Advertisment

কিয় চৰ্চাত 'DeepSeek' ?

বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৰঙা চীনৰ DeepSeek R1-এ। প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া চীনৰ এই DeepSeek R1 এ আত্মপ্ৰকাশ কৰিয়েই বিশ্বৰ প্ৰযুক্তিৰ জগতখনত হাহাকাৰ লগাইছে।

author-image
Tushar Pratim
New Update
কিয় চৰ্চাত 'DeepSeek' ?

'DeepSeek'- পূৰ্বে নুশুনা এই শব্দ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে উচ্চাৰিত হৈছে। এই DeepSeek- এ মহাশক্তিশালী আমেৰিকাৰ এ আই প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈয়ো নমাই আনিছে প্ৰত্যাহ্বান। শ্বেয়াৰ বজাৰৰ পৰা এই DeepSeek ৰ বাবেই হেৰাইছে ৬০০ বিলিয়নতকৈ অধিক ধন। কিন্তু কি এই DeepSeek? ইয়াৰ কাম কি? ক'ৰ পৰা আহিল এই DeepSeek? ই কেনেকৈ কাম কৰে? DeepSeek এ কাৰ বাবে আনিছে প্ৰত্যাহ্বান? এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৰঙা চীনৰ DeepSeek R1-এ। প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া চীনৰ এই DeepSeek R1 এ আত্মপ্ৰকাশ কৰিয়েই বিশ্বৰ প্ৰযুক্তিৰ জগতখনত হাহাকাৰ লগাইছে।আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে সৰ্বশক্তিমান ৰাষ্ট্ৰও এতিয়া DeepSeek R1 গ্ৰাসত পৰি দিশহাৰা হৈ পৰিছে। 

মাত্ৰ এটা সপ্তাহৰ আগত চীনৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সংস্থাই আৰম্ভ কৰিছিল DeepSeek R1 নামৰ এটা এ আই মডেল। চীনৰ হেজ ফাণ্ড সংস্থা হাই ফ্লায়াৰৰ মালিকানাধীন এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্লেটফৰ্মৰ বাবেই ত্ৰাহি মধুসুধন কাঢ়িবলৈ বাধ্য হৈছে চিলিকন ভেলীয়ে।

আপুনি যদি ছ’চিয়েল মিডিয়ে ব্যৱহাৰ কৰে তেন্তে ইতিমধ্যে এই DeepSeek বিষয়ে শুনিছে বাবে এই সম্পৰ্কে বিভিন্ন ফটোযুক্ত বাৰ্তা পাইছে। এই বিষয়ত হোৱা আলাপ-আলোচনাও দেখিছে। এই DeepSeek বিশ্ববাসীৰ বাবে একেবাৰেই নতুন শব্দ। মাত্ৰ এটা সপ্তাহ পূৰ্বে প্ৰথমবাৰৰ বাবে বিশ্ববাসীয়ে শুনিছিল DeepSeek শব্দটো।

মাত্ৰ এসপ্তাহৰ পূৰ্বে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত পোৱা গৈছিল DeepSeek ক। এই এটা সপ্তাহতে এ আই জগতত DeepSeek-এ আলোড়ণ আনিবলৈ সক্ষম হৈছে।

কি এই DeepSeek R1? 


DeepSeek R1 কি সেই প্ৰশ্নৰ উত্তৰ সহজ। কিন্ত ইয়াৰ ব্যাখ্যা, ই কিদৰে কাম কৰে সেয়া প্ৰযুক্তি সন্দৰ্ভত নাম মাত্ৰ জ্ঞান থকাসকলৰ বাবে ইমান সহজ নহয়। DeepSeek R1 কি সেই প্ৰশ্নৰ পোনপটিয়া উত্তৰ হৈছে- ই এবিধ একেবাৰে নতুন এ আই মডেল। চীনৰ লিয়াং ৱেনফেং নামৰ এজন অভিযন্তা আৰু উদ্যোগীৰ দ্বাৰা DeepSeek প্ৰতিষ্ঠা কৰা হৈছিল। লিয়াং ৱেনফেং আৰু তেওঁৰ সহযোগীসকল চীনৰ বিখ্যাত চিংঘুয়া আৰু পিকিং বিশ্ববিদ্যালয়ৰ স্নাতক ছাত্ৰ। 

তেওঁলোকে নিৰ্মাণ কৰা DeepSeek ৰ বৰ্তমান দুটা মডেল আছে। ইয়াৰে এটা হৈছে DeepSeek R1 আৰু আনটো হৈছে DeepSeek R1 Zero। ইয়াৰে DeepSeek R1 মডেলটো সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। কিন্তু এই দুয়োটা মডেলৰ মাজত পাৰ্থক্য কি সেয়া এতিয়াও স্পষ্ট নহয়। DeepSeek R1 হৈছে অপেন ছ’ৰ্ছ। ইয়াক ব্যৱহাৰৰ বাবে ব্যৱহাৰকাৰীয়ে ধন খৰচ কৰিব নালাগে।


DeepSeek R1 এ প্ৰথমটো ডাঙৰ আঘাট কৰিলে শ্বেয়াৰ বজাৰত   


DeepSeek R1 চৰ্চালৈ আহে যোৱা সপ্তাহত আমেৰিকাৰ শ্বেয়াৰ বজাৰত হোৱা বিপৰ্যয়ৰ পাছত। ২৪ জানুৱাৰী, শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত S&P 500 ষ্টকৰ সূচক ৬,১০০ পইণ্টত বন্ধ হয়। ২৭ জানুৱাৰীৰ পুৱা বজাৰ মুকলিৰ সময়ত এই পইণ্ট হয়গৈ ৫,৯৬৯। মাজৰ ময়ছোৱাত S&P 500 সূচকত ২.১৬ শতাংশ হ্ৰাস পায়। সেই দিনা দিনটোৰ শেষত এই সূচকৰ কিছু পুনৰুদ্ধাৰ হয় যদিও বজাৰ পূৰ্বৰ তুলনাত ১.৭ শতাংশ হ্ৰাস পায়।

একেদৰে আমেৰিকাৰ আন এক শ্বেয়াৰ সূচক নাছডেকো (NASDAQ) এই সময়ত  প্ৰায় ২.৮ শতাংশ হ্ৰাস পালে। ছেমিকণ্ডাক্টৰ উৎপাদক বজাৰৰ একচেটিয়া অধিকাৰী এনভিডিয়া (NVIDIA Corp)ই এই সময়ত ১৭  শতাংশ শ্বেয়াৰ হেৰুৱালে। ফলত শ্বেয়াৰ বজাৰৰ পৰা ৬০০ বিলিয়ন ডলাৰ নোহোৱা হ’ল। এই ৬০০ বিলিয়ন ডলাৰৰ পৰিমাণ কিমান হ'ব সেয়া মাত্ৰ এটা উদাহৰণে স্পষ্ট কৰিব।

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃতি পোৱা মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০০ বিলিয়ন ডলাৰ। গতিকে ৬০০ বিলিয়ন ডলাৰ কিমান হ’ব সেয়া এতিয়া সহজেই অনুমেয় হৈ পৰিছে। এনভিডিয়াৰ দৰেই আন বহু কেইটা প্ৰতিষ্ঠানে বজাৰত বৃহৎ লোকচানৰ সন্মুখীন হ'ল এই DeepSeek R1 ৰ বাবেই। 

চীনা প্ৰতিষ্ঠান DeepSeek-এ দাবী কৰিছে তেওঁলোকে আমেৰিকান কোম্পানীবোৰতকৈ বহু কম খৰচত এই এ আই মডেল প্ৰস্তুত কৰিছে।ইয়াক ব্যৱহাৰৰ বাবেও ব্যৱহাৰকাৰীয়ে কোনো ধন বিনিয়োগ কৰিব নালাগে। ইয়াৰ লগে লগে DeepSeek R1 নামৰ এই এপটো অতি দ্ৰুত গতিত ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিবলৈ আৰম্ভ কৰিছে। এপলৰ এপ ষ্টোৰত এই এপ ডাউনলোডে শীৰ্ষত আৰোহণ কৰিছে।

অন্য এ আই সংস্থাতকৈ DeepSeek R1 পৃথক কিয়? 

DeepSeek R1ৰ এই এ আই মডেল বাণিজ্যিকীকৰণ কৰাৰ কোনো পৰিকল্পনা নাই। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে কেৱল গৱেষণাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। আনহাতে, DeepSeek R1 এ তেওঁলোকৰ ব্যয়ৰ বাবে বাইডু, আলিবাবা বা বাইটডান্সৰ দৰে ডাঙৰ প্ৰযুক্তি শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। হেজ-ফাণ্ড ফাৰ্ম হাই ফ্লায়াৰ তেওঁলোকৰ একমাত্ৰ শক্তি।

এ আই আৰু প্ৰযুক্তি জগতত কিদৰে জোকাৰণি তুলিলে ডিপছিকে

DeepSeek R1 ৰ এ আই মডেলৰ উত্থান আৰু সফলতাই কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত চিলিকন ভেলী আৰু আমেৰিকান চৰকাৰৰ যি আধিপত্য আছিল তাৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।আমেৰিকাৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে বিশ্বাস কৰিছিল, তেওঁলোক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বহু আগবাঢ়ি আছে। 

তেওঁলোকৰ লগত থকা বিশাল অৰ্থভাণ্ডাৰৰ বাবেই যেতিয়াই মন তেতিয়াই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰথম শাৰীৰ প্ৰতিভাসমূহ আমদানি কৰিব পাৰে। তেওঁলোকে বিত্তশালী হোৱাৰ বাবেই বৃহৎ ডাটা কেন্দ্ৰ নিৰ্মাণৰ বাবেও যথেষ্ট বিনিয়োগ কৰিব পাৰে। যাৰ জৰিয়তে অত্যাধিক ব্যয়বহুল আৰু উচ্চ-স্তৰৰ চিপ ক্ৰয় কৰিব পাৰে।

কিন্তু DeepSeek R1-এ তেওঁলোকলৈ এতিয়া প্ৰত্যাহ্বান নমাই আনিছে। কিয়নো অপেন এ আই আজিৰ পৰা ১০  বছৰ আগয়ে প্ৰতিষ্ঠা কৰা হৈছিল। এই ক্ষেত্ৰখনত  এতিয়া আমেৰিকাৰ প্ৰতিষ্ঠানসমূহে ৪৫,০০০ বিশেষজ্ঞ নিয়োগ কৰিছে। তেওঁললোকে বজাৰৰ পৰা মুঠ ৬.৬ বিলিয়ন ডলাৰ মূলধন সংগ্ৰহ কৰিছে। 

ইয়াৰ বিপৰীতে DeepSeek মাত্ৰ দুবছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত মাত্ৰ ২০০ জন লোকেহে কাম কৰে। তেওঁলোকে এটা সপ্তাহতে বজাৰৰ পৰা মাত্ৰ ১০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। এতিয়ালৈকে, এ আইৰ ওপৰত গৱেষণা কৰিবলৈ বা এনে সংগঠন চলাবলৈ কোটি কোটি টকা লাগে বুলিয়েই ধাৰণা কৰা হৈছিল। কিন্তু DeepSeek এ এই ধাৰণাক সম্পূৰ্ণ অসত্য হিচাপে প্ৰমাণিত কৰিলে। 

 

এ আই প্ৰযুক্তি