ৰাজ্যৰ শিক্ষাব্যৱস্থালৈ আমোল পৰিবৰ্তন অনাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰি অহাৰ সময়তে শিক্ষা ব্যৱস্থাৰ বিধ্বস্ত ৰূপটো UDISE+ ৰ প্ৰতিবেদনত উন্মোচিত হৈছে। টেটৰ জৰিয়তে শিক্ষক নিযুক্তিৰ ঢোল বজোৱাৰ সময়তে ৰাজ্যত ১ জনীয়া শিক্ষকৰে চলিছে হাজাৰ হাজাৰ শিক্ষানুষ্ঠান। বহু হাজাৰ বিদ্যালয়তে নাই খোৱা পানী, বিদ্যুত আৰু শৌচাগাৰৰ ব্যৱস্থা। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যত গুণোৎসৱ আৰম্ভ হোৱাৰ সময়তে অসমৰ শিক্ষা ব্যৱস্থাৰ বিধ্বস্ত ৰূপটো পোহৰলৈ আহিছে। Unified District Information System for Education Pluse চমুকৈ UDISE+ এ প্ৰকাশ কৰা এক প্ৰতিবেদনত অসমৰ শিক্ষাখণ্ডৰ এখন দুখলগা ছবি উন্মোচিত হৈছে।
UDISE+ ৰ প্ৰতিবেদন অনুসৰি অসমত বৃদ্ধি পাইছে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ প্ৰৱণতা। যোৱা সময়ছোৱাত ৰাজ্যত দশম শ্ৰেণী পৰ্যন্ত ৯০ হাজাৰ শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে।
UDISE+ তথ্য অনুসৰি অসমত প্ৰাথমিক স্তৰত আধাতে স্কুল এৰা শিক্ষাৰ্থী বা ড্ৰপআউটৰ হাৰ হৈছে ৬.২ শতাংশ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত প্ৰথামিক পৰ্যায়ৰ স্কুল ড্ৰপআউটৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত স্কুল ড্ৰপআউটৰ সংখ্যা ১.৯ শতাংশ।
প্ৰাথমিক পৰ্যায়ত বিদ্যালয় আধাতে এৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে বিহাৰ। তাৰ পাছত আছে ৰাজস্থান। এই দুখন ৰাজ্যৰ পাছতে আছে অসম।
![UDISE+ তথ্য](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/08/Z8JrR5pizmKGuK4gEdxN.jpg)
উচ্চ প্ৰাথমিক পৰ্যায়তো শিক্ষাৰ্থীয়ে স্কুল আধাতে এৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমত হাৰ বেছি। ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ প্ৰাথমিক পৰ্যায়ৰ স্কুল আধাতে এৰা শিক্ষাৰ্থীৰ হাৰ হৈছে ৫.২ শতাংশ। ইয়াৰ বিপৰীতে অসমত ৮.২ শতাংশ।
![UDISE+ তথ্য](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/08/myMEDhgHFqhsuXWuOVkF.jpg)
মাধ্যমিক পৰ্যায়ত আকৌ অসমত আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ ১৯.৪৬ শতাংশ। সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ ১৪.১ শতাংশ। আকৌ মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ অসমৰ স্থান বিহাৰ, লাডাখৰ পাছতেই।
আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমৰ শিক্ষানুষ্ঠানৰ কেতবোৰ চিন্তনীয় তথ্য প্ৰকাশ পাইছে। অসমৰ মুঠ ৫৬,৬৩০ খন বিদ্যালয়ৰ ভিতৰত ৭৭৮০ খন বিদ্যালয়তে নাই বিদ্যুত সংযোগৰ ব্যৱস্থা। ৩,৩৩৬ খন বিদ্যালয়ত নাই খোৱাপানীৰ ব্যৱস্থা। একেদৰে ৭,৭০৯ খন বিদ্যালয়ত শৌচাগাৰ আৰু ৬,৫৫৮ খন বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচাগাৰৰ ব্যৱস্থা।
![UDISE+ তথ্য](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/08/NSSQLfkWzKClmhoS7loY.jpg)
কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই ৰাজ্যৰ ১৮,১৬৭ খন বিদ্যালয়ত। বহু বিদ্যালয়ত আকৌ কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আছে যদিও ইয়াৰ বাবে প্ৰয়োজনীয় ইণ্টাৰনেট সেৱাৰেই সুবিধা নাই। তথ্য অনুসৰি ৰাজ্যৰ ৫৫ শতাংশ বিদ্যালয়তে অৰ্থাত ৩১,১৪০ খন বিদ্যালয়ত নাই ইণ্টাৰনেণ্টৰ সুবিধা।
ৰাজ্যত টেটৰ জৰিয়তে শিক্ষক নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰে জয়ঢোল বজাই থকাৰ সময়তে আকৌ ২,৬৩৩ খন বিদ্যালয়েই এজনীয়া শিক্ষকৰ দ্বাৰা চলি থকা বিষয়টো উন্মোচিত হৈছে এই প্ৰতিবেদনত।
প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ২,৬৩৩ খন বিদ্যালয়ত এজনীয়া শিক্ষকে ৯২,৮৮৮ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান কৰিবলগীয়া হৈছে। মন কৰিবলগীয়া কথাটো হল এই এজনীয়া শিক্ষকসকলে সেই বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি, সকলো চৰকাৰী নিৰ্দেশনা পালন কৰাৰ উপৰিও প্ৰধান শিক্ষকৰ সকলো দায়িত্ব পালন কৰিব লাগে। এনে অৱস্থাত তেওঁলোকে কিদৰে শিক্ষাদান কৰিছে সেয়া সহজেই অনুমেয়।
ইফালে খেল মহাৰণ অনুষ্ঠিত কৰি প্ৰতিখন বিদ্যালয়ৰে শিক্ষাৰ্থীক ইয়াৰ বাবে পঞ্জীয়ন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল যদিও এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যৰ ১০,৪৪৪ খন বিদ্যালয়তে নাই খেল পথাৰ।
অৱশ্যে এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ যিসমূহ বিদ্যালয় এজনীয়া শিক্ষকৰ দ্বাৰা চলি আহিছে তাত শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।
সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে চলোৱা সমীক্ষা অনুসৰি যোৱা সময়ছোৱাত ৰাজ্যত দশম শ্ৰেণী পৰ্যন্ত ৯০ হাজাৰ শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিছে। আধাতে বিদ্যালয় এৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে ধুবুৰী, গোৱালপাৰা, মানকাচৰ আদিৰ দৰে সংখ্যালঘুপ্ৰধান জিলা।
একেদৰে নগাওঁ, লখিমপুৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আধাতে বিদ্যালয় এৰাৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ পদক্ষেপ লোৱা হব বুলি উল্লেখ কৰিছে।
তথ্য অনুসৰি ২০২৩ বর্ষতকৈ ২০২৪ বর্ষত বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা হ্ৰাস পাইছে। ২০২৩ ৰ তুলনাত ২০২৪ ত হ্ৰাস পালে ১ লাখ ৩৪ হাজাৰ শিক্ষাৰ্থী।