মহানগৰীত সুবিধা সকলোৱে লয়, পৌৰ কৰ হে দিয়া নহয়

মহানগৰীত সুবিধা সকলোৱে লয়, পৌৰ কৰ হে দিয়া নহয়
ৰাজ্যজুৰি বৃদ্ধি কৰা হ'ব পৌৰ কৰ। ইয়াৰ বিৰুদ্ধে বিভিন্ন স্থানত বিৰোধিতা হৈছে। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে জাৰি কৰিছিল এক অধিসূচনা। এই অধিসূচনা অনুসৰি নগৰ-চহৰবোৰৰ পৌৰ সভাক পৌৰ কৰ বৃদ্ধিৰ বাবে তেওঁলোকক ব্যৱস্থাগ্ৰহণ কৰিবলৈ আৰু কি হাৰত বৃদ্ধি হ'ব তাৰ সিদ্ধান্ত ল'বলৈ কৈছিল। এই প্ৰক্ৰিয়াৰ মাজতে চৌদিশে সৃষ্টি হ'ল প্ৰতিক্ৰিয়া। প্ৰয়োজন আছেনে পৌৰ কৰ বৃদ্ধি কৰাৰ। এই সন্দৰ্ভত নিৰপেক্ষ দৃষ্টিৰে এই প্ৰতিবেদন...

গুৱাহাটী মহানগৰীত ১০-১৫ লাখ লোকে বাস কৰে। তেওঁলোকক প্ৰায়বোৰ সুবিধা প্ৰদান কৰিব লাগে গুৱাহাটী পৌৰ নিগমে। সঠিক সময়ত পানী, প্ৰতিদিনে জাবৰ-জোথৰ নিষ্কাষণ,পথ-গলিসমূহত ষ্ট্ৰীট লাইট, নলা-নৰ্দমা চাফা কৰা আদি কামবোৰ কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হয়। সেই ধন জি এম চিয়ে ক'ৰ পৰা পাব। এতিয়া প্ৰতিদিনে ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে।

আন চহৰবোৰৰ ক্ষেত্ৰতো একেই কথা। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে মহানগৰ বা চহৰবাসীৰ পৰাই নগৰখন সৰ্বাংগসুন্দৰ আৰু এই কামবোৰ কৰিবৰ বাবে কৰ সংগ্ৰহ কৰা হয়। পৌৰ সভাসমূহৰ সংস্কাৰ তথা উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ স্বৰূপে ৰাজ্য চৰকাৰে অসম পৌৰ আইন অনুচ্ছেদ ৭৯(ক), (খ), (গ), (ঘ) আৰু (ঙ) অনুসৰি ৰাজ্যৰ পৌৰ এলেকেৰ অন্তৰ্গত বিভিন্ন শ্ৰেণী সম্পত্তিৰ মূল্য নিৰ্ধাৰণেৰে পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল। অৱশ্যে এই পৌৰ কৰসমূহৰ পৰিমাণ এনেকৈও বৃদ্ধি হ'ব নালাগে যাতে সেয়া মহানগৰ বা চহৰবাসীৰ বাবে এক ডাঙৰ বোজা হৈ পৰে।

বিভাগীয় মন্ত্ৰী অশোক সিংঘালে ইতিমধ্যে জনাইছে পৌৰ কৰ বৃদ্ধি ২৫ শতাংশ পৰ্যন্ত হ'ব। এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এই কৰ অতি ন্যূনতম হাৰত বৃদ্ধি কৰাৰ প্ৰয়োজন যদিও দীৰ্ঘ সময় ধৰি তেনে নকৰাত পূৰ্বৰ মূল্যায়নৰ ভিত্তিত যি পৌৰ কৰ আদায় দিয়া হয় সেয়া অতি ন্যূনতম। সেই দৃষ্টিৰে পৌৰ কৰ বৃদ্ধিৰ বিকল্প নাই।

বহু নাগৰিকে পৌৰ কৰ আদায় নিদিয়ে। পৌৰ নিগম বা পৌৰ সভাবোৰেও অনাদায় পৌৰ কৰ আদায়ৰ বাবে উদ্যোগ নলয়। গুৱাহাটী মহানগৰীত ইষ্ট জ’নৰ অন্তৰ্গত ১৯,২০,২১,২২,২৩ আৰু ২৪ নম্বৰ ৱাৰ্ডত ২০২১ চনৰ তথ্য অনুসৰি অনাদায় হৈ থকা সম্পত্তি কৰৰ পৰিমাণ আছিল ৪৬,১৮৩০৩৭ টকা। যোৱা দুবছৰত সেয়া আৰু অধিক বৃদ্ধি পালে। এয়া মাত্ৰ উদাহৰণ হে।

নতুনকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত অনাদায় হৈ থকা সম্পত্তি কৰ আদয়ৰ বাবে পৌৰ নিগম তৎপৰ হৈছে। তাৰ ফলো পাইছিল জি এম চিয়ে। ২০২২ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে সংগ্ৰহ হৈছিল ৭০ কোটি টকা সম্পত্তি কৰ। ২০২২ চনৰ ডিচেম্বৰতে জি এম চিয়ে সংগ্ৰহ কৰা সম্পত্তি কৰৰ পৰিমাণ আছিল ৩০ কোটি টকা।

বিশেষকৈ জি এম চি হল্ডিং নম্বৰ ইলেক্ট্ৰিচিটি বিলৰ সৈতে সংলগ্ন কৰাতো বাধ্যতামূলক কৰাত মহানগৰীত সম্পত্তি কৰ আদায় নিদিয়াকৈ থকা বহু তথ্য পোহৰলৈ আহিছিল। সম্পত্তি কৰ গণনা কৰা হয় এটা বিশেষ ফৰ্মূলাত। সম্পত্তি কৰ = বুইল্ট আপ এৰিয়া X এইজফেক্টৰ X বেচ ভেল্যু X টাইপ অৱ বিল্ডিং X কেটেগুৰি অৱ ইউজ X ফ্ল’ৰ ফেক্টৰ । এই সূত্ৰৰে সম্পত্তি কৰ গণনা কৰা হয়।

ৰাজ্য চৰকাৰে নাগৰিকসকলক তেওঁলোকৰ সম্পত্তিৰ হিচাপ গণনা কৰি নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে জমা দিবলৈ সময় নিৰ্ধাৰণ কৰি দিছিল। অৱশ্যে দুই এক পৌৰ সভাই অবিশ্বেস্য হাৰত পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি বিশিষ্ট এচাম বুদ্ধিজীৱিয়েও ইয়াৰ বিৰোধিতা কৰি আমি কিয় পৌৰ কৰ দিম বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিজৰ মাটিত নিজে ঘৰ বনাই আছো বুলি যুক্তি দৰ্শাই পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতা কৰিছে। অত্যাধিক পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতা হওক কিন্তু আজিলৈকে পৌৰ বা সম্পত্তি কৰ দিয়েই পোৱা নাই বুলি আৰু এনে সম্পত্তি কৰ দিবলৈ কেতিয়াও জাননী অহা নাই বুলি কোৱাটো হাস্যকৰ।

নিৰ্দিষ্ট সময়ত পৌৰ কৰ,সম্পত্তি কৰ আদায় দিয়াটো এজন নাগৰিকৰ দ্বায়িত্ব আৰু কৰ্তব্য। সকলো সুবিধা গ্ৰহণ কৰি পৌৰ কৰ ফাঁকি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অৱশ্যে চৰকাৰেও এইটো নিশ্চিত কৰিব লাগিব যে, কোনোবাই পৌৰ কৰ ফাঁকি দিলে বুলিয়েই কৰ আদায় দি থকাসকলৰ মূৰত ৰাম-টাঙোন শোধাব।

মহানগৰীত সুবিধা সকলোৱে লয়, পৌৰ কৰ হে দিয়া নহয়
ৰহস্যঘন কাহিনী শ্ৰেষ্ঠতম সাহিত্যৰ সমল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in