আদৰ্শ হৈ ৰ’ব এইসকল অসমীয়া নাৰী

author-image
Asomiya Pratidin
New Update
আদৰ্শ হৈ ৰ’ব এইসকল অসমীয়া নাৰী

ভাৰতৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ অসমৰো বহু কেইগৰাকী নাৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিগত সময়ছোৱাত উজলিবলৈ সক্ষম হৈছিল । এই সকল নাৰীয়ে সমাজৰ সকলো বাধাৰ প্ৰাচীৰ অতিক্ৰম কৰি সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ সৈতেই অসমৰ নাম উজলালে । তেনে কেইগৰাকীমান নাৰীৰ বিষয়েই বিস্মিতা দত্তৰ এই বিশেষ প্ৰতিবেদন

Advertisment

'নাৰী তুমি অনন্যা,নাৰী তুমি অৰ্ধ আকাশ। মৰম নামৰ শব্দৰ তুমিয়েই উৎস।জীৱনৰ প্ৰতি কোঁহে কোঁহে,তোমাৰ যাদুকৰী হাতৰ পৰশে আনি দিয়ে নতুন ছন্দ'।পুৰুষৰ অবিহনে নাৰীৰ যিদৰে কল্পনা কৰিব নোৱাৰি সেই দৰে নাৰীৰ অবিহনেও পুৰুষ বৰ্ত্তি থাকিব নোৱাৰে। নাৰী অবিহনে সৃষ্টি অসম্ভৱ,সমাজো অসম্ভৱ। ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰিবৰ কাৰণে তেওঁৰ সোঁ অংশৰ পৰা পুৰুষক আৰু বাওঁ অংশৰ পৰা নাৰীক সৃষ্টি কৰিছিল। সেই কাৰণেই পুৰুষক অৰ্দ্ধাঙ্গ আৰু নাৰীক অৰ্দ্ধাঙ্গিনী বোলা হয়।আৰু নাৰীৰ প্ৰতি শ্ৰদ্ধা তথা সন্মান জনাবৰ বাবে প্ৰতিবছৰে ৮ মাৰ্চ তাৰিখে পালন কৰা হয় আন্তঃজাতিক নাৰী দিৱস।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় অসমীয়া নাৰী কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই। অসমীয়া নাৰীয়েও কেৱল গতানুগতিক কামতে ব্যস্ত নাথাকি পুৰুষৰ সমানে ৰাজকাৰ্য চলাইছিল,ৰণাংগণলৈ গৈছিল,সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দৰে শাসনকৰ্তা, মূলা গাভৰুৰ দৰে বীৰাংগনা,কুৰঙ্গনয়নী, পিজৌ গাভৰুৰ দৰে কূটনীতিবীদ আদি সাহসী,হিৰণ্যগৰ্ভা নাৰী সকলে জন্ম লৈছিল এইখন অসমতে।

সমাজৰ বিভিন্ন ক্ষেত্ৰত আত্মনিয়োগ কৰা অসমৰে চন্দ্ৰ প্ৰভা শইকীয়ানী,নলিনীবালা দেৱী,নিৰ্মল প্ৰভা বৰদলৈ,মামণি ৰয়ছম গোস্বামী আদি বিদূষী নাৰী সকলৰ জীৱন যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াই উপলদ্ধি কৰিব পাৰোঁ যে সুখ-দুখ, বিৰহ-বেদনা,ঘাত-প্ৰতিঘাত একোৱেই নাৰীৰ জীৱনক স্থবিৰ কৰিব নোৱাৰে যদিহে মনটোক সুন্দৰ ভাৱে পৰিচালনা কৰাৰ ক্ষমতা থাকে।

অসম বুৰঞ্জীৰ পাতত পতিভক্তি আৰু দেশভক্তিৰ অনন্য নিদৰ্শনেৰে উজ্জ্বলি থকা আন এগৰাকী অসমীয়া নাৰী হ’ল ‘জয়মতী’।১৭০০ শ শতিকাৰ আহোম ৰাজত্ব কালত হোৱা অশান্ত ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্য বিপ্লৱৰ অৱসান ঘটাই দেশত পুনৰ শান্তি প্ৰতিষ্ঠা কৰি দেশবাসীলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা দূৰ দৃষ্টিসম্পন্না, ৰাজনৈতিকভাৱে সচেতন এই গৰাকী মহীয়সী নাৰীয়ে মৰ্যাদাৰ যুঁজত প্ৰাণ আহুতি দি দেখুৱাই গ’ল সাহস আৰু ত্যাগৰ চূড়ান্ত নিদৰ্শন। তেওঁ মুখ বন্ধ কৰি কৰা অভিনৱ প্ৰতিবাদৰ কাহিনীয়ে নাৰী সকলক এতিয়াও সাহস যোগায়। এতিয়াও সোঁৱৰাই দিয়ে নাৰীৰ সবল স্থিতিৰ কথা।

বৰ্তমানো নাৰী কোনো ক্ষেত্ৰতেই কম নহয়।খেল,অভিনয়,সংগীত,ফেশ্বন জগতত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমীয়া মহিলাই।কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ মহিলাই অসমৰ বাবে কঢ়িয়াইছে সুনাম। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছত স্বৰ্ণপদক বিজয়ী প্ৰথম অসমীয়া মহিলা খেলুৱৈ আছিল মনালিছা বৰুৱা মেহতা লগতে অৰ্জুন বঁটা প্ৰাপক তেওঁ প্ৰথম অসমীয়া মহিলা। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অসম কন্যা এথলীট হিমা দাসে অসমৰ দ্বিতীয় গৰাকী অৰ্জুন বঁটা প্ৰাপ্ত মহিলা তথা ভোগেশ্বৰ বৰুৱাৰ পাছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা অসমৰ একমাত্ৰ এথলিট। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ২০১৮ চনত তেওঁ লাভ কৰে সন্মানীয় অৰ্জুন বঁটা ।

অলিম্পিকৰ ১২৫ বছৰীয়া ইতিসাহত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই, ২০২০ চনত তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হয় আৰু ২০২১ চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটা প্ৰদান কৰা হয়।অৰ্জুন বঁটা প্ৰাপ্ত আন এগৰাকী অসমীয়া মহিলা খেলুৱৈ নয়নমণি শইকীয়া। কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া নয়নমণি শইকীয়া। ইয়াৰ উপৰিও খেল জগতত অসমৰ বহু কেইগৰাকী মহিলা খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্জল কৰিছে। ইয়াৰ ভিতৰত কল্পনা চৌধুৰীৰ নাম উল্লেখযোগ্য। কল্পনা চৌধুৰী হৈছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰথম পদক প্ৰাপ্ত অসমীয়া। ইয়াৰ পাছতেই বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বাবে সুনাম কঢ়িয়াই আনিছিল যমুনা বড়ো,অংকুশিতা বড়ো, ফুইলাও বসুমতাৰী।

বক্সিঙৰ লগতে সাঁতোৰতো অসমৰ নাম উজ্বলোৱা মহিলা সাঁতোৰবিদ হ'ল শিৱাংগী শৰ্মা, আস্থা চৌধুৰী,মিঠু বৰুৱা। বেডমিন্টনত অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাইছিল অস্মিকা চলিহা আৰু টাইকোনডোত অসমৰ নাম উজলাইছিল অসমৰ ৰ'দালি বৰুৱাই। লন বলত স্বৰ্ণবিজয়ী নয়নমণি শইকীয়াই নহয় তানিয়া চৌধুৰীয়েও অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাবলৈ সক্ষম হৈছে। এথলেটিকছ হিমা দাসৰ সমান্তৰালকৈ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল তৈবুন নিছাই। শেহতীয়াকৈ বিচিচিআইয়ে অনুষ্ঠিত মহিলা আইপিএল অমেনছ প্ৰিমিয়াৰ লিগত মুম্বাই ইণ্ডিয়ালছে ক্ৰয় কৰিছে মঙলদৈৰ জীয়ৰি জিন্টিমণি কলিতাক।

খেল জগতৰ লগে লগে চলচ্চিত্ৰ জগতখনটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া মহিলাই কঢ়িয়াই আনিছে অসমলৈ সুনাম। ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী সীমা বিশ্বাস এগৰাকী অসমীয়া মহিলা। তেখেতে শ্বেখৰ কাপুৰৰ বেণ্ডিত কুইনত ফুলন দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল।বলীউড তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী বুলি তেখেতৰ যথেষ্ট নাম আছে। প্ৰায় ৮০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰৰ্দশিত হোৱা আৰু ৪৪ টা বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰা ভিলেজ ৰকষ্টাৰ ছবিখনৰ নিৰ্মাতা ৰীমা দাস এগৰাকী অসমীয়া। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি। ‘হালধীয়া চৰায়ে বাওধান খাই’ৰ পাছত শ্ৰেষ্ঠ বোলছবিৰ স্বৰ্ণ কমল লাভ কৰা ‘ভিলেজ ৰকষ্টাৰ’ দ্বিতীয়খন অসমীয়া ছবি। অসমীয়া অভিনেত্ৰী আইমী বৰুৱাইয়ো ৰাষ্ট্ৰীয় পৰ্যায়ত ছেমখৰ ছবিৰ বাবে যথেষ্ঠ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাচা ভাষাৰ ছবি ‘ছেমখৰ’ৰ বাবে তেওঁ লাভ কৰে ৰজত কমল বঁটা। অসমৰ উৰ্মিলা মহন্ত, প্লাৱিতা বৰঠাকুৰ, চাবিন মন্নন, ফেৰীপ্ৰিয়া আহমেদ, ৰশ্মি দেশাই, পৰিণিতা বৰঠাকুৰ, ৰিম্পী দাস, সুৰভি দাস, সুকন্যা বৰুৱা ভাৰতীয় টেলিভিছন জগতৰ চিনাকী নাম। অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় টেলিভিছনত নিজৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে এওঁলোকে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিছ ইণ্ডিয়া চুপাৰমডেল ইন্টাৰনেশ্বনেল ২০২১ ত উদেষ্ণা বৰা জয়ী হল। খেল তথা অভিনয়ৰ সমান্তৰালকৈ আন বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মহিলাই অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ অসমৰ পাটৰ সাজ পেৰিছত প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই। বিশ্ব বিখ্যাত পেৰিছ ফেশ্বন উইকত সংযুক্তা দত্তই অসমৰ পাট কাপোৰৰ ন-সম্ভাৰেৰে প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

আমাৰ সমাজব্যৱস্থাত নাৰীৰ স্থান বহু উৰ্ধত যদিও কিছু কিছু ক্ষেত্ৰত নাৰীক অৱহেলিতও দেখা যায়। সমাজৰ ব্যাধি বাল্য বিবাহ,যৌতুক প্ৰথা,ডাইনী হত্যা,কন্যা ভ্ৰুণ হত্যা,ধৰ্ষণ আদি বিভিন্ন মহামাৰীৰ কবলত পৰি সমাজত বহু দিশত নাৰী আজি নিৰ্যাতিতা,লাঞ্চিতা,বঞ্চিতা। মহাত্মা গান্ধীয়ে কৈছিল’এজন পুৰুষক শিক্ষা দিয়া মানে কেৱল তেওঁক শিক্ষা দিয়া, কিন্তু এগৰাকী নাৰীক শিক্ষা দিয়া মানে এখন সমাজক শিক্ষিত কৰা’। গতিকে আজিৰ নাৰী সবল আৰু শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হৈ সমাজৰ এনেবিলাক কু সংস্কাৰৰ পৰা নিজকে মুক্ত কৰি আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হোৱাৰ সময় আহি পৰিছে। নাৰী দিৱসৰ দিনা ভাষণ প্ৰদান কৰিলেই নাৰীক সন্মান কৰা নুবুজায়। নাৰীৰ আত্মাভিমান আৰু মমতাৰ মৰ্যদা দিবলৈ শিকিলেহে এখন সুস্থ আৰু সু-শৃংখলিত সমাজ আশা কৰিব পাৰি।

international women's day