চেনাব ৰে'ল দলং আৰু ড০ জি মাধৱী লাথা

যোগাযোগ, দেশৰ আভ্যন্তৰীণ সুৰক্ষা, বাণিজ্য আদি অনেক কাৰণত গুৰুত্বপূৰ্ণ এই ৰে'ল দলংখনৰ উদ্বোধনৰ লগে লগেই দেশজুৰি চৰ্চালৈ আহিছে এগৰাকী বিশেষ মহিলাৰ নাম।

author-image
Tushar Pratim
New Update
চেনাব ৰে'ল দলং আৰু ড০ জি মাধৱী লাথা

৭ জুন, ২০২৫ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে চেনাব ৰে'ল দলং। বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলং হিচাপে পৰিগণিত হোৱা এই ৰে'ল দলং খনৰ আঁৰত আছে এগৰাকী বিশেষ মহিলা। দলং নিৰ্মাণৰ সময়ত হ'ব পৰা সকলো বিপদৰ পৰা ৰক্ষা পাব পৰাকৈ ডিজাইন কৰা এই মহিলাগৰাকী আৰু চেনাব ৰে'ল দলং সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

জম্মু কাশ্মীৰৰ যোগাযোগ ব্যৱস্থাক নতুন ৰূপ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৬ জুন, ২০২৫ শুকুৰবাৰে উদ্বোধন কৰে বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ ৰে'ল দলংখন। চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা এই দলং খনৰ নিৰ্মাণৰ বাবে ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে অনুমোদন জনাইছিল। 

তাৰ পিছত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বত ইউ পি এৰ চৰকাৰে দুটা কাৰ্যকাল অন্ত পেলালে। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডিৰ দুটা কাৰ্যকাল অন্ত পৰি তৃতীয়টো কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। অহা ৯ জুনত সম্পূৰ্ণ হ’ব মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এটা বছৰ। 

চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনো  দেশৰ এই সকলো ৰাজনৈতিক পৰিক্ৰমাৰেই যেন সাক্ষী হৈ ৰ'ল। এই ৰে'ল দলংখন ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'লৱে লিংক প্ৰকল্পৰ অংশ।

জম্মু কাশ্মীৰৰ যোগাযোগৰ উপৰিও দেশৰ আভ্যন্তৰীণ সুৰক্ষা, বাণিজ্য আদি অনেক কাৰণত গুৰুত্বপূৰ্ণ এই ৰে'ল দলংখনৰ উদ্বোধনৰ লগে লগেই দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে। সমান্তৰালকৈ চৰ্চালৈ আহিছে এগৰাকী বিশেষ মহিলাৰ নাম।

ড০ জি মাধৱী লাথা নামৰ এই মহিলাগৰাকীৰ বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলংখন নিৰ্মাণত আছে উল্লেখনীয় ভূমিকা। বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স চুমকৈ আই আই এছ চিৰ অধ্যাপিকাগৰাকীয়ে যোৱা ১৭ বছৰে এই প্ৰকল্পৰ ভূ-কাৰিকৰী পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছিল। 

দলং নিৰ্মাণৰ ক্ষেত্ৰত আৰু ইয়াৰ পৰৱৰ্তী সময়ত হ'ব পৰা সকলো প্ৰকৃতিগত প্ৰত্যাহ্বান, সম্ভাৱ্য ভূখণ্ডৰ দ্বাৰা সৃষ্ট বাধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ এই প্ৰকল্পৰ ডিজাইনৰ কাম কৰিছিল। 


কোন এই জি মাধৱী লাথা?


ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ অধ্যাপিকা ড০ জি মাধৱী লাথা। তেওঁ ১৯৯২ চনত জৱাহৰলাল নেহৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত প্ৰথম শ্ৰেণীৰে বি টেক উত্তীৰ্ণ। পৰৱৰ্তী সময়ত তেওঁ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিত এম টেক অধ্যয়ন কৰি ইয়াৰ পৰা স্বৰ্ণ পদক লাভ কৰে। 

জিঅ’টেকনিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষজ্ঞ ড° লাথাই ২০০০ চনত আই আই টি-মাদ্ৰাছৰ পৰা জিঅ’টেকনিকেল ইঞ্জিনিয়াৰিঙত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০২১ চনত তেওঁ ভাৰতীয় জিঅ’টেকনিকেল ছ’চাইটিৰ পৰা লাভ কৰিছে শ্ৰেষ্ঠ মহিলা জিঅ’টেকনিকেল গৱেষক বঁটা।  

চেনাব দলং প্ৰকল্পত তেওঁৰ ভূমিকা

প্ৰত্যাহ্বানমূলক ভূ-প্ৰকৃতি, পৰিবৰ্তিত বতৰৰ পৰিস্থিতি আৰু চেনাব দলঙৰ উচ্চতা আৰু এই অঞ্চলটোলৈ সুৰক্ষিত, সুবিধাজনক স্থানৰ পৰা দূৰত্বই আছিল এই প্ৰকল্পৰ প্ৰধান প্ৰত্যাহ্বান।  ড০ লাথাৰ দলটোৱে সকলো বাধা অতিক্ৰম কৰিবলৈ  “design-as-you-go approach” গ্ৰহণ কৰিছিল।

ইয়াৰ অৰ্থ আছিল ভূতাত্ত্বিক অৱস্থা যেনে ভাঙি যোৱা শিল, লুকাই থকা গহ্বৰ, আৰু শিলৰ ভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি বাস্তৱ সময়ত উদ্ভাৱন কৰা, যিবোৰ প্ৰাৰম্ভিক জৰীপত স্পষ্ট নাছিল। দলটোৱে নিৰ্মাণৰ সময়ত পোৱা প্ৰকৃত শিলৰ ভৰৰ অৱস্থাৰ আশে-পাশে কাম কৰিবলৈ জটিল গণনা আৰু ডিজাইনৰ পৰিৱৰ্তন কৰিবলগীয়া হৈছিল।

শেহতীয়াকৈ তেওঁ ইণ্ডিয়ান জিঅ’টেকনিকেল জাৰ্নেলৰ মহিলা বিশেষ সংখ্যাত “ডিজাইন এজ ইউ গ’: দ্য কেছ ষ্টাডি অৱ চেনাব ৰে’লৱে দলং” শীৰ্ষক এখন গৱেষণা পত্ৰও প্ৰকাশ কৰিছে। গৱেষণা পত্ৰখনত বৰ্ণনা কৰিছে তেওঁ দলংখনৰ ডিজাইন কেনেকৈ পৰিস্থিতি অনুসৰি সময়ে সময়ে বিকাশ কৰিছিল। 

চেনাব ৰে'ল দলং

বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলং হিচাপে চিহ্নীত হোৱা চেনাব ৰে'ল দলং নিৰ্মাণত ব্যয় কৰা হৈছে ১৪৮৬ কোটি টকা। ভাৰত চৰকাৰে এই দলংখনক শেহতীয়া ইতিহাসত ভাৰতৰ যিকোনো ৰে’ল প্ৰকল্পই সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ চিভিল-ইঞ্জিনিয়াৰিং প্ৰত্যাহ্বান বুলি অভিহিত কৰিছে। 

৩৫৯ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ। এই প্ৰকল্পৰ জৰিয়তে কাশ্মীৰ উপত্যকাৰ যোগাযোগ আৰু দেশৰ আভ্যন্তৰীণ সুৰক্ষা, বাণিজ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

এই ৰে'ল দলংখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে, ৰিখটাৰ স্কেলত ৮ প্ৰাবল্যৰ ভূমিকম্প আহিলেও ইয়াক ক্ষতি কৰিব নোৱাৰিব। শত্ৰুৱে দলংখনক লক্ষ্য কৰি বোমা নিক্ষেপ কৰিলেও নষ্ট নহয় এই দলং। সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই দলংখন ভাৰতৰ প্ৰযুক্তিৰো এক জয়যাত্ৰা । 

 

ভাৰতীয় ৰেলৱে জম্মু কাশ্মীৰ