ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজত উত্তৰ পূৰ্বাঞ্চলত চীনে ল'ব নেকি সুযোগ?

সীমান্তত ভাৰত পাকিস্তানৰ সৈতে যুদ্ধত ব্যস্ত থকাৰ সময়তে চীনক উত্তৰ পূৱ দখল কৰিবলৈ আহ্বান জনাইছিল বাংলাদেশী নেতাই। সেই বাংলাদেশী নেতা আকৌ এতিয়া ইছলামাবাদৰ অতি ঘনিষ্ঠ। 

author-image
Tushar Pratim
New Update
ভাৰত পাকিস্তানৰ সংঘাতৰ মাজত উত্তৰ পূৰ্বাঞ্চলত চীনে ল'ব নেকি সুযোগ?

'অপাৰেচন সিন্দুৰ'ৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তত একপ্ৰকাৰে যুদ্ধই সৃষ্টি হৈছে। পাক সেনাৰ গোলা বৰ্ষণত  সীমান্তত নিহত হৈছে সাধাৰণ ভাৰতীয়। শান্তি বৰ্তাই ৰখাৰ বিশ্ববাসীৰ আহ্বানৰ মাজতো পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰি ভাৰতক প্ৰৰোচিত কৰি থকা কাৰ্যই যুদ্ধ প্ৰায় নিশ্চিত কৰি তুলিছে। এনে যুদ্ধ পৰিস্থিতিত চীনৰ ভূমিকা কি হ'ব সেই বিষয়ে চৰ্চা হৈছে। এই সাম্ভাব্য যুদ্ধত চীনৰ ভূমিকা কি হ'ব সেই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।  

Advertisment

 

ভাৰত আৰু পাকিস্তানৰ যুদ্ধ পৰিস্থিতিত ‘হটস্পষ্ট’ জম্মু আৰু কাশ্মীৰ। তাৰোপৰি এই যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে ৰাজস্থান, উত্তৰ প্ৰদেশ, পঞ্জাৱ আদি ৰাজ্যত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে এই ৰাজ্যসমূহৰ একাধিক জিলাৰ বিদ্যালয় আৰু বিমান বন্দৰ। 

পাকিস্তানৰে যুদ্ধ পৰিস্থিতিৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে এই ৰাজ্য কেইখনত পৰিছে যদিও অসম, অৰুণাচল, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিক্কিত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই। তথাপিও এই পৰিস্থিতিত অন্যতম সংবেদনশীল অঞ্চল হিচাপেই পৰিগণিত হৈছে উত্তৰ পূৰ্বাঞ্চল। 

এনে হোৱাৰ মূলতে হৈছে চুবুৰীয়া ৰাষ্ট্ৰ চীন। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত যিমানেই গভীৰ হৈছে, পাকিস্তানে যিমানেই ভাৰতক ভাবুকি দিবলৈ আৰম্ভ কৰিছে সিমানেই পাকিস্তানৰ আঁৰত থকা শক্তিৰ বিষয়েও মুকলিকৈ চৰ্চা আৰম্ভ হৈছে।

বহুতেই ধাৰণা কৰিছে ভাৰতৰ বিৰুদ্ধে পাকিস্তানক উচতনি দিয়াত লিপ্ত হৈছে আমেৰিকা। ‘সাপ হৈ খুটি বেজ হৈ জাৰা’ৰ নীতি আমেৰিকাৰ। যুদ্ধৰ নামত অস্ত্ৰৰ বেপাৰ কৰি যুগ যুগলৈ ঋণগ্ৰস্ত কৰি ৰখাৰ কৌশল আমেৰিকাৰ। 

আন একাংশৰ মতে আকৌ পাকিস্তানৰ আঁৰত থকা শক্তি ৰঙা চীন। চীনেই পাকিস্তানক ভাৰতৰ বিৰুদ্ধে উচতনি দিয়াত লিপ্ত হৈছে। শেহতীয়াকৈ পাকিস্তানৰে ঘনিষ্ঠ হৈ পৰা বাংলাদেশৰ একাংশ নেতাই ভাৰতৰ বিৰুদ্ধে চীনক উদ্দেশ্যি কোৱা কেতবোৰ কথাই নতুন চিন্তাৰ বাট মুকলি কৰিছে। 

জম্মু কাশ্মীৰ সীমান্তত ভাৰত পাকিস্তানৰ সৈতে যুদ্ধত ব্যস্ত থকাৰ সময়তে চীনক উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ আহ্বান জনাইছিল বাংলাদেশী নেতাই। সেই বাংলাদেশী নেতা আকৌ এতিয়া ইছলামাবাদৰ অতি ঘনিষ্ঠ। 

কিন্তু প্ৰশ্ন হয় ভাৰত আৰু পাকিস্তানৰ এই যুদ্ধ পৰিস্থিতিত সঁচাকৈয়ে চীনে ভাৰতৰ বিৰুদ্ধে থিয় দিব নেকি? এই যুদ্ধ পৰিস্থিতিয়ে চীনক সঁচাকৈয়ে লাভাম্বিত কৰিব নে এই যুদ্ধই চীনক ক্ষতি কৰিব? শেহতীয়া পৰিস্থিতিত ভাৰত, পাকিস্তানৰ সংঘাত, চীন আমেৰিকাৰ বাণিজ্য যুদ্ধ এই গোটেই পৰিস্থিতিয়ে কিন্তু আন বহু দিশেই উন্মোচিত কৰে। 


ভাৰত-পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধ হ’লে এফালে যিদৰে আমেৰিকা লাভাম্বিত হ’ব ঠিক সেইদৰে চুবুৰীয়া হ’লেও, পাকিস্তানৰ ঘনিষ্ঠ হ’লেও চীন লাভাম্বিত হোৱাৰ পৰিবৰ্তে যে ক্ষতিগ্ৰস্ত হে হ’ব সেয়া স্পষ্ট। এই পৰিস্থিতিত চীন কিদৰে ক্ষতিগ্ৰস্ত হ’ব সেয়া বুজিবলৈ প্ৰথমে জানিব লাগিব চীন আৰু পাকিস্তানৰ সম্পৰ্ক। 

১৯৫১ চনতেই চীন আৰু পাকিস্তানৰ মাজত কূটনৈতিক সম্পৰ্ক আৰম্ভ হৈছিল। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ উপৰিও বাণিজ্যিক, অৰ্থনৈতিক, প্ৰতিৰক্ষামূলক সম্পৰ্ক তথা সহযোগিতা আছে। চীনৰ ওপৰত আজিৰ তাৰিখত বহুলাংক্ষে নিৰ্ভৰশীল পাকিস্তান। 

সন্ত্ৰাসবাদক পোহপাল দি নিজৰেই ককাল বেঁকা কৰি লোৱা পাকিস্তানৰ ক্ষেত্ৰত চীনে কেতিয়াও নিবিচাৰিব দেশখন আৰু অধিক অস্থিৰ হৈ পৰক। পাকিস্তান যিমানেই অস্থিৰ হ’ব চীনৰ সীমানেই আৰ্থিক আৰু বাণিজ্যিক নীতি, স্বপ্নও ধ্বংসৰ দিশে আগবাঢ়িব। 

তথ্য অনুসৰি ২০০৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত চীনে পাকিস্তানত ব্যয় কৰিছে ৬৮ বিলিয়ন মাৰ্কিন ডলাৰ। তাৰোপৰি ‘চীন-পাকিস্তান ইকনমিক কৰিড’ৰ আৰু ‘বেল্ট এণ্ড ৰোড’ৰ অধীনত পাকিস্তানত চীনে বৃহৎ বিনিয়োগ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে চীনে মধ্য এছিয়াক পথ যোগাযোগেৰে সংযোগ কৰাৰ সপোন দেখিছে।

চীনে পাকিস্তানক অস্ত্ৰ যোগান ধৰি আহিছে যদিও ভাৰতৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ যুদ্ধক সমৰ্থন কৰা নাই। পশ্চিমীয়া দেশৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধিৰ সময়ত পাকিস্তান চীনৰ অধিক কাষ চাপিছে। অৰ্থনৈতিক ভাৱে বিধ্বস্ত পাকিস্তানক অৰ্থনৈতিকভাৱে সাহায্য দিয়াৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ দিশেই চীনৰ ওপৰত নিৰ্ভৰশীল। 

পাকিস্তানৰ সৈতে এইদৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিলেও কিন্তু চীনে উত্তেজনাৰ মাজতো ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ আমেৰিকাৰ সৈতে আৰম্ভ হোৱা বাণিজ্য যুদ্ধৰ পাছতে চীনে পূৰ্বৰ কু-কৰ্মৰ কথা পাহৰি ভাৰতৰে সম্পৰ্ক উন্নত কৰিবলৈ নিজেই আগবাঢ়ি আহিছে। 

চীনে ভাৰতক হাতীৰ লগত তুলনা কৰি নিজকে ড্ৰেগণ হিচাপে লৈ এছিয়াত দুই মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ প্ৰস্তাৱ দি আহিছে। ভাৰত আৰু চীন একত্ৰিত হ’লে বিশ্বৰ কোনো শক্তিয়েই এই দুই মহাশক্তিক স্পৰ্শও কৰিব নোৱাৰিব বুলি চীনে যুক্তি দিছে। 

এই যুক্তিৰেই চীনে ভাৰতক মুকলিকৈ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ, মিত্ৰতাৰ প্ৰস্তাৱ দিছে। সেই মতেই ভাৰত-চীন সীমান্তত হ্ৰাস পাইছে উত্তেজনা। সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে পূৰ্বে মোতায়েন কৰা অত্যাধিক সেনা। 

চীনৰ এতিয়া মূল লক্ষ্য হৈছে পাকিস্তান আৰু ভাৰতৰ সীমান্তৱৰ্তী জিনঝিয়াং প্ৰদেশৰ উন্নয়ন। এই প্ৰদেশৰ উন্নয়ন হলেহে চীন-পাকিস্তান ইকনমিক কৰিডৰ প্ৰকল্প আৰু বেল্ট এণ্ড ৰোড প্ৰকল্প সফল হৈ উঠিব। 

কিন্তু ভাৰতে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে। ভাৰতৰে সম্পৰ্ক উন্নত হ’লে এই প্ৰকল্পই নতুন গতি লাভ কৰাৰ আশাত আছে চীন। সেয়ে পৰিস্থিতি কোনো কাৰণতে অধিক অবনতি হোৱাটো যে চীনে নিবিচাৰে সেয়া নিশ্চিত। এই প্ৰকল্পৰ আঁৰত আছে চীনৰ বাণিজ্যিৰ সম্প্ৰসাৰণৰ ভৱিষ্যতৰ সপোন। 

চীনৰ শুল্ক বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত চীন আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্য হৈছে ২৩.১ বিলিয়ন মাৰ্কিন ডলাৰ। পাকিস্তানলী চীনৰ ৰপ্তানি ২০২৩ ৰ তুলনাত ২০২৪ ত ১৭ শতাংশ বৃদ্ধি হৈ ২০.২ বিলিয়ন মাৰ্কিন ডলাৰ আৰু আমদানি ২.৮ বিলিয়ন ডলাৰত উপনীত হৈছে।

২০২৪ ত চীনে পাকিস্তানলৈ ২.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ পাৰমাণৱিক ৰিয়েক্টৰ বয়লাৰ, যন্ত্ৰপাতি আদি ৰপ্তানি কৰিছে। ৩৫ শতাংশ ছেমি কণ্ডাক্টৰৰ যন্ত্ৰ, ২৭ শতাংশ স্মাৰ্টফোন আদি ৰপ্তানি হৈছে। ৫.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ ইলেক্ট্ৰনিক যন্ত্ৰপাতিও ৰপ্তানি কৰিছে চীনে। 

ইফালে আমেৰিকাৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধিৰ সমান্তৰালকৈ পাকিস্তানৰ দূৰত্ব যথেষ্ট বৃদ্ধি পাইছে। কিন্তু তাৰ পাছতো আমেৰিকাই পাকিস্তানৰ সৈতে এক সম্পৰ্ক ৰক্ষা কৰি চলিছে। আমেৰিকাৰ এনে আচৰণৰ বাবেই পাকিস্তানে চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰি বৃহৎ পৰিমাণে অস্ত্ৰ ক্ৰয় কৰিছে। যোৱা ৫ বছৰত পাকিস্তানে আমদানি কৰা ৮১ শতাংশ অস্ত্ৰই চীনৰ পৰা আহিছে। 

ইফালে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ক্ষমতালৈ অহাৰ পাছতে আমেৰিকাৰ শুল্ক নীতি সলনি কৰিছে ড’নাল্ড ট্ৰাম্পে। এই নতুন শুল্ক নীতিৰ বাবেই চীনৰ সৈতে আমেৰিকাৰ বাণিজ্য যুদ্ধ আৰম্ভ হৈছে। আমেৰিকাৰ সৈতে ভাৰতৰো বাণিজ্যিক সম্পৰ্ক এই নতুন শুল্ক নীতিৰ বাবেই প্ৰভাৱিত হৈছে। 

সেয়ে চীনে মুকলিকৈ ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক অধিক গতিশীল কৰি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছে। ভাৰত এতিয়াও চীনৰ বাণিজ্যৰ অন্যতম বৃহৎ অংশীদাৰ। সেয়ে চীনে যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ হ’ব। এইসকলোবোৰ বিষয় বিবেচনা নকৰাকৈ চীনে পাকিস্তানৰ সমৰ্থনত যে জপিয়াই নপৰে সেয়া স্পষ্ট। 

ইতিমধ্যে চীনে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতক লৈ চিন্তিত বুলি মন্তব্য কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিত কৈছে যে, ভাৰত আৰু পাকিস্তান চুবুৰীয়া। দুয়োখন দেশ সদায়েই চুবুৰীয়া হৈ থাকিব। দুয়োখন দেশেই আমাৰ প্ৰতিবেশী। তাৰোপৰি এই বিবৃতিতে চীনে স্পষ্ট কৰিছে তেওঁলোকে সন্ত্ৰাসবাদৰো বিৰোধিতা কৰে। 

দেশখনে ভাৰত-পাকিস্তানক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। পৰিস্থিতি অধিক জটিল নকৰিবলৈ দুয়ো পক্ষকে সংযম হ’বলৈ আহ্বান জনাই যুদ্ধৰ পৰা আঁতৰি থাকিবলৈয়ো কৈছে। চীনৰ এই বাৰ্তাই বহু কথাই স্পষ্ট কৰিছে। 

পাকিস্তান অপাৰেচন সিন্দুৰ চীন