্চা। কটনত নামভৰ্তি কৰিছিল তাই।

এতিয়া এইবোৰত তাইৰ কাষত সাহস হৈ থিয় দিবলৈ, তাইক ৰাইজৰ মাজলৈ লৈ যাবলৈ দেউতাক কাষত নাথাকিব। নিষ্ঠুৰ নিয়তিয়ে যেন পৰীক্ষাহে লৈছে কণমানি ছোৱালীজনীৰ। পিত-মাতৃক হেৰুৱাই তাই হৈ পৰিছে বাকৰুদ্ধ।

মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা দেউতাকৰ মৃতদেহৰ সন্মুখত তাই বাকৰুদ্ধ হৈ পৰিছে। টিভিৰ কেমেৰাই বাৰে বাৰে তাইক দেখুৱাইছে। কান্দিবও পৰা নাই তাই। সেই দৃশ্য যিয়েই দেখিছে বুকুখন খুন্দা মাৰি গৈছে সকলোৰে।

শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোকস্তব্ধ হৈ আছে ৰাজ্যবাসী। ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কাষলৈ ঢাপলি মেলিছে নেতাৰ পৰা তেওঁৰ অনুগামীলৈ। সেই সময়তে কমলিকাৰ সৈতেও ঘটিল এই অঘটন। শিল্পী দিৱসৰ দিনাই কমলিকা হৈ পৰিলে ঘাত মাউৰা।

এই অসহনীয় পৰিস্থিতিত সামাজিক মাধ্যমতো শোকৰ বণ্যা বৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে শোক প্ৰকাশ কৰিছে। সকলোৰে চিন্তা কমলিকাক লৈ। কণ্ঠিশিল্পী বৰ্ণালী কলিতাইক ফেচবুকত লিখিছে, "অতি দুখ মনেৰে জনাও আজি শিল্পী দিৱসৰ দিনাখনেই আমি আৰু এগৰাকী শিল্পীক হেৰুৱালো।কিছু সময় পূৰ্বে জানিব পাৰিলো যে আজি ভিতালী বাইদেউৰ স্বামী তথা কমলিকাৰ পিতৃ তবলাবাদক ভূপেন দাই ইহ সংসাৰ ত্যাগ কৰিছে। অত্যন্ত মৰ্মাহত হৈছো । হে প্ৰভূ শক্তি দিয়া আমাৰ কমলিকাজনীক।"

দীপলিনা ডেকাই লিখিছে, "ঈশ্বৰে আমাৰ কমলিকা মাইনাক শক্তি দিয়ক। শিল্পী দিৱসতে আন এজন শিল্পীক আমি হেৰুৱালো।" নিৰ্মালী দাসে লিখিছে, ‘‘কি খবৰ শুনালা অ' প্ৰভূ ! কমলিকা, তোমাক সান্ত্বনা দিবলৈ একো ভাষা বিচাৰি পোৱা নাই অ'! এই দুখ সহিবলৈ ঈশ্বৰে তোমাক শক্তি দিয়ক।‘’

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে লিখিছে, ‘‘প্ৰয়াত শিল্পী ভিটালী দাসৰ স্বামী, তবলাবাদক তথা কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাস ডাঙৰীয়াৰ বিয়োগৰ খবৰত মৰ্মাহত হৈছোঁ। তেখেতলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ মাতৃক হেৰুওৱাৰ পাছত মূৰৰ ওপৰৰ পৰা পিতৃ নামৰ ছাতিটো নোহোৱা হ’ল কমলিকাৰ! এই অসহনীয় সময়ত ঈশ্বৰ তেওঁৰ সহায়ক হওক। জীৱনৰ জটিল সময়খিনি পাৰ কৰিবলৈ কমলিকাক নেদেখাজনে শক্তি দিয়ক, সাহস দিয়ক। কমলিকা, আমি তোমাৰ লগত আছোঁ। তুমি অকলশৰীয়া নহয়। অসমবাসী তোমাৰ লগত সাহস হৈ থাকিব। জীৱন যুদ্ধত মা-দেউতাৰ আশীৰ্বাদ তোমাৰ লগত থাকিব সদায়৷’’

 

 

কমলিকা কাশ্যপ