ধাৰাবাহিক প্ৰতিবেদন ১/ কি কৰি আছে ৰবৰ ব'ৰ্ডে,খবৰ ৰাখে কোনে ?

ধাৰাবাহিক প্ৰতিবেদন ১/ কি কৰি আছে ৰবৰ ব'ৰ্ডে,খবৰ ৰাখে কোনে ?

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ খেতি বিস্তাৰৰ বাবে ২০১৬চনৰ ১৭ অক্টোবৰত গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত নৱম বিশ্ব ৰবৰ সন্মিলনো অনুষ্ঠিত হৈছিল। প্ৰাকৃতিক ৰবৰ উৎপাদনকাৰী প্ৰায়বোৰ দেশে অংশ লৈছিল এই সন্মিলনত।

ৰাজ্যৰ কৃষি বিভাগে বিভিন্ন সময়ত বহু আঁচনিৰ কথা ঘোষণা কৰে। কিন্তু এই আঁচনিসমূহ প্ৰকৃত কৃষকৰ কাষ পাইগৈ নে ? কৃষিখণ্ডত সংঘটিত হৈ থকা বহু অনিয়ম আৰু দুৰ্নীতিৰ বাবে এই চৰকাৰী সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে কৃষকসকল। আঁচনি আৰু কৃষিখণ্ডৰ উন্নয়নৰ নামত প্ৰকৃততে কি চলি আছে ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এলানি প্ৰতিবেদনৰ প্ৰথমখন প্ৰতিবেদন...

ইখনৰ পাছত সিখন আঁচনি ঘোষণা কৰে কৃষি বিভাগ আৰু কৃষিক্ষেত্ৰৰে জড়িত বিভিন্ন সংস্থা আৰু ব’ৰ্ডসমূহে। সেই আঁচনি ৰূপায়ণৰ নামত ৰাজ্যত কি হৈ আছে তাৰ ভূ কিন্তু কোনেও নাৰাখে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰচুৰ সম্ভাৱনা থকা এক খেতি হ’ল ৰবৰ খেতি। ১৯৬০ চনতে তেতিয়াৰ অবিভক্ত অসমত চৰকাৰীভাৱে পৰীক্ষামূলক ৰবৰ খেতি আৰম্ভ কৰা হৈছিল। বৰ্তমান ৰবৰৰ বিশাল বজাৰ থকাৰ পাছতো এই সম্ভাৱনাময় অঞ্চলটোত চকুতপৰা ধৰণে ৰবৰ ব’ৰ্ডে ইয়াক খেতিৰ পৰিসৰ বৃদ্ধি কৰিব পৰা নাই।

এই খেতিৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব ৰবৰ ব’ৰ্ডে ল’ব লাগে। ৰবৰ ব’ৰ্ডৰ এক আঞ্চলিক কাৰ্যালয়,আঞ্চলিক গৱেষণা কেন্দ্ৰ আছে যদিও প্ৰতিখন জিলাত আজিও উপলৱদ্ধ নহয় ৰবৰ নাৰ্ছাৰী, এই খেতি প্ৰশিক্ষণ কেন্দ্ৰ।

উল্লেখযোগ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৯টা আঞ্চলিক কাৰ্যালয় আছে ৰবৰ ব’ৰ্ডৰ। ইয়াৰে ৩টা ত্ৰিপুৰাত আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ ব’ৰ্ডৰ দ্বাৰা নিযুক্ত সম্প্ৰাসাৰণ বিষয়াৰ আধাতকৈ অধিক পদ খালী হৈ থাকে। এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ আছে ৰবৰ ব’ৰ্ডৰ বিৰুদ্ধে।

এই খেতি প্ৰতিপালন আৰু ব্যৱস্থাপনাৰ বাবে দিয়া অনুদানো পৰ্যাপ্ত নহয়। বহু খেতিয়কে উন্নত প্ৰজাতিৰ ৰবৰ পুলি আৰু প্ৰশিক্ষণ লাভ নকৰাৰ বাবে খেতিৰ প্ৰতি আগ্ৰহী হোৱা নাই।

পৈণত ৰবৰ গছৰ বীমাকৰণ, উপযুক্ত ৰবৰ বিক্ৰিয়া,শুদ্ধ আৰু সঠিকৰূপত জুলীয়া ৰবৰ(লেটেক্স) গছৰ পৰা সংগ্ৰহ ব্যৱস্থা এতিয়াও ক্ৰুতিপূৰ্ণ হৈ আছে। ইয়াৰোপৰি উৎপাদিত ৰবৰ ক’ত বিক্ৰী কৰিব তাকলৈ সমস্যাত পৰে কৃষকসকল।

ৰবৰকেন্দ্ৰিক উদ্যোগো ৰাজ্যত তথা উত্তৰ-পূৰ্বাঞ্চলত আঙুলি মূৰত গণিব পৰা। উল্লেখযোগ্য যে বিভিন্ন সময়ত কৃষকসকলৰ বাবে ৰবৰ ব’ৰ্ডে বিভিন্ন আঁচনি ঘোষণা কৰে যদিও সেইবোৰ মুষ্টিমেয় কেইজনমান লোকৰ মাজতে সীমাবদ্ধ থাকে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ খেতি বিস্তাৰৰ বাবে ২০১৬চনৰ ১৭ অক্টোবৰত গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত নৱম বিশ্ব ৰবৰ সন্মিলনো অনুষ্ঠিত হৈছিল। প্ৰাকৃতিক ৰবৰ উৎপাদনকাৰী প্ৰায়বোৰ দেশে অংশ লৈছিল এই সন্মিলনত।

ৰবৰ ব’ৰ্ডে অনুষ্ঠিত কৰা এই সন্মিলনৰ পাছতো ৰবৰ খেতিৰ উৎপাদনত অসম দেশৰ আন ৰাজ্যৰ তুলনাত ভবাৰ ধৰণে আগবাঢ়িব নোৱাৰিলে। ২০২২-২৩ বৰ্ষত ভাৰতবৰ্ষক প্ৰয়োজন হৈছিল ৮৩৯০০০ মেট্ৰিক টন ৰবৰ। কিন্তু ভাৰতত প্ৰয়োজন হোৱা ৰবৰ উৎপাদিত ৰবৰতকৈ কম।

বাৰ্ষিক হাৰত ৰবৰৰ ব্যৱহাৰ বৃদ্ধি আমাৰ দেশত ৩.৭ শতাংশ। ইয়াৰ বিপৰীতে ৰবৰ উৎপাদনৰ বৃদ্ধিৰ হাৰ ২শতাংশতকৈ কম। ৰবৰকেন্দ্ৰিক সুসংহত উদ্যোগ স্থাপনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো সেই উদ্যোগ স্থাপন নকৰাৰ বাবে যিসকলে ৰবৰ খেতি কৰিছে তেওঁলোকে উপযুক্ত মূল্য লাভ নকৰে। ভাৰতত এই কেঁচা ৰবৰৰ বছৰি মূল্য ৩হাজাৰ কোটিতকৈও অধিক। ৰবৰ খেতিয়কসকলক কেন্দ্ৰীয় চৰকাৰ, বিশ্ব বেঙ্ক আৰু ৰবৰ ব’ৰ্ডে বিত্তীয় সাহাৰ্য প্ৰদান কৰিব লাগে।

ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক ডা০ কে এন ৰাঘৱনে ঘোষণা কৰিছিল যে, এ টি এম এৰ পৰা পোৱা আৰ্থিক সাহাৰ্যৰে ৰবৰ ব’ৰ্ডে ৫বছৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগত ২লাখ হেক্টৰ ৰবৰ খেতিৰ বিকাশৰ এক প্ৰকল্প ৰূপায়ণ কৰিব। সেই প্ৰকল্পৰ কি হ’ল বা ইয়াৰ ফল ৰাজ্যৰ ৰবৰ খেতিত দেখিবলৈ পোৱা নগ’ল।

উত্তৰ-পূৰ্বাঞ্চলত থকা ৫০টা ক্ষেত্ৰ কাৰ্যালয়ৰ জড়িয়তে নাৰ্ছাৰী স্থাপন কৰি প্ৰতিখন নাৰ্ছাৰীত ৮০হাজাৰৰ পৰা ১লাখ ৰবৰ পুলি উৎপাদনৰ প্ৰতিশ্ৰুতিয়ো প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল। একাংশ কৃষকৰ পৰা পঞ্জীয়নৰ নামত ধন সংগ্ৰহ আৰু কৃষকসকলক উপযুক্ত সময়ত সহায়-সহযোগ নকৰাৰ অভিযোগো আছে একাংশ ৰবৰ ব’ৰ্ডৰ বিষয়াৰ বিৰুদ্ধে।

অথচ ৰবৰ খেতিৰ সম্প্ৰাসাৰণ, কৃষি পদ্ধতিত প্ৰযুক্তিকৰণ, প্ৰাকৃতিক ৰবৰ প্ৰক্ৰিয়াকৰণ, ৰবৰ খেতিয়কৰ ঋণ, ৰাজসাহাৰ্য প্ৰদানৰ নামত বছৰি শ শ কোটি টকা ব্যয় হৈ আছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোক তদন্ত কৰিলে ওলাই পৰিব; এই খেতিৰ নামত কিমান বিয়াগোম কেলেংকাৰী সংঘটিত হৈ আছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ পৰৱৰ্তী প্ৰতিবেদনত আমি পৰ্যায়ক্ৰমে উদঙাই দিম ৰাজ্যৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি, নাৰিকল উন্নয়ন ব’ৰ্ডৰ কাম-কাজ,মৰাপাটৰ খেতি, মিলেট মিছন,অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ নামত কেনে অনিয়ম সংঘটিত হৈ আছে।

ধাৰাবাহিক প্ৰতিবেদন ১/ কি কৰি আছে ৰবৰ ব'ৰ্ডে,খবৰ ৰাখে কোনে ?
বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন : মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in