/asomiyapratidin/media/media_files/2025/03/17/1H3CuiDiVNrcyO4SnGtf.png)
প্ৰায় ৯ মাহ মহাকাশত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে পৃথিৱীলৈ উভতিবলৈ সাজু হৈছে। মঙলবাৰে সন্ধিয়া তেওঁলোক পৃথিৱীত অৱতৰণ কৰাৰ কথা। অৱশ্যে সুদীৰ্ঘ ২৮৭ দিন মহাকাশত অতিবাহিত কৰিও তেওঁলোক মহাকাশত সৰ্বাধিক সময় অতিবাহিত কৰা মহাকাশচাৰীৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিলে। তেওঁলোকৰ পৰিবৰ্তে আন কেইবাজনো মহাকাশচাৰীয়ে পূৰ্বেই গঢ়ি থৈছে কেইবাটাও অভিলেখ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।
মাত্ৰ ৮ দিনৰ বাবে মহাকাশলৈ যোৱা ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বুশ্ব উইলমৰেয়ে মহাকাশত অতিবাহিত কৰিলে প্ৰায় ৯ মাহ।দিনৰ হিচাপত তেওঁলোক দুয়োৱে ইতিমধ্যে মহাকাশত অতিবাহিত কৰিছে ২৮৭ দিন।
কিন্তু ইমান দিন মহাকাশত অতিবাহিত কৰাৰ পিছতো সুনীতা উইলমৰে মহাকাশত সৰ্বাধিক সময় অতিবাহিত মহাকাশচাৰী হোৱাৰ ৰেকৰ্ড নিজৰ নামত কৰিব নোৱাৰিলে। সুনীতা আৰু উইলমৰেয়ে মহাকাশত কিদৰে সময় অতিবাহিত কৰিছে, কিদৰে মহাকাশতে খ্ৰীষ্টমাছ উদযাপন কৰিছে, কিদৰে তেওঁলোকক উদ্ধাৰৰ বাবে আন আন মহাকাশচাৰী গৈ তেওঁলোকৰ কাষত উপস্থিত হৈছে সেই সকলো দৃশ্য এতিয়া সাধাৰণ ৰাইজেও পোনপটিয়কৈ চাব পাৰিছে।
বিজ্ঞানে সেই ব্যৱস্থা কৰি দিছে। কিন্তু আজিৰ পৰা ৩০ বছৰ আগত সেই সুযোগ নাছিল। মহাকাশ অভিযান আজিৰ পৰা ৩০ বছৰ আগত বহুতৰ বাবে সাধু কথাই আছিল। যদিও মহাকাশ অভিযানৰ কথা মানুহে শুনিছিল, এই বিষয়ে কিছু অধ্যয়ন কৰিছিল তথাপিও বহু মানুহৰ বাবেই মহাকাশ অভিযান আছিল এক চমতকাৰ।
মহাকাশত কিদৰে সময় অতিবাহিত কৰে, কিদৰে খাদ্য গ্ৰহণ কৰে, কিদৰে জীয়াই থাকিবলৈ অক্সিজেন গ্ৰহণ কৰে, দৈনন্দিন জীৱন প্ৰণালী কেনে হয় সেয়া মানুহৰ বাবে সাধু সাধু লগা যেন কথা আছিল। সাধাৰণ বহু মানুহৰ বাবে মহাকাশ অভিযান আছিল এক অবিশ্বাস্য বিষয়।
কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে এতিয়া মহাকাশ অভিযানৰ কথা সকলোৰে মুখে মুখে। সকলোৱেই চাইছে মহাকাশত থকা সুনীতা আৰু উইলমৰেক। কিন্তু আজিৰ পৰা ৩০ বছৰ পূৰ্বে ১৯৯৪ ত যেতিয়া ভেলেৰী পলিয়াকোভে মহাকাশলৈ যাত্ৰা কৰিছিল আৰু ৪০০ দিনতকৈ অধিক সময় অতিবাহিত কৰিছিল সেই কথা হয়তো মহাকাশ বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰা আৰু খবৰ ৰখাসকলৰ বাহিৰে আন বহুতেই আজিও নাজানে।
/asomiyapratidin/media/media_files/2025/03/17/ecdsT97Q3KgA1BBzRRrY.jpeg)
কেৱল ভেলৰী পলিয়াকোভেই নহয়, মহাকাশত ইতিমধ্যে ৩০০ দিনতকৈ অধিক সময় অতিবাহিত কৰাও কেইবাজনো মহাকাশচাৰী আছে। তেওঁলোকে ইতিমধ্যে অভিলেখ গঢ়িছে। সেয়ে প্ৰায় ৯ মাহ সময় মহাকাশত আৱদ্ধ হৈ থকাৰ পিছতো সুনীতা আৰু উইলমৰেয়ে তেনে কোনো বিশেষ ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ সুযোগ নাপাব।
১৯৯৪ চনৰ জানুৱাৰীত মহাকাশলৈ অকলেই যাত্ৰা কৰিছিল ৰাছিয়াৰ মহাকাশচাৰী ভেলেৰী পলিয়াকোভ। তেওঁ ১৯৯৫ চনৰ মাৰ্চ মাহলৈকে আছিল মহাকাশত। মহাকাশত এই পৰ্যন্ত সৰ্বাধিক ৪৩৭ দিন অতিবাহিত কৰাৰ ৰেকৰ্ড আছে ভেলেৰীৰ নামতেই।
/asomiyapratidin/media/media_files/2025/03/17/SoZaG6C9fLPAbfXff14p.jpeg)
ভেলেৰীৰ পাছতেই মহাকাশত সৰ্বাধিক দিন অতিবাহিত কৰা মহাকাশচাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে ফ্ৰেংক ৰুবিঅ’। নাছাৰ এইগৰাকী মহাকাশচাৰীয়ে মহাকাশত সৰ্বমুঠ ৩৭১ দিন অতিবাহিত কৰিছিল। তেওঁৰ এই যাত্ৰা আছিল একক।
/asomiyapratidin/media/media_files/2025/03/17/VisKuRNwNRs9rGVjm9rD.jpeg)
মাৰ্ক ভাণ্ডে হেই নামৰ নাছাৰ মহাকাশচাৰীজনে আকৌ মহাকাশত অতিবাহিত কৰিছিল ৩৫৫ দিন। স্কট কেলি নামৰ মহাকাশচাৰীজনে মহাকাশ যাত্ৰাৰ সময়ত মানৱ শৰীৰত কেনে প্ৰভাৱ পৰে সেই সন্দৰ্ভত অধ্যয়নৰ বাবে মহাকাশলৈ যাত্ৰা কৰি ৩৪০ দিন অতিবাহিত কৰিছিল।
/asomiyapratidin/media/media_files/2025/03/17/h3JTrXmZKTj22Py8rwqm.jpeg)
নাছাৰে আন এগৰাকী মহিলা মহাকাশচাৰী ক্ৰীষ্টিনাই ২০১৯ চনৰ মাৰ্চ মাহত মহাকাশলৈ যাত্ৰা কৰি ৩২৮ দিন অতিবাহিত কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰীলৈ মহাকাশত অকলেই থকা ক্ৰীষ্টিনা অকলে ইমান বেছি দিন মহাকাশত অতিবাহিত কৰা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী।
/asomiyapratidin/media/media_files/2025/03/17/vWdyFGFPWBeFZUYrTRfV.jpeg)