/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/70635fe2-895e-48de-b5db-4af638bc2e90/AP_FOR_WEB_new_format_pratibedon_2.png)
সাহিত্যৰ সৈতে নাৰীৰ সম্পৰ্ক পুৰাতন । প্ৰকৃতিৰ সৃষ্টিৰ পৰা ইয়াৰ সৌন্দৰ্যৰ সৈতে যদি কোনো ওত:প্ৰোতভাৱে জড়িত হৈ আছে, সেইয়া হৈছে নাৰী । সাহিত্য ক্ষেত্ৰত নাৰীৰ অৱদানৰ কথা কাহানিও ওৰ নপৰে, প্ৰতিবেদনখনৰ জৰিয়তে কেৱল বিষয়টো সামৰি ল'বলৈ সামগ্ৰিক প্ৰয়াস কৰা হৈছে । আন্তৰ্জাতিক নাৰী দিৱসত সাহিত্যক্ষেত্ৰৰ সৈতে জড়িত নাৰীসকলক স্মৰণ কৰাৰ প্ৰয়াস জয়দীপ নাৰায়ণ দেবৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে ।
"যদি বিচৰা গ্ৰন্থাগাৰসমূহ বন্ধ কৰি ৰাখা, কিন্তু মোৰ মনৰ স্বাধীনতাক আৱদ্ধ কৰি ৰাখিব পৰাকৈ কোনো তলা, কোনো দুৱাৰ, কোনো গজাল সৃষ্টি হোৱা নাই ।" - ভাৰ্জিনিয়া ৱুল্ফ
আদিম যুগত সমাজ আছিল পুৰুষতান্ত্ৰিক । সৰু সৰু গোটবোৰৰ পুৰুষসকল চিকাৰলৈ ওলাই যোৱাৰ পাছত ঘৰখনৰ সমস্ত দায়িত্ব আহি পৰিছিল নাৰীসকলৰ ওপৰত । ঘৰখন সজাই পৰাই, ৰন্ধন প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পাছত ৰৈ যোৱা সময়কণ আছিল নিজৰ বাবে । কেতিয়াবা হয়তো অফুৰন্ত সময় আন কেতিয়াবা আকৌ সময়ৰ অভাৱ । তাৰ মাজতেই চৌদিশে ফুলি থকা ৰং বিৰঙী ফুল, তৰু-লতাৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ সকলোখিনিয়েই উপভোগ কৰিছিল এওলোকে । তাৰ বিপৰীতে নগণ্য সংখ্যক পুৰুষৰ বাহিৰে প্ৰাচীন কালৰে পৰাই যুদ্ধ-বিগ্ৰহৰ সৈতেই জড়িত পুৰুষ জাতি । এয়াই আছিল পূৰ্বৰ পুৰুষতান্ত্ৰিক সমাজ এখনৰ চৰিত্ৰ । কিন্তু ইয়াতেই উদয় হৈছিল এক নতুন প্ৰভাতৰ । এই সূৰ্য আছিল সাহিত্য আৰু কলা সংস্কৃতিৰ । যি দিশে কেতিয়াও থমকি নোৰোৱাৰ প্ৰতিশ্ৰুতিৰে আগুৱাই গ'ল মানৱ সমাজ ।
কিন্তু আন সকলোৰে জন্মৰ দৰেই সাহিত্যৰ জন্মৰ ক্ষেত্ৰতো নাৰীয়ে সহ্য কৰিব লগীয়া হ'ল এক প্ৰসৱ বেদনা । অৱশ্যে আন সকলোতকৈ পৃথক আছিল এই প্ৰসৱ বেদনা । নাৰীৰ ঔৰসত জন্ম লাভ কৰিও সাহিত্যৰ পৰা দূৰৈত ৰখা হ'ল নাৰীক । প্ৰাচীন কালৰে পৰাই পণ্যৰূপে হে গণ্য কৰা হ'ল এওঁলোকক । কেৱল সাহিত্যই নহয় বৰং নূন্যতম শিক্ষাৰ অধিকাৰো কাঢ়ি অনা হ'ল এওঁলোকৰ পৰা । সময় বাগৰিল । প্ৰসৱ বেদনাত ছটফটাই উঠিল বিশ্বব্যাপী নাৰীসকল । শিক্ষাৰ অধিকাৰ কিদৰে খৰ্ব কৰিব পাৰে কোনোৱে ? অৱশ্যে প্ৰত্যেকটো সভ্যতাই এই নীচ পুৰুষতান্ত্ৰিকতাৰ অংশীদাৰ নাছিল । কিন্তু গৰিষ্ঠসংখ্যকেই এনে হ'লে সলনি হ'ব পাৰে জানো বিশ্ব ?
বৰ বেছি দিন ছটফটাই নাথাকিল নাৰীসকল । প্ৰতিবাদী কন্ঠেৰে মুখৰ হ'ল বিশ্ব । বিশ্ব সাহিত্যত ভুমুকি মাৰিলে নাৰীয়ে । কেৱল ১৯ বছৰ বয়সতেই মেৰী শ্ব্যেলীয়ে লিখি উলিয়ালে বিশ্বৰ প্ৰথমখন কল্প-বিজ্ঞান ভিত্তিক উপন্যাস ফ্ৰেংকেনষ্টাইন । আলোড়নৰ সৃষ্টি কৰিলে সমগ্ৰ বিশ্বত । যি ফ্ৰেংকেনষ্টাইন আজিও সৰ্বত্ৰ চৰ্চিত ইয়াৰ শৈলীৰ বাবে । মেৰী শ্ব্যেলীৰ পূৰ্বে আকৌ আন এগৰাকী বিখ্যাত উপন্যাসিকে ৰচিছিল প্ৰাইড এণ্ড প্ৰিজুডাইছ, এমা, চেন্স এণ্ড চেন্সিবিলিটী । এইয়া আছিল ১৬শ শতিকাৰ অন্তিম ভাগৰ তথা ১৭শ শতিকাৰ কথা । সমাজৰ সকলো বাধা অতিক্ৰম কৰি নিজকে সাহিত্যিকৰূপে প্ৰতিষ্ঠা কৰাৰ যুঁজখন কিমান কঠিন আছিল সেইয়া বুজি পোৱা অসম্ভৱ আমাৰ বাবে । কেৱল এই কেইগৰাকীয়েই নহয় বৰং আন বহু কেইগৰাকী নাৰীয়ে সেই সময়তেই নিজকে সাহিত্যিক আৰু কবিৰূপে প্ৰতিষ্ঠা কৰিছিল কেৱল নিজৰ বলত ।
বিংশ শতিকাত বিশ্বই দেখিলে দুখনকৈ বিশ্বযুদ্ধ । বিশ্বযুদ্ধৰ সমান্তৰালকৈ অহা প্ৰচণ্ড নৈৰাশ্যৰ সৈতে মোকাবিলা কৰিবলৈও আগুৱাই আহিল নাৰীসকল । ইংৰাজী সাহিত্যৰ সৈতে জড়িত কোনে নাজানে চিলভিয়া প্লেথৰ নাম । ঠিক সেইদৰেই দ্বিতীয় বিশ্বযুদ্ধৰ বিশৃংখলতাৰ মাজতো শিশু সাহিত্যৰ প্ৰতি এক বৃহৎ অৱদান আগবঢ়োৱা এনিড ব্লাইটন বৰ্তমানো শিশুসকলৰ প্ৰিয় ।
বিশ্ব সাহিত্য বুলিলে ঠিক যিদৰে কেৱল ইংৰাজী সাহিত্যকে নুবুজি ঠিক সেইদৰেই নিশ্বৰ সাহিত্যত অৱদান আগবঢ়াই যোৱা নাৰী কেৱল উপৰোক্ত সকলেই নহয় । সমুদ্ৰ তীৰত ৰৈ সমুদ্ৰৰ গভীৰতা জোখা অসম্ভৱ । সাহিত্যৰ পথাৰত এভূমুকি নমৰাকৈ কেৱল কেইগৰাকীমান সাহিত্যিকৰ নাম উল্লেখ কৰিয়েই সেইদৰেই মুখনি মাৰিব নোৱাৰি নাৰীসকলৰ অৱদান । বৰং প্ৰত্যেকজন পুৰুষ যি সাহিত্য কৰ্মৰ বাবে সংসাৰৰ সমস্ত দায়িত্ব জাপি দিছে একোগৰাকী নাৰীৰ ওপৰত, সেই সাহিত্যিকৰ প্ৰত্যেকটো সৃষ্টিৰ অন্তৰালৰ প্ৰকৃত সাফল্য নাৰীগৰাকীৰ হে ।
এইয়া আছিল বিশ্ব সাহিত্যৰ কথা । ভাৰতবৰ্ষ তথা অসমতো সাহিত্যৰ জগতত নাৰীৰ অৱদান অপৰিসীম । ১৮৫৫ চনত বৃটিছ শাসিত পশ্চিম বংগত জন্ম লাভ কৰিছিল স্বৰ্ণকুমাৰী দেৱীয়ে । যাক গণ্য কৰা হয় ভাৰতৰ প্ৰথম মহিলা উপন্যাসিক ৰূপে । ঠিক একদৰেই সৰোজীনি নাইডুক গণ্য কৰা হয় ভাৰতৰ প্ৰথম মহিলা কবি ৰূপে । এই ধাৰা অব্যাহত ৰাখিলে অনিতা দেশাই, মহাশ্বেতা দেৱী, শশী দেশপাণ্ডেৰ দৰে মহীয়সী নাৰীসকলে । পুৰুষতান্ত্ৰিকতাৰ শিকলি চিঙি নাৰীসকলৰ এই বৌদ্ধিক বিপ্লৱত চামিল হ'ল শোভা দে', মামনি ৰয়চম গোস্বামীৰ দৰে বলিষ্ঠ লেখিকাই ।
অসমত আকৌ এই বিপ্লৱ কোন কাহানিবাই আৰম্ভ হৈ গৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে লেখিকাৰ উদ্যোগত । সাহিত্য যে বিপ্লৱৰ এক অন্যতম ধাৰা অথবা শৈলী হ'ব পাৰে সেই কথা প্ৰচলিত সমাজে অনুধাৱন কৰাৰ আগতেই বুজি উঠিছিল নাৰীসকলে । অৱশ্যে অতীজৰে পৰাই বহু ক্ষেত্ৰত নাৰী সদায়েই আগৰণুৱা পুৰুষতকৈ । সাহিত্যও ইয়াৰেই এক অংগ । যিখন হাতে কলম ধৰি মুহুৰ্তৰ ভিতৰতেই কপাই তুলিব পাৰে বিশ্বক সেই দুখন হাততকৈ শক্তিশালী জানো আন কোনোবা হ'ব পাৰে ?
চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে দেখুওৱা দিশ অনুসৰণ কৰি আগুৱাই গ'ল অসমৰ আন মহিলা সাহিত্যিকসকল । নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, নিৰুপমা বৰগোহাঞিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, জাহ্নৱী বৰুৱা আদিৰ দৰে সুলেখিকাই অতি প্ৰণালীবদ্ধভাৱে কাগজে কলমেই নাৰী সৱলীকৰণৰ পক্ষে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে মাত মাতি গ'ল বিভিন্ন সময়ত । কিন্তু যিসকল লেখিকাই নিৰৱিচ্ছিন্নভাৱে প্ৰতিবাদ কৰিলে সমাজৰ বিভিন্ন আসোৱাঁহ আৰু ভুলবোৰ আঙুলিয়াই দিবলৈ । সেইসকল লেখিকাক কোনোবাই মনত কৰেনে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা ? টনী মৰিছন, তছলিমা নাচৰিন, এঞ্জেলা কীন আদিৰ দৰে লেখিকাই সমগ্ৰ বিশ্বকেই যোগাইছিল নাৰী সৱলীকৰণৰ পক্ষে অব্যাহত যুঁজখনৰ ইন্ধন ।
কেৱল ইয়াতেই শেষ নহয় প্ৰকৃতি আৰু পুৰুষৰ মাজৰ সম্পৰ্ক গাঢ় কৰা নাৰীৰ সাহিত্যৰ সৈতে ওত:প্ৰোত সম্পৰ্কৰ তালিকা । কল্পনাতীত সাহস, শক্তি আৰু সৃষ্টিৰ তাড়নাৰ প্ৰতীক নাৰী ।
Also Read: আদৰ্শ হৈ ৰ’ব এইসকল অসমীয়া নাৰী