'কি হৈ গ'ল একো বুজি পোৱা নাই...'

চাৰিওফালে ওখ ওখ সেউজীয়া পাহাৰ। মাজৰ সমতলত সেউজীয়া ঘাঁহনী আৰু হ্ৰদ। জম্মু কাশ্মীৰৰ পেহেলগাম নামৰ এই সৌন্দৰ্যৰ ৰম্যভূমি পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'কি হৈ গ'ল একো বুজি পোৱা নাই...'

ভূ-স্বৰ্গ জম্মু কাশ্মীৰলৈ গৈছিল দুই বন্ধু। বাইকেৰে মুকলি মনেৰে ফুৰিছিল কাশ্মীৰ। শেষত উপস্থিত হৈছিলগৈ পেহেলগাম। পেহেলগামৰ সেউজীয়া উপত্যকাত নিজক বিলীন কৰি দি ঘূৰি আহিয়েই শুনিছিল সেই জঘন্য ঘটনাৰ খবৰ। পৰ্যটকৰ ওপৰতে নিৰ্ভৰশীল কাশ্মীৰী জনতাও এই ঘটনাত বাকৰুদ্ধ। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ,  দুই বন্ধু আৰু কাশ্মীৰী উদ্যমী যুৱকৰ পৰিস্থিতি এই সকলো দিশ।সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

চাৰিওফালে ওখ ওখ সেউজীয়া পাহাৰ। মাজৰ সমতলত সেউজীয়া ঘাঁহনী আৰু হ্ৰদ। জম্মু কাশ্মীৰৰ পেহেলগাম নামৰ এই সৌন্দৰ্যৰ ৰম্যভূমি পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। 

অনন্তনাগ জিলাৰ পেহেলগামত আছে কেইবাখনো ভেলী আৰু হ্ৰদ। প্ৰতিখন ভেলী আৰু হ্ৰদত এই সময়ত ভিৰ কৰে পৰ্যটকে। জম্মু কাশ্মীৰৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত সৰ্বাধিক পৰ্যটকৰ আগমণ ঘটে পেহেলগামলৈ।

মঙলবাৰে পেহেলগামৰ যি স্থানত লস্কৰ-ই-তৈবাৰ সমৰ্থিত সংগঠন টি আৰ এফে পৰ্যটকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে সেই স্থান পেহেলগাম নগৰৰ পৰা মাত্ৰ ১৫ ৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত। অত্যন্ত সুৰক্ষিত হিচাপেই বিবেচিত পেহেলগামত পৰ্যটকে কোনো অসুবিধা অবিহনেই মুকলি মনেৰে ঘূৰিব, ফুৰিব পাৰে। 

ইয়াৰ পাহাৰীয়া একা, বেঁকা বাটত সকলো সময়তে চলি থাকে পৰ্যটক কঢ়িয়াই নিয়া বিভিন্ন বাহন। অপৰূপ সৌন্দৰ্যৰ মাজত ইয়াত পৰম সুখত পৰ্যটকে স্বাভাৱিক জীৱন পাৰ কৰে। এনে শান্ত অঞ্চল হোৱাৰ বাবেই হয়তো পেহেলগামত জম্মু কাশ্মীৰৰ আন স্থানতকৈ সুৰক্ষা কৰ্মীৰ সংখ্যাও কম। 

মঙলবাৰে পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ পূৰ্বে সেই স্থান ভ্ৰমণ কৰিছিল আমাৰ দুই বন্ধুৱে। যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা কাৰ্বি আংলং আৰু গহপুৰৰ এই দুই বন্ধুৱে প্ৰায় এটা সপ্তাহ বাইকেৰে ভূ-স্বৰ্গৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল।

তেওঁলোকে প্ৰতিকূল বতৰক নেওচি একেবাৰে শেষত বাইকেৰে গৈ উপস্থিত হৈছিলগৈ পেহেলগামত। পেহেলগামৰ কেইবাখনো ভেলী, হ্ৰদৰ পাৰত কিনকিনিয়া বৰষুণৰ মাজতে কিছু সময় জিৰাইছিল। 

পৰ্যটকেৰে ভৰি থকা সেই স্থানত সাধাৰণ এটা সৰু দুৰ্ঘটনাও যে ঘটিব পাৰে তেতিয়ালৈকে তেওঁলোকৰ মনত তেনে কোনো ধাৰণাই নাছিল। তাত ইমানেই সুৰক্ষিত অনুভৱ কৰিছিল যে জম্মু কাশ্মীৰক লৈ সততে সংবাদ মাধ্যমত প্ৰকাশিত বিক্ষিপ্ত বাতৰিবোৰক লৈয়ো তেওঁলোকৰ মনত সন্দেহৰ উদয় হৈছিল। 

পেহেলগামৰ বাট, পথ, যাতায়তৰ ব্যৱস্থাও অতি উন্নত। অৱশ্যে যি স্থানত এই আক্ৰমণ সংঘটিত হ’ল সেই স্থানলৈ যাবলৈ ঘোঁৰাৰ পিঠিত উঠি পাহাৰৰ হাবিৰ লুংলুঙিয়া বাটেৰে কিছু আগবাঢ়ি যাব লাগে। 

সেই অঞ্চলত হাবিৰ মাজৰ পৰা অস্ত্ৰৰে সুসজ্জিত কোনোবা এদল অসুৰে আহি যে শান্ত প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিয়া মানুহখিনিক এইদৰে হত্যা কৰিব পাৰে সেয়া কল্পনাৰো অগোচৰ। দুই বন্ধুৱে পেহেলগাম ত্যাগ কৰাৰ পাছত এই ঘটনাৰ খবৰ পাইছিল।

এতিয়া বাকৰুদ্ধ দুয়ো। বিশ্বাস কৰিবলৈ টান হৈছে এই ঘটনা। কাশ্মীৰৰ যিগৰাকী স্থানীয় যুৱকে তেওঁলোকক বাইক ভাড়ালৈ দিছিল তেওঁ নিজেই ফোন কৰিছে সিহঁতলৈ। কৈছে এই ঘটনাই তেওঁলোকক শেষ কৰি পেলালে। কি কৰিব একো বুজি পোৱা নাই। 

পৰ্যটন আৰু ড্ৰাই ফুডছেই জম্মু কাশ্মীৰৰ অৰ্থনীতিৰ মূল ভেঁটি। মাৰ্চৰ পৰা আগষ্টৰ প্ৰথম পৰ্যায়লৈ জম্মু কাশ্মীৰলৈ দেশ, বিদেশৰ পৰ্যটকৰ আগমণ ঘটে। এইখিনি সময়েই ইয়াৰ পৰ্যটন উদ্যোগ তুংগত থাকে।

তাৰোপৰি জুন, জুলাই, আগষ্ট মাহত অমৰনাথ যাত্ৰাৰ বাবে ইয়ালৈ আগমণ ঘটে লাখ লাখ হিন্দু ধৰ্মীয় লোকৰ। সেয়ে মাৰ্চৰ পৰা আগষ্টৰ এই সময়খিনিয়েই কাশ্মীৰী জনতাৰ উপাৰ্জনৰ মূল সময়। 

এই সময়খিনিতে পেহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত যি আক্ৰমণ সংঘটিত কৰিলে সেই আক্ৰমণে পৰ্যটন উদ্যোগটোক মাধমাৰ দিয়াই নহয়, কাশ্মীৰী সাধাৰণ জনতাৰ ভৱিষ্যতৰ জীৱিকালৈয়ো ভাবুকি কঢ়িয়াই আনিলে। 

বন্ধুলৈ ফোন কৰা বাইক ভাড়ালৈ দিয়া সেই কাশ্মীৰী উদ্যমী যুৱকজনৰ কথাতো এনে কিছু দিশেই অনুভৱ হ’ল। জম্মু কাশ্মীৰৰ পৰ্যটন বিভাগৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি ২০২৩ চনত জম্মু কাশ্মীৰলৈ দেশী, বিদেশী পৰ্যটক মিলাই ২,১১,৮০,০১১ গৰাকী পৰ্যটকৰ আগমণ ঘটিছিল। 
২০২২ চনত আগমণ ঘটিছিল ১,৮৮,৮৪,৩১৭ গৰাকী পৰ্যটক। সেইদৰে ২০২১ ত ১,১৩,১৬,৪৮৪ গৰাকী, ২০২০ ত ৩৪৭৬১৫৩ গৰাকী, ২০১৯ ত ১,৬২,২১,২৫০ গৰাকী আৰু ২০১৮ ত ১,৬৮,৭৮,০২৫ গৰাকী পৰ্যটকৰ আগমণ ঘটিছিল। 

কাশ্মীৰী জনতাৰ পৰ্যটকক আতিথ্যত কৃপণালী নকৰে। চৰকাৰৰ সৈতে, সুৰক্ষা কৰ্মীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ সময়ত তেওঁলোকে পৰ্যটকৰ গাত কুটা এটাও পৰিবলৈ নিদিয়ে। 

এই অঞ্চলটোত সন্ত্ৰাসবাদীৰো লক্ষ্য হৈ পৰা নাছিল পৰ্যটক। অৱশ্যে দুটা দশকৰ পূৰ্বে পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড নিক্ষেপ কৰাৰ ঘটনা ঘটিছিল। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত তীৰ্থ যাত্ৰীৰ ওপৰত আক্ৰমণ হৈছিল।  

সেই ঘটনাৰ পাছত পৰ্যটন উদ্যোগটোৱে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও স্বাভাৱিক অৱস্থালৈ পুনৰ ঘূৰি আহিছিল। কাশ্মীৰত অঞ্চলটোত পাক মদদপুষ্ট সন্ত্ৰাসবাদীয়ে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ইয়াত থকা সুৰক্ষা বাহিনীক।
 
পুলৱামাত সংঘটিত বিস্ফোৰণো আছিল সুৰক্ষা বাহিনীক লক্ষ্য কৰি কৰা আক্ৰমণ। শেহতীয়াকৈ কাশ্মীৰত প্ৰবজিত শ্ৰমিকক বাচি বাচি হত্যা কৰা বহু কেইটা ঘটনা ঘটিছিল। 

কিন্তু ইয়াৰ মাজতো পৰ্যটকৰ কোনো ক্ষতি হোৱা নাছিল। পিছে এইবাৰ সন্ত্ৰাসবাদীয়ে বাচি ল’লে পৰ্যটকক। কেৱল পৰ্যটকক বাচি লোৱাই নহয়, পৰ্যটকৰ ধৰ্মীয় পৰিচয় বিচাৰ কৰি কৰিলে হত্যা। এয়াও কাশ্মীৰত এইবাৰ সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ এক নতুন বৈশিষ্ট্য হিচাপে ধৰা দিছে। 

পাক মদদপুষ্ট এই সন্ত্ৰাসবাদী গোটসমূহে জম্মু কাশ্মীৰক ভাৰত অধিকৃত কাশ্মীৰ হিচাপে দাবী কৰাৰ লগতে ইয়াত নিয়োজিত সেনা, সুৰক্ষা বাহিনীক ভাৰতীয় হিচাপে গণ্য কৰি তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কাশ্মীৰী জনতাক তেওঁলোকৰ ভাই, বন্ধু জ্ঞান কৰি আহিছিল। 

কিন্তু এইবাৰ সন্ত্ৰাসবাদীয়ে ধৰ্ম বাচি বাচি, আনকি কাশ্মীৰৰ এগৰাকী স্থানীয় যুৱককো গুলীয়াই হত্যা কৰিলে। তাৰোপৰি কাকতলীয় ভাৱে এই আক্ৰমণ এনে এক সময়ত সংঘটিত হ’ল যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছলামিক ৰাষ্ট্ৰ ছৌদি আৰৱলৈ দুদিনীয়া ভ্ৰমণৰ বাবে উৰা মাৰিছিল আৰু ভাৰতত চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত আছিল আমেৰিকাৰ উপৰাষ্ট্ৰপতিগৰাকী।

পেহেলগামৰ এই ঘটনাৰ পাছত বহু প্ৰশ্নই উত্থাপিত হৈছে। মাত্ৰ কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস হোৱাৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছিল। 

অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰি অহাৰ দাবী কৰি সন্ত্ৰাসবাদ মুক্ত কৰাৰ কথা কৈছিল। কিন্তু মঙলবাৰৰ এই আক্ৰমণৰ পাছত স্পষ্ট হৈছে কাশ্মীৰত কিদৰে ইটেলিজেঞ্চ এজেঞ্চিসমূহ চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। এই ব্যৰ্থতাৰ দায়িত্ব কোনে স্বীকাৰ কৰিব?

পেহেলগামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৰক্তৰঞ্জিত পৰ্যটকৰ মৃতদেহৰ সেই কৰুণ দৃশ্য চোৱাৰ সাহস বহুতৰে হোৱা নাই। সন্ত্ৰাসবাদীৰ গুলীত নিহত স্বামীৰ কাষত পত্নী বাকৰুদ্ধ হৈ বহি থকা সেই দৃশ্যই সকলোকে কন্দুৱাইছে। 

আক্ৰমণৰ পূৰ্বে পেহেলগামৰ পৰা উভতি অহা দুই বন্ধুৰ এতিয়া মুখৰ মাত নাই। নাই ভূ-স্বৰ্গ ফুৰি অহাৰ আনন্দ। কথা পাতিব পৰা নাই কাৰো সৈতে। ক’ব বিচৰা নাই মনৰ ভিতৰত কি চলি আছে। কেৱল ক’লে- ‘তুষাৰ, কি হৈ গ’ল একো বুজি পোৱা নাই’।

 

জম্মু কাশ্মীৰ সন্ত্ৰাসবাদী আক্ৰমণ