সেনাই আৰম্ভ কৰিছে অপাৰেচন মীৰ জাফৰঃ গণ্ডাই গণ্ডাই গ্ৰেপ্তাৰ হৈছে ৰাষ্ট্ৰদ্ৰোহী

মীৰ জাফৰেৰে ভৰি আছে সমগ্ৰ দেশ। এই আধুনিক মীৰ জাফৰবোৰক বিচাৰি উলিয়াই এক শিক্ষা দিয়াৰ উদ্দেশ্যেই ভাৰতীয় সেনাই আৰম্ভ কৰিছে নতুন অভিযান- অপাৰেচন মীৰ জাফৰ।

author-image
Tushar Pratim
New Update
সেনাই আৰম্ভ কৰিছে অপাৰেচন মীৰ জাফৰঃ গণ্ডাই গণ্ডাই গ্ৰেপ্তাৰ হৈছে ৰাষ্ট্ৰদ্ৰোহী

পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাই ৭ মে'ত আৰম্ভ কৰিছিল 'অপাৰেচন সিন্দূৰ'। এই অভিযানৰ জৰিয়তে পাকিস্তানত সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল। তাৰ পিছত এইবাৰ আৰম্ভ কৰিছে 'অপাৰেচন মীৰ জাফৰ'। কি এই 'অপাৰেচন মীৰ জাফৰ'? কিয় এই অভিযান? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।  

Advertisment

মীৰ জাফৰ, বংগৰ নবাব চিৰাজ-উদ-দৌলাৰ অধীনত বঙালী সেনা বাহিনীৰ সেনাপতি মীৰ জাফৰৰ বিশ্বাসঘাটকতাৰ বাবেই ১৭৫৭ চনৰ পলাশীৰ যুদ্ধত ব্ৰিটিছৰ বিজয় নিশ্চিত হৈছিল আৰু মছনদ দখল কৰিবলৈ সক্ষম হৈছিল। ইতিহাসে মীৰ জাফৰক এগৰাকী বিশ্বাসঘাটক হিচাপেই মনত ৰাখিছে। মীৰ জাফৰৰ সেই ৰক্তই প্ৰবাহিত হৈ আছে এতিয়াও একাংশ ভাৰতীয়ৰ দেহত। 

বহুতেই আকৌ স্বেদশ প্ৰেমেৰে উদ্ভুদ্ধ ভাৰতীয় নায়কৰ পৰিবৰ্তে বিশ্বাসঘাটক মীৰ জাফৰকহে অনুসৰণ কৰিছে। ভাৰততে থাকি ভাৰতৰে বায়ু, পানী খাই, উশাহ, নিশাহ উৰিও ভাৰতকেই বিশ্বাসঘাটকতা কৰাত কোনো ত্ৰুটি কৰা নাই। 

এই আধুনিক মীৰ জাফৰবোৰক বিচাৰি উলিয়াই এক শিক্ষা দিয়াৰ উদ্দেশ্যেই ভাৰতীয় সেনাই আৰম্ভ কৰিছে এক নতুন অভিযান।

অপাৰেচন মীৰ জাফৰ 

পাকিস্তানত ঘাটি পাতি ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰি থকাসকলৰ বিৰুদ্ধে 'অপাৰেচন সিন্দূৰ' আৰম্ভ কৰাৰ পিছত ভাৰতীয় সেনাই আৰম্ভ কৰা 'অপাৰেচন মীৰ জাফৰ'-এ বিশেষ তাৎপৰ্য বহন কৰিছে। এই আধুনিক মীৰ জাফৰসকলে বিভিন্ন প্ৰকাৰে শত্ৰু দেশ হিচাপে নিজেই পৰিচয় গঢ়ি তোলা পাকিস্তানক বিভিন্ন ধৰণে সহায় কৰি আহিছে। 

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত দেশৰ বিভিন্ন তথ্য গতাই দিয়া দেশ বিৰোধী এই মীৰ জাফৰৰ সন্ধানতে ভাৰতীয় সেনাই আৰম্ভ কৰিছে 'অপাৰেচন মীৰ জাফৰ'। এই অভিযানৰ অধীনতে গ্ৰেপ্তাৰ কৰিছে জনপ্ৰিয় ইউটিউবাৰ তথা ট্ৰেভেল ব্ল’গাৰ জ্যোতি মালহোত্ৰাক। 

পেহেলগাম আক্ৰমণৰ পিছতে দেশৰ সেনা বাহিনী তথা সুৰক্ষা এজেঞ্চীসমূহ যথেষ্ট সক্ৰিয় হৈ পৰিছে। এফালৰ বিচাৰি বিচাৰি উলিয়াইছে দেশ বিৰোধীসকলক। এইসকলে দেশত থাকি সহায় কৰি আহিছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক। 

দেশৰ নিৰাপত্তাবাহিনীয়ে সন্দেহ কৰিছে দেশৰ বহু গোপনীয় তথ্য আৰু ফটো বিভিন্ন মাধ্যমেৰে আই এছ আইক প্ৰদান কৰি আহিছে এইসকল দেশ বিৰোধীয়ে। এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে দিল্লীস্থিত পাকিস্তানী দূতাবাসে।

পাকিস্তানী এই দূতাবাসৰেই ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আই এছ আইৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে এইসকল আধুনিক মীৰ জাফৰে। তাৰেই উদাহৰণ ইউটিউবাৰ জ্যোতি মালহোত্ৰা।

ক’ত ক’ত  চলিছে এই অভিযান?

ভাৰতীয় সেনাই দেশৰ কেইবাখনো ৰাজ্যত চলাইছে অপাৰেচন মীৰ জাফৰ। দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত চলিছে অভিযান। তাৰোপৰি আন বহু কেইখন ৰাজ্যতো গ্ৰেপ্তাৰ হৈছে দেশ বিৰোধীসকল।

অসমতো তেনেদৰে গ্ৰেপ্তাৰ হোৱা দেশ বিৰোধীৰ সংখ্যা তাকৰ নহয়। অৱশ্যে এইসকলক অপাৰেচন মীৰ জাফৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হোৱা নাই। সামাজিক মাধ্যমত দেখুওৱা পাকিস্তান প্ৰীতিৰ বাবেই তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।  

জানিব পৰা মতে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইয়ে বহু লোকক বিদেশ ভ্ৰমণৰ দৰে সুবিধা আৰু ধন যোগান ধৰি প্ৰলোভিত কৰি আহিছে। তাৰ বিনিময়ত সংগ্ৰহ কৰিছে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য। পাকিস্তানৰ ভাৱমূৰ্তি ভাৰতত ভাল কৰিবলৈয়ো এইসকলক নিয়োগ কৰা হৈছে।

ইলেক্ট্ৰনিক ছাৰ্ভিলেঞ্চৰ তদন্ততো ভাৰতীয় মোবাইল ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক মাধ্যমেৰে পাকিস্তানলৈ বহু সামগ্ৰী প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে। 

ক’ত, কিমান আছে মীৰ জাফৰ?

অপাৰেচন মীৰ জাফৰৰ জৰিয়তে এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত ৰাষ্ট্ৰদ্ৰোহীৰ সংখ্যা এক ডজনৰো অধিক বুলি জানিব পৰা গৈছে। এতিয়াও আন বহু কেইজনক সুধপোচ অব্যাহত আছে। তাৰোপৰি আন বহু আছে নিৰাপত্তা বাহিনীৰ ৰাডাৰত।

সেয়ে গ্ৰেপ্তাৰ হোৱা আধুনিক মীৰ জাফৰৰ সংখ্যা যে আৰু অধিক হ’ব সেয়া নিশ্চিত। ইফালে অপাৰেচন সিন্দূৰৰ সময়ৰে পৰা এই পৰ্যন্ত যিসকল ভাৰতীয়ই পাকিস্তান প্ৰীতি দেখুৱালে আৰু পাকিস্তানৰ সন্দৰ্ভত মুকলিকৈ মন্তব্য কৰি ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিলে সেইসকলৰ তালিকাখন যথেষ্ট দীঘলীয়া। 

শতৰু দেশৰ প্ৰতি যে ইমান দৰদ থকা ভাৰতীয় আছে সেয়া অপাৰেচন সিন্দূৰৰ পিছতেই উন্মোচিত হৈ পৰিছে। 

ক’ত, কিমান হৈছে গ্ৰেপ্তাৰ? 

চৰকাৰী তথ্য অনুসৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ ১৮খন জিলাৰ পৰা প্ৰায় ৩০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গোৰখপুৰ, বৰেলী, লখিমপুৰ খেৰী, বাঘপাট আৰু বদৌণত এইসকলৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। 

অসমতো পাকিস্তান প্ৰেমীৰ সংখ্যা কম নহয়। বিধায়কসহ সাংবাদিকলৈ বহু এক দীঘলীয়া তালিকা। তথ্য অনুসৰি এই পৰ্যন্ত অসমত ৭৩ জনক দেশ বিৰোধী স্থিতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ ভিতৰত আছে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো। তাৰোপৰি এই তালিকাত আছে ৰূপছান আলী, ৰছিদ মণ্ডল, ৰাজু শ্বেখ, আব্দুল হুছেইন, ৰছিদ আহমেদ, আজাদ ইমৰাণ হুছেইন, আব্দুল ছামাদ, শ্বাহদাদ আলী, শ্বাহীন আহমেদ মজুমদাৰ আদি। 

পাকিস্তানী সন্ত্ৰাসবাদীক জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰাৰ অভিযোগ বহু স্থানীয় লোকৰ বিৰুদ্ধে আছে। বহু স্থানীয় কাশ্মীৰী যুৱকো এনে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছে। এই জম্মু কাশ্মীৰতো ভৰি আছে দেশ বিৰোধী। সেই অনুসৰিয়েই জম্মু কাশ্মীৰৰ পৰা বহু কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও প্ৰকৃত সংখ্যা জানিব পৰা হোৱ নাই। কিন্তু এই সংখ্যা যে কম নহয় সেয়া স্পষ্ট। 

মধ্যপ্ৰদেশৰ পৰা এই পৰ্যন্ত ৭ জন দেশ বিৰোধীক গ্ৰেপ্তাৰ কৰা হৈছে। এইসকলৰ ভিতৰত আছে মহাবিদ্যালয়ৰ অধ্যাপকো। তাৰোপৰি ছত্তিশগড়ত পৰা এজন ফটোগ্ৰাফাৰ, মেঘালয়ৰ পৰা দুজন কিশোৰসহ মুঠ তিনিজনক আৰু কৰ্ণাটকৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা হৈছে। 

 

পেহেলগাম অপাৰেচন সিন্দুৰ ভাৰতীয় সেনা