হাছিনা ক’ত ?

হাছিনা ক’ত ?

author-image
Asomiya Pratidin
New Update
হাছিনা ক’ত ?

শ্বেখ হাছিনা। সম্প্ৰতি বিশ্বজুৰি চৰ্চিত এটি নাম। আন্দোলনকাৰীৰ ৰুদ্ৰমূৰ্তি দেখি মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে এৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰী পদ। ঠিকনাবিহীন হৈ ঠিকনা বিচাৰি উৰা মাৰিছিল ভাৰতলৈ। ৫ আগষ্টতে ভাৰতলৈ অহা হাছিনাৰ অনিশ্চিত ঠিকনাকলৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ আছে। পৰৱৰ্তী সময়ত ক’ত থাকিব হাছিনা ? বৰ্তমানলৈ কোনো এখন দেশেই দিয়া নাই সেউজ সংকেত। সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।

Advertisment

এতিয়াও ঠিকনা নিশ্চিত হোৱা নাই বাংলাদেশৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। প্ৰধানমন্ত্ৰী পদবী এৰি ৫ আগষ্টত আগৰতলা হৈ ভাৰতত প্ৰৱেশ কৰা নেত্ৰীগৰাকী বৰ্তমান আছে দিল্লীৰ এক অজ্ঞাত স্থানত।

চি ১৩০ জে মিলিটেৰী বিমানেৰে আগৰতলাৰ পৰা ৫ আগষ্টত গাজিয়াবাদস্থিত হিণ্ডন এয়াৰ ৱেষ্টত গৈ উপস্থিত হৈছিল শ্বেখ হাছিনা।

সেইদিনাই শ্বেখ হাছিনাৰ সৈতে তেঁওৰ পৰৱৰ্তী পৰিকল্পনা সন্দৰ্ভত প্ৰায় ১ঘণ্টা কথা পাতিছিল নিৰাপত্তা উপদেষ্টা অজিত দোভালে। ইউৰোপৰ কোনো দেশত ৰাজনৈতিক আশ্ৰয় বিচাৰি হাছিনাই যোগাযোগ কৰিছিল যদিও এতিয়ালৈকে কোনো এখন দেশে হাছিনাক আশ্ৰয় দিবলৈ আগবাঢ়ি অহা নাই।

লণ্ডনত পৰিয়ালৰ লোক থকা সূত্ৰে হাছিনাই আশ্ৰয় বিচাৰিছিল যদিও সেই আশ্ৰয় লাভ নকৰাত বেলাৰোশৰ সৈতে যোগাযোগ চলিছিল। ইতিমধ্যে ভাৰতত থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীকলৈ সংকটত পৰিছে ভাৰত চৰকাৰ। হাছিনাৰ সৈতে থকা সুসম্পৰ্কৰ বাবে ভাৰতে তেঁওক আশ্ৰয় দিব লগা হৈছে যদিও হাছিনাক আশ্ৰয় দি চীন, পাকিস্তান আদি চুবুৰীয়া দেশৰ সমালোচনাৰ সন্মুখীন হৈছে ভাৰত।

পাকিস্তানে জনবিৰোধী আৰু দুৰ্নীতিগ্ৰস্ত নেত্ৰী হিচাপে হাছিনাক অভিহিত কৰি ভাৰতে তেঁওক আশ্ৰয় দিয়াত উদ্বেগ ব্যক্ত কৰিছে। চীনে অৱশ্যে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো প্ৰতিতক্ৰিয়া ব্যক্ত কৰা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পৰিস্থিতি চম্ভালাৰ দায়িত্ব অৰ্পণ কৰিছে অজিত দোভালৰ হাতত। দোভালে হাছিনাৰ ৰাজনৈতিক আশ্ৰয়ৰ বাবে বিদেশী ৰাষ্ট্ৰৰ সৈতে হাছিনাই কৰা যোগাযোগৰ সকলো দিশ তদাৰক কৰিছে।

বাংলাদেশৰ নেত্ৰীগৰাকীৰ নিৰাপত্তা আৰু ক’ত তেঁও থাকিব সেই সিদ্ধান্তও অজিত দোভালৰ মতেই হৈছে। গাজিয়াবাদত থকা হিণ্ডন এয়াৰ বেছৰ অতিথিশালাত আহি আশ্ৰয় লোৱা হাছিনাক এতিয়া আন এক অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

উল্লেখযোগ্য যে বাংলাদেশৰ পৰা হাছিনা দেশ এৰি পলাই অহাৰ সময়তো ভাৰতীয় বায়ু সেনাই দুখন ৰাফেলৰ জৰিয়তে হাছিনাক কঢ়িয়াই অনা সামৰিক বিমানখনৰ নিৰাপত্তা সুনিশ্চিত কৰিছিল। চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চোকা নজৰ ৰাখিছে।

অজিত দোভালেও সকলো দিশ তদাৰক কৰি যিমান পাৰি সোনকালে আন এখন দেশলৈ হাছিনাক পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈ পৰিছে। ভাৰতত হাছিনাৰ এই সাময়িক ৰাজনৈতিক আশ্ৰয়ে দুই দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক আৰু বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।   

Also Read: নালাগে আমাক অলিম্পিকৰ পদক...

Prime Minister of Bangladesh sheikh hasina