Advertisment

চিকিৎসালয়ত নাই বিচনাঃ অসুস্থ জনতাৰ ঈশ্বৰেই ভৰসা...

প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে অসমৰ ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ চিকিৎসালয় মিলায়ো নাই এখনো বিচনা। সৰ্বভাৰতীয় প্ৰেক্ষাপটতো একেই অৱস্থা। ৰোগীৰ বাবে নাই পৰ্যাপ্ত বিচনা।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
চিকিৎসালয়ত নাই বিচনাঃ অসুস্থ জনতাৰ ঈশ্বৰেই ভৰসা...

উন্নত স্বাস্থ্য  সেৱা দেশৰ জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ। কিন্তু এই অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আছে সৰ্বসাধাৰণ। চকুতলগাকৈ দেশত চিকিৎসালয়ৰ অট্টালিকা গঢ়ি উঠিছে যদিও আজিও ৰাইজে পোৱা নাই পৰ্যাপ্ত সুবিধা। আনহে নালাগে আজিৰ তাৰিখত দেশৰ জনসাধাৰণৰ বাবে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় মিলায়ো নাই পৰ্যাপ্ত বিচনা। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

বিশ্বগুৰু হ’বলৈ ওলাইছে ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো বিশ্বগুৰু হিচাপে অভিহিত কৰিছে তেওঁৰ অনুগতসকলে। ভাৰত বিশ্বগুৰু হ’বলৈ যোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে মূল অস্ত্ৰ বুলি উল্লেখ কৰিছে ভাৰতৰ জনসাধাৰণক।

শেহতীয়াকৈ ভাৰতৰ জনসাধাৰণে চীনকো অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হৈছে। এই বিশাল জনসংখ্যাকে মানৱ সম্পদলৈ ৰূপান্তৰৰ কথা কৈছে প্ৰধানমন্ত্ৰীয়ে। কিন্তু এই মানৱ সম্পদক তেতিয়াহে সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিব বা এই মানৱ সম্পদে তেতিয়াহে উৎপাদনমুখী কামত নিয়োজিত হ’ব পাৰিব যেতিয়া তেওঁলোক সুস্থ হৈ থাকিব।

আজিৰ তাৰিখত ভাৰতৰ আনুমানিক জনসংখ্যা ১৪৩ কোটিৰো অধিক। এই বৃহৎ জনসংখ্যাৰ স্বাস্থ্যৰ দিশটোক আজিও আওকান কৰি আহিছে ভাৰত চৰকাৰে। এনে এখন জনবহুল দেশত আজিও গঢ়ি উঠা নাই স্বাস্থ্যখণ্ডৰ বাবে উন্নত আন্তঃগাঁথনি।

অসমৰ ক্ষেত্ৰতো একেই অৱস্থা। যদিও অসমত প্ৰতি বছৰেই চিকিৎসা মহাবিদ্যালয়, হাস্পতালৰ সংখ্যা বৃদ্ধি পাইছে তথাপিও কিন্তু আজিৰ তাৰিখত অসমৰ জনসাধাৰণৰ বাবে চৰকাৰী খণ্ড আৰু ব্যক্তিগতখণ্ড মিলায়ো চিকিৎসালয়ত নাই নাই প্ৰয়োজনীয় বিচনা। 

তথ্য অনুসৰি অসমত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে মাত্ৰ ০.৫১ খন বিচনা। অৰ্থাৎ প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে অসমৰ ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ চিকিৎসালয় মিলায়ো নাই এখনো বিচনা। সৰ্বভাৰতীয় প্ৰেক্ষাপটতো একেই অৱস্থা। প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে যিমান সংখ্যক বিচনা থাকিব লাগে সিমান নাই।

The Institute Montaigne নামৰ এটা ৱেবচাইটৰ তথ্য অনুসৰি ভাৰতৰ মুঠ চৰকাৰীখণ্ডৰ চিকিৎসালয়ৰ সংখ্যা হৈছে ২৫,৭৭৮ খন। ইয়াৰ বিপৰীতে ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আছে ৪৩,৪৮৬ খন। চৰকাৰীখণ্ডৰ চিকিৎসালয়সমূহত আছে ৭১৩,৯৮৬ খন সাধাৰণ বিচনা। তাৰোপৰি আছে ৩৫,৭০০ আই চি ইউ আৰু ১৭,৮৫০ খন ভেণ্টিলেচন।

ব্যক্তিগতখণ্ডৰ ৪৩,৪৮৬ খন চিকিৎসালয়ত আছে মুঠ ১.১৮ মিলিয়ন বিচনা। ইয়াত আই চি ইউ আছে ৫৯,২৬৪ আৰু ভেণ্টিলেচন আছে ২৯,৬৩১ খন। অৰ্থাৎ দেশৰ স্বাস্থ্যখণ্ডৰ মুঠ আন্তঃগাঁথনিৰ ৬২ শতাংশই আছে ব্যক্তিগতখণ্ডৰ হাতত। 
দেশৰ স্বাস্থ্যখণ্ডৰ এনে দৃশ্যপটৰ বিপৰীতে অসমত আকৌ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আছে মুঠ ৩০৩খন ।

এই তথ্য উপলব্ধ আছে অসম চৰকাৰৰ অটল অমৃত অভিযানত। অৱশ্যে এই ৩০৩ খন হাস্পতাল অটল অমৃত কাৰ্যকৰী হোৱা হাস্পতালৰ তালিকা নে, অসমৰ মুঠ ব্যক্তিগত হাস্পতালৰ তালিকা সেয়া স্পষ্ট নহ’ল। 

HosPaccx নামৰ আন এক ৱেবচাইটৰ তথ্য অনুসৰি অসমত আকৌ ব্যক্তিগতখণ্ডৰ হাস্পতাল আছে ৫০৩ খন। পঞ্জীয়নকৃত চিকিৎসকৰ সংখ্যা ২৮,৬৫০ গৰাকী।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি জি এম চি এইছত আছে ২৪৮৫ খন সাধাৰণ বিচনা। চিকিৎসালয়খনত আছে ৬০০ খন আই চি ইউ বিচনা। জি এম চি এইছৰ ৱেবচাইটত থকা তথ্য অনুসৰি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ২০০ খন, PMSSY Scheme  অধীনত থকা জি এম চি এইছৰ ছুপাৰস্পেচিয়েলিটি হাস্পতালত ২৮০ খন, Cardiothoracic & Neuroscience Centre ত ৩০০ খন বিচনা আছে।

মন কৰিবলগীয়া যে, অসমত মুঠ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা বৰ্তমান ১৩ খন। সেই কেইখন ক্ৰমে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, অসম মেডিকেল কলেজ হাস্পতাল, শিলচৰ মেডিকেল কলেজ হাস্পতাল, যোৰহাট মেডিকেল কলেজ হাস্পতাল, ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাল, তেজপুৰ মেডিকেল কলেজ হাস্পতাল, ডিফু মেডিকেল কলেজ হাস্পতাল, লখিমপুৰ মেডিকেল কলেজ হাস্পতাল, এইমছ, ধুবুৰী মেডিকেল কলেজ হাস্পতাল, নলবাৰী মেডিকেল কলেজ হাস্পতাল, নগাওঁ মেডিকেল কলেজ হাস্পতাল, কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতাল।

চৰকাৰী তথ্য অনুসৰি অসমত বৰ্তমান ৩৫ খন জিলাৰ ভিতৰত ২৫ খন জিলাত আছে জিলা পৰ্যায়ৰ চিকিৎসালয়। সেইদৰে ছাব ডিভিজনেল হাস্পতাল আছে ১৪ খন। চি এছ চি এছ আছে ১৫১ খন, পি এইছ চি ১০১৪ খন আৰু ছাব চেণ্টাৰ আছে ৪৬২১ খন।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নড্ডাই সংসদত ২০২৪ ৰ শেষৰফালে সংসদত উল্লেখ কৰা মতে ২০২১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ভাৰতৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা হাস্পতাল, জিলা হাস্পতাল আৰু মেডিকেল কলেজ মিলাই আছে মুঠ ৮,১৮,৬৬১ খন বিচনা। 

লক্ষ্যণীয় বিষয় যে, ২০১৭ চনত নেচনেল হেল্থ পলিচিয়ে দেশৰ প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে ২ খনকৈ বিচনাৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিছিল। গ্লোবেল ষ্টেণ্ডাৰ্ট অনুসৰিও আকৌ প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে থাকিব লাগে ২ খন বিচনা। কিন্তু আজিৰ তাৰিখতো ভাৰতে নেচনেল হেল্থ পিলিচিৰ সেই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা নাই।

The South First নামৰ এটা ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি আজিৰ তাৰিখত ভাৰতৰ প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে নাই এখনো বিচনা। এই ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি ভাৰতত আজিৰ তাৰিখত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে মাত্ৰ ০.৭৯ খন বিচনা

অৱশ্যে আন এক তথ্য অনুসৰি আকৌ আজিৰ তাৰিখত ভাৰতৰ প্ৰতি ১০০০ ব্যক্তিৰ বিপৰীতে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় মিলাই আছে ১.৩ খন বিচনা। যদি এই তথ্যকে শুদ্ধ বুলি ধৰি লোৱা হয় তেতিয়াও ভাৰতে নেচনেল হেল্থ পলিচিৰ পৰামৰ্শ আৰু গ্লোবেল ষ্টেণ্ডাৰ্টৰ পৰ্যায় পোৱাগৈ নাই।

বিশ্বগুৰু হ’বলৈ উলোৱা ভাৰতৰ স্বাস্থ্যখণ্ডৰ এনে দুখৰীয়া অৱস্থাৰ বিপৰীতে যিসমূহ OECD দেশ আছে তেওঁলোকৰ স্বাস্থ্যখণ্ডই গ্লোবেল ষ্টেণ্ডাৰ্টো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। OECD দেশ ব্ৰিটেইন, বেলজিয়াম, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, তুৰ্কী, দক্ষিণ কোৰিয়া, চিলী, ইষ্টোনিয়া, নিউজিলেণ্ড, কানাডা, অষ্ট্ৰিয়া, হাঙ্গেৰী, আমেৰিকা, ইজৰাইল, ফ্ৰান্স আদি দেশসমূহৰ স্বাস্থ্যখণ্ড ভাৰততকৈ বহু উন্নত। এই দেশসমূহত প্ৰতি ১০০০ জনৰ বিপৰীতে থকা বিচনাৰ সংখ্যা ৩ ৰ পৰা ৮ খন।

এই দেশসমূহৰ স্বাস্থ্যখণ্ড যিদৰে উন্নত সেইদৰে ইয়াৰ জনসাধাৰণো ভাৰতীয়তকৈ যথেষ্ট সুখী আৰু সুস্থ। নানান ৰোগত ৰোগাক্ৰান্ত ভাৰতীয়ৰ বাবে আজিৰ তাৰিখত নিজাকৈ স্বাস্থ্যৰ যতন লোৱাৰ বিষয়টো এক বিলাসীতাৰ বাহিৰে বেলেগ একো নহয়।

ঔষধৰ বৰ্ধিত মূল্য আৰু পৰ্বতসম চিকিৎসা ব্যয়ৰ বাবে সাধাৰণ ৰোগৰো সঠিক চিকিৎসাৰ পৰিবৰ্তে ঈশ্বৰৰ ওচৰত সকলো এৰি জীৱন, জীৱিকা চলাই নিয়া লোকৰ সংখ্যাই সৰ্বাধিক। যদিও ৰাজ্যচৰকাৰসমূহে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে, বিনামূলীয়া স্বাস্থ্য সুবিধাৰ কথা কৈছে তথাপিও কিন্তু এইসমূহৰ পৰা জনসাধাৰণ উপকৃত হোৱা নাই। 

আজিৰ তাৰিখত দেশৰ ভিতৰত স্বাস্থ্য খণ্ডত কেৰালা আৰু তামিলনাডুৰ বাহিৰে আন ৰাজ্যসমূহ বেয়াকৈ বিফল হৈছে। স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি এই দুয়োখন ৰাজ্যতে যথেষ্ট সৱল। কেৰালাত প্ৰতি ১০০০ ব্যক্তিৰ বিপৰীতে আছে ১.১৯ খন বিচনা।

তামিলনাডুত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে ১.০৭ খন বিচনা। ইয়াৰ বিপৰীতে বিহাৰৰ অৱস্থা অতি দুখলগা। ৰাজ্যখনত ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে ০.২২ খন বিচনা। ২৩০ মিলিয়ন জনসংখ্যাৰে দেশৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিচিত উত্তৰ প্ৰদেশত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে মাত্ৰ ০.৩৩ খন বিচনা

সেইদৰে ৰাজস্থানত ১০০০ জন ব্যক্তিৰ বিপৰীতে ০.৮২ খন বিচনা আছে। অৰ্থাৎ এই ৰাজ্যসমূহত ১০০০ জন ব্যক্তিৰ ভিতৰত ১ জনৰ বাবেও নাই বিচনা। মধ্যপ্ৰদেশত আকৌ ১০০০ জন ব্যক্তিৰ বাবে আছে মাত্ৰ ০.৫ খন বিচনা। 
সেইদৰেই কৰ্ণাটকাত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে ০.৮৩ খন, অন্ধ্ৰপ্ৰদেশত ০.৬৭ খন আৰু তেলেংগানাত আছে ০.৫৭ খন বিচনা।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত স্বাস্থ্য আন্তঃগাঁথনিত অসমেই উন্নত। অসমত যথেষ্ট চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়কে ধৰি অন্যান্য চিকিৎসালয় নিৰ্মাণ হৈছে। কিন্তু তাৰ পাছতো অসমৰ স্বাস্থ্য আন্তঃগাঁথনি আজিও যথেষ্ট দুৰ্বল। দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা যথেষ্ট সূচনীয়।

অসমৰ প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে চিকিৎসালয়ত বিচনা আছে মাত্ৰ ০.৫১ খন। উত্তৰ পূৰ্বাঞ্চলৰ  বাকীকেইখন ৰাজ্যত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে বিচনা আছে মাত্ৰ ০.৫ খন।

ৰাজ্যসমূহৰ বিপৰীতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত স্বাস্থ্য আন্তঃগাঁথনি অৱশ্যে যথেষ্ট শক্তিশালী। এই অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনি সমৃদ্ধ অঞ্চল হিচাপে পৰিগণিত হৈছে লক্ষাদ্বীপ। এই অঞ্চলটোত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে ৩.৬২ খন বিচনা।

এয়া গ্লোবেল ষ্টেণ্ডাৰ্টকৈ অধিক। পুডুচেৰীৰো স্বাস্থ্য আন্তঃগাঁথনি যথেষ্ট শক্তাশলী। ইয়াত প্ৰতি ১০০০ জন ব্যক্তিৰ বিপৰীতে বিচনাৰ সংখ্যা ৩.৬ খন। একেদৰে চণ্ডীগড়ত ১০০০ জন ব্যক্তিৰ বিপৰীতে আছে ৩.১৪ খন বিচনা। 

 

স্বাস্থ্য চিকিৎসালয়