/asomiyapratidin/media/media_files/2025/06/05/RyrzwpymLeXxgRiy0I6E.jpeg)
ভাৰতীয় ক্ৰিকেটত বুধবাৰে লিপিবদ্ধ হ'ল এক ৰক্তাক্ত ইতিহাস। প্ৰথমবাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হোৱা আৰ চি বিৰ বিজয় উৎসৱ উদযাপনৰ নামত প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে। কনেকৈ সংঘটিত হ'ল এই ঘটনা? বি চি চি আইৰ স্থিতি কি? চৰকাৰ, প্ৰশাসনে কৰি কৰি আছিল? এই সকলো বিষয় সমৰি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।
১৮ বছৰৰ অপেক্ষা। সুদীৰ্ঘ সেই অপেক্ষাৰ অন্তত আহিছিল সেই পৰম আকংক্ষিত ক্ষণ। জয় কৰিছিল আই পি এলৰ চেম্পিয়নৰ খিতাপ। এই বিজয়ৰ বাবেই যেন অপেক্ষা কৰি আছিল তেওঁলোকে।
পৰম আকাংক্ষিত এই বিজয়ত কেনে এক পৰিবেশৰ সূচনা হ’ব পাৰে তাৰ পূৰ্বানুমান বহুতেই কৰিছিল। পূৰ্বে জাৰ্ছি মুকলি, প্লে’ অফৰ মেচ বিজয়ৰ সময়তে যিদৰে বিজয় উল্লাখত মত্ত হয় তাৰ পৰাই অনুমান কৰা হৈছিল আবমেদাবাদৰ ষ্টেডিয়ামৰ গেলাৰীত কেনে এক পৰিবেশৰ সূচনা হ’ব পাৰে।
কিন্তু ৩ জুনৰ ফাইনেলখনত ১৯ নম্বৰ অভাৰত বিজয় নিশ্চিত হোৱাৰ পিছতে খেল পথাৰতেই বিৰাট কোহলি আৱেগিক হৈ পৰাৰ দৃশ্যই সলনি কৰিছিল পৰিবেশ। কোহলিৰ সৈতেই আৱেগিক হৈ পৰিছিল সকলো।
পৰম আকাংক্ষিত সেই বিজয়ক আৱেগেৰ ঢৌত উটি-ভাঁহি উদযাপন কৰিছিল অনুৰাগীয়ে । কিন্তু অঘটন ঘটিল ৪ জুনৰ বিয়লি। অত্যাধিক আনন্দ উৎসৱেই কাল হল এইসকল অনুৰাগীৰ বাবে।
বেংগালুৰু অনিয়ন্ত্ৰিত সেই উন্মান অনুৰাগীসকলৰ বাবেই ভাৰতীয় ক্ৰিকেট ইতিহাসত লিপিবদ্ধ হল এক ৰক্তাক্ত ইতিহাস। বিজয় উৎসৱ উদযাপন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে নাবালিকাসহ ১১ জনকৈ লোকে। হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি আছে আৰু বহুজনে।
বুধবাৰ বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ফ্ৰেঞ্চাইজিটোৱে অনুষ্ঠিত কৰিছিল বিজয় উৎসৱ। অৱশ্যে পৰিকল্পনা আছিল বিজয়ৰ এক ৰেলী বাহিৰ কৰা। কিন্তু সেই অনুমতি নোপোৱাত ৩৫ হাজাৰ দৰ্শক বহিব পৰা চিন্নাস্বামী ষ্টেডিয়ামতে অনুষ্ঠিত কৰিছিল বিজয় উৎসৱ।
এই বিজয় উৎসৱৰ আয়োজক আছিল ৰয়েল চলেঞ্জাৰ্ছ বেংগালুৰু আৰু কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থা। যৌথভাৱে অনুষ্ঠিত এই বিজয় উৎসৱৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত যেতিয়া সকলো মতলীয়া হৈ আছিল সেই সময়ত বাহিৰত ভৰিৰ গছকত প্ৰাণ গৈছিল ১১ জনকৈ লোকৰ।
কিযে এক হৃদয় বিদাৰক দৃশ্য! বাহিৰত মৃত্যুৰ কিৰিলি আৰু ভিতৰত বিজয় উৎসৱ।
বি চি চি আইৰ স্থিতি
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বেংগালুৰুৰ এই কৰুণ ঘটনাৰ ব্যাখ্যা আগবঢ়াইছে। সমান্তৰালকৈ আৰম্ভ হৈছে এই ঘটনাক লৈ ৰাজনৈতিক যুঁজো। অৱশ্যে বি চি চি আই আৰু আই পি এলৰ কৰ্তৃপক্ষই এই ঘটনাক লৈ ৰাজনীতি কৰিব বিচৰা নাই। ৰাজনীতি আৰম্ভ কৰিছে কেন্দ্ৰৰ শাসনাধিস্ত দলটোৱে।
যিসময়ত ষ্টেডিয়ামৰ বাহিৰত এই কৰুণ ঘটনা সংঘটিত হ’ল সেই সময়ত ভিতৰত কিয় বিজয় উৎসৱ চলি থাকিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বি চি চি আই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সপক্ষে থিয় দিছে।
বুধবাৰেই আই পি এলৰ অধ্যক্ষ্য অৰুণ ধুমলে স্পষ্ট কৰিছে ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা এই ঘটনাৰ সন্দৰ্ভত আৰ চি বিৰ কৰ্তৃপক্ষ অৱগত নাছিল। কিন্তু যেতিয়াই এই ঘটনাৰ খবৰ লাভ কৰা হৈছিল তেতিয়াই অনুষ্ঠান চুটি কৰি অনা হৈছিল।
বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুল্কাই সংবাদ মাধ্যমৰ আগত এই ঘটনাত শোক প্ৰকাশ কৰি কয়, এয়া অতি মৰ্মান্তিক। কিয় এনেকুৱা হ'ল সেয়া আমাৰ বাবে সঠিকভাৱে কোৱা সম্ভৱ নহয়। আমি কাকো দোষ দিব নিবিচাৰো। কৰ্ণাটক ক্ৰিকেট সন্থাৰ পৰা প্ৰতিবেদন পোৱাৰ পিছত আমি সকলো জানিব পাৰিম। শুল্কাই এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈয়ো সকলো পক্ষকে আহ্বান জনাইছে।
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়, "এয়া এক অতি দুৰ্ভাগ্যজনক ঘটনা। জনপ্ৰিয়তাৰ নেতিবাচক দিশ এয়া। প্ৰিয় ক্ৰিকেটাৰক দেখি অনুৰাগীয়ে পাগলৰ দৰে আচৰণ কৰে। আয়োজকসকলে আৰ চি বিৰ বিজয় উদযাপনৰ আয়োজন ভালদৰে কৰিব লাগিছিল।
শইকীয়াই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্যও কামনা কৰিছে। তাৰোপৰি শইকীয়াই কয়, এই ঘটনাৰ লগত বি চি চি আইৰ কোনো সম্পৰ্ক নাই। তথাপিও ইয়াৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন।
কিয় সংঘটিত হ’ল এই ঘটনা?
বুধবাৰৰ এই বিজয় অনুষ্ঠানৰ বাবে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আৰ চি বিৰ অনুৰাগীৰ বাবে পাছৰ ব্যৱস্থা কৰিছিল। কোৱা হৈছিল যিসকল প্ৰথমে আহিব তেওঁলোকেই পাছ লাভ কৰিব। গতিকে, পুৱাৰ পৰাই চিন্নস্বামী ষ্টেডিয়ামৰ সন্মুখত অনুৰাগীয়ে ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল।
দুপৰীয়াৰ ভিতৰত কৰ্ণাটক প্ৰশাসনে ভবাতকৈ বহু বেছি অনুৰাগীয়ে ভিৰ কৰিছিল ষ্টেডিয়ামৰ ভিতৰত। নিৰ্দিষ্ট সময়ত ষ্টেডিয়ামৰ গেট খোলাৰ লগে লগে বহু লোকে পাছ ল’বলৈ দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰে।
সেই সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জো কৰে। ফলত পৰিস্থিতি জটিল হৈ পৰে। অনুৰাগীসকলে বিভিন্ন দিশত দৌৰিবলৈ আৰম্ভ কৰে। সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ।
প্ৰশাসনে প্ৰকাশ কৰা মতে ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৩৫ হাজাৰ। কিন্তু ষ্টেডিয়ামৰ বাহিৰে, ভিতৰে গোট খাইছিল প্ৰায় ৩ লাখ লোক। ইমান বৃহৎ সংখ্যক লোকক নিয়ন্ত্ৰণ কৰাতো আছিল অতি প্ৰত্যাহ্বানজনক।
ষ্টেডিয়ামৰ সেই অঞ্চলটোও ইমান বৃহৎ সংখ্যক লোকৰ সমাগমৰ বাবে সুবিধাজনক নাছিল। ফলত পদপিষ্টৰ এই ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন লোক আহত হয়। ইয়াৰে আহতৰ কেইবাজনৰো অৱস্থা অতি গুৰুতৰ। নিহতৰ ভিতৰত আছে কেইবাগৰাকীও নাবালিকা।
প্ৰশাসনে প্ৰকাশ কৰিছে মৃতকৰ তালিকা
বেংগালুৰু ঘটনাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয়, চিন্নাস্বামী ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যা ৩৩ হাজাৰ। কিন্তু তাত দুই-তিনি লাখতকৈ অধিক লোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। ফলত ষ্টেডিয়ামৰ সৰু গেটখন ভাঙি যায়। তেওঁ কয়, আমি কল্পনাও কৰা নাছিলো ইমান মানুহ আহিব।
ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আমি নাবালকৰ ওপৰত লাঠি চাৰ্জ কৰিব নোৱাৰো। কিন্তু তথাপিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চলাইছিল। ফলত পদপিষ্টৰ ঘটনাত যি ১১ জন লোকৰ মৃত্যু হ’ল তেওঁলোকৰ আটাইৰে বয়স ৪০ বছৰৰ তলত।
ইয়াৰ ভিতৰত আছে ৩ গৰাকী নাবালিকাও। প্ৰশাসনে মৃতকৰ যি তালিকা প্ৰকাশ কৰিছে সেই তালিকা অনুসৰি ১৯ বছৰৰ তলৰ ৩ জন, ২০ ৰ পৰা ৩০ বছৰৰ ভিতৰত ছজন আৰু ৩০ বছৰৰ উৰ্ধ্বৰ ৩ জন লোকৰ মৃত্যু হৈছে।
নিহতসকলৰ ভিতৰত আছে দোৰেছা (৩২), ভূমিকা (২০), ছাহানা (২৫), অক্ষতা (২৭), মনোজ (৩৩), শ্ৰৱণ (২০), দেৱী (২৯), শিৱলিং (১৭), চিন্ময়ী (১৯) আৰু প্ৰজ্জ্বল (২০)। স্মৰ্তব্য, এই ঘটনাৰ বাবে কৰ্ণাটক চৰকাৰে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। আনহাতে আহতসকলক সকলো ধৰণে সহায়, সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।