ধুবুৰীৰ পাণবাৰী মছজিদঃ আজিও বহন কৰে মোগল শাসনৰ ঐতিহ্য

ধুবুৰী চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত ঐতিহাসিক পাণবাৰী মছজিদ। ৰঙামাটি মছজিদ হিচাপেও পৰিচিত এই মছজিদেই অসমৰ আটাইতকৈ প্ৰাচীন মছজিদ।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ধুবুৰীৰ পাণবাৰী মছজিদঃ আজিও বহন কৰে মোগল শাসনৰ ঐতিহ্য

আজি ইছলামধৰ্মীয় লোকসকলৰ পৱিত্ৰ ঈদ-উল-জুহা।পুৱাই ৰাজ্যৰ প্ৰতিটো মছজিদত অনুষ্ঠিত হয় সমূহীয়া নামাজ।ইয়াৰ ভিতৰত অন্যতম পাণবাৰী মছজিদো। পিছে আন মছজিদতকৈ এই মছজিদ ব্যতিক্ৰম। ইয়াৰ আছে এক ইতিহাস। মোগল শাসনৰ সময়ছোৱাৰ ঐতিহ্য বহন কৰা এই মছজিদৰ সৈতে কোচ ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰো আছে সম্পৰ্ক। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 


১৪৯৩ ৰ পৰা ১৫৯১ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এটা মছজিদ। অসমৰ ধৰ্মীয় পৰ্যটনস্থলীসমূহ ভিতৰত অন্যতম এই মছজিদেই অসমৰ আটাইতকৈ প্ৰাচীন মছজিদ বুলি দাবী কৰি অহা হৈছে।

বুৰঞ্জী প্ৰসিদ্ধ এই মছজিদৰ সৈতে জড়িত হৈ আছে বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহ আৰু ঔৰংগজেৱৰো নাম। মছজিদৰ প্ৰসংগত দুটা মতবাদে এই দুই মোগল সম্ৰাটৰ নাম এই ঐতিহাসিক মছজিদৰ সৈতে জড়িত কৰি ৰাখিছে। 


ধুবুৰীৰ সেই বিখ্যাত মছজিদটো

ধুবুৰী চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পাণবাৰী মছজিদ। ৰঙামাটি মছজিদ হিচাপেও পৰিচিত এই মছজিদেই অসমৰ আটাইতকৈ প্ৰাচীন মছজিদ।তিনিটা গম্বুজযুক্ত এই মছজিদ ইছলামিক স্থাপত্যৰ এক উৎকৃষ্ট উল্লেখযোগ্য উদাহৰণ।  
 
ইছলাম ধৰ্মৰ মূল উৎসৱ ঈদ-ঊল ফিটৰ আৰু ঈদ-উল-জুহা এই পাণবাৰী মছজিদত উলহ-মালহেৰে উদযাপন কৰি অহা হৈছে। ধুবুৰীৰ আমাৰ সংবাদ দাতাই জনোৱা অনুসৰি আজিও এই মছজিদত ইছলামধৰ্মীয় লোকসকলে ঈদ-উল-জুহা উপলক্ষে পুৱা প্ৰায় ৫০০০ লোকৰ সমাগম ঘটে আৰু আল্লাহৰ ওচৰত নামাজ আদায় কৰে। ভাতৃ্ত্ববোধৰ বাণীৰে এজনে আনজনক আলিংগন কৰি শুভেচ্ছা জ্ঞাপন কৰে। 

ধুবুৰীৰ পাণবাৰী মছজিদঃ আজিও বহন কৰে মোগল শাসনৰ ঐতিহ্য
পাণবাৰী মছজিদত আজি নামাজ আদায় কৰাৰ পিছত তিনিটা শিশু

 

কোনে আৰু কেতিয়া নিৰ্মাণ কৰিছিল এই মছজিদ? 

ঐতিহাসিক পাণবাৰী মছজিদৰ স্থাপত্য কলাই মোগল সকলৰ ইছলামিক নিৰ্মাণ শৈলীৰ স্পষ্ট স্বাক্ষৰ বহণ কৰি আছে। মছজিদৰ বাহিৰ আৰু ভিতৰৰ স্থাপত্য কলাই বাৰুকৈয়ে আচৰিত কৰে। 

তিনিটা গম্বুজৰ এই মছজিদৰ নিৰ্মাণ শৈলীক যথেষ্ট অধ্যয়নো হৈছে। এই মছজিদ প্ৰকৃততে কেতিয়া নিৰ্মাণ কৰা হৈছিল সেই সম্পৰ্কে স্পষ্টকৈ ক’তো উল্লেখ নাই যদিও এই সম্পৰ্কে দুই মতবাদ প্ৰচলিত আছে। 

প্ৰথম মতবাদ অনুসৰি  একাংশ ইতিহাসবিদে দাবী কৰি আহিছে পাণবাৰী মছজিদ ১৪৯৩ ৰ পৰা ১৫১৯ খীষ্টাব্দৰ ভিতৰত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰোৱাইছিল। সেই সময়ত তেওঁ কমতাপুৰ ৰাজ্য দখল কৰাৰ পিছত বিজয় উদযাপন কৰিবলৈ আৰু আল্লাহৰ ওচৰত দোৱা কৰিবলৈ এই মছজিদ নিৰ্মাণ কৰিছিল। 

আন এক মতবাদ অনুসৰি মোগল সম্ৰাট ঔৰংগজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলায়ে অসম আক্ৰমণৰ সময়ত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰোৱাইছিল। এই দুই মতবাদেই মছজিদটোৰ সৈতে মোগলসকলৰ সম্পৰ্ক নিশ্চিত কৰিছে। মছজিদটোৰ ভিতৰত একেলগে একেসময়তে ১৫০ গৰাকী লোকে নামাজ আদায় কৰিব পাৰে।

মছজিদটোৰ কাষতে নিৰ্মাণ কৰা হৈছিস ঈদগাহ আৰু এটা দ’কুঁৱা। খোজ কাঢ়িবলৈ পথ আৰু এটা মিনাৰো নিৰ্মাণ কৰা হৈছিল। এই অঞ্চলত চলোৱা খনন কাৰ্যত মোগল যুগৰ এখন নগৰৰ ভগ্নাৱশেষ, পোৰা মাটিৰ পাত্ৰ ইত্যাদি উদ্ধাৰ হৈছিল। এই ধ্বংসাৱশেষসমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।  

ধুবুৰীৰ পাণবাৰী মছজিদঃ আজিও বহন কৰে মোগল শাসনৰ ঐতিহ্য

এই অঞ্চলটোৰ ইতিহাস


ঐতিহাসিক পাণবাৰী মছজিদ থকা অঞ্চলটো ৰঙামাটি হিচাপেও পৰিচিত। ৰঙামাটিৰ আছে এক গৌৰৱোজ্জ্বল ইতিহাস। এসময়ত এই অঞ্চল আছিল যথেষ্ট সমৃদ্ধিশালী। কোঁচ ৰাজ্যৰ ই এক গুৰুত্বপূৰ্ণ অংশ আছিল। 

কোচ ৰাজ্যৰ সীমান্ত অঞ্চল হোৱাৰ বাবেই ইয়াত নিৰ্মাণ কৰা হৈছিল গড়।  ইয়াৰ সীমাতে থকা গাৰোসকলৰ লগত বিনিময় প্ৰথাৰে এই অঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈ আছিল।

পিছত অসম আক্ৰমণৰ সময়ত বংগৰ চুলতানে ইয়াক দখল কৰি নিজৰ অধীনলৈ অনাত এই গড়ক আহোম সকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। আন একাংশৰ মতে এই মছজিদ আলাউদ্দিন হুছেইন শ্বাহৰ সেনা বাহিনীৰ একমাত্ৰ উপাসন্থাস্থলী আছিল। 

২০০ বছৰ পূৰ্বে আৱিষ্কাৰ হৈছিল পাণবাৰী মছজিদ

জানিব পৰা মতে প্ৰায় ২০০ বছৰ পূৰ্বে স্থানীয় লোকে পাণবাগী পাহাৰত হাবি-জংঘলত মাজত পৰিত্যক্ত অৱস্থাত এই মছজিদ উদ্ধাৰ কৰিছিল। পিছত তেওঁলোকে ইয়াৰ হাবি-বন চাফা কৰি উপসনাৰ বাবে উপযোগী কৰি লৈছিল। তাৰ পিছৰ পৰাই ই বিখ্যাত হৈ পৰে আৰু এতিয়া অসমৰ উপৰিও দেশৰ আন প্ৰান্তৰ ইছলাম ধৰ্মীয় লোকৰ ইয়ালৈ আগমণ ঘটে।   

 

ঈদ ধুবুৰী