কাশ্মীৰলৈ আৰু নাযাব নেকি পৰ্যটক?

পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত কাশ্মীৰৰ অৰ্থনীতি ধ্বংস হৈ যোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। ইয়াত পৰ্যটন আৰু ড্ৰাই ফুডছেই অৰ্থনীতিৰ মূল ভেঁটি।

author-image
Asomiya Pratidin
New Update
কাশ্মীৰলৈ আকৌ যাবনে পৰ্যটক?

পেহেলগাম আক্ৰমণৰ পাছতে সলনি হৈ পৰিলে কাশ্মীৰৰ পৰিবেশ। শূন্য হৈ পৰিল পৰ্যটন কেন্দ্ৰসমূহ। এফালে খালী হৈছে হোটেল আনফালে বাতিল হৈছে ট্ৰেভেল এজেঞ্চিৰ বুকিং। ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে কাশ্মীৰৰ স্থানীয় জনতা। পেহেলগাম আক্ৰমণৰ পাছত সৃষ্টি হোৱা এই পৰিস্থিতিৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

‘‘পৰ্যটক আমাৰ বাবে ঈশ্বৰ। পৰ্যটকৰ ওপৰত হোৱা এই আক্ৰমণ সহ্য কৰা নহ’ব। আমি প্ৰাণ দিম কিন্তু পৰ্যটৰ কোনো ক্ষতি হবলৈ নিদিও’’।– পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতেই কাশ্মীৰী জনতা ৰাজপথলৈ ওলাই আহি এইদৰে মন্তব্য কৰিছে।

হোটেলৰ পৰা বিমান বন্দৰ, ৰে’লৱে ষ্টেচনলৈ যোৱাত পৰ্যটকৰ যাতে কোনো বিপদৰ সন্মুখীন নহয় তাৰ বাবে অটো চালক, টেক্সি চালকে হোটেলৰ পৰা আজিৰ দিনটোত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ দৃশ্য সামাজিক মাধ্যমৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে। 

তাৰোপৰি থায়ে থায়ে কাশ্মীৰী লোকে, পানী আৰু অন্যান্য খাদ্য সামগ্ৰীও পৰ্যটকলৈ বিনামূলীয়াকৈ আগবঢ়াইছে। যিসময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণে কাশ্মীৰত সৃষ্টি কৰা পৰিস্থিতিত বিমান পৰিবহণ প্ৰতিষ্ঠানসমূহে বিমানৰ টিকটৰ মূল্য হোৰাহোৰে বৃদ্ধি কৰি মুনাফা আদায়ত নামিছে সেই সময়ত পৰ্যটকসকল সন্মুখীন হোৱা এই অনাকাক্ষিত পৰিস্থিতিত কাশ্মীৰৰ এইসকল লোকৰ পদক্ষেপ প্ৰশংসনীয় হিচাপে বিবেচিত হৈছে। 

পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত জম্মু কাশ্মীৰৰ অৰ্থনীতি ধ্বংস হৈ যোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিয়নো এই অঞ্চলটোৰ পৰ্যটন আৰু ড্ৰাই ফুডছেই অৰ্থনীতিৰ মূল ভেঁটি।

মঙলবাৰে পেহেলগামত পাক মদদপুষ্ট সন্ত্ৰাসবাদীয়ে ২৭ গৰাকী পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পাছতেই কাশ্মীৰৰ ত্যাগ কৰিছে পৰ্যটকসকলে। তাৰোপৰি কাশ্মীৰ ভ্ৰমণৰ বাবে পূৰ্বে যিসকলে পৰিকল্পনা কৰি ট্ৰেভেল এজেঞ্চি অথবা ব্যক্তিগতভাৱে প্ৰস্তুতি চলাইছিল তেওঁলোকেও কাশ্মীৰ ভ্ৰমণ বাতিল কৰিছে। এনে পৰিস্থিতিত একপ্ৰকাৰে পৰ্যটক শূন্য হৈ পৰিছে কাশ্মীৰ। 

খালী হৈ  আছে পৰ্যটন কেন্দ্ৰ


৯০ শতাংশ বাতিল হৈছে হোটেলৰ বুকিং


মঙলবাৰৰ ঘটনাৰ পাছতেই কাশ্মীৰত সেনা, সুৰক্ষা বাহিনীৰ সন্ত্ৰাস বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত পৰ্যটকসকলে যিমানপাৰি সোনকালে কাশ্মীৰ ত্যাগ কৰিবলৈ শ্ৰীনগৰ বিমান বন্দৰত ভিৰ কৰিছে। 

বুধবাৰে দিনটোত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত সমগ্ৰ জম্মু, কাশ্মীৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছিল।কাশ্মীৰ ত্যাগ কৰাৰ প্ৰসংগত গৌতম নামৰ এজন পৰ্যটকে বিবিচিৰ আগত কৈছে, আমি বৰ ভয় খাইছো। আমি নাজানো সন্ত্ৰাসবাদী কত আছে আৰু ইয়াৰ পাছৰ পৰিস্থিতি কি হব পাৰে। 

এন ডি টিভিত প্ৰকাশিত খবৰ অনুসৰি দিল্লীৰ কেইবাটাও ট্ৰেভেল এজেঞ্চিয়ে জম্মু-কাশ্মীৰৰ প্ৰায় ৯০ শতাংশ বুকিং পৰ্যটকে বাতিল কৰা বুলি জানিবলৈ দিছে। এই বুকিং বাতিলৰ কাৰণ নিৰাপত্তাজনিত। শ্বোৱান ট্ৰেভেলাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ গৌৰৱ ৰাথীয়ে জনোৱা মতে মঙলবাৰে সন্ত্ৰাসবাদীয়ে ২৭ জন পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পাছত জম্মু-কাশ্মীকক বাবে যিসমূহ বুকিং আছিল সেয়া বাতিল হৈছে। মে’ মাহত জম্মু-কাশ্মীৰৰ যিসমূহ বুকিং আছিল সকলো ইতিমধ্যে বাতিল হৈছে। 

মুম্বাইস্থিত ট্ৰেভেল এজেঞ্চি অভিষেক হলিডেছৰ মুৰব্বী অভিষেক ছংসাৰে সংবাদ বিবিচিৰ এক প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা মতে শ্ৰীনগৰৰ পৰ্যটকসকল কেৱল আতংকিত হোৱাই নহয়, তালৈ যোৱাৰ পৰিকল্পনা কৰাসকলেও ভয় আৰু ক্ষোভৰ মাজেৰে বুকিং কেনচেল কৰিছে। তেওঁ কয় আমালৈ বুকিং কেনচেলৰ অনুৰোধ আহিয়েই আছে। 

পেহলগাম চিনেমা, গান আদিৰ বাবেও শ্বুটিঙৰ বাবেও বহুতৰে প্ৰিয় স্থান হৈ আহিছে। মিনি ছুইজাৰলেণ্ড হিচাপেই পৰিচিত পেহেলগামত এই ঘটনা সংঘটিত হোৱাৰ ফলত এতিয়া ছবি উদ্যোগতো ইয়াৰ প্ৰভাৱ যে পৰিব সেয়া স্পষ্ট হৈছে।  

কুছা ট্ৰেভেলছৰ স্বত্বাধিকাৰ দেৱ নামৰ লোকজনে সংবাদ সংস্থা পিটিআইৰ আগত কৈছে, আমাৰ প্ৰতিষ্ঠানৰ জৰিয়তে জম্মু-কাশ্মীৰলৈ কেইবাটাও বুকিং হৈছিল। বিমানৰ টিকটৰ পৰা আৰম্ভ কৰি হোটেললৈকে সকলো ঠিক হৈ আছিল। কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে পৰ্যটকসকলে তেওঁলোকৰ বুকিং বাতিলৰ বাবে অনুৰোধ কৰি ফোন কৰিছে। 

দেৱ নামৰ এই লোকজনে জনোৱা মচে জম্মু-কাশ্মীৰৰ গুলমাৰ্গ, হাজান ভেলী, টিউলিপ গাৰ্ডেন, পেহেলগাম আদিৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীসমূহ আটাইতকৈ বেছি বুকিং কৰা স্থানসমূহৰ ভিতৰত আছিল। গুড গাইড ট্যুৰছ এণ্ড ট্ৰেভেলছৰ ট্ৰেভেল এজেণ্ট কাৰ্তিক ভাৰ্মাই আকৌ কৈছে, এই মাহৰ বাবে আৰু অহা মাহৰ বাবে আমাৰ কাশ্মীৰৰ বাবে ২০টাতকৈও অধিক বুকিং আছিল। এতিয়া সেই সকলোবোৰ অনিৰ্দিষ্টকাললৈ বাতিল কৰা হৈছে। মানুহবোৰে তেওঁলোকৰ পৰা ধনো ঘূৰাই বিচাৰিছে। 

যিহেতু বিমান আৰু হোটেলৰ বাবে কিছুমান বুকিং নন-ৰিফাণ্ডেবল সেয়েহে ট্যুৰ অপাৰেটৰ সকল এতিয়া বিপদতো পৰিছে। ট্ৰেভেল এজেঞ্চিসমূহে এই কথাও জনাইছে এইবাৰ পৰ্যটকৰ আটাইতকৈ আকৰ্ষণীয় গন্তব্যস্থল আছিল জম্মু-কাশ্মীৰ। দিল্লীস্থিত স্বস্তিক ট্ৰেভেলছে জনোৱা মতে দিল্লীৰ উপৰিও দেশৰ আন আন ৰাজ্যৰো পৰ্যটকে তেওঁলোকৰ জৰিয়তে জম্ম-কাশ্মীৰ ভ্ৰমণৰ বাবে পৰিকল্পনাৰে বুকিং কৰিছিল। 

পেহেলগামৰ ঘটনাৰ পাছত এতিয়া বৈষ্ণো দেৱী মন্দিৰ দৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা তীৰ্থ যাত্ৰীসমূহেও তীৰ্থ যাত্ৰাৰ বাবে ভয় কৰিছে। স্বস্তিক ট্ৰেভেলছে জনোৱা মচে বৈষ্ণো দেৱী মন্দীৰৰ বাবপে কাটৰালৈ যাবলৈ প্ৰস্তুতি চলোৱা সকলেও বুকিং বাতিল কৰিছে। এইসমূহ ট্ৰেভেল এজেঞ্চিয়ে এনে পৰিস্থিতিত এতিয়া জম্মু-কাশ্মীৰৰ বাবে ট্ৰেভেল পেকজসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে। অৰ্থাত নতুন বুকিং বন্ধ কৰিছে। 

 

श्रीनगर हवाई अड्डे जाने के लिए तैयार पर्यटक

বাৰে বাৰে অশান্ত হয় কাশ্মীৰ

১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ দুখন যুদ্ধ হৈ গৈছে। আশী আৰু নব্বৈৰ দশকত কাশ্মীৰত উগ্ৰপন্থী কাৰ্যকলাপ যথেষ্ট বৃদ্ধি হৈছিল। এই কথা লুকাই থকা নাই যে এই অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰত সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে সকলোধৰণে সহযোগিতা কৰি আহিছে। 


পাকিস্তানৰ আৰ্থিক সাহায্যত জম্মু-কাশ্মীৰত বিচ্ছিন্নতাবাদী শক্তিয়ে বিভিন্ন কাৰ্যকলাপ কৰি আহিছে, যিয়ে এই অঞ্চলটোক অশান্ত কৰি আহিছে। এনে পৰিস্থিতিতে যোৱা সময়ছোৱাত ভাৰতীয় সেনা, অন্যান্য সুৰক্ষাবাহিনীৰ জোৱান, বিষয়া আৰু সাধাৰণ নাগৰিককে ধৰি হাজাৰ হাজাৰ ভাৰতীয়ৰ লগতে বিদেশী পৰ্যটকেও প্ৰাণ হেৰুৱাইছে। 


অৱশ্যে কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পাছত আৰু জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৮০ অনুচ্ছেদ প্ৰত্যাহাৰৰ ফলত এই অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস হোৱা বুলি দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ২০২৫ চনৰ মাৰ্চ মাহত গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত এই সন্দৰ্ভত তথ্য দি কৈছিল, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৭,২১৭ টা সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হৈছিল। কিন্তু ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে এই সংখ্যা ২,২৪২ লৈ হ্ৰাস হৈছে। 


তাৰোপৰি চলিত মাহৰ দ্বিতীয়স সপ্তাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰত এই অঞ্চলটোত শান্তি ঘূৰি আহিছে বুলি ৰাজহুৱাকৈ দাবী কৰিছিল। তাৰ পাছতেই মঙলবাৰে সংঘটিত হোৱা এই কাণ্ডই কাশ্মীৰৰ সুৰক্ষা আৰু ইয়াৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। 


বিশেষকৈ পুলৱামা কা্ণ্ডৰ পাছত সুৰক্ষা বাহিনী, ইণ্টেলিজেঞ্চ এজেঞ্চিসমূহ অধিক সক্ৰিয় হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া নহ’ল। পুলৱামা কাণ্ডৰ পাছতো সন্ত্ৰাসবাদী কাৰ্যকলাপ চলিয়েই থাকিল। সেয়ে এই বিফলতাৰ দায়িত্ব কোনে ল’ব সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ দায়িত্বত থকা অমিত শ্বাহেই নিশ্চয় দায়িত্ব স্বীকাৰ কৰি ইয়াৰ উত্তৰ দিব লাগিব। 

 

কাশ্মীৰত পৰ্যটনৰ উত্থান

পৰম্পৰাগতভাৱেই জম্মু-কাশ্মীৰৰ অৰ্থনীতিত পৰ্যটন ক্ষেত্ৰখনৰ আছে অৰিহণা। কাশ্মীৰী স্থানীয় লোকৰ মতে কাশ্মীৰে ২০০ বছৰ ধৰি পৰ্যটকক আতিথ্য প্ৰদান কৰি আহিছে। প্ৰকৃতিয়ে কাশ্মীৰক নকইনাৰ দৰে সজাইছে। এফালে যিদৰে ইয়াত সেউজীয়া পাহাৰ, পৰ্বত, উপত্যকাৰে ভৰি আছে সেইদৰেই বৰফেও পৰ্যটককক দলিচা পাৰি দিয়ে। ইয়াৰ নৈ, নিজৰাৰ প্ৰাণচঞ্চল শব্দই সামগ্ৰীক পৰিবেশক অধিক ৰোমাঞ্চকৰ কৰি তোলে। 

পৰ্যটন মন্ত্ৰালয়ে জনোৱা মতে, ২০২৩ চনত দুই কোটি লোক জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আহিছিল। এই সংখ্যা কোভিড পৰিস্থিতিৰ পূৰ্বে অহা পৰ্যটকৰ সংখ্যাতকৈ ২০ শতাংশ বেছি। জম্মু-কাশ্মীৰক গ্ৰীষ্মকালত ভূ-স্বৰ্গ হিচাপে গণ্য কৰা হয়। মাৰ্চৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহলৈকে এই সময়খিনিয়েই কাশ্মীৰৰ পৰ্যটনৰ বাবে মূল সময়। এই সময়খিনিয়েই স্থানীয় লোকৰ বাবেও উপাৰ্জনৰ প্ৰধান সময়।

पहलगाम हमले के बाद अब पर्यटकों की संख्या में कमी आने का खतरा मंडरा रहा है

পেহেলগাম আক্ৰমণৰ পিছত পৰ্যটকৰ সংখ্যা হ্ৰাস হোৱাটো নিশ্চিত হৈছে। পেহেলগামৰ চাদৰ ব্যৱসায়ী শ্বাকিল আহমেদে বিবিচিৰ আগত কয় যে, "সকলো শেষ হৈ গ’ল। মই এতিয়া কেৱল কান্দিছো। আমাৰ জীৱন পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল। মই বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰিছিলো। কিন্তু এতিয়া মোৰ সামগ্ৰী কিনিবলৈ ইয়াত কোনো নাই।"

পেহেলগামৰ এখন হোটেলৰ গৰাকী জাভেদ আহমেদে কয় এই ঘটনা ভয়ংকৰ আৰু অমানৱীয়। এই আক্ৰমণত আমি স্তম্ভিত হৈছো। কাশ্মীৰী আৰু পৰ্যটন উদ্যোগৰ বাবে এয়া আটাইতকৈ বেয়া খবৰ। তেওঁ আৰু কয়, জুন মাহলৈকে আমাৰ হাটোলৰ প্ৰতিটো কোঠা বুকিং হৈ আছিল। এতিয়া পৰ্যটকে বুকিং বাতিল কৰিছে। ফলত ব্যৱসায় ধ্বংস হৈ পৰিব। 

 

জম্মু কাশ্মীৰ সন্ত্ৰাসবাদী পৰ্যটন