/asomiyapratidin/media/media_files/2025/06/05/mAkv0xXc9Rn8Ji7SyMYZ.jpg)
প্লাষ্টিকেৰে পৰিপূৰ্ণ পৃথিৱীত আওঁৰাইছে প্লাষ্টিক বৰ্জনৰ শ্লোগান। বছৰৰ এটা দিনত পৰিবেশ দিৱস উদযাপন আৰু বন্ধ কোঠাত আলোচনা, পাঠ্যপুথিত ব্যাখ্যাতেই যেন সীমাবদ্ধ এই মহা ব্যাধিৰ প্ৰসংগ। সৰ্ব সাধাৰণৰ ওপৰতেই দোষ জাপি দায়িত্ব সামৰিছে সকলোৱে। প্লাষ্টিক বিহীন পৃথিৱীৰ এই শ্লোগান কিমান বাস্তৱ সন্মত? ইয়াৰ বিকল্প কি? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। পৰিবেশ প্ৰদূষণৰ বিষয়েও প্ৰতি বছৰেই চৰ্চা হয় হয়। কিন্তু প্ৰদূষণ হ্ৰাস হোৱাৰ পৰিবৰ্তে প্ৰদূষণৰ মাত্ৰা বাঢ়িহে যায়।
বিশ্ব পৰিবেশ দিৱসৰ দিনা পৰিবেশৰ প্ৰতি বিশ্ববাসী সচেতন হৈ পৰে যদিও বছৰৰ বাকী কেইটা দিনত পৰিবেশ সুৰক্ষা, সংৰক্ষণ, প্ৰদূষণ আদি বিষয়সমূহ গৌণ হৈ পৰে।
পৰিবেশ প্ৰদূষণৰ বিষয়টো আলোচনাৰ মেজতেই আৱদ্ধ হৈ পৰে। শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা বিশ্ব মঞ্চলৈ এই সমস্যাক লৈ আলোচনা হয় ঠিকেই, কিন্তু ইয়াৰ কাৰ্যকৰী কোনো বহনক্ষম ব্যৱস্থা গ্ৰহণ কৰা নহয়।
এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ থীম আছিল ‘Beat Plastic Pollution’। পৰিবেশ প্ৰদূষণৰ বিষয়ে আলোচনা কৰিলেই আহে প্লাষ্টিকৰ প্ৰসংগ। প্লাষ্টিক প্ৰদূষণ আজিৰ তাৰিখত প্ৰদূষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই বিষয়টোও কেৱল আলোচনাৰ মাজতেই সীমাবদ্ধ হৈ আছে।
প্লাষ্টিক প্ৰদূষণ পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য আৰু পৃথিৱীৰ সামগ্ৰিক মংগলৰ প্ৰতি ভয়াৱহ ভাবুকি হৈ পৰিছে। কিন্তু তাৰ পিছতো বহনক্ষম সমাধান বিচাৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বিষয়টো যেন কৰবাত থমকি ৰৈছে। কেৱল জনসাধাৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই, প্লাষ্টিক প্ৰদূষণৰ বিষয়টোক সৰলিকৰণ কৰি সাধাৰণ নাগৰিকৰ ওপৰতেই সকলো দোষ জাপি দিয়া হৈছে।
অথচ এই পৃথিৱীক প্লাষ্টিকৰ ওপৰতে নিৰ্ভৰশীল কৰি তুলিছে পুঁজিপতি আৰু নীতি নিৰ্ধাৰক সকলে। দৈনন্দিন জীৱন প্লাষ্টিক অবিহনে প্ৰায় অসম্ভৱ কৰি তোলা হৈছে। খাদ্য প্ৰস্তুতকৰণ সামগ্ৰীৰ পৰা চিকিৎসা সামগ্ৰীলৈ, প্ৰযুক্তিৰ পৰা গৃহ সজ্জালৈ, শিশুৰ খেলৰ সামগ্ৰীৰ পৰা ৰবটিক প্ৰযুক্তিলৈ, বজাৰ সামগ্ৰী কঢ়িয়াই অনা পলিঠিনৰ পৰা পৰিবহণ ব্যৱস্থালৈ সকলোতে প্লাষ্টিকৰ পয়োভৰ। অথচ বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি শিক্ষক, অধ্যাপকলৈ, ৰাজনৈতিক নেতাৰ পৰা পৰিবেশ কৰ্মীলৈ সকলোৰে সৰ্বসাধাৰণৰ প্ৰতি আহ্বান প্লাষ্টিক মুক্ত পৃথিৱী।
এনে আহ্বান কিমান বাস্তৱসন্মত সেয়া নকলেও সহজেই অনুমেয়। বিজ্ঞান আৰু বাস্তৱ সন্মত এক সিদ্ধান্ত দিবলৈ আজিও অসমৰ্থ বিশ্বৰ এই ক্ষমতাশালী চক্ৰই প্লাষ্টিকৰ উৎপাদন কৰি সেইবাৰ প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰৰ বাবে মুকলি কৰি পুনৰ তাক ব্যৱহাৰৰ নকৰিবলৈ যি বাৰ্তা প্ৰেৰণ কৰি আহিছে সেয়া স্ব-বিৰোধী।
প্লাষ্টিক মুক্ত পৃথিৱী এখনৰ কথা পাতিলেও আজিৰ তাৰিখত তাৰ কোনো বাস্তৱিকতা নাই। প্লাষ্টিকৰ বিকল্প কি সেই সিদ্ধান্ত কোনে দিব? তাৰো বিজ্ঞানসন্মত আলোচনা কৰাই নহয় প্ৰয়োগিক এক ব্যৱস্থা গঢ়ি তুলিব লাগিব।
আজিৰ তাৰিখত পেকেজিঙৰ পৰা নিৰ্মাণ, স্বাস্থ্যসেৱাৰ পৰা পৰিবহণলৈকে সকলো ক্ষেত্ৰত প্লাষ্টিকে অপৰিহাৰ্য ভূমিকা পালন কৰি আহিছে। এই কথা সূৰ্যৰ পোহৰৰ দৰেই সত্য যে, প্লাষ্টিকৰ স্থায়িত্ব আৰু অৱক্ষয়ৰ প্ৰতিৰোধ ক্ষমতাই ইয়াক পৰিৱেশৰ বাবে এক ভাবুকি কৰি তোলিছে।
তথ্য অনুসৰি প্ৰতি বছৰে ৩০ কোটি টনতকৈ অধিক প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। যাৰ এক উল্লেখযোগ্য অংশ সাগৰ, নদী আৰু লেণ্ডফিলত শেষ হয়।
এই প্ৰদূষণে মানৱ সমাজৰ উপৰিও সাগৰীয় জীৱ, স্থলজ পৰিৱেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। প্লাষ্টিক প্ৰদূষণে পৰিৱেশ তন্ত্ৰত বিধ্বংসী ৰূপ ধাৰণ কৰে, প্ৰাকৃতিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মায় আৰু জৈৱ বৈচিত্ৰ্য বিপন্ন হয়।
প্লাষ্টিকৰ ধ্বংসাৱশেষ সেৱনে জীৱক শ্বাসৰুদ্ধ কৰি তোলে। পাচনতন্ত্ৰ বন্ধ হয়। ফলত জীৱৰ মৃত্যুও হয়। প্লাষ্টিক প্ৰদূষণেৰ ফলতে জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশগত ভাৰসাম্যহীনতা হেৰুৱাইছে।
পাঁচ মিলিমিটাৰতকৈ কম আকাৰৰ সৰু সৰু প্লাষ্টিক কণা অৰ্থাৎ মাইক্ৰ’প্লাষ্টিক খাদ্যত প্ৰৱেশ কৰিছে। ই বতাহতো বিয়পি পৰিছে। এইবোৰ মানুহৰ শৰীৰত প্ৰবেশ কৰাত হৰম’নৰ বিঘিনি, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু অন্যান্য বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে।
প্লাষ্টিক প্ৰদূষণৰ ফলত হোৱা এইসমূহ সমস্যাৰ বিষয়ে স্বাস্থ্য, পৰিবেশ আদি খণ্ডৰ বিশেষজ্ঞৰ সমান্তৰালভাৱে বিজ্ঞানীসকলেই পোহৰলৈ আনিছে। অথচ তেওঁলোকে ইয়াৰ বিকল্পৰ কথা কোৱা নাই। কেৱল সকলোৰে মুখত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰহে প্ৰসংগ।
এই বাৰ্তাও কিমান বাস্তৱ সন্মত সেয়াও প্ৰশ্নৰ বিষয়। কেৱল বজাৰলৈ যোৱাৰ সময়ত হাতত এখন কাপোৰৰ মোনা লৈ গ’লেই প্লাষ্টিক প্ৰদূষণৰ সমস্যা সমাধান নহয়। খাদ্য বস্তুৰ পেকেজিঙৰ পৰা পানীৰ বটলিঙলৈ সকলো প্লাষ্টিক। প্লাষ্টিকেৰে পৰিপূৰ্ণ পৃথিৱীত কিদৰে সম্ভৱ সাধাৰণ মানুহৰ বাবে প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰাতো?
সাধাৰণ ৰাইজক প্লাষ্টিকৰ বিকল্প কি তাৰ সমিধান এইসকলেই দিব লাগিব। তেনে এক পৰিবেশ তন্ত্ৰ গঢ়ি তুলিব লাগিব। বহনক্ষমতাৰ ধাৰণাক শৈক্ষিক পাঠ্যক্ৰমত ব্যাখ্যা কৰিলেই নহ’ব কাৰ্যতঃ তাক বাস্তৱসন্মত কৰিবলৈ বিজ্ঞানৈকি পথৰো সন্ধান দিব লাগিব।
অৱশ্যে প্লাষ্টিক মুক্ত এখন সুন্দৰ পৃথিৱীৰ স্বাৰ্থত সাধাৰণ জনসাধাৰণে নিজৰ ফালৰ পৰা বিভিন্ন পন্থা যেনে বজাৰ কৰাৰ ক্ষেত্ৰত কাপোৰৰ বেগ, শুকান খাদ্য আৰু অন্যান্য সামগ্ৰী পেকেজিঙৰ ক্ষেত্ৰত কাগজৰ ব্যৱহাৰ, এবাৰৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকৰ আৱৰ্জনাক নৱীকৰণ প্ৰক্ৰিয়ালৈ প্ৰেৰণ কৰা আদি কাৰ্যৰ জৰিয়তে প্লাষ্টিকৰ বিৰুদ্ধে এক পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
কিন্তু প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিকৰ বিৰুদ্ধে যুঁজখনক তেনে পদক্ষেপে কিমান সফলতা প্ৰদান কৰিব সেয়াও চিন্তাৰ বিষয়। পৰিবেশ দিৱসত কেৱল শ্লোগানতেই আৱদ্ধ এই সমস্যাৰ সমাধানৰ বাস্তৱ আৰু বিজ্ঞানসন্মত এক পদ্ধতিৰ আৱিষ্কাৰৰ প্ৰয়োজন।
তেনে এক সৰ্বগ্ৰহণযোগ্য আৱিষ্কাৰে নিশ্চয় বিকল্প পথ মুকলি কৰিব। কিন্তু সেই পথৰ সন্ধান নিদিয়াকৈ কেৱল প্লাষ্টিক প্ৰদূষণৰ বাবে সৰ্ব সাধাৰণৰ ওপৰতেই দোষাৰোপ কৰি থকা এই ব্যৱস্থাই প্ৰতি বছৰে এটা শ্লোগান আওঁৰাই থকাৰ পৰিবেশ হে গঢ় দিছে। এনে এক স্ব-বিৰোধী পৰিস্থিতিত এই সমস্যাৰ সমাধান কেতিয়াও যে সম্ভৱ নহ'ব সেই কঠোৰ সত্যকো আমি স্বীকাৰ কৰিবই লাগিব।