/asomiyapratidin/media/media_files/2025/03/13/lzaqmfAXEgWF4VBfmoyR.jpg)
ইছলাম ধৰ্মীয় লোকসকলৰ পঞ্চস্তম্ভৰ অন্যতম দুই স্তম্ভ হৈছে ৰোজা আৰু হজ। ৰমজান মাহ উপলক্ষে তেওঁলোকে ৰোজা ৰাখিছে। তাৰোপৰি হজ কৰিবলৈ মক্কালৈ যায় তেওঁলোক। মক্কালৈ যাবলৈ প্ৰয়োজন যথেষ্ট ধনৰ। কিন্তু এনে এটা গুহাৰ সন্ধান পোৱা গৈছে যি গুহাৰে হেনো ডেৰ ঘণ্টাতে পাবগৈ পাৰি মক্কা। কিমান সত্য এই কথা? ক'ত আছে এই গুহা? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
চলি আছে পবিত্ৰ ৰমজান মাহ। ইছলামিক বৰ্ষ পঞ্জিকাৰ নৱম মাহ ৰমজান। এই পবিত্ৰ মাহটোত সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকসকলে ইছলামৰ পঞ্চস্তম্ভৰ অন্যতম উপবাস বা ৰোজা পালন কৰে।
ইছলাম ধৰ্মীয় লোকসকলৰ এই পবিত্ৰ মাহটোতে আহক আপোনালোকক আজি লৈ যাওঁ পবিত্ৰ মক্কালৈ। অৱশ্যে আমি আজি মক্কালৈ স্থলপথ, জলপথ অথবা আকাশী পথেৰে নাযাওঁ। আজি আমি মক্কালৈ যাম এটা গুহাৰেহে। আমাৰ এই গুহাৰে মক্কা যাত্ৰা আৰম্ভ হ’ব ইণ্ডোনেছিয়াৰ পৰা।
প্ৰথমে জানি লওঁ আহক মক্কালৈ কিয় যায় ইছলামধৰ্মীয় লোকসকল?
মক্কালৈ যোৱাৰ পূৰ্বে আমি জানি লওঁ আহক ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ বিষয়ে। ইছলাম ধৰ্মত যি পঞ্চস্তম্ভৰ কথা কোৱা হৈছে সেই পঞ্চস্তম্ভ হৈছে কলিমা বা তৌহিদ, নামাজ, ৰোজা, জাকাত আৰু হজ। আজি আমি এই লেখাৰ মাজেৰেই কৰিম হজ যাত্ৰা। যি যাত্ৰাৰ আৰম্ভ হ’ব এটা গুহাৰে।
কলিমা বা তৌহিদ হৈছে মহম্মদ আল্লাহ প্ৰেৰিত ৰছুল আৰু আল্লাহ এক বুলি কৰা বিশ্বাস। দ্বিতীয় স্তম্ভ নামাজ অনুসৰি দিনটোত পাঁচবাৰকৈ নমাজ পঢ়া এজন মুছলমানৰ বাবে জৰুৰী৷ তৃতীয় স্তম্ভ ৰোজা।
ৰোজাৰ মতে ৰমজান মাহত মুছলমান লোকসকলে সূৰ্য উদয় হোৱাৰ আগতেই খাদ্য গ্ৰহণ কৰি দিনটো উপবাসে থাকি পুনৰ সূৰ্যাস্তৰ পাছতহে খাদ্য গ্ৰহণ কৰিব পাৰে৷ চতুৰ্থ স্তম্ভ জাকাত হৈছে দুখীয়া আৰু আৰ্তজনক দিয়া দান।
পঞ্চম স্তম্ভ হৈছে হজ। সুস্থ, সক্ষম মুছলমান লোকসকলে জীৱনত এবাৰ হ’লেও হজলৈ যাবলৈ আশা কৰে৷ যিদৰে হিন্দু ধৰ্মীয় লোকে গংগা স্নান কৰি পাপ মুক্ত হোৱাৰ বিশ্বাস সেইদৰেই হজ কৰি মুছলমান লোকসকলে অতীতৰ পাপ মচি পেলাব পাৰে বুলি বিশ্বাস কৰে।
ইছলাম ধৰ্মীয় লোকৰ বিশ্বাস হজৰ পিছত ব্যক্তিজনৰ অতীতৰ সকলো পাপ খণ্ডন হয়। হজৰ পাছত নতুন জীৱন আৰম্ভ হয়৷ সেয়ে বিশ্বৰ প্ৰতিটো কোণৰ পৰা মক্কাত লৈ যায় ইছলামধৰ্মীয় লোক।
চাই লওঁ আহক হজৰ ইতিহাস
প্ৰায় চাৰি হাজাৰ বছৰ আগতে মক্কা সম্পূৰ্ণ নিৰ্জন অঞ্চল আছিল। বিশ্বাস অনুসৰি আল্লাহে প্ৰথম পত্নী ছাৰা কল্ডৰ পৰা ৰক্ষা পাবলৈ হজৰত ইব্ৰাহিমক তেওঁৰ পত্নী হাজৰা আৰু পুত্ৰ ইছমাইলক পেলেষ্টাইনৰ পৰা আৰৱলৈ পঠিয়াই দিবলৈ নিৰ্দেশ দিছিল। আল্লাহে হজৰত ইব্ৰাহিমক ভাগ্যৰ ওপৰতে সকলো এৰি দিবলৈ কৈছিল।
আৰৱলৈ প্ৰেৰণ কৰাৰ সময়ত তেওঁলোকৰ হাতত দিছিল কিছু খাদ্য সামগ্ৰী আৰু পানী। কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেই খাদ্য আৰু পানী কেইটামান দিনতে শেষ হয়। খাদ্য আৰু পানীৰ অভাৱত হাজৰা আৰু ইছমাইল ভোক আৰু পিয়াহত আতুঁৰ হৈ পৰিল৷
বিশ্বাস অনুসৰি মক্কাৰ ছাফা আৰু মাৰৱাৰ পাহাৰৰ পৰা হাজৰা সহায় বিচাৰি তললৈ নামি আহিছিল। ভোকে, পিয়াহে ভাগৰত ক্লান্ত হৈ পৰা হাজৰাই দুখ, কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা বা দোৱা কৰিলে।
একেদৰে ভোকে, পিয়াহে ক্লান্ত হৈ কান্দোনত ভাগি পৰিছিল ইছমাইলো। ইছমাইলে ভোকে, পিয়াহে কান্দি কান্দি মক্কাৰ মাটিত গুৰিয়াই থকাত হঠাৎ মাটিৰ পৰা পানীৰ এটা ফোঁৱাৰা ওলাই আহে৷ সেই পানীয়েই ইছমাইল আৰু তেওঁৰ পৰিয়ালটোক সঁকাহ দিয়ে।
ইছমাইলৰ মাতৃ হাজাৰাই সেই পানীৰ ফোঁৱাৰাটোৰ পৰাই প্ৰয়োজনীয় পানী সংগ্ৰহ কৰিছিল। পাছত সেই পানীৰ কুঁৱাটোকেই আব-ঈ-জমজাম অৰ্থাৎ জমজম কুঁৱা বুলি বিশ্বাস কৰা হয়৷ ইছলাম ধৰ্মীয় লোকসকলে এই পানীক আটাইতকৈ পৱিত্ৰ পানী বুলি গণ্য কৰে। হজলৈ যোৱা লোকসকলে এই পানী নিজৰ ঘৰলৈ আনে।
হজৰত ইব্ৰাহিম যেতিয়া পেলেষ্টাইনৰ পৰা উভতি আহে তেওঁ দেখে আৰৱৰ মৰুভূমিতো তেওঁৰ পৰিয়ালে ভালদৰেই জীৱন যাপন কৰি আছে৷ ইফাসে সেই সময়তে আকৌ আল্লাহে হজৰত ইব্ৰাহিমক সপোনত যি স্থানত পানীৰ ফোঁৱাৰাটো আছে সেই স্থানক মুছলমানৰ এক তীৰ্থস্থানৰ নামত উচৰ্গা কৰিবলৈ নিৰ্দেশ দিয়ে৷
বিশ্বাস অনুসৰি তেতিয়াই আব্ৰাহাম আৰু ইছমাইলে সেই স্থানত শিলৰ এটা সৰু ঘৰ নিৰ্মাণ কৰে। ইয়াকে কাবা বোলা হয়। ইছলামধৰ্মীয় লোকসকল প্ৰতি বছৰে ইয়ালৈ আহে৷ ইফালে এই স্থানত মানুহৰ সমাগম বৃদ্ধি পোৱাত প্ৰাৰ্থনাৰ বাবে মানুহৰ ভিৰ হোৱাৰ লগতে ধৰ্মীয় অনিয়মো বৃদ্ধি পায়।
সেয়ে অন্তিমগৰাকী পয়গম্বৰ হজৰত মহম্মদক আল্লাহে কাবাক পুনৰ পূৰ্বৰ দৰে কৰি তুলিবলৈ নিৰ্দেশ দিয়ে বুলি বিশ্বাস আছে। লগতে আল্লাহে তেওঁক এই স্থানত যাতে আল্লাহৰহে উপাসনা চলে তাৰো ব্যৱস্থা কৰিবলৈ কয়। আল্লাহৰ সেই নিৰ্দেশ মতেই ৬২৮ চনত হজৰত মহম্মদে তেওঁৰ ১৪০০ অনুগামীৰ সৈতে এক যাত্ৰা আৰম্ভ কৰিছিল।
এই যাত্ৰাই ইছলামৰ প্ৰথম তীৰ্থ যাত্ৰা হিচাপে পৰিগণিত হয় আৰু এই যাত্ৰাৰেই হজৰতে কাবাত ধৰ্মীয় পৰম্পৰা পুনৰ প্ৰতিষ্ঠা কৰে। এই যাত্ৰাকেই পাছলৈ হজ বোলা হয়।
আহক আৰম্ভ কৰো এটা গুহাৰে আমাৰ হজ যাত্ৰা
আমাৰ এই যাত্ৰা আৰম্ভ হ’ব ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ পামিজাহান গাঁৱৰ পৰা। এই গাঁৱতে আছে ছাফ্ৰা ছাফাৰৱাদী উপত্যকাৰ এটা অতি প্ৰাচীন গুহা। এই গুহাৰ সন্মুখত হাজাৰ হাজাৰ মানুহ। সকলোৰে মাজত কৌতুহল, এই গুহাৰে কেনেকৈ যায় মক্কালৈ? সঁচাকৈয়ে এই গুহাৰে যাব পাৰিনে মক্কালৈ?
এই গুহাটোৰ কাষতে আছে শ্বেইখ আব্দুল মুহীৰ সমাধিক্ষেত্ৰ। এই গুহাৰো ইয়াৰ পূৰ্বে কোনোবা মক্কালৈ গৈছেনে? কোনে প্ৰথমে এই গুহাৰে মক্কালৈ গৈছিল? নাই, এই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত এতিয়া নাই। কিন্তু লাখ লাখ মানুহে কয় এই গুহাৰেই যাব পাৰি পবিত্ৰ মক্কালৈ।
মানুহৰ মতে মাত্ৰ ডেৰ ঘণ্টাতে এই গুহাটোৰে গৈ পাব পাৰি মক্কা। আল্লাহৰ নাম লৈ এই গুহাটোৰ ভিতৰত সোমাই গ'লেই আপুনি অন্ধকাৰৰ মাজেৰে হাতত টৰ্ছ বা আন তেনে পোহৰৰ সামগ্ৰী লৈ আগলৈ খোজ দিব লাগিব।
ফেব্ৰুৱাৰী, মাৰ্চ মাহতো এই গুহাটোৰ ভিতৰত প্ৰতি খোজে খোজে আপুনি পাব পানীৰ উপস্থিতি। গুহাটোৰ ওপৰৰ পৰা টোপাল টোপাল পানী পৰি থাকিব। টোপ টোপকৈ পৰি থকা পানীৰ শব্দ আৰু দূৰৰ পৰা ভাঁহি অহা নামাজৰ শব্দই আপোনাক আল্লাহৰ অধিক কাষলৈ লৈ যাব। যেন আৰু দুখোজ আগলৈ দিলেই আপুনি পাব পবিত্ৰ মক্কা।
মনৰ মাজত সৃষ্টি হোৱা এই উৎকণ্ঠাক কিছু নিয়ন্ত্ৰিত কৰিব লাগিব আপুনি। ইতিহাসবিদসকলৰ মতে ১৭ শতিকাত দক্ষিণ পশ্চিম জাভাত ইছলাম ধৰ্ম প্ৰচাৰ কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল শ্বেইখ আব্দুল মুহী। তেওঁ এই অঞ্চলত মানুহৰ মাজত ইছলাম বাণী বিলাই এই গুহাটেই আল্লাহৰ ওচৰত দোৱা কৰিছিল।
ইয়াতেই ১৭৩০ চনত তেওঁৰ মৃত্যু হৈছিল। গুহাটোৰ পৰা মাত্ৰ ৮০০ মিটাৰ আঁতৰত তেওঁক সমাধিস্থ কৰা হৈছিল। আন এক বিশ্বাস মতে আকৌ ইণ্ডোনেছিয়াৰ এই গুহাৰ কাষতে ৯ গৰাকী অতি পূজনীয় ধৰ্মীয় ব্যক্তি ৱালী সংঘৰ লগ হোৱা ঠাই।
মানুহে কয় গুহাৰ ভিতৰত থকা পথেৰেই ৱালী সংঘ (ধৰ্মীয় ব্যক্তিসকল) নিজ নিজ চহৰৰ পৰা অতি বেগেৰে আহি ইয়াত একত্ৰিত হয় আৰু একেলগে দোৱা কৰে। গুহাটোৰ ভিতৰলৈ সোমাই আহি আপুনি সোঁফালে চালে দেখিব এটা কোঠা।
ইয়াতেই হেনো শ্বেইখ আব্দুল মুহীয়ে বহিছিল। এতিয়া ইয়াত আপুনি দেখিব এই পথেৰে মক্কালৈ যাব বিচৰা লোকসকলে নামাজ আদায় কৰাৰ দৃশ্য। ইয়াৰ পৰা কিছু আগলৈ গ’লে আপুনি গুহাৰ ভিতৰতে পাব এটা সৰু পুখুৰী। এই পুখুৰীৰ পানী হেনো অতি পবিত্ৰ। ভাগৰুৱা মানুহে ইয়াৰেই পানী খোৱা দৃশ্যও দেখিব আপুনি।
ইয়াৰ পৰা আগলৈ আছে কিছু দীঘলীয়া ছিৰি। এই ছিৰিৰে উঠি গ’লে আৰু এটা ডাঙৰ কোঠালি পাব আপুনি। ইয়াক মানুহে ইয়াত মছজিদ বুলি কয়। সেয়ে ইয়াত বহুতেই আদায় কৰে নামাজ। ইয়াৰ পৰা আগলৈ আছে এটা কৰিডৰ। শ্বেইখ আব্দুল মুহীয়ে হেনো এই পথেৰেই গৈছিল মক্কালৈ।
ইয়াৰ পৰা আগলৈ যাবলৈ হ’লে আপুনি বহু কষ্ট কৰিবলৈ সাজু হ’ব লাগিব। এই পথেৰে আগুৱাবলৈ আপুনি কোজা হৈ যাব লাগিব বা বহি ল’ব লাগিব। কিন্তু ইয়াৰ পৰা আৰু কিমান দূৰ গ’লে আপুনি পাব মক্কা?
নাই সেই উত্তৰ আমাৰ হাতত নাই। এই পথেৰে গৈ থাকিলে আপুনি সঁচাকৈয়ে মক্কা পাবনে? ইয়াৰ উত্তৰো নাই আমাৰ হাতত। এই উত্তৰ দিব নোৱাৰে কোনেও। কোনোবা এই পথেৰে গৈ মক্কা পাইছেগৈ নে? নাই সেই উত্তৰো নাই কাৰো হাতত।
সঁচাকৈয়ে এই গুহাৰে গ’লে মক্কা পাইগৈ নে?
ছাফ্ৰা উপত্যকাৰ এই প্ৰাচীন গুহাৰে গ’লে মক্কা পাইগৈ নে নাই সেই উত্তৰ কোনেও দিব নোৱাৰে। জন বিশ্বাস মতেই ইছলাম ধৰ্মীয় লোকে এই পথেৰে মক্কালৈ যাব পাৰি বুলি বিশ্বাস কৰে।
এই গুহাত প্ৰতিদিনে ভিৰ কৰে হাজাৰ হাজাৰ ইছলামধৰ্মীয় লোকে। ইণ্ডোনেছিয়াৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম এই গুহা। পূৰ্বে এয়া এক সাধাৰণ পৰ্যটন কেন্দ্ৰ আছিল যদিও এতিয়া ই এক ধৰ্মীয় পৰ্যটনস্থলীলৈহে পৰিণত হৈছে।
এই গুহাৰ ভিতৰলৈ দৈনিক হাজাৰ হাজাৰ লোক আল্লাহৰ নাম লৈ সোমাই যায়। গুহাৰ ভিতৰত নামাজ আদায় কৰে। সকলো আকৌ যোৱাৰ পথেৰেই উভতি আহে। মক্কা কোনো নাপায়গৈ। অৱশ্যে তেওঁলোকে বিশ্বাস কৰে ইয়াত আদায় কৰা নামাজেই তেওঁলোকক মক্কাৰ হজলৈ যোৱাৰ সুযোগ দিব।
বিশ্বাস বনাম অন্ধ বিশ্বাস
যোৱা সময়ছোৱাত বিশ্বজুৰি এনে কিছু ভিডিঅ’ ভাইৰেল হৈছে য'ত কোৱা হৈছে ছাফাৰাৱাদী গুহাৰে যাব পাৰি মক্কালৈ। এই গুহাৰে মক্কালৈ যোৱা এটা গোপন পথ আছে।
এগৰাকী ভিডিঅ’ প্ৰস্তুতকৰ্তাই জনোৱা মতে এগৰাকী ট্যুৰ গাইডে তেওঁক এই গুহাৰে মক্কালৈ যোৱা গোপন পথ থকাৰ কথা কৈছিল। ভিডিঅ’ত দেখা গৈছিল গুহাটোৰ ভিতৰত মানুহবোৰ যেতিয়া সোমাই গৈছিল তেওঁলোকে আল্লাহৰ নাম লৈ প্ৰবেশ কৰিছিল।
ইণ্ডোনেছিয়াৰ দুই বৃহৎ ইছলামিক সংগঠনৰ অন্যতম মুহাম্মাদিয়াহৰ অধ্যক্ষ দাদং কাহমাদৰ মতে ইণ্ডোনেছিয়াৰ বহু লোকে এতিয়াও অলৌকিকতাত বিশ্বাস কৰে। তেওঁৰ মতে অন্ধবিশ্বাসী মানুয়েহে এই গুহাৰে মক্কালৈ যোৱাৰ দৰে অযুক্তিকৰ কথাত বিশ্বাস কৰে। এনে অন্ধ বিশ্বাস দূৰ কৰিবলৈকে শিক্ষাৰ প্ৰয়োজন।
ছাফাৰাৱাদী গুহাৰ প্ৰৱেশদ্বাৰত দীৰ্ঘদিন ধৰি সুৰক্ষা কৰ্মত নিয়োজিত এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা ৭ বছৰ ধৰি তেওঁ ইয়াত কৰ্মত নিয়োজিত হৈ আছে যদিও পূৰ্বে কোনেও প্ৰবেশৰ পূৰ্বে তালবিয়া (প্ৰাৰ্থনা) পঢ়া নাছিল। কিন্তু হঠাৎ মানুহবোৰে এতিয়া তালবিয়া পঢ়িবলৈ লৈছে।
ইণ্ডোনেছিয়াত এনে ধৰণৰ প্ৰাচীন গুহা বহু আছে। সেয়ে বহু স্থানীয় সচেতন আৰু বিজ্ঞানমনস্ক ইছলামধৰ্মীয় মানুহেই দাবী কৰে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা ইণ্ডোনেছিয়াৰ এই গুহাবোৰ সাধাৰণ পৰ্যটনস্থলীয়েই হৈ থাকক। এই গুহাৰে মক্কালৈ যোৱাৰ বাট বিচৰাতকৈ মক্কালৈ যোৱা যিবোৰ সাধাৰণ পথ আছে সেই বোৰহে ব্যৱহাৰ কৰক।
ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ ধৰ্মীয় আৰি সাংস্কৃতিক নৃতত্ত্ব বিভাগৰ বিশেষজ্ঞ আমানা নোৰিছে ছাফাৰাৱাদী এই গুহাৰ সৈতে থকা বিশ্বাসক অৱশ্যে সাধাৰণভাৱেই লৈছে। তেওঁৰ মতে ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ পূৰ্বপুৰুষসকলে প্ৰাচীনকালৰে পৰা ৰহস্যময় বস্তুৰ সৈতে সহৱস্থান কৰি আহিছে।
আন একাংশৰ মতে এয়া আকৌ এক চুফীবাদৰ প্ৰভাৱ। চুফীবাদে মানুহক ঈশ্বৰৰ ওচৰৰ অনুভৱ কৰাই। ইণ্ডোনেছিয়াৰ লোকসকলে লোককথাত অধিক বিশ্বাস কৰে। সেয়ে বহুতেই এই লোককথাকেই বিশ্বাস কৰি মক্কালৈ যাবলৈ ধন নোহোৱাৰ বাবে এই পথেৰেই মক্কালৈ যাব পাৰি বুলি থকা ধাৰণাক সৰোগত কৰিয়েই ইয়ালৈ আহে আৰু নামাজ আদায় কৰি মক্কালৈ যোৱাৰ সুযোগ পোৱাৰ আশাত বন্দী হৈ থাকে।