শাপমুক্ত ক্ৰিকেটৰ 'পোষ্টাৰ বয়'

কেৱল ব্যক্তিগত প্ৰদৰ্শন নে দলীয় সাফল্য? দলীয় সাফল্য অবিহনে কিয়েই বা ব্যক্তিগত প্ৰদৰ্শনৰ অৰ্থ? ব্যক্তিগতভাৱে বিৰাট কোহলিয়ে IPL ৰ প্ৰতিটো ছিজনতে সৰ্বোচ্চ উজাৰি দি আহিছে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
শাপমুক্ত ক্ৰিকেটৰ 'পোষ্টাৰ বয়'

সকলো পায়ো যেন কিবা এটাৰ পৰা বঞ্চিত হৈ আছিল তেওঁ। ক্ৰিকেটৰ 'পোষ্টাৰ বয়' হৈয়ো বাৰে বাৰে তেওঁক খেদি ফুৰিছিল এটা প্ৰশ্নই? ক'ত তোমাৰ ট্ৰফী? ফ্ৰেঞ্চাইজি ক্ৰিকেটত সৰ্বাধিক ট্ৰ'লৰ সন্মুখীন হোৱা বিৰাট কোহলিক কৰা সেই প্ৰশ্নৰ উত্তৰৰ সন্ধান তেওঁ এতিয়া আৰু কৰিব নালাগে। ক্ৰিকেটেৰে সম্পূৰ্ণ হ'ল 'কিং কোহলি'। তেওঁৰ এই 'বিৰাট' জয়ৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

ক্ৰিকেটত সফলতাৰ প্ৰমাণ কি? কেৱল ব্যক্তিগত প্ৰদৰ্শন নে দলীয় সাফল্য? দলীয় সাফল্য অবিহনে কিয়েই বা ব্যক্তিগত প্ৰদৰ্শনৰ অৰ্থ? ব্যক্তিগতভাৱে বিৰাট কোহলিয়ে আই পি এলৰ প্ৰতিটো ছিজনতে নিজৰ সৰ্বোচ্চ উজাৰি দি আহিছে। 

খেল পথাৰত বিৰাট মানেই যেন এক 'এক্সট্ৰা এনাৰ্জী'। কি ফ্ৰেঞ্চাইজি ক্ৰিকেট, কি আন্তঃৰাষ্ট্ৰীয় টি-২০, এদিনীয় অথবা টেষ্ট। খেল পথাৰত বিৰাট থকালৈকে থাকে উত্তেজনা। তেওঁৰ বেটিঙক লৈ প্ৰশ্ন কৰাৰ ধৃষ্টতা যিয়েই কৰিছে তেওঁকেই ৰাণেৰে প্ৰত্যুত্তৰ দিছে। 

শতকৰ অৰ্ধশতক কৰিছে তেওঁ। সেয়াও ক্ৰিকেট ঈশ্বৰৰ সন্মুখত। ক্ৰিকেটে বিৰাটক সকলো দিছে। ক্ৰিকেটলৈ সন্মান জনাই বিৰাটেও ক্ৰিকেটক তেওঁৰ সৰ্বোচ্চ উজাৰি দিছে। বিশ্ব ক্ৰিকেটলৈ যিদৰে ভাৰতৰ অৱদান শচীন আৰু বিৰাট ঠিক সেইদৰেই ভাৰতীয় ক্ৰিকেটো এই দুই মহা তাৰকাক পোৱাৰ বাবেই সমৃদ্ধ। 

ক্ৰিকেটেৰে পৰিপূৰ্ণ বিৰাটৰ জীৱন। ৩ জুন, ২০২৫ ত ক্ৰিকেটেৰে সম্পূৰ্ণ হ’ল বিৰাট কোহলি। এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু অসংখ্য ব্যক্তিগত খিতাপ। ক্ৰিকেটৰ জৰিয়তে দেশক যি দিব লাগে সেয়া সকলো দিছে তেওঁ। 

যদিও ফ্ৰেঞ্চাইজি ক্ৰিকেটত অৰ্থই সকলো তথাপিও ইয়াৰ সৈতে আৱেগক জড়িত কৰা মানুহজনেই বিৰাট কোহলি। বিৰাটৰ বাবেই ১৭ বছৰে ট্ৰফী শূন্য ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মহাসাগাৰৰ দৰে অনুৰাগী। সেয়ে তেওঁ ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেতৰে পোষ্টাৰ বয়। 

হাতত যেতিয়া বেটখন লৈ ক্ৰিজলৈ নামি যায় প্ৰতিপক্ষয়ো সন্মান কৰিবলৈ বাধ্য হয় বিৰাটক। বিৰাটৰ বিৰুদ্ধে খেলাও যেন আজিৰ বহু ক্ৰিকেটাৰৰ অন্যতম সপোন। ক্ৰিকেট বলীয়া ভাৰতত শচীন ভগৱান, বিৰাট সম্ৰাট। দক্ষতা আৰু সাধনাৰ জৰিয়তে তেওঁ এয়া অৰ্জন কৰিছে। 

ঐতিহাসিক লৰ্ডছত শচীন টেণ্ডুলকাৰৰ নামত নাছিল শতক। সৰ্বকালৰ মহান ক্ৰিকেটাৰ ডন ব্ৰেডমেনেও পৰা নাছিল গড়ে ১০০ ৰাণ কৰিবলৈ। কিন্তু সেই সকলো আছে বিৰাটৰ নামতেই। ১৯৮৯ চনৰ ১৫ নৱেম্বৰত কৰাছীত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল শচীন তেণ্ডুলকাৰে।

তাৰ পিছত সুদীৰ্ঘ ২২ বছৰৰ অপেক্ষা। ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ ঠিক প্ৰাক মুহূৰ্ততহে তেওঁ হৈছিল এদিনীয়া চেম্পিয়ন। ক্ৰিকেটত সকলো পায়ো যেন ২২ বছৰে শূন্য হৈ আছিল তেওঁ। অথচ তেওঁ তেতিয়ালৈকে হৈ পৰিছিল সৰ্বকালৰ অন্যতম মহান ক্ৰিকেটাৰ। তেওঁ হৈ পৰিছিল ক্ৰিকেট নামৰ ধৰ্মৰ ভগৱান। 

সেই ভগৱানেই অপেক্ষা কৰিছিল ২২ বছৰ। বিশ্ব চেম্পিয়ন হ’বলৈ তেওঁ খেলিছিল ৪ খন বিশ্বকাপ। খেলত ধৈৰ্যই সকলো। ফুটবলত লিয়নেল মেছিয়েও পঞ্চমখন বিশ্বকাপতহে হৈছিল চেম্পিয়ন। অথচ তেওঁ  বিশ্ব ফুটবলৰ-'GOAT'। 

অপেক্ষা আৰু ধৈৰ্যই সকলো। ধৈৰ্যৰে ক্ৰিজত থাকি শ্বট নিৰ্বাচন কৰিব নোৱাৰিলেই উইকেট পতন নিশ্চিত। বিৰাটৰো অপেক্ষা দীঘলীয়া হ’ল। ১৭ বছৰীয়া এই অপেক্ষা। আহমেদাবাদত সেই অপেক্ষাৰ অন্ত। ক্ৰিকেট বিশ্বয়ো বিচাৰিছিল সেয়াই। 

আৰ চি বিক ট্ৰ'ল কৰা সকলেও অন্তৰৰ পৰা সেয়াই বিচাৰিছিল। হওঁক এইবাৰ আৰ চি বিয়েই চেম্পিয়ন। চেম্পিয়ন হ’ব পৰাকৈ দলটোৱে সকলো কৰিছে। প্ৰতিজন সদস্যই উজাৰি দিছিল সকলো। ২০১৬ চনতো ফাইনেল খেলিছিল আৰ চি বিয়ে। 
একাধিক বাৰ কোহলিৰ নামতেই আছিল অৰেঞ্জ কেপ। ব্যক্তিগত প্ৰদৰ্শনেৰে অৰেঞ্জ কেপতেই সন্তুষ্ট থাকিবলগীয়া হৈছিল তেওঁ। ২০০৮ ত প্ৰথমবাৰৰ বাবে তেওঁ ১৩ খন মেচত কৰিছিল ১৬৫ ৰাণ। এয়াই আছিল আই পি এলৰ ইতিহাসত তেওঁৰ আটাইতকৈ কম ৰাণ। 

২০০৯ ত ১৬ খন মেচত তেওঁৰ বেটৰ পৰা আহিছিল ২৪৬ ৰাণ। ২০১০ ত তেওঁ কৰিছিল ৩০৭ ৰাণ। ২০১১ ত প্ৰথমবাৰৰ বাবে তেওঁ এটা ছিজনত কৰে ৫৫৭ ৰাণ। ২০১২ ত ৩৬৪, ২০১৩ ত ৬৩৪, ২০১৪ ত ৩৫৯, ২০১৫ ত ৫০৫ ৰাণ কৰিছিল বিৰাটে। 

২০১৬ ত তেওঁ নিজেই সৰ্বাধিক ৯৭৩ ৰাণ কৰিও চেম্পিয়ন কৰিব পৰা নাছিল দলটোক। ২০১৭ ত ৩০৮, ২০১৮ ত ৫৩০, ২০১৯ ত ৪৬৪, ২০২০ ত ৪৬৬ ৰাণ কৰিছিল তেওঁ। ২০২১ ত ৪০৫, ২০২২ ত ৩৪১, ২০২৩ ত ৬৩৯, ২০২৪ ত ৭৪১ আৰু এইবাৰ ২০২৫ ত তেওঁ ৬৫৭ ৰাণ কৰিছে। 

এই সুদীৰ্ঘ সময়ত একাধিকবাৰ মূৰত অৰেঞ্জ কেপ পিন্ধি চকুত চকুপানী লৈ ক্ৰিজৰ পৰা ওলাই যোৱা বিৰাটৰ অসহনীয় সেই অৱস্থাৰ সাক্ষী সকলো। সেয়ে হয়তো এইবাৰ মহাকুম্ভতো আৰ চি বিৰ হৈ বিৰাটে পৰিধান কৰা ১৮ নম্বৰ জাৰ্ছি পৰিধান কৰি স্নান কৰিছি অনুৰাগীয়ে। খোজেৰে গৈ আগবঢ়াইছিল তিৰুপতি মন্দিৰলৈ প্ৰসাদ। ১৮ নম্বৰৰ জাৰ্ছি আৰু ১৮ নম্বৰৰ ছিজন। স্মৰণীয় কৰি তোলাৰ এয়াই যেন সঠিক সময়। 

২০২৩ ত এই আহমেদাবাদতে দেউকা মেলিবলৈ ধৰা এটা সপোনৰ শেষ মুহূৰ্তত দেউকা ভাঙিছিল। সাক্ষী আছিল বিৰাট কোহলি। সেইদিনাও কান্দিছিল বিৰাটে, কান্দিছিল দেশৰ ক্ৰিকেট অনুৰাগীয়ে। পিনিন্ধি থকা টুপিটোৰে ঢাকি লৈছিল মুখখন। এইবাৰো সেই আহমেদাবাদ। এইবাৰো কান্দিছে বিৰাটে। দেউকা ভঙাৰ দুখত নহয়, ১৭ বছৰে সন্তৰ্পণে কঢ়িয়াই ফুৰা সপোনটোৱে মুক্ত আকাশত উৰিবলৈ পোৱাৰ সুখতহে। 

'ছেজ মাষ্টাৰ' বিৰাট কোহলি। ক্ৰিজত তেওঁ থাকিলে অসম্ভৱ বুলি একো কথাই বিশ্বাস কৰিবলৈ নাৰাজ তেওঁৰ অনুৰাগী। সেই বিশ্বাসেৰেই প্ৰতিবাৰেই তেওঁৰ অনুৰাগীয়ে আই পি এলৰ সময়ত চিঞঁৰে এটাই শ্লোগান- ‘য়ে ছালা কাপ নামডে’।

১৭ বছৰে আওঁৰাই থকা এই শ্লোগান সময়ৰ পাকচক্ৰত আৰ চি বিৰ বাবেই হৈ পৰিছিল কটাক্ষ। কেইবাবৰো সুযোগ সৃষ্টি কৰিও ব্যৰ্থ হৈছিল দলটো। এইবাৰ সেই সুযোগক এৰি নিদিলে দলটোৱে। বিৰাটৰ দৰেই দলটোৰ প্ৰতিজন সদস্যই ককালত বান্ধি ল’লে টঙালি। 'য়ে ছালা কাম নামডে'ৰ পৰা শ্লোগান সলনি কৰিলে 'য়ে ছালা কাপ নামডো'লৈ।

অধিনায়কৰ দায়িত্বত নাথাকিলেও অভিজ্ঞতা আৰু পৰামৰ্শৰ সমান্তৰালকৈ প্ৰতিটো মুহূৰ্ততে নিজৰ উপস্থিতি আৰু বেটিং দক্ষতাৰে দলটোক এঢাপ এঢাপকৈ আগুৱাই লৈ গ’ল তেওঁ। অৱশেষত বিৰাটৰ নামতো আহিল এটা ট্ৰফী। 

এই ট্ৰফী আৰ চি বি ফ্ৰেঞ্চাইজিৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ আছিল বিৰাটৰ বাবে। এই ট্ৰফীৰ বাবেই তেওঁ সৰ্বোচ্চ উজাৰি দিছে। দেশৰ হৈ প্ৰতিটো ফৰ্মেটতে সফলতা অৰ্জন কৰা বিৰাট যেন ক’ৰবাত হৈ আছিল অসম্পূৰ্ণ। সেই অসম্পূৰ্ণতাখিনি পূৰ্ণ হ’ল। আই পি এলৰ চেম্পিয়ন হ’ল বিৰাট কোহলি আৰু তেওঁৰ আৰ চি বি। 

 

বিৰাট কোহলি আই পি এল ক্ৰিকেট