ৰাজ্যত কিমান আছে গৰু, ম'হ, ছাগলী, ভেড়া, গাহৰি আদি পোহনীয়া জীৱ-জন্তু। দ্ৰুত হাৰত হ্ৰাস পাইছে এই জীৱ-জন্তুৰ সংখ্যা। গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পৰিছে ইয়াৰ। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত ৰাজ্যৰ এই পোহনীয়া জন্তু আৰু ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত প্ৰকাশ কৰা হ'ব এলানি বিশেষ প্ৰতিবেদন-
আগৰ দৰে গৰু, ম'হ নাই গাঁৱত। জাকে জাকে ভৰি থকা গোহালীবোৰ এতিয়া হেৰাই গৈছে। হেৰাই গৈছে নদীৰ চাপৰিত থকা ম'হৰ খুটিবোৰ। পোহনীয়া এই জীৱ-জন্তু বোৰৰ সংখ্যা হ্ৰাস পোৱাতো শুভ লক্ষণ নহয়। পথাৰ নিৰ্ভৰশীল আমাৰ অৰ্থনৈতিক পৰিকাঠামো এতিয়া ভাগি পৰিছে। খেতি কৰিবলৈ মানুহৰ আগ্ৰহ কমিছে।
বিশুদ্ধ গাখীৰজাত খাদ্য সামগ্ৰী এতিয়া পোৱাতো দুৰ্লভ হৈ পৰিছে। কৃত্ৰিম প্ৰজাতিৰ গৰু, ছাগলী, গাহৰি সংখ্যা বাঢ়িছে যদিও জনসংখ্যা বৃদ্ধিৰ তুলনাত সেই অনুপাত সন্তুষ্টি জনক নহয়।
ৰাজ্যত কৃষকৰ সংখ্যা আছিল ২৭ লাখ। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ২৭ লাখ কৃষকৰ পৰিয়ালে খেতি কৰিছিল। কিন্তু এতিয়া সেই পৰিমাণ হ্ৰাস পাই ১১ লাখলৈ কমিছে। কৃষি কৰ্মৰ বাবে উপযোগী ভূমিত উদ্যোগ স্থাপন হৈছে।
২০১৭-১৮ বৰ্ষৰ অৰ্থনৈতিক জৰীপৰ মতে বানপানীয়ে ৰাজ্যত বছৰি গড়ে ৯.৩১ লাখ ক্ষেত্ৰৰ কৃষিভূমি নষ্ট কৰে। ২০১৫-১৬ বৰ্ষত অসমত ২৪.৮৫ লাখ হেক্টৰ ভূমিত ধান খেতি কৰা হৈছিল। ২০১৬-১৭ বৰ্ষত ধান খেতি কৰা ভূমিৰ পৰিমাণ ২৪.৬৭ লাখ হেক্টৰলৈ হ্ৰাস পাইছে।
কৃষি নিৰ্ভৰশীল অসমৰ গ্ৰাম্য অৰ্থনীতি এদিন অধিক টনকীয়াল আছিল। গোহালীৰ গৰু কৃষি কৰ্মৰ বাবে ব্যৱহাৰ কৰাৰ লগতে গাখীৰ উৎপাদনৰ বাবেও ব্যৱহাৰ হৈছিল। কৃষি মন্ত্ৰালয়ৰ জৰিয়তে ডিপাৰ্টমেন্ট এফ এনিমেল হাচবেন্দেৰী, ডায়েৰিং এণ্ড ফিছ বিভাগে চলাই পোহনীয়া জীৱ-জন্তুৰ পিয়ল।
প্ৰতি ৫ বছৰৰ মূৰে মূৰে চলোৱা এই পিয়ল শেষ বাৰৰ বাবে ২০১৯ ত চলোৱা হৈছিল। সেই পিয়লৰ তথ্য অনুসৰি অসমৰ পশু ধনৰ ভিতৰত ৬০ শতাংশই গৰু, ২৪ শতাংশ ছাগলী, ১২ শতাংশ গাহৰি, ২ শতাংশ ম'হ, ২ শতাংশ ভেড়া।
২০২৪ ত ২১ সংখ্যক পশুধনৰ লোকপিয়ল অনুষ্ঠিত হ'ব। ২০১২ ৰ তুলনাত ম'হৰ সংখ্যা অসমত ১৬ শতাংশ হ্ৰাস পাইছে। থলুৱা গৰুৰ সংখ্যাও হ্ৰাস পাইছে যদিও জাৰ্ছীকে ধৰি আন প্ৰজাতিৰ গৰু পুহাৰ প্ৰৱণতা বৃদ্ধি পাইছে। কেৱল গাখীৰ উৎপাদনৰ বাবে গৰু পোহা হৈছে যদিও সেই পশুধনৰ বাবে পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা নাই।
পশু খাদ্য উৎপাদনৰ বাবে চৰকাৰৰ নাই কোনো নীতি। সেয়েহে প্ৰচুৰ সম্ভাৱণা থকা পাছতো ৰাজ্যতো পশু পালন এক প্ৰত্যাহ্বান মূলক বৃত্তি হিচাপে গণ্য হৈ আহিছে। পশুধনৰ বাবে উৎকৃষ্ট খাদ্য় নাটনি এক ডাঙৰ সমস্যা। অনা অসমীয়া ব্যৱসায়ীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি পশুধনৰ খাদ্যৰ এখন বজাৰ গঢ়ি তুলিছে।
লখিমপুৰ জিলাত মুঠ পশুধনৰ সংখ্যা ১০,৩৯,৩০। ইয়াৰে ৬২,৯০৩ টা গৰু ১১৬৭ টা ম'হ, ৬৬ টা ভেড়া , ২০২০৭ টা ছাগলী , ১৯৫৮৮ টা গাহৰি। মুঠ পশুধনৰ হিচাপত লখিমপুৰ জিলা প্ৰথম, গোলাঘাট দ্বিতীয়, ধেমাজি তৃতীয়, নগাঁও চতুৰ্থ স্থান আৰু শোণিতপুৰ পঞ্চম স্থানত আছে।
২০১৯ চনৰ তথ্য অনুসৰি গোলাঘাটত ৯,৯৬,১৭৮ টা পশুধন আছে। ধেমাজিত ৮৯,৩৫৩, নগাঁৱত ৮৮,২৪২, শোণিতপুৰত ৮৫,১৬২, কামৰূপত ৭৯,৫৬৫, বৰপেটাত ৭৪,৪০৪, যোৰহাটত ৭২,৮৯৭, কাৰ্বি আংলঙত ৭২,৭২৪ টা পশুধন আছে।
২০১২ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত মুঠ পশুধনৰ সংখ্যা ১০.৩ মিলিয়ন। ২০১৯ চনত সেই সংখ্যা হয়গৈ ১০.৯ মিলিয়ন। ৰাজ্যৰ কেইবাখনো জিলাত গৰুৰ সংখ্যা হ্ৰাস পাইছে।
নগাঁৱত ১৮ শতাংশ, যোৰহাটত ১২ শতাংশ গৰু কমিছিল ২০১৯ত। ৰাজ্যত ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ লক্ষ্য লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বেত বিপ্লৱ অনাৰ লগতে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ সৈতে এক বুজাবুজিৰ চুক্তি কৰিছিল চৰকাৰে।
ৰাজ্যত দৈনিক ৪২ লাখ লিটাৰ গাখীৰ প্ৰয়োজন যদিও সেই প্ৰয়োজনৰ ১০ শতাংশও উৎপাদন নহয় অসমত। গুজৰাটত দৈনিক ২ কোটি লিটাৰ গাখীৰ উৎপাদন হয়। এজনী গীৰ গাইয়ে গুজৰাটত ৪০ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে।
সেই উদ্দেশ্যেই ২০২১ চনৰ ২৫ নৱেম্বৰত অসমলৈ অনা হৈছিল ১০৮ টা গীৰ গাই। মুঠ ২০০০ টা গীৰ গাই ৰাজ্যলৈ অনাৰ লক্ষ্য লোৱা হৈছিল গৰুখুটিৰ বাবে। গৰুখুটি কৃষি প্ৰকল্প ভৱা ধৰণে আগ নাবাঢ়িল।
গাখীৰ, কণী, মাছ, মাংসৰ ওপৰত এতিয়াও অসম আত্ম নিৰ্ভৰ হ'বলৈ বহু বাকী। এদিন এই পশুধন বোৰেই উৎপাদনৰ অন্যতম উৎস আছিল। কিন্তু কৰ্ম বিমুখ হৈ পৰাৰ ফলত কৃষি আৰু পশুধন পালনলৈ পিঠি দি ট্ৰেক্টৰে মাটি খান্দি অনা নিয়া কৰোতেই যেন আমাৰ কৰ্ম সংস্কৃতি শেষ হৈছে।
প্ৰতি ৫ হাজাৰ পশুধনৰ বিপৰীতে এজনকৈ পশু চিকিৎসক থাকিব লাগে। সেই হিচাপত ৰাজ্যত প্ৰায় ২৫০০ পশু চিকিৎসক থাকিব লাগিছিল। কিন্তু এতিয়া ৰাজ্যত আছে ৭০৩ টাহে পশু চিকিৎসক পদ। একেদৰে সেই পদৰো ৫৩৮ টাতহে পশু চিকিৎসকে কাৰ্যনিৰ্বাহ কৰি আছে।
ৰাজ্য়ত থকা গো ধনৰ বিপৰীতে ২৩,১৫,৯২৫ মেট্ৰিকটন কেঁচা ঘাঁহৰ প্ৰয়োজন। কিন্তু বৰ্তমান ৮৫,৬২৫ মেট্ৰিকটনহে কেঁচা ঘাঁহ উৎপাদন হয়। পশু চিকিৎসালয় সমূহৰো অৱস্থা নাই। মুঠ ৪৪২ খন পশু চিকিৎসালয়, ৭৬ খন উপ পশু চিকিৎসালয় আছে ৰাজ্যত।
সেইবোৰৰ বেছি সংখ্যকেই এতিয়া অস্তিত্বহীন হৈ পৰিছে। জহি খহি হৈছে চিকিৎসালয়সমূহ। পশু খাদ্যৰ ঘাটি পূৰণ কৰিবলৈ মাকৈ খেতি কৰাৰ প্ৰয়োজন আছে লগতে উন্নত ঘাঁহৰ বীজ কৃষকক যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে।
কৃষি প্ৰধান ৰাজ্য অসমত এতিয়া জনসংখ্যা বিস্ফোৰণৰ অনুপাতে পশুধনৰ সংখ্যা সন্তোষজনকভাৱে বৃদ্ধি নোপোৱাত আৰু কৃষক সকলে ইয়াক পালন কৰিবলৈ আগ্ৰহ নকৰাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে।
পশুপালক সকলৰ বাবে আৰ্থিক বিকাশৰ এক আহিলা পশুধন। ইয়াক সযত্নে প্ৰতিপালন আৰু সুস্থ্য খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। সেউজীয়া ঘাঁহ পশুধনৰ বাবে সুষম আহাৰ। কিন্তু বেছি সংখ্যক পশুধনৰ বাবে সুলভ নহয় সেউজীয়া ঘাঁহ।
প্ৰতিবছৰে আয়োজন কৰা হয় পশুধন মেলা। এইবাৰো ১৫, ১৬ আৰপ ১৭ ফেব্ৰুৱাৰীক খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা আয়োজন কৰা হৈছে। এই মেলাবোৰত চৰকাৰে সফলতাৰ ঢাক ঢোল বজাই কিন্তু এই সমস্যা আৰু প্ৰত্যাহ্বানবোৰৰ বাস্তৱিক সমাধানৰ কথা চিন্তা নকৰে।