/asomiyapratidin/media/media_files/2025/04/04/DZ4FYyD258AU4dLNYSDv.jpg)
তিনিচুকীয়াত ষট পূজা কেন্দ্ৰিক বিতৰ্কত কেইবাটাও দিশ উন্মোচিত। বিপদাপন্ন জাতিয় ঐতিহ্যক লৈ জাতিয় সংগঠন উদ্বেগ হৈ থকাৰ সময়তে জাতিয় আৱেগক গুৰুত্বহীন জিলা প্ৰশাসনৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকান জিলা আয়ুক্তৰ। 'বিহাৰ দিৱস'ৰ নেপথ্যৰ শক্তিয়েই ষট পূজাৰো পৃষ্ঠপোষক! যেন পৰিকল্পিতভাৱেই অস্থিৰ কৰিব বিচৰা হৈছে সংবেদনশীল তিনিচুকীয়াক ! এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
উজনি অসমৰ অতি সংবেদনশীল জিলা হিচাপে পৰিচিত তিনিচুকীয়াত শেহতীয়াকৈ সৃষ্টি হোৱা ষট পূজা কেন্দ্ৰিক বিতৰ্কই জিলাখনৰ সামাজিক পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। মাত্ৰ কেইটমান দিনৰ পূৰ্বে জিলাখনত চৰকাৰী পৃষ্ঠপোষকতাতেই ‘বিহাৰ দিৱস’ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই পৰৱৰ্তী সময়ত বাদ-বিবাদ আৰু প্ৰতিক্ৰিয়াৰ অন্তত এই কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হৈছিল যদিও সেই একেই শক্তিয়ে মটক জনগোষ্ঠীয় ঐতিহ্য বহন কৰি থকা ঐতিহাসিক ন-পুখুৰীত বিহাৰী সম্প্ৰদায়ৰ ষট পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে মুকলিকৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ ন-পুখুৰীত ষট পূজা যি পৰিস্থিতিতেই নহওঁক কিয় অনু্ষ্ঠিত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে। এনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতেই আকৌ পোহৰলৈ অহা জিলা আয়ুক্ত স্বপ্নীল পালৰ এটা ভাবুকি ভৰা ভিডিঅ’ই ৰাজ্যুজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ষট পূজাক লৈ কিয় এই বিতৰ্ক তিনিচুকীয়াত?
শেহতীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সময়ত মটক জনগোষ্ঠীয় কেইবাটাও সংগঠনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঐতিহাসিক বেংমৰা ৰাজ্যৰ ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। জিলাখনক এফালৰ পৰা গ্ৰাস কৰা বহিৰাগতই যাতে আগ্ৰাসনেৰে এই কীৰ্তি চিহ্নসমূহলৈ যাতে বিপদ কঢ়িয়াই আনিব নোৱাৰে, এই সমূহত অনা-অসামীয়াই পূজা-পাৰ্বণকে আদি কৰি অন্যান্য অনুষ্ঠান আয়োজন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈয়ো অনুৰোধ জনাইছিল।
বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাখনৰ আয়ুক্ত স্বপ্নীল পালক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল যদিও তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠে। জিলা আয়ুক্তগৰাকীৰ এনে দায়িত্বহীনতাৰ মাজতেই জনগোষ্ঠীয় ঐতিহ্যক চূড়ান্ত অৱমাননা কৰি ন-পুখুৰী আৰু মৰুৎ নন্দন কাননত ষট পূজা অনুষ্ঠিত কৰাৰ অনুমতি বিচৰাত পৌৰসভাই যাবতীয় অনুমতি প্ৰদান কৰে। তাৰ পাছতেই ঐতিহাসিক ন-পুখুৰী পাৰত ষট পূজাৰ বাবে অস্থায়ী পেণ্ডেলো নিৰ্মাণ কৰে।
এই দৃশ্য মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃত্বই প্ৰত্যক্ষ কৰাৰ পাছতে জিলা আয়ুক্তগৰাকীক মুখ্যমন্ত্ৰীয়ে তেওঁক দিয়া নিৰ্দেশৰ কথা সোঁৱৰাই দি তেওঁক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। জিলা আয়ুক্তগৰাকীয়ে পাছত পৌৰসভাৰ লগত যোগাযোগ কৰি ন-পুখুৰীৰ সেই ষট পূজাৰ অনুমতি বাতিল কৰোৱাই।
ইফালে এই খবৰ পোৱাৰ পাছতে বিহাৰী সম্প্ৰদায়ৰ লোকে নিশা প্ৰায় ৯ ৰ পৰা ১০ বজাত উদ্যানৰ সমীপত তিনিচুকীয়া-দুলীয়াজান সংযোগী পথ অৱৰোধ কৰি প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে। তাৰোপৰি 'জয় শ্ৰীৰাম' ধ্বনিৰে তেওঁলোকে পৰিস্থিতি উত্তাল কৰি ষট পূজা পাতিবলৈ দিবই লাগিব বুলি হুংকাৰ দিয়ে। ফলত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ উঠে।
পাভ লুটি মাৰিছিল জিলা প্ৰশাসনে?
লক্ষ্যণীয়ভাৱে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ এই প্ৰতিবাদস্থলীত উপস্থিত হয় কেইবাজনো জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া। তেওঁলোকে প্ৰতিবাদস্থলীতে প্ৰতিবাদকাৰীক আশ্বাস দিয়ে নিৰাপত্তাৰ মাজেৰে তেওঁলোকক ন-পুখুৰীত ষট পূজা অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰি দিব। তাৰ পাছতেই এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰে সেই লোকসকলে।
জিলা আয়ুক্তগৰাকীয়ে পৌৰসভাৰ লগত আলোচনা কৰি প্ৰথমে এই স্থানৰ পৰা ষট পূজাৰ অনুষ্ঠান বাতিলৰ ব্যৱস্থা কৰিও, পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অৱমাননা কৰি সেই স্থানত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ষট পূজা পাতিবলৈ অনুমতি দিব বুলি কৰা প্ৰতিশ্ৰুতিৰ বিষয়ে অৱগত হৈ পুনৰ জাঙুৰ খাই উঠে মটক জনগোষ্ঠীয় সংগঠনৰ লগতে অন্যান্য দল-সংগঠনসমূহ।
তিনিচুকীয়া জিলা প্রশাসন আৰু আৰক্ষীৰ এনে ভূমিকাক ধিক্কাৰ দি মটক যুৱ-ছাত্র সম্মিলনৰ নেতৃত্বত জাতীয়-জনগোষ্ঠীয় দল-সংগঠনসমূহৰ লগতে ৰাইজে অবস্থান কৰে উদ্যানখনত। তাৰোপৰি পুৱতি নিশালৈকে ৰাইজে উদ্যানখন পহৰা দিয়াৰ ব্যৱস্থা কৰে।
এনে পৰিস্থিতিত উদ্যানখনৰ লগতে দুলীয়াজান পথত জিলা আৰক্ষী প্ৰশাসনে মোতায়েন কৰে বুজনসংখ্যক নিৰাপত্তাৰক্ষী। এই প্রতিবাদৰ মাজতে আকৌ আৰক্ষীৰ লগতে বিহাৰী সম্প্ৰদায়ৰ লোকৰ লগত খণ্ডযুদ্ধও হয় জনগোষ্ঠীয় সংগঠনৰ একাংশ নেতা, সদস্যৰ। সমান্তৰালকৈ ঐতিহাসিক এই উদ্যানখনত ষট পূজা পাতিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়া প্রতিবাদকাৰীসকলে ভাঙি পেলাই অস্থায়ী পেণ্ডেলো।
‘বিহাৰ দিৱস’ৰ উদ্যোক্তাই আছে ন-পুখুৰীৰ ষট পূজাৰ আঁৰত!
অভিযোগ অনুসৰি ঐতিহাসিক ন-পুখুৰীত বিহাৰী সম্প্ৰদায়ৰ ষট পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিছিল তিনিচুকীয়াৰ পৌৰপতি পুলক চেতিয়াই। তেওঁৰ ন্যস্ত স্বাৰ্থৰ বাবেই এনে পৰিস্থিতিৰ সূচনা হৈছে বুলি অভিযোগ উঠিছে।
লক্ষ্যণীয় বিষয় যে, এইগৰাকী বিজেপি নেতাও তিনিচুকীয়াত 'বিহাৰ দিৱস' উদযাপনৰ প্ৰস্তুতি চলোৱা অন্যতম পৃষ্ঠপোষক আছিল। সেয়ে মটক জনগোষ্ঠীয় সংগঠনসমূহে এইগৰাকী নেতাক জাতিদ্ৰোহী আখ্যা দি তেওঁৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে।
জিলা আয়ুক্তই জাতিয় সংগঠনক ধমক দিয়াৰ ভিডিঅ’ ভাইৰেল
সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ জৰিয়তে ধুমুহাৰ গতিত প্ৰচাৰিত হোৱা তিনিচুকীয়াৰ এনে পৰিস্থিতিৰ খবৰৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হয়। এনে পৰিস্থিতিত জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰতিবাদী মটক জনগোষ্ঠীয় আটাইকেইটা সংগঠনৰ নেতৃত্বকে তেওঁৰ কাৰ্যালয়ৈ বিষয়টোৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।
কিন্তু এই আলোচনাৰ নামত তেওঁ জাতীয় সংগঠন কেইটাৰ নেতৃত্বক আইন, শৃংখলাজনিত পৰিস্থিতি অটুট ৰখাৰ নামত ভয়, ভাবুকি দিয়াৰহে অভিযোগ উঠে। এই সম্পৰ্কীয় এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।
ভিডিঅ’ত জিলা আয়ুক্তগৰাকীয়ে উচ্চ বাক্যৰে সংগঠন কেইটাৰ প্ৰতিনিধিক ভয়, ভাবুকি দিয়া পৰিলক্ষিত হোৱাৰ বিপৰীতে সংগঠন কেইটাৰ নেতৃত্বই সহনশীলতা বজাই ৰাখিছে। ভিডিঅ’ত স্পষ্ট হৈ আছে জিলা আয়ুক্তগৰাকীয়ে কোৱা কথা কেইটা।
তেওঁ কৈছে,'আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ মই যিকোনো পর্যায়লৈ যাব পাৰো। এইক্ষেত্ৰত মোতকৈ আৰু বেয়া কোনো নহ'ব। খুব বেছি আপোনালোকে মোক ট্রেন্সফাৰ কৰিব। ইয়াত গুণ্ডাগিৰি নচলিব।' জিলা আয়ুক্তৰ এনে আচৰণৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱাই নহয় তেওঁৰ ভূমিকাও সমালোচিত হৈছে সৰ্বত্ৰে।
জানিব পৰা মতে পাছত জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ২২ মাৰ্চত দিয়া নিৰ্দেশনা সন্দৰ্ভত সংশ্লিষ্ট বিভাগত অৱগত কৰা নাই বুলি নিজৰ ভুল স্বীকাৰ কৰিছে। তাৰোপৰি ষট পূজাৰ কাৰ্যসূচীও উদ্যানখনৰ পৰা বাতিল কৰিছে। ইফালে যট পূজাৰ আয়োজনৰ এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনেও।
মটক ৰজা সৰ্বানন্দ সিংহই খন্দোৱাইছিল ঐতিহাসিক ন-পুখুৰী
তিনিচুকীয়া চহৰত অৱস্থিত ঐতিহাসিক ন-পুখুৰীটো খন্দোৱাইছিল মটক ৰজা সৰ্বানন্দ সিংহই। ন-পুখুৰী অৰ্থাৎ ইয়াত আছে নটা পুখুৰী। এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ উদ্দেশ্যৰেই অসম চৰকাৰে সৌন্দৰ্য বৰ্ধনেৰে নিৰ্মাণ কৰিছিল মৰুৎ নন্দন কানন।
উল্লেখ্য ১৭০০ শতিকাৰ শেষ ফালে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বৃহৎ অংশ পূৰ্বে মটক ৰাজ্যৰ অংশ আছিল। ইয়াৰ ৰাজধানী আছিল বেংমৰা বা চাংমাই পথাৰ। ৰাজ্যখনক "মোৱামৰীয়া জাতিৰ বেংমৰা ৰাজ্য" বুলিও কোৱা হৈছিল।
মটক ৰজা সৰ্বানন্দ সিংহই প্ৰথমে তেওঁৰ ৰাজ্যৰ ৰাজধানী গুইজান নদীৰ পাৰৰ ৰঙাগড়ত স্থাপন কৰিছিল। ১৭৯১ চনত তেওঁ বেংমৰালৈ ৰাজধানী উঠাই নিয়ে। সৰ্বানন্দ সিংহই তেওঁৰ মন্ত্ৰী গোপীনাথ বৰবৰুৱা (গোধা)ৰ সহায়ত বেংমৰা নগৰ নিৰ্মাণ কৰোৱাইছিল।
এই নগৰৰ অৱস্থিতি বৰ্তমানৰ তিনিচুকীয়া নগৰৰ মাজতে আছিল। সৰ্বানন্দ সিংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক "তিনিকোণীয়া পুখুৰী" নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক "তিনিচুকীয়া" বুলি নামাকৰ্ণ কৰা হৈছিল। ইয়াৰ পৰাই পিছলৈ জিলাখনৰ নাম তিনিচুকীয়া হয়গৈ।
সৰ্বানন্দ সিংহৰ ৰাজত্ব কালত বহু কেইটা পুখুৰী খন্দোৱাৰ কথা ইতিহাসে কয়। সেইসমূহৰ ভিতৰত যিদৰে ন-পুখুৰী অন্যতম ঠিক সেইদৰেই চাউলধোৱা পুখুৰী, কদমণি পুখুৰী, দা ধৰোৱা পুখুৰী, মাহধোৱা পুখুৰী, লাগনী পুখুৰী, দেৱী পুখুৰী, কুম্ভী পুখুৰী, ৰূপহী পুখুৰী আদিও আছে।
ঐতিহ্যৰ গৰিমা সোঁৱৰি থকা ৰাজ্য চৰকাৰে লওঁক দায়িত্ব
ন-পুখুৰী কেন্দ্ৰিক এই বিতৰ্কই এটা কথা স্পষ্ট কৰে, আজিৰ তাৰিখত অসমীয়া জাতিৰ ঐতিহাসিক সমলসমূহ বিপদাপন্ন হৈ পৰিছে। এনে ঐতিহাসিক স্থানত যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ পূৰ্বে প্ৰশাসনে যাতে নিৰ্দিষ্ট এক প্ৰক্ৰিয়া অনুসৰণ কৰাৰ উপৰিও তাৰ সৈতে জড়িত আৱেগ, অনুভূতিত যাতে কোনোধৰণৰ আঘাত নহয় তাৰ প্ৰতিও সচেতন হ'ব লাগে।
অন্যথা এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যে আগলৈ আন কোনো স্থানত সংঘটিত নহ’ব তাৰ কোনো নিশ্চয়তা নাই। অতি সংবেদনশীল তিনিচুকীয়াৰ এই পৰিস্থিতিয়ে বহু কেইটা দিশ উন্মোচন কৰিছে।
বহিৰাগতৰ আগ্ৰাসনে তিনিচুকীয়াক এফালৰ পৰা গ্ৰাস কৰি নিয়াৰ মাজতে যি কেইটা কীৰ্তি চিহ্নই জাতিয় ঐতিহ্যক এতিয়াও সগৌৰৱে প্ৰতিনিধিত্ব কৰি আহিছে সেই কীৰ্তি চিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ দায়িত্ব চৰকাৰে নিষ্ঠা আৰু সততাৰে গ্ৰহণ কৰা উচিত। এনে ধৰণৰ জাতিয় ঐতিহ্যসমূহেই প্ৰতিনিধিত্ব কৰি আছে ক্ষুদ্ৰ ক্ষুদ্ৰ বহু জাতি, জনগোষ্ঠীৰ স্বকীয়তাৰ উপৰিও ইতিহাসক। সেই ইতিহাসক জীয়াই ৰখাটো চৰকাৰে জাতীয় দায়িত্ব অথবা দায়বদ্ধতা হিচাপে লোৱাৰ এয়াই চূড়ান্ত সময়।