Advertisment

লাগে যদি সুস্থ দেহা! লাগিবই টকা...

ভাৰতত বিগত ১০বছৰত চিকিৎসা ব্যয় ৮২শতাংশ বৃদ্ধি পাইছে।ভাৰতত এগৰাকী ব্যক্তিৰ এটা মাহত চিকিৎসা ব্যয় ৬হাজাৰো অধিক টকা। ইফালে অসমত এটা বছৰত ফাৰ্মাচীৰ পৰা ঔষধ বিক্ৰী হয় ১৫০০কোটিৰো অধিক টকা।

author-image
Asomiya Pratidin
New Update
দেহা থাকিলেহে বেহা

দেহা থাকিলেহে বেহা

দেহা থাকিলে বেহা নহয়, এতিয়া বেহা থাকিলেহে বেহা। ভাৰতত বিগত ১০বছৰত চিকিৎসা ব্যয় ৮২শতাংশ বৃদ্ধি পাইছে।ভাৰতত এগৰাকী ব্যক্তিৰ এটা মাহত চিকিৎসা ব্যয় ৬হাজাৰো অধিক টকা। ইফালে অসমত এটা বছৰত ফাৰ্মাচীৰ পৰা ঔষধ বিক্ৰী হয় ১৫০০কোটিৰো অধিক টকা। সাধাৰণ ৰাইজৰ বাবে ত্ৰাসৰ অন্যতম এক নাম এই বৰ্ধিত চিকিৎসা ব্যয়ক ক্ষেত্ৰভিত্তিক এক সমীক্ষাৰ সহায়ত  ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

দেহা থাকিলেহে বেহা বুলি অসমীয়াত এষাৰ কথা আছে। কিন্তু লাহে লাহে ওলোটাহে হৈছে এই কথাষাৰ। এতিয়া কোনোবা এজন ব্যক্তিৰ বেহা যদি ভাল নহয়, তেন্তে দেহা ঠিকে ৰাখিব পৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
 
ভাৰত তথা বিশ্বত শেহতীয়াকৈ অতিপাত বৃদ্ধি পাইছে চিকিৎসা ব্যয়। মধ্যবিত্ত তথা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰিয়ালত বেমাৰ বুলি ক'লেই এতিয়া ১০০বাৰ ভাৱিব লগা পৰিৱেশ। এক তথ্য অনুসৰি, ভাৰতত বিগত এটা দশকত প্ৰায় ৮২শতাংশ বৃদ্ধি পাইছে চিকিৎসা ব্যয়। ২০১৩-২৪ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪বিত্তীয় বৰ্ষত এই অতিপাত ব্যয় বৃদ্ধি হোৱাৰ কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় এক স্বাস্থ্য সংস্থাই।

বেমাৰ বা ৰোগ বুলি ক'লেই সাধাৰণে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকে চৰকাৰী চিকিৎসা খণ্ডতকৈ  ব্যক্তিগত খণ্ডৰ ওপৰত অধিক বিশ্বাস ৰাখে। যাৰ বাবে বহু সময়ত এগৰাক ৰোগীৰ ৰোগৰ ক্ষেত্ৰত অধিক পৰিমাণৰ ধন ব্যয় হোৱা দেখা যায়। চৰকাৰী খণ্ডত অত্যাধুনিক ভিন্ন সা-সুবিধা উপলদ্ধ নথকাৰ হেতু  ব্যক্তিগত খণ্ডত চিকিৎসা কৰায় বহুজনে।

সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিগৰাকী লোকৰ মাহেকীয়া চিকিৎসা ব্যয় কিমান- 

আমাৰ দেশত শিক্ষাৰ লগতে চিকিৎসাও সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে অহৰহ দাবী আৰু চৰকাৰী প্ৰচেষ্টা অব্যাহত আছে যদিও মূৰকত তাৰ ওলোটা এখন প্ৰতিচ্ছবিহে পোহৰলৈ আহিছে।  তথ্য অনুসৰি, ২০১৩-১৪বৰ্ষত ভাৰততপ্ৰতিগৰাকী লোকৰ মাহেকীয়া চিকিৎসা ব্যয় আছিল ৩,৩৩৮টকা। কিন্তু এই খৰছ ২০২৩-২৪বৰ্ষত বৃদ্ধি হৈ হ'লহিমাহে ৬,৬০২টকা।

শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, যোৱা বিত্তীয় বৰ্ষত ভাৰতত চিকিৎসা ব্যয় হৈছেগৈ ৯,০৪,৪৬১কোটি টকা।  এই পৰিমাণ মুঠ জি ডি পিৰ প্ৰায় ৩.৮৩শতাংশ। মুঠ চিকিৎসা ব্যয়ৰ ভিতৰত কোনো শিতানত অধিক ধন খৰছ হয় ৰোগীৰ? তাৰ তথ্যও পোহৰলৈ আহিছে। 

২০২৩-২৪বিত্তীয় বৰ্ষত আন্তঃ ৰোগী নিৰাময় আৰু ৰোগীৰ পৰিচৰ্যাৰ বাবদত হস্পাতালত খৰছ হৈছে ২,৯৯,৫৮৭কোটি টকা। যিটো মুঠ স্বাস্থ্য ব্যয়ৰ ৩৭.৯৪শতাংশ। চিকিৎসকে দিয়া প্ৰেছক্ৰিপচন ঔষধৰ বাবদ খৰছ হৈছে ১,২৬,২২৫কোটি টকা। যিটো মুঠ স্বাস্থ্য ব্যয়ৰ ১৫.৯৮শতাংশ। 

আনহাতে বহিঃৰোগীৰ নিৰাময়ৰ আৰু পৰিচৰ্যাৰ বাবদ মুঠ চিকিৎসা ব্যয়ৰ ১৫.৩০শতাংশ, প্ৰতিৰোধমূলক যত্নৰ বাবে ১৩.৫৫শতাংশ, ৰোগীৰ পৰিবহনৰ বাবদ মুঠ চিকিতসা ব্যয়ৰ ৩.৬৫ শতাংশ ধন ব্যয় কৰে ভাৰতীয়ই। পৰীক্ষাগাৰত ৩.৩২শতাংশ আৰু কাউন্টাৰ পৰা বিক্ৰী কৰা ঔষধত ভাৰতীয়ই  মুঠ চিকিৎসা ব্যয়ৰ ৩.২২ শতাংশ ধন ব্যয় কৰে ।

অসমত প্ৰতিগৰাকী লোকে চিকিৎসাৰ নামত মাহে কিমান টকা ব্যয় কৰে-

সৰ্বভাৰতীয় হিচাপৰ তুলনাত অসমত চিকিৎসা ব্যয়ৰ পৰিমাণ সাধাৰণে কম বুলি চৰকাৰী এক তথ্যত প্ৰকাশ পাইছে। অসমত প্ৰতিগৰাকী লোকে প্ৰতিমাহৰ চিকিৎসা ব্যয় হৈছে ২,৮৭৭টকা। অসমৰ চিকিৎসা ব্যয় মুঠ ৰাজ্যখনৰ মুঠ জিডিপিৰ ২.৯শতাংশ। 
অসমত ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ চিকিৎসা ব্যয় হৈছে ৮৫৩১কোটি টকা। 

ইয়াৰে ২১.৯৯শতাংশ ধন ব্যয় হৈছে চৰকাৰী চিকিৎসালয়ত। বৰ্ষটোত ১৮৭৬কোটি টকা চিকিৎসা ব্যয় হৈছে চৰকাৰী হস্পাতালত। ইয়াৰ বিপৰীতে ২০২২-২৩বিত্তীয় বৰ্ষত ব্যক্তিগত হস্পাতালত ব্যয় হৈছে ১৪২১কোটি টকা অৰ্থাৎ মুঠ চিকিৎসা ব্যয়ৰ ১৬.৬৬শতাংশ ব্যয় হৈছে ব্যক্তিগত হস্পাতালত।

ৰাজ্যখনৰ পৰিয়াল পৰিকল্পনা চেন্টাৰ সমূহত চিকিৎসাৰ বাবদ এটা বছৰত ব্যয় হৈছে ২৫৩কোটি টকা। জৰুৰীকালীন চিকিৎসাৰ পৰিবহনৰ নামত ব্যয় হৈছে ৩৩৭কোটি টকা। ভিন্ন পৰীক্ষাৰ নামত অসমত বাৰ্ষিক খৰছ হয় ৪৩১কোটি টকা। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা বিভিন্ন এম্বুলেটৰী চেন্টাৰত বাৰ্ষিক ব্যয় হয় ৯১৭কোটি টকা। 

ওপৰত উল্লেখ কৰা বিভিন্ন শিতানৰ লগতে অন্ন বহু শিতান যোগ হৈ ২০২২-২৩বৰ্ষত অসমত মুঠ চিকিৎসা ব্যয় হৈছেগৈ ৮৫৩১কোটি টকা।  এতিয়া আহিছো চকু কপালত উঠা আন এটা হিচাপলৈ। এটা বছৰত অসমৰ মানুহে কিমান কোটি টকা ঔষধ ক্ৰয় কৰে আপুননি জানেনে!

MINISTRY OF HEALTH & FAMILY WELFARE, GOVERNMENT OF INDIAই শেহতীয়াকৈ প্ৰকাশ কৰা এক তথ্যত প্ৰকাশ পাইছে যে,  অসমত ২০২২-২৩বৰ্ষত ঔষধ ক্ৰয়ৰ নামত খৰছ হৈছে ১৫৯৭কোটি টকা। এই ব্যয় হৈছে মুঠ চিকিৎসা ব্যয়ৰ ১৮.৭২শতাংশ। এতিয়া ভাৱি চাওঁকচোন, অসমত চিকিৎসাৰ নামতে কিমান টকা খৰছ কৰিব লগা হয় এজন ব্যক্তিয়ে। 

ভাৰতৰ কোন ৰাজ্যত কিমান চিকিৎসা ব্যয়-

ভাৰতৰ ভিতৰত সৰ্বাধিক চিকিৎসাত ব্যয় হোৱা ৰাজ্যখন হৈছে কেৰালা। কেৰালাত প্ৰতিগৰাকী লোকৰ বিপৰীতে চিকিৎসা ব্যয় ১০, ৬০৭টকা। ইয়াৰ বিপৰীতে সবাতোকৈ কম চিকিৎসা ব্যয় হোৱা ৰাজ্যখন হৈছে বিহাৰ। বিহাৰত প্ৰতিগৰাকী লোকৰ বিপৰীতে চিকিৎসা ব্যয় ১,৫৮৮টকা।

পশ্চিম বংগত এগৰাকী লোকৰ বিপৰীতে চিকিৎসা ব্যয়- ৫১০৩টকা। মহাৰাষ্ট্ৰত প্ৰতিগৰাকী লোকৰ চিকিৎসা ব্যয়- ৬৩০১টকা। কৰ্ণাটকত প্ৰতিগৰাকী লোকৰ চিকিৎসা ব্যয়- ৫৪১৮টকা। হিমাচল প্ৰদেশত প্ৰতিগৰাকী লোকৰ চিকিৎসা ব্যয়- ৭৩৮৬টকা। হাৰিয়ানাত প্ৰতিগৰাকী লোকৰ  চিকিৎসা ব্যয় ৫,১৭৮টকা।

অন্ধ্ৰপ্ৰদেশত প্ৰতিগৰাকী লোকৰ  চিকিৎসা ব্যয় ৫,১১৪টকা। তেলেংগানাত ৫,১১০টকা, পাঞ্জাৱত ৫,১১৮টকা। এনেকৈ বিহাৰৰ বাদে দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ  চিকিৎসা ব্যয় ২৫০০টকাৰো অধিক।

গুৱাহাটীত এটা দিনত কিমান পৰিমাণৰ ঔষধ বিক্ৰী হয় এখন ফাৰ্মাচীত-

অসমীয়া প্ৰতিদিন ডিজিটেলে গুৱাহাটীৰ ভিন্ন স্থানৰ লগতে জি এম চি এইচৰ কাষতে থকা একাংশ ফাৰ্মাচীত এদিনত কিমান ঔষধ বিক্ৰী হয় তাৰ সন্দৰ্ভত কিছু সমীক্ষা চলাইছিল। প্ৰায় ১৩খন ফাৰ্মচীত চলোৱা এই সমীক্ষাত পোহৰলৈ আহিল যে, এখন ফাৰ্মাচীত প্ৰতিমাহে ১-১.৫কোটি টকাৰ ঔষধ বিক্ৰী কৰে। জি এম চি এইচৰ কাষতে থকা কেইবাখনো ফাৰ্মাচীৰ গৰাকীয়ে সদৰী কৰা অনুসৰি, তেওঁলোকে এটা দিনত সৰ্বাধিক ৮-১০লাখ টকা পৰ্যন্ত ঔষধো বিক্ৰী কৰিছে। 

সাধাৰণ ৰাইজৰ বাবে এতিয়া এনেকৈয়ে ত্ৰাসৰ কাৰণ হৈ পৰিছে চিকিৎসা ব্যয়। সাধাৰণ মধ্যবিত্ত লোকৰ পৰিয়ালয়ত এতিয়া বাজেটৰ এক মোটা ধন চিকিৎসা ব্যয়ৰ নামত সুকীয়াকৈ ৰাখিব লাগে। সেয়েহে পূৰ্বৰ সেই দেহা থাকিলহে বেহা শীৰ্ষক কথাষাৰ এতিয়া ওলোটা হৈ হৈছেগৈ- বেহা থাকিলেহে এতিয়া দেহা... 

ভাৰত