নতুন ৰূপ পাব ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই...

৩ বছৰ সম্পূৰ্ণ হোৱাৰ দিশে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। আৰু মাত্ৰ ১২ টা দিন অতিক্ৰম কৰিলেই ৩ বছৰ সম্পূৰ্ণ হ’ব ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ। ইতিমধ্যে দুয়োখন দেশৰ সেনাই যুঁজি যুঁজি ভাগৰি পৰিছে।

author-image
Asomiya Pratidin
New Update
নতুন ৰূপ পাব ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই...

শেষ নোহোৱা এখন যুদ্ধ। যুদ্ধৰ খবৰ ৰখা সকলেও খবৰ ল'বলৈ এৰিলে এই যুদ্ধৰ। তথাপিও চলি আছে যুদ্ধ। মৰি আছে সেনা, সাধাৰণ নাগৰিক। শেষ নোহোৱা এই যুদ্ধখনৰ পৰা এইবাৰ আহিছে এক নতুন খবৰ। যুদ্ধ অন্ত পেলোৱাৰ বাবে অধ্যস্থতা কৰিবলৈ লোৱা নেতাই দিছে এখন দেশ দখল কৰাৰ হুংকাৰ। শেষ নোহোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ শেহতীয়া ঘটনাৱলীৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

৩ বছৰ সম্পূৰ্ণ হোৱাৰ দিশে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। আৰু মাত্ৰ ১২ টা দিন অতিক্ৰম কৰিলেই ৩ বছৰ সম্পূৰ্ণ হ’ব ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ। ইতিমধ্যে দুয়োখন দেশৰ সেনাই যুঁজি যুঁজি ভাগৰি পৰিছে। কিন্তু তাৰ পাছতো দুয়োখন দেশৰ নেতাই হাৰ মানিবলৈ আগ্ৰহী নহয়। 

৩ বছৰ সম্পূৰ্ণ হ’বলৈ ধৰা এই যুদ্ধখনে হয়তো আগন্তুক কেইটামান দিনতে নতুনৰ গতি লাভ কৰিব পাৰে। হয়তো এই যুদ্ধই আৰু ভয়ানক ৰূপ ধাৰণ কৰি অন্তিম পৰ্যায়ত উপনীত হ’ব নহয়তো কোনো এক পক্ষই হাৰ মানিবলৈ বাধ্য হ’ব। যুদ্ধখন অধিক ভয়ানক হৈ পৰিলে ইয়াৰ আঁৰৰ কাৰণ হয়তো হৈ পৰিব পাৰে ড’নাল্ড ট্ৰাম্প।

আনহাতে যদিহে কোনো এক পক্ষই হাত দাঙি দিয়ে তেন্তে সেয়াও হ’ব ট্ৰাম্পৰ বাবেই। কিন্তু এই কথা নিশ্চিত যে, এই যুদ্ধখন শান্তিৰে অন্ত পৰাত সম্ভাৱনা প্ৰায় শূন্য।  

১২ হাজাৰৰো অধি লোকৰ মৃত্যু হৈছে এই যুদ্ধত  

এক প্ৰতিবেদন অনুসৰি ২০২২ ৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাছিয়া ইউক্ৰেইন যুদ্ধত ২০২৪ ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ১২ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে এই যুদ্ধত মুঠ ৪০,৮৩৮ জন সাধাৰণ নাগৰিক ক্ষতি হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছে।

ইয়াৰে ২৮,৩৮২ জন লোক আহত হৈছে। মৃত্যু হৈছে ১২,৪৫৬ জন লোকৰ। অৱশ্যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে স্পষ্ট কৰি দিছে যে, নিহত আৰু আহতৰ প্ৰকৃত সংখ্যা ইয়াতকৈ বেছি হ’ব পাৰে। 


ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সাৰাংশ


২০২১ চনৰ ডিচেম্বৰত ৰাছিয়া চৰকাৰে ইউক্ৰেইনৰ সীমান্তত প্ৰায় এক লাখ সেনা নিয়োগ কৰিছিল। ইউক্ৰেইন আক্ৰমণৰ উদ্দেশ্যৰে এই সেনা সীমান্তলৈ অনা বুলি ইউক্ৰেইনৰ শীৰ্ষ সামৰিক বিষয়াসকল পতিয়ন যায়।

২০২২ চনৰ ২১ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰে যে ৰাছিয়াই বিচ্ছিন্নতাবাদী ডনেস্ক আৰু লুহান পিপলছ ৰিপাব্লিকৰ স্বাধীনতাক স্বীকৃতি দিছে। মন কৰিবলগীয়া যে, এই দুয়োটা অঞ্চল আছিল ইউক্ৰেইনৰ দখলত।

পুটিনৰ এনে ঘোষণাৰ তিনিদিন পিছত ডনবাছ অঞ্চলৰ বাসিন্দাসকলক ইউক্ৰেইন চৰকাৰৰ পৰা ৰক্ষা কৰিবলৈ পুটিনে ইউক্ৰেইনত সামৰিক আক্ৰমণ চলায় বুলি ঘোষণা কৰে।  


৩ বছৰীয়া যুদ্ধৰ অন্তত জেলনস্কিয়ে ক’লে আমি এৰি দিন কাৰ্স্ক  চহৰ, কিন্তু...

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ আমেৰিকাই মধ্যস্থতা কৰিবলৈ আগবাঢ়ি আহিছে। দুয়োখন দেশেই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে যদিও আলোচনাৰ মেজত বহিবলৈ সাজু হোৱা নাই। কিভ আৰু মস্কোৱে যুদ্ধৰ অৱসানৰ বাবে আৰোপ কৰিছে নতুন নতুন চৰ্ত।

তাৰ মাজতেই আকৌ ইউক্ৰেইন সেনাই কাৰ্স্কত প্ৰৱেশ কৰি আক্ৰমণ অব্যাহত ৰাখিছে। শেহতীয়াকৈ খবৰ আহিছে ইউক্ৰেইনে ৰাছিয়াৰ এই কাৰ্স্ক চহৰখন এৰি দিবলৈ সাজু হৈছে। জেলনেস্কিয়ে নিজেই ইয়াৰ বাবে সাজু হৈছে।  

ড'নাল্ড ট্ৰাম্পৰ সৈতে বহি যুদ্ধৰ পৰৱৰ্তী পৰিকল্পনা কৰিব জেলেনস্কিয়ে

আগন্তুক কেইদিনমানৰ ভিতৰতে জেলেনস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব। এই সাক্ষাতৰ সময়তে তেওঁ যুদ্ধ "ব্লুপ্ৰিণ্ট" তৈয়াৰ কৰিব। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ‘দ্য গাৰ্ডিয়ান’ৰ আগত তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰিছে।

জেলেনস্কিয়ে কৈছে, সকলো অঞ্চল তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। আমি ৰাছিয়াক কাৰ্স্ক এৰি দিব পাৰো। কিন্তু আমাৰ কিছুমান চৰ্ত আছে। ৰাছিয়াই দখল কৰা আমাৰ অঞ্চলবোৰ এৰি দিব লাগিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুয়োখন দেশক আলোচনাৰ মেজলৈ আনিব লাগিব।

ৰাছিয়াক বেকফুটলৈ ঠেলি আগষ্টত কাৰ্স্ক দখল কৰিছিল ইউক্ৰেইনে

যোৱা বছৰৰ আগষ্ট মাহত, হাজাৰ হাজাৰ ইউক্ৰেনীয় সৈন্যই ৰাছিয়াৰ কাৰ্স্ক অঞ্চলত প্ৰৱেশ কৰি নিজৰ দখললৈ আনিছিল। ৰাছিয়াৰ সেনা কাৰ্স্কৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল। এনে পৰিস্থিতিত ৰাছিয়াক সহায় কৰিবলৈ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন আগবাঢ়ি আহিছিল।

তেওঁ কাৰ্স্ক উদ্ধাৰৰ বাবে প্ৰায় ১২,০০০ সেনা প্ৰেৰণ কৰিছিল। কিন্তু জেলেনস্কিৰ সেনা বাহিনীৰ ওচৰত তেওঁলোক তিস্তি ঠাকিব নোৱাৰিলে। ফলত পুটিনৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ যায় কাৰ্স্ক।

এতিয়া ৰাছিয়াই নিজৰ এই ভূখণ্ড পুনৰ দখললৈ আনিবলৈ হ’লে মানিব লাগিব ইউক্ৰেইনৰ চৰ্ত। কিন্তু এই চৰ্ত পুটিনে মানিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এদিন ইউক্ৰেইনেই হৈ পৰিব ৰাছিয়া !

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড  ট্ৰাম্পে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসান সম্পৰ্কে মুখ খুলিছে। তেওঁ ফক্স নিউজৰ এক সাক্ষাতকাৰত কয়, "ইউক্ৰেইনৰ ৰাছিয়াৰ সৈতে চুক্তি হ'বও পাৰে বা নহবও পাৰে। এদিন হয়তো ইউক্ৰেইন ৰাছিয়া হৈ পৰিব পাৰে হ'ব।

অৰ্থাৎ ট্ৰাম্পে কবলৈ বিচাৰিছে ইউক্ৰেইনে ৰাছিয়া দখল কৰি নিজৰ অধীনলৈ নিব। ট্ৰাম্পৰ এনে বক্তব্যই এই যুদ্ধৰ অৱসান ঘটাব নে আৰু অধিক ভয়ানক কৰি তুলিব তাক লৈ প্ৰশ্ন উঠিছে। কিন্তু এই কথা স্পষ্ট হৈছে যে, জেলেনস্কিয়ে কোনো কাৰণে ইউক্ৰেইনৰ এটুকুৰা ভূমিও ৰাছিয়াক এৰি নিদিয়ে। আৰু ৰাছিয়ায়ো কোনো কাৰণতে আমেৰিকা, ইউক্ৰেইনৰ ভাবুকিক সহ্য নকৰে। 

 

ড'নাল্ড ট্ৰাম্প ইউক্ৰেইন ৰাছিয়া যুদ্ধ ভ্লাদিমিৰ পুটিন ভলোডিমিৰ জেলেনস্কি