/asomiyapratidin/media/media_files/2024/12/16/JZJv8DCCYu5rZq1NlWzy.png)
২০৩৬ ত অলিম্পিক অনুষ্ঠিত কৰাৰ লক্ষ্য ভাৰত চৰকাৰৰ। ইতিমধ্যে ইয়াৰ বাবে চলোৱা হৈছে প্ৰস্তুতি। সন্তৰ্পণে গুজৰাটক অলিম্পিকৰ বাবে সজাই তুলিছে গুজৰাট চৰকাৰে। হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে অত্যাধুনিৰ ক্ৰীড়া আন্তঃগাঁনি আৰু আন আন আনুসাংগিক দিশসমূহ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
সকলো ঠিকেই থাকিলে আৰু মাত্ৰ দুখন অলিম্পিকৰ পাছতেই ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা! সপোন সপোন লাগিলেও এয়াই সত্য হ’বলৈ আগবাঢ়িছে। ২০৩৬ ত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰিবলৈকে সন্তৰ্পণে আগবাঢ়িছে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰো কাম।
বছৰৰ শেষত ভাৰতৰ ক্ৰীড়া অনুৰাগীৰ বাবে আহিছে এক ভাল খবৰ। ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা। অৱশ্যে এয়া আনুষ্ঠানিক ঘোষণা নহয়। ভাৰত চৰকাৰে নিজাকৈ ২০৩৬ ত অলিম্পিক অনুষ্ঠিত কৰাৰ উদ্দেশ্যে হাতত লোৱা কাম-কাজেহে অলিম্পিক আয়োজনৰ আশাক অধিক সজীৱ কৰি তুলিছে।
অলিম্পিকৰ বাবে ইতিমধ্যে প্ৰায় সাজু কৰি তোলা হৈছে গুজৰাটক। গুজৰাটত অলিম্পিক আয়োজনৰ বাবে মাষ্টাৰ প্লেন তৈয়াৰ কৰি সন্তৰ্পনে চলাই থকা হৈছে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজো।
প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰু গান্ধীনগৰক পৰিকল্পিতভাৱে সজাই তোলা হৈছে অলিম্পিকৰ বাবে। ইতিমধ্যে গঠন কৰা হৈছে গুজৰাট অলিম্পিক পৰিকল্পনা আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন নিগম লিমিটেড (Golympic)। এই নিগমে আহমেদাবাদ আৰু গান্ধীনগৰত ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে হাতে-কামে লাগিছে।
এই বিষয়ে বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ আগত নিগমৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, বৰ্তমান আহমেদাবাদৰ মটেৰাত থকা চৰ্দাৰ বল্লভ ভাই পেটেল স্প’ৰ্টছ এনক্লেভত ৬০০০ কোটি টকা ব্যয় সাপেক্ষে উন্নয়নৰ কাম কৰি থকা হৈছে। এই স্প’ৰ্টছ এনক্লেভ অলিম্পিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে এক মুখ্যে কেন্দ্ৰ হিচাপে বিবেচিত হ’ব।
২০৩৬ ৰ অলিম্পিকত মুঠ ৩৫ ৰ পৰা ৪০ টা ক্ৰীড়া ইভেণ্ট অন্তৰ্ভুক্ত থাকিব। ইয়াৰ ভিতৰত অন্যতম হ’ব ক্ৰিকেট। ১২৮ বছৰীয়া বিৰতিৰ পাছত ২০২৮ ত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। চৰ্দাৰ বল্লভ ভাই পেটেল স্প’ৰ্টছ এনক্লেভতে আছে বিশ্বৰ সৰ্ব বৃহত ক্ৰিকেট ষ্টেডিয়ামখন।
উল্লেখ্য যে, ভাৰতে যোৱা ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীলৈ ২০৩৬ ৰ অলিম্পিক আয়োজনৰ আগ্ৰহেৰে পত্ৰ প্ৰেৰণ কৰিছে। আন কেইবাখনো দেশৰ লগত এতিয়া আনুষ্ঠানিকভাৱে ভাৰতো ২০৩৬ ৰ সাম্ভাব্য অলিম্পিক আৰু পেৰা অলিম্পিক আয়োজকৰ তালিকাত আছে।
অতি শেহতীয়াকৈ গান্ধীনগৰৰ কাৰাইস্থিত গুজৰাট পুলিচ একাডেমীৰ ১৪৩ একৰ ভূমিক এক ক্ৰীড়া প্ৰকল্পলৈ পৰিবৰ্তন কৰাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। এই ভূমিত নিৰ্মাণ কৰা হ’ব এখন অত্যাধুনিক বিশ্বমানৰ এথলেটিকছ ষ্টেডিয়াম।
এই প্ৰকল্পৰ সৈতে সাবৰমতী ৰিভাৰফ্ৰণ্টৰ ভূমিও অন্তৰ্ভুক্ত হ’ব। সাবৰমতী ৰিভাৰ ফ্ৰণ্টক ৰাফ্টিঙৰ বাবে ব্যৱহাৰ কৰাৰো পৰিকল্পনা হাতত লোৱা হৈছে। ইয়াৰ বাবে ব্যয় কৰা হ’ব প্ৰায় ১৫০০ কোটি টকা।
এই প্ৰকল্পৰ এথলেটিকছ ষ্টেডিয়ামৰ গেলাৰীত ৩৫ হাজাৰ দৰ্শকে স্থায়ী আসনত বহি একেলগে খেল উপভোগ কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে অস্থায়ী আসনৰো ব্যৱস্থা কৰিব পৰা সুবিধাও উপলব্ধ হ’ব ইয়াত।
ফলত ষ্টেডিয়ামখনে প্ৰায় ৫৫ হাজাৰ দৰ্শকক সামৰি ল’ব পাৰিব। এই ষ্টেডিয়াম ৰাগবী আৰু ফুটবল খেলৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব। ইয়াত দৌৰ, লং জাম্প, হাৰ্ডলছ আৰু আন আন ট্ৰেক এণ্ড ফিল্ড স্প’ৰ্টছ ইভেণ্টসমূহ থাকিব।
আনহাতে এই প্ৰকল্পত এটা ইণ্ডোৰ ষ্টেডিয়ামো থাকিব। য’ত ৫ ৰ পৰা ৬ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ইয়াত ৱেইটলিফ্টিংৰ দৰে ইভেণ্টসমূহ অনুষ্ঠিত কৰিব পৰা যাব।
এই প্ৰকল্পত এটা ইটিগ্ৰেটেড শ্বুটিং চেণ্টাৰো থাকিব। ২০২৫ ৰ আৰম্ভণিতে এই প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব আৰু ২০২৭ ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই গোটেই প্ৰকল্পৰ মাষ্টাৰ প্লেন তৈয়াৰ কৰিছে অষ্ট্ৰেলিয়াৰ ’পপোলাছ’ নামৰ আৰ্কিটেক্ট সংস্থাটোৱে। এই সংস্থাটো ১৯৯৬ চনৰ পৰা অলিম্পিকৰ সৈতে জড়িত হৈ আছে। এই সংস্থাই চৰ্দাৰ বল্লভ ভাই পেটেল এনক্লেভ মাষ্টাৰ প্লেন তৈয়াৰ কৰিছিল।
এই চৰ্দাৰ বল্লভ ভাই পেটেল এনক্লেভতে নতুনকৈ নিৰ্মাণ কৰা হৈছে নৰনপুৰা ষ্টেডিয়াম। ৮০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন ২০২৫ ৰ জানুৱাৰীত সম্পূৰ্ণ হৈ উঠিব।
এই ষ্টেডিয়ামখনেই হ’ব ভাৰতৰ আটাইতকৈ ডাঙৰ মাল্টি-স্প’ৰ্টছ কমপ্লেক্স। ইয়াত আছে ছুইমিং পোল, মাল্টি পাৰ্পছ এৰেনা, চেণ্টাৰ ফৰ স্প’ৰ্টছ এক্সিলেঞ্চ, কমিউনিটি স্প’ৰ্টছ চেণ্টাৰ, স্থায়ী আৰু অস্থায়ী আসনৰ ব্যৱস্থা। ইয়াত সাঁতোৰ, বেডমিণ্টন, স্কোৱাছ, টেবুল টেনিছ, টেনিছ, বাস্কেটবল, ইণ্ডোৰ ভলীবল আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰিব।
চৰ্দাৰ বল্লভ ভাই পেটেল স্প’ৰ্টছ এনক্লেভতে স্থায়ী আৰু অস্থায়ী জিমনাষ্টিকছ, স্কেটবৰ্ডিং, ছফট বল, টেনিছ আদি প্ৰতিযোগিতাৰ বাবে স্থায়ী বা অস্থায়ী ভেন্যু তৈয়াৰ কৰাৰো ব্যৱস্থা আছে। এই প্ৰকল্পৰ কাষতে গেম ভিলেজ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে ভূমি বিচাৰি উলিওৱা হৈছে।
আহমেদাবাদৰ সংস্কাৰধাম শিক্ষা প্ৰতিষ্ঠানত কমবেট স্পৰ্টছৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰা হৈছে। গান্ধীনগৰত চাইক্লিং ইভেণ্টৰ বাবে ভেলোড্ৰম নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।
এগৰাকী বিষয়াই জনোৱা মতে সকলো মুখ্য ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক মানদণ্ড অনুসৰিয়েই ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ব্যৱধানত অনুষ্ঠিত কৰা হ’ব। সোমনাথ, ষ্টেচু অৱ ইউনিটি, একতা নগৰ, দ্বাৰকা, শিৱৰাজপুৰৰ সমুদ্ৰতীৰত অন্যান্য পানী আৰু সাগৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
এইদৰেই ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে হাতে কামে লাগিছে Golympic। উল্লেখ্য ভাৰতে ২০২৩ ত মুম্বাইত অনুষ্ঠিত হোৱা ১৪১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠকত ভাৰতে ২০৩৬ ত অলিম্পিক অনুষ্ঠিত কৰাৰ আগ্ৰহ ব্যক্ত কৰিছিল।
যদিও এতিয়ালৈকে ভাৰতে কোনখন চহৰত অলিম্পিক অনুষ্ঠিত কৰিব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই তথাপিও গুজৰাটক এইদৰে ক্ৰীড়া আন্তঃগাঁথনিৰে সজাই-পৰাই তোলাৰ দিশটোৱে সকলো কথা স্পষ্ট কৰি তুলিছে।
মন কৰিবলগীয়া যে আহমেদাবাদে ইনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপেও স্বীকৃতি লাভ কৰিছে। এই ঐতিহ্যবহনকাৰী চহৰখনেই হ’ব ভাৰতত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ মুখ্য কেন্দ্ৰ।
এই চহৰখনক মুম্বাইৰ সৈতে হাই-স্পীড ৰে’ল কৰিডৰৰ সৈতে সংযোগ কৰা হৈছে। এয়াই হৈছে ভাৰতৰ প্ৰথম বুলেট ট্ৰেইন প্ৰকল্প। ২০২৮ ত এই প্ৰকল্প আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
আহমেদাবাদক পৰিকল্পিতভাৱে স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলা হৈছে। ইয়াত নিৰ্মাণ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হোটেলকে ধৰি আন আন আনুসাংগিক সেৱা খণ্ডৰ উদ্যোগসমূহ।
তাৰোপৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহমেদাবদত বৰষুণৰ পানী সংৰক্ষণ, অত্যাধুনিক যোগাযোগ ব্যৱস্থা, বহনক্ষম পৰিবেশ সংৰক্ষণ আদিৰো ব্যৱস্থা কৰা হৈছে। অলিম্পিকৰ বিডত অংশগ্ৰহণ কৰাৰ পূৰ্বে ভাৰতে ২০২৮ ত অনুৰ্ধ্ব ২০ বছৰ ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপ, ২০২৭ ত ৱৰ্ল্ড কমবেট গেমছ, ২০২৯ ত ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ, ২০৩০ ত য়ুথ অলিম্পিক গেমছ অনুষ্ঠিত কৰিব। তাৰোপৰি ২০৩৩ ত এছিয়ান য়ুথ গেমছো অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
অৱশ্যে ২০৩৬ ত ভাৰতে অলিম্পিক অনুষ্ঠিত কৰাৰ যে সুযোগ লাভ কৰিব সেয়া এতিয়াও ১০০ শতাংশ নিশ্চিত নহয়। তথাপিও ভাৰতে ২০৩৬ অলিম্পিকক লক্ষ্য নিৰ্ধাৰণ কৰিয়েই আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে।
২০৩৬ ত অলিম্পিক অনুষ্ঠিত কৰাৰ সুযোগ নাপালেও এই বিশ্বমানৰ আন্তঃগাঁথনিৰ বাবেই পৰৱৰ্তী ২০৪০ বা ২০৪৪ ৰ অলিম্পিক অনুষ্ঠিত কৰাৰ যে সুযোগ লাভ কৰিব সেয়া প্ৰায় নিশ্চিত বুলি দাবী কৰিছে বিশেষজ্ঞসকলে।