বিহপুৰীয়াৰ ৰঞ্জন হাজৰিকাৰ কথাৰে...

"সাহিত্য সভালৈ গ'লো, বাইকখন থ'লো' শীর্ষক লিমাৰিকটো মনত আছে নে? সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সময়ত সামাজিক মাধ্যম, ইলেক্ট্ৰনিক মিডিয়াত ভাইৰেল হৈছিল সেই বিশেষ লিমাৰিক।

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াৰ ৰঞ্জন হাজৰিকাৰ কথাৰে...

এগৰাকী শিক্ষিত যুৱক। কৃষি কৰ্মৰে স্বাৱলম্বী এই যুৱকজনে সফল কৰি তুলিছে পঞ্চায়তিৰাজ ব্যৱস্থাক। ৰাইজৰ মাজলৈ লৈ গৈছে পঞ্চায়তৰ সকলো আঁচনি। নিৰ্দলীয় এই প্ৰতিনিধিগৰাকীৰ দক্ষতাত মুগ্ধ অঞ্চলবাসী। তেওঁৰ দক্ষতাৰ বাবেই পুনৰ এবাৰ ৰাইজৰ হেঁচাত প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হ'ল পঞ্চায়তলৈ। এইগৰাকী যুৱক হ'ব পাৰে আন বহু পঞ্চায়ত প্ৰতিনিধিৰ আদৰ্শ। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন। 

Advertisment

 

"সাহিত্য সভালৈ গ'লো, বাইকখন থ'লো...' শীর্ষক লিমাৰিকটো মনত আছে নে? সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সময়ত সামাজিক মাধ্যমৰ লগতে ইলেক্ট্ৰনিক মিডিয়াত ভাইৰেল হৈছিল সেই বিশেষ লিমাৰিক। সেই লিমাৰিকৰ ৰচক আছিল বিহপুৰীয়া বিধান সমষ্টিৰ অন্তৰ্গত চমুৱা গাঁৱৰ ৰঞ্জন হাজৰিকা। 

ব্যতিক্রমী চিন্তাধাৰাৰ এই যুৱকজন এটি সাধাৰণ পৰিয়ালৰ। শৈশৱতেই তেওঁ হেৰুৱাবলগায়ী হৈছিল পিতৃক। অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁ বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লৈ নিজকে কৃষি কৰ্মত নিয়োজিত কৰিছিল। 

ছয় বছৰ পূর্বে তেওঁ বৰবালি গাওঁ পঞ্চায়তৰ অন্তর্গত ১০ নং ডফলাপথাৰ ৱাৰ্ডৰ পৰা পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয়কৈ জয়ী হৈছিল। পঞ্চায়ত প্ৰতিনিধি হিচাপে তেওঁ আন দহজনতকৈ পৃথক আছিল। 

তেওঁ পঞ্চায়তৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিল। সমৰ্পিত মনেৰে কাম কৰাৰ বাবে সকলোৰে মাজত জনপ্রিয়তাও বৃদ্ধি পাইছিল। সেইবাবে এইবাৰো ৰাইজৰ হেঁচাত তেওঁ ১০ নং ডফলাপথাৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয়কৈ নিৰ্বাচনত অৱৰ্তীণ হ’ল।

তাৰ পিছত ঘোষিত ফলাফলত তেওঁ মুঠ ৭৫.৩০ শতাংশ  ভোট লাভেৰে পুনৰ এবাৰ নিৰ্বাচিত হ’ল।। আপাতঃ দৃষ্টিত এয়া কোনো ডাঙৰ খবৰ নহয়। কিন্তু কেৱল নিষ্ঠা, সততা আৰু সামাজিক দায়ৱদ্ধতাক মূলধন হিচাপে লৈ দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়ী হোৱাটো একেবাৰে সৰু কথাও নহয়।  

মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থাক বাস্তৱায়িত কৰিবলৈ এগৰাকী শিক্ষিত যুৱকে এইদৰে ৱাৰ্ড মেম্বাৰৰ পথ বাছি লোৱা আৰু নিজৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰুপে পালন কৰি সফল পঞ্চায়ত প্ৰতিনিধি হিচাপে চিহ্নিত হোৱাটো আজিৰ সমাজৰ বাবে এটা ভাল খবৰ, শুভ লক্ষণ। কোনো ৰাজনৈতিক নেতা পালিনেতাৰ কথাত উঠ বহা নকৰি নিজৰ মন মগজুৱে সঠিকভাৱে পঞ্চায়তৰ আঁচনিসমূহ ৰূপায়ণ কৰি অহা বিহপুৰীয়াৰ চমুৱাৰ ৰঞ্জন হাজৰিকা নতুন প্রজন্মৰ বাবে আদৰ্শ। দৰাচলতে ৰাইজক এতিয়া প্ৰয়োজন ৰঞ্জনৰ দৰেগে প্ৰকৃত পঞ্চায়ত প্ৰতিনিধিৰ। যিয়ে নিজৰ দক্ষতাৰে পঞ্চায়তিৰাজ ব্যৱস্থাক সফল কৰি তুলিব পাৰে। 

পঞ্চায়ত নিৰ্বাচন বিহপুৰীয়া