Advertisment

১২ দিনত বৃদ্ধি পালে ৩২ লাখ হিতাধিকাৰী !

অন্ত পৰিল অসম চৰকাৰৰ বিকাশৰ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা বিকাশৰ এই ১২ দিনীয়া কাৰ্যসূচীক ডিব্ৰুগড়ত সামৰণি মাৰিলে তেওঁ নিজেই। 

author-image
Asomiya Pratidin
New Update
১২ দিনত বৃদ্ধি পালে ৩২ লাখ হিতাধিকাৰী !

অসম চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচী অন্ত পৰিছে। এই ১২ দিনত অসম চৰকাৰে কি কৰিলে? কেনে বিকাশৰ আঁচনি গ্ৰহণ কৰিলে, বিকাশৰ নামত কিমান হিতাধিকাৰী সৃষ্টি হ'ল, কিয় পুনৰ ঋণ ল'বলগীয়া হ'ল এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

অন্ত পৰিল অসম চৰকাৰৰ বিকাশৰ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা বিকাশৰ এই ১২ দিনীয়া কাৰ্যসূচীক ডিব্ৰুগড়ত সামৰণি মাৰিলে তেওঁ নিজেই। 

২৩ ডিচেম্বৰ, সোমবাৰে এই অনুষ্ঠানৰ সামৰণি মাৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত লিখিছে- ''বিকাশৰ ১২ দিন শীৰ্ষক কাৰ্যসূচীৰ আজি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে যৱনিকা পৰে। এই অনুষ্ঠানৰ জৰিয়তে আমি হাজাৰ হাজাৰ লোকক অনুদান আৰু উদগনি বিতৰণৰ প্ৰয়াস কৰিছিলো। এই প্ৰচেষ্টাই জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰাৰ উপৰি আমি অসমৰ জনতা জনাৰ্দনক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম কৰিছে।''

১২ দিনত বৃদ্ধি পালে ৩২ লাখ হিতাধিকাৰী !

মুখ্যমন্ত্ৰীৰ এই কথাতে স্পষ্ট হৈছে, বিকাশৰ এই ১২ দিনীয়া পৰিক্ৰমাত চৰকাৰে কেৱল ৰাজ্যত অনুদান আৰু উদগনিহে বিতৰণ কৰিলে। এই সময়ত কোনো আন্তঃগাঁথনি উন্নয়নমূলক কাম হাতত লোৱা হোৱা নাছিল। নাছিল কোনো উৎপাদনশীল আঁচনিৰ কাম-কাজ। কেৱল হিতাধিকাৰী আঁচনিলৈয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিকাশৰ বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰিলে ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই ১২ দিনত ৩২ লাখ হিতাধিকাৰী উপকৃত হোৱা বুলি নিজেই দাবী কৰিছে। এই ৩২ লাখ লোকে বিভিন্ন আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে। ২০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে।

৬ লাখ বানপীড়িতক সাহায্য প্ৰদান কৰিছে। মেধাৱী শিক্ষাৰ্থীক স্কুটী, চাইকেল আৰু অন্যান্য সাহায্য প্ৰদান কৰা হৈছে। এয়াই এইবাৰৰ বিকাশৰ ১২ দিনীয়া কাৰ্যসূচী। দৈনন্দিন অসম চৰকাৰে কৰি অহা কামৰ বিপৰীতে এই কাৰ্যসূচীত নতুনত্ব একো নাছিল।

ক্ষমতালৈ অহাৰ পাছৰে পৰা কেৱল হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া এই চৰকাৰখনে বিকাশৰ ১২ দিনীয়া কাৰ্যসূচীতো কেৱল হিতাধিকাৰীয়েই সৃষ্টি কৰিলে। ইয়াৰ বাবে যি জয় ঢোল বজোৱা হল, বিশাল সভাৰ আয়োজন কৰা হল তাৰ পেণ্ডেলৰ নামতেই ব্যয় হল ২৫ কোটি টকা।

অথচ এই চৰকাৰখনেই ডেৰ লাখ কোটিৰো অধিক ঋণত ডুব যোৱা। চলিত মাহৰে ৩ তাৰিখে ৯০০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। তাৰ পাছত ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল বিকাশৰ ১২ দিনীয়া যাত্ৰা। 

হিতাধিকাৰী আঁচনিৰে চমক দিয়া এই ১২ দিনীয়া কাৰ্যসূচীৰ অন্তত ২৪ ডিচেম্বৰত পুনৰ ৰিজাৰ্ভ বেংকৰ জৰিয়তে চৰকাৰী বণ্ড নিলামযোগে ৯০০ কোটি টকাৰ ঋণ লৈছে অসম চৰকাৰে। ৰিজাৰ্ভ বেংকৰ তথ্য মতেই অসম আজি এক লাখ ৫৫ হাজাৰ কোটিৰো অধিক ঋণৰ ভৰত কোঙা।

শেহতীয়া তথ্য মতে ৩ বছৰতে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে অভিলেখ সংখ্যক ঋণ লৈছে ৬১,১৯১ কোটি টকা। এই ঋণৰ পৰিমাণ এতিয়া আৰু বৃদ্ধি হৈছে।

ঋণৰ এই টকাৰ সিংহভাগেই গৈছে হিতাধিকাৰীৰ নামত। তাৰ পাছতো বিকাশৰ ১২ টা দিনৰ কাৰ্যসূচীত উৎপাদনশীল আঁচনিৰ পৰিবৰ্তে হিতাধিকাৰী আঁচনিকেই প্ৰাধান্য দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।

শৰ্মা চৰকাৰৰ গৌৰৱ, পৰিচয় অৰুণোদয় আঁচনি। এই আঁচনিখনে প্ৰতি বছৰেই নতুন ৰূপত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হৈ আত্মপ্ৰকাশ কৰে। বৃদ্ধি হৈছে আঁচনিৰ অধীনত দিয়া ধনৰ পৰিমাণো। অসম চৰকাৰৰ অহংকাৰ স্বৰূপ অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৪৩ লাখৰো অধিক হিতাধিকাৰীৰ বাবে ৪০০ কোটি টকাৰো অধিক ব্যয় কৰে।

ৰাজ্যত সৌসিদিনালৈকে ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছিল ২,৪৭,৮৭,৪৭৩। এতিয়া ইয়াৰ সৈতে ২০ লাখ নতুনকৈ অতিৰিক্তভাৱে যোগ হৈছে।  অৰ্থাৎ অসমৰ প্ৰায় ৭৫ শতাংশ লোকেই ৰেচনৰ চাউল লাভ কৰা হিতাধিকাৰীলৈ পৰিণত হৈছে।

মেধাৱী শিক্ষাৰ্থীক উদগনি জনোৱাৰ ব্যৱস্থা নতুন কথা নহয়। কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা এনে আঁচনি ৰাজ্যত আছে। এইখন চৰকাৰে অৱশ্যে নতুনকৈ শিক্ষাৰ্থীৰ বাবে আঁচনি আনিছে। সেয়াও হিতাধিকাৰী আঁচনিয়ে। শিক্ষাৰ্থীকো হিতাধিকাৰী কৰিবলৈ নেৰিলে এইখন চৰকাৰে। 

প্ৰায় ১০ লাখ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰতি মাহে ১০০০ ৰ পৰা ২৫০০ লৈ টকা নিযুত মইনা আঁচনিৰ অধীনত বেংক একাউণ্ট যোগে ডিবিটিৰ জৰিয়তে প্ৰদান কৰি আহিছে। বিকাশৰ ১২ দিনীয়া কাৰ্যসূচীত ইয়াকো সামৰি লোৱা হৈছে।

বান পীড়িতক ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা পূৰ্বৰে পৰা আছে। তাৰ পাছত নতুনকৈ মেলাপাতি এই আঁচনি বিতৰণ কৰি কি বুজাব বিচাৰিলে অসম চৰকাৰে? এয়া ৰাজনৈতিক উদ্দেশ্যত প্ৰচাৰমুখী চিন্তাৰে কাৰ্যকৰী ৰূপ নহয়নে?

চৰকাৰী আঁচনি কাৰ্যকৰী কৰাতো চৰকাৰৰ দায়িত্ব। আঁচনি এখন ঘোষণা কৰাৰ সময়তো বিশাল সভা আৰু এই আঁচনি বিতৰণ কৰাৰ নামতো বাৰে বাৰে বিশাল সভা আয়োজনৰ অসম চৰকাৰৰ এই প্ৰৱণতাৰ আঁৰত জনকল্যাণৰ বিপৰীতে আছে দলীয় স্বাৰ্থহে।

ঋণগ্ৰস্ত অসম চৰকাৰে প্ৰচলিত আঁচনিকেইখনকে লৈ এইদৰে জিলাই জিলাই জয়ঢোল বজাই বিতৰণ কৰাৰ আঁৰত নিশ্চয়কৈ আছে পঞ্চায়ত নিৰ্বাচনৰ অংক। সদ্য সমাপ্ত উপ নিৰ্বাচনত বিজয়ী হলেও তেওঁলোক যে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেয়া স্পষ্ট হৈছে।

সেয়ে এতিয়া হিতাধিকাৰী আঁচনিসমূহৰ যোগেদি অসম চৰকাৰে পুনৰ মন জয় কৰাৰ চেষ্টাত লিপ্ত হৈছে। গুৰুত্বপূৰ্ণ যে, এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত চৰকাৰ এখনে কি কি আঁচনি ৰূপায়ণ কৰিব সেয়া বিত্তীয় বৰ্ষৰ আৰম্ভণিতেই বাজেটৰ জৰিয়তে ঘোষণা কৰে।

সেই অনুসৰিয়েই আঁচনিৰ বিপৰীতে পুঁজি ধাৰ্য কৰা হয় আৰু তাক ৰূপায়ণ কৰা হয়।নিয়ম অনুসৰি বাজেট বৰ্হিভূত কোনো আঁচনি ৰূপায়ণ কৰা নহয় যদিও অসম চৰকাৰে এই নিয়ম ভংগ কৰাত জপিয়াই পৰিছে।

অৰ্থনৈতিক জুৰুলা অৱস্থাক অস্বীকাৰ কৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মা নেতৃত্বাধীন চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছিল বাজেট ঘোষিত আঁচনিৰ বিপৰীতে কোনো মন্ত্ৰীয়ে নিজাকৈ নতুন আঁচনি ঘোষণা কৰিব নোৱাৰিব। এই সিদ্ধান্তক আকৌ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজেই ভংগ কৰি যলৈকে গৈছে তাতেই আঁচনি ঘোষণা কৰাত লিপ্ত হৈছে।

ৰাজ্যৰ বিত্তীয় সূচনীয় অৱস্থাৰ বাবে অহা মাৰ্চ মাহলৈকে ৫ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য অসম চৰকাৰৰ। তাৰেই অংশ হিচাপে যোৱা ৩ ডিচেম্বৰত ৯০০ কোটি আৰু ২৪ ডিচেম্বৰত ৯০০ কোটি টকা ঋণ লৈছে। ৰাজ্যৰ অৰ্থনৈতিক জুৰুলা অৱস্থাৰ বাবেই ইতিমধ্যে বিভাগসমূৰ পৰা ধন উভতাই বিচাৰিছে বিত্ত বিভাগে।

তাৰ পাছতো অসম চৰকাৰে বিকাশ বা উন্নয়নৰ নামত ৰাজ্যখনকেই হিতাধিকাৰীৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ দৌৰতহে নামিছে। দুৰ্বল বিৰোধী, প্ৰভাৱগোষ্ঠীৰ অনুপস্থিতিত এতিয়া মুখ্যমন্ত্ৰীৰ ইচ্ছাই আইন, আঁচনিলৈ ৰূপান্তৰ হৈছে।

 

হিতাধিকাৰী হিমন্ত বিশ্ব শৰ্মা