ৰাইজৰ পক্ষত আছে, সেয়ে ৰাইজেও মৰম কৰিছে....

অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষত ভৰি দিলে। যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ এই সুদীৰ্ঘ সময়ত অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে অসমৰ সংবাদ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিলে।

author-image
Tushar Pratim
New Update
অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

উদুলি-মুদুলি অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়। নানান প্ৰত্যাহ্বান উফৰাই  গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে ডিব্ৰুগড় সংস্কৰণে। কিদৰে আৰম্ভ হৈছিল ডিব্ৰুগড় সংস্কৰণ? কি কি আছিল প্ৰত্যাহ্বান? ৰাইজৰ সহাৰি কেনেকুৱা? ৰূপালী জয়ন্তীৰ এই সন্ধিক্ষণত কাৰ্যালয়ৰ পৰিবেশ কেনেকুৱা? এই সকলো দিশ সামৰি ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ৰ পৰা তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

‘’উজনি অসমৰ কাকতৰ নিজৰা নৈ হয়গৈ দক্ষিণতহে। কিন্তু সাদিন-প্ৰতিদিন গোষ্ঠী  উজাই আহিছে। যিদৰে অৰুণোদই উলিয়াবলৈ মিছনেৰীসকল উজাই আহিছিল।‘’- ১৯৯৯ চনৰ ১৫ ডিচেম্বৰত অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানৰ ভাষণত এইদৰে কৈছিল বৰেণ্য সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, শিক্ষাবিদ ড০ নগেন শইকীয়াই।

অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষত ভৰি দিলে। যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ এই সুদীৰ্ঘ সময়ত অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে অসমৰ সংবাদ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিলে।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

যিসময়ত এই সংস্কৰণ আৰম্ভ হৈছিল সেই সময়ত ডিব্ৰুগড়খন আজিৰ দৰে নাছিল। বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত দাঁতি কাষৰীয়া মাজুলী, লখিমপুৰ, ধেমাজি আদি জিলাৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত আছিল যথেষ্ট প্ৰত্যাহ্বান। তাৰোপৰি আছিল যথেষ্ট সমস্যা।

সেই অনুসৰি অসমীয়া প্ৰতিদিনৰ বাবে উজনি অসমৰ এটা সংস্কৰণ উলিওৱাৰ ক্ষেত্ৰত যোৰহাট এক সুবিধাজনক ঠাই আছিল। ইতিমধ্যে যোৰহাটে অসমীয়া সংবাদ জগতৰ ইতিহাসত বহু নতুন পৃষ্ঠাৰো সূচনা কৰিছিল।

সেয়ে যোৰহাটৰ সংস্কৰণৰ উলিওৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছিল যদিও সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই ডিব্ৰুগড়কেই প্ৰাধান্য দিছিল। সকলো প্ৰত্যাহ্বান নেওচি ২৪ টা বছৰৰ পূৰ্বে আৰম্ভ কৰিছিল অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ। অৱশ্যে এই ডিব্ৰুগড়ে তাৰো বহু পূৰ্বে ১৮৯৫ তেই অসমৰ সংবাদ সাহিত্যৰ ইতিহাসত নতুন পৃষ্ঠাৰ সূচনা কৰিছিল।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ল সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ড-২০২৪ অনুষ্ঠান। অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ বাবেই এইবাৰ এই অনুষ্ঠানত ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছে।

সমান্তৰালকৈ সজাই পৰাই তোলা হৈছে বৈৰাগীমঠস্থিত ডিব্ৰুগড় সংস্কৰণৰ মূল কাৰ্যালয়। এই কাৰ্যালয়ত ভিৰ কৰিছে কাকতখনৰে জড়িত সাংবাদিক, সংবাদ কৰ্মী আৰু তেওঁলোকৰ আত্মীয়ই। নেতৃত্বত আছে সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী।

প্ৰবীৰ চক্ৰৱৰ্তীয়েই আমাৰ সৈতে চিনাকী কৰাই দিলে সাদিন, প্ৰতিদিন গোষ্ঠীৰ সৈতে অতি নিবিড় সম্পৰ্ক ৰক্ষা কৰি অহা প্ৰবীণ সাংবাদি, নিবন্ধকাৰ, ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি, টাই আহোম সাহিত্য সভাকে ধৰি একাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰে জড়িত শৰৎ চন্দ্ৰ নেওগক।

ডিব্ৰুগড় সংস্কৰণ আৰম্ভ কৰাৰ ক্ষেত্ৰত এইগৰাকী প্ৰবীৰ শৰৎ চন্দ্ৰ নেওগৰো ভূমিকা আছিল উল্লেখনীয়। এসময়ত ‘সাদিন’ৰ ডিব্ৰুগড়ৰ সাংবাদিক হিচাপে দায়িত্ব পালন কৰা নেওগ অকলেই সেই সময়ত ৰাজনীতি, সমাজ, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলো দিশকে সামৰি বাতৰি পৰিবেশন কৰিছিল।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

অসমীয়া প্ৰতিদিনৰ জন্ম লগ্নৰে পৰা জড়িত হৈ থকা নেওগ ডিব্ৰুগড় সংস্কৰণৰ আৰম্ভণিৰ অন্যতম কাণ্ডাৰী। ডিব্ৰুগড়ত কাৰ্যালয় স্থাপনৰ বাবে চহৰৰ মাজমজিয়াত ভূমি বিচৰাৰ পৰা আৰম্ভ কৰি সকলো দিশেই তেওঁ চোৱাচিতা কৰিছিল। 

সেই সময়ৰ মণ্ডল প্ৰয়াত পুতুল বৰঠাকুৰৰ সৈতে চাইকেল লৈ ডিব্ৰুগড়ত কাৰ্যালয়ৰ বাবে কিদৰে এডোখৰ ভূমি বিচাৰিছিল সেই কথা তেওঁ আজি আমাৰ আগত সোঁৱৰিলে। তেওঁৰ মতে নানান প্ৰত্যাহ্বানৰ পাছতো ডিব্ৰুগড় সংস্কৰণৰ সিদ্ধান্ত জয়ন্ত বৰুৱাৰ আছিল এক সাহসী সিদ্ধান্ত।

ডিব্ৰুগড় সংস্কৰণৰ আৰম্ভণিৰ পৰাই ইয়াৰ পৰিচালনাৰ সৈতে জড়িত আছিল প্ৰয়াত নৰেন্দ্ৰ লাল বৰুৱা। কাকতখনৰ প্ৰতি তেওঁৰ অৰিহণা কম নাছিল। এগৰাকী সাধাৰণ চালকৰ পৰা আৰম্ভ কৰি কাকতখনৰ সৈতে জড়িত প্ৰতিগৰাকী সংবাদিক, সংবাদ কৰ্মীৰ খবৰ ৰাখিছিল তেওঁ।

ডিব্ৰুগড় সংস্কৰণৰ বিতৰণৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল সুৰভী সাহিত্য কুটিৰৰ স্বত্বাধিকাৰ শ্ৰীকান্ত ভৰালীয়ে। প্ৰয়াত ছাত্ৰ নেতা কৃষ্ণ প্ৰসাদ দত্ত, সুৰজিৎ সিঙৰ যদিও কাকতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাছিল তথাপিও তেওঁলোকো হৈ পৰিছিল কাকতখনৰ পৰিয়ালৰে সদস্য সদৃশ।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

সাদিনৰ পাছত অসমীয়া প্ৰতিদিনে যিদৰে এক নতুন ধাৰাৰ সৃষ্টি কৰিলে, অসমৰ জনতাই কাকতখনক মৰম দিলে সেইদৰেই ডিব্ৰুগড় সংস্কৰণকো যথেষ্ট মৰম দিছে। ৰাইজৰ পক্ষত থকাৰ বাবেই ৰাইজেও কাকতখনৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি আহিছে।

কথাৰ প্ৰসংগত অসমীয়া প্ৰতিদিনে কিদৰে ৰাইজৰ পক্ষত অৱস্থান কৰিছে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰাত অগ্ৰণী ভূমিকা লৈছে তাৰ এটা সৰু উদাহৰণ দিবলৈ গৈ শৰৎ চন্দ্ৰ নেওগেসোঁৱৰিলে প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ সময়ৰ এক ঘটনাক।

তেতিয়া ৰাজ্যত চলি আছিল সেনা বাহিনীৰ বজৰং অপাৰেচন। স্বাভাৱিকতে উজনি অসমত তেতিয়া এই অপাৰেচন চলি আছিল পূৰ্ণ গতিত। এনে অভিযানৰ মাজতেই সেনা বাহিনীয়ে সংঘটিত কৰিছিল বহু বেআইনী কাৰ্যকলাপ।

তেনে এক বেআইনী কাৰ্যকলাপৰ সাক্ষী হৈছিল ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ বৰবৰুৱা থানাৰ অন্তৰ্গত বাম কলাখোৱা গাঁওখন।এদিন নিশা সেই গাঁওখনত আৰক্ষীৰ সহায়ত অভিযান চলাবলৈ গৈছিল সেনা বাহিনীৰ এটা দলে।

নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ সেই সেনাবাহিনীৰ দলটোৱে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ লগতে আন কেইবাগৰাকীও মহিলাক নিৰ্যাতন কৰিলে। এই বাতৰি অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছিল।

লগে লগে হুলস্থুল হৈছিল সৰ্বত্ৰে। প্ৰতিবাদত উঠলি উঠিছিল ৰাজ্য। ভুক্তভোগী সেই মহিলাগৰাকী আছিল আকৌ সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ভৱেন বৰুৱাৰ সম্পৰ্কীয় ভাগিনীয়েক।

স্বাস্থ্য মন্ত্ৰী ভৱেন বৰুৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ পাছতো শৰৎ চন্দ্ৰ নেওগে ‘’স্বাস্থ্যমন্ত্ৰী ভৱেন বৰুৱাৰ ভাগিনীয়েক সেনাৰ দ্বাৰা ধৰ্ষিত’’ শীৰ্ষক শিৰোনামেৰে বাতৰি কৰিছিল। অসমীয়া প্ৰতিদিনে এই ঘটনাৰ গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰি এক জনমত গঠন কৰাৰ বাবেই পৰৱৰ্তী সময়ত এই অপকৰ্মৰে জড়িত এগৰাকী সেনাৰ ক’ৰ্টমাৰ্শ্বেল হৈছিল। শৰৎ চন্দ্ৰ নেওগৰ মতে এইবোৰ কাৰণতে ডিব্ৰুগড়ৰ ৰাইজে অসমীয়া প্ৰতিদিনক আপোন জ্ঞান কৰি আহিছে।

ডিব্ৰুগড় সংস্কৰণে এনে এক সময়ত ৰূপালী জয়ন্তী বৰ্ষত ভৰি থৈছে যিসময়ত সংবাদ মাধ্যমো বিভিন্ন কাৰণত প্ৰশ্নৰ সন্মুখীন হৈছে। প্ৰশ্ন উঠিছে সংবাদ মাধ্যমৰ ভূমিকাক লৈ।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

কিন্তু তেনে এক সময়তো সকলো প্ৰত্যাহ্বান নেওচি ৰাইজৰ পক্ষত অৱস্থান লোৱাৰ বাবেই সাদিন প্ৰতিদিন গোষ্ঠী আৰু ইয়াৰ সংবাদ কৰ্মীসকলক ৰাইজে আন্তৰিকতাৰে আদৰি লৈছে বুলিও কবলৈ পাহৰা নাই ডিব্ৰুগড়ৰ সচেতন ৰাইজে। 

আজি ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত সৃষ্টি হৈছে এক উখল-মাখল পৰিবেশ। ৰূপালী জয়ন্তীৰ বাবে কাটিছে কেক। কাৰ্যালয়ৰ সাংবাদিক, সংবাদকৰ্মীসকলৰ কাষত উপস্থিত হৈছেহি অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা।

তেওঁৰ সৈতে আহিছে একালৰ অসমীয়া প্ৰতিদিনৰ সম্পাদক হাইদৰ হুছেইন, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞা। আহিছে জয়ন্ত বৰুৱাৰ পত্নী ৰুবী বৰুৱা, প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামী আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, প্ৰতিদিন টাইমৰ মহা প্ৰবন্ধক গৌৰৱ গোস্বামী।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

গুৱাহাটীৰ কাৰ্যালয়ৰ দৰেই ডিব্ৰুগড় কাৰ্যালয়ত আহি অতি ব্যস্ত হৈ পৰিছে কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা। এচিভাৰ এৱাৰ্ডাছ-২০২৪ ৰ অনুষ্ঠান সামৰিয়েই তেওঁ আহিছে এই কাৰ্যালয়লৈ। লগত আহিছে জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ পাঠক, হেমন্ত বৰুৱা আদি। গুৱাহাটী কাৰ্যালয়ৰ দৰেই ডিব্ৰুগড় কাৰ্যালয়তো তেওঁলোকৰ ব্যস্ত হৈ পৰিছে।

এচিভাৰ এৱাৰ্ড অনুষ্ঠানত বিশেষ সন্মান লাভ কৰা জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ো ৰৈ থকা নাই। বঁটা গ্ৰহণ কৰাৰ পূৰ্বে যিদৰে হাতত কেমেৰা লৈ ফটো তুলিছে সেইদৰেই বঁটা গ্ৰহণৰ পাছতো ফটো তুলিছে। ডিব্ৰুগড় কাৰ্যালয়তো তেওঁ হাতত কেমেৰা লৈ ৰূপালী জয়ন্তীৰ কেক কটা পৰ্বৰ সকলো দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিছে।

অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণ

এইদৰেই আজি ডিব্ৰুগড় সংস্কৰণৰ কাৰ্যালয়ত সৃষ্টি হৈছে এক উদুলি মুদুলি পৰিবেশ। তাৰ মাজে মাজে আকৌ ৯ ডিচেম্বৰৰ সন্ধিয়া চৌকিদিঙ্গী খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিদিন লাইভ ইন কনচাৰ্ট অনুষ্ঠান আৰু ১০ ডিচেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচনৰো প্ৰস্তুতি চলিছে।

জয়ন্ত বৰুৱা সাদিন প্ৰতিদিন গোষ্ঠী