পাকিস্তানৰ দুঃস্বপ্ন আই এন এছ বিক্ৰান্ত...

খবৰ অনুসৰি ভাৰতীয় নৌসেনাই বৃহস্পতিবাৰে গভীৰ নিশা কৰাচী বন্দৰত আক্ৰমণ কৰে। আই এন এছ বিক্ৰান্তৰ আক্ৰমণত পাকিস্তানৰ বন্দৰ বিধ্বস্ত হৈ পৰিছে। দিশহাৰা হৈ পৰিছে পাকিস্তান।

author-image
Tushar Pratim
New Update
পাকিস্তানৰ দুঃস্বপ্ন আই এন এছ বিক্ৰান্ত...

১৯৭১ চনত বাংলাদেশ স্বাধীনতাত গুৰুতূপূৰ্ণ ভূমিকা আছিল ভাৰতীয় নৌসেনাৰ আই এন এছ বিক্ৰান্ত। এইবাৰ পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যথোচিত প্ৰত্যুত্তৰ দিয়াতো নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰিছে আই এন এছ বিক্ৰান্তে। পিছে ১৯৭১ ৰ তুলনাত ভাবিব নোৱাৰা ধৰণে অধিক শক্তিশালী হৈ পৰিল আই এন এছ বিক্ৰান্ত। এই নতুন আই এন এছ বিক্ৰান্ত কিমান শক্তিশালী? এই সন্দৰ্ভতে এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

অপাৰেচন সিন্দুৰ 2.0 ৰ জৰিয়তে পাকিস্তানত ধ্বংস লীলা চলাইছে ভাৰতৰ তিনিওটা  বাহিনীয়ে। পাকিস্তানে বৃহস্পতিবাৰে নিশা ভাৰতৰ সীমান্তৰ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ চেষ্টা চলোৱাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা সুৰক্ষা বিভাগে সেই সকলো অপচেষ্টা ব্যৰ্থ কৰাৰ সমান্তৰালকৈ যথোচিত প্ৰত্যুত্তৰ দিছে। ভাৰতৰ প্ৰত্যুত্তৰত ধ্বংস হৈছে লাহোৰত থকা পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা । 

সমান্তৰালকৈ পাকিস্তানৰ বিভিন্ন স্থানত ভাৰতে আঘাত কৰি দেশখনৰ বহুবল্কি প্ৰধানমন্ত্ৰীক বাংকাৰত আশ্ৰয় ল’বলৈ বাধ্য কৰিছে। খবৰ আহিছে পাকিস্তানৰ সেনাৰ মুৰবী আছিম আমীৰ মুনীৰক অপসাৰণৰ বাবেও সাজু হৈছে। ইতিমধ্যে কৰায়ত্ত কৰা হৈছে তেওঁক। ইফালে কৰাচী বন্দৰতো ভাৰতৰ  নৌসেনা বাহিনীৰ আই এন এছ বিক্ৰান্তৰ সহায়ত ধ্বংস লীলা চলোৱাৰ খবৰ আহিছে। 

খবৰ অনুসৰি ভাৰতীয় নৌসেনাই বৃহস্পতিবাৰে গভীৰ নিশা কৰাচী বন্দৰত আক্ৰমণ কৰে। আই এন এছ বিক্ৰান্তৰ আক্ৰমণত পাকিস্তানৰ বন্দৰ বিধ্বস্ত হৈ পৰিছে। খবৰ অনুসৰি ৮ৰ পৰা ১২টা বিস্ফোৰণৰ শব্দ শুনা গৈছে। আনহাতে, সামৰিক সূত্ৰই প্ৰকাশ কৰিছে যে ভাৰতে পাকিস্তানৰ লাহোৰ, পিণ্ডি, কৰাচীকে ধৰি ১৬খন চহৰত আক্ৰমণ কৰিছে। 

পাকিস্তানৰ গুৰুত্বপূৰ্ণ তিনিখন চহৰৰ প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস হৈ পৰিছে। আই এন এছ বিক্ৰান্তৰ এনে পৰাক্ৰমৰ পাছতে পুনৰ ১৯৭১ চনৰ যুদ্ধৰ প্ৰসংগ চৰ্চালৈ আহিছে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত আই এন এছ বিক্ৰান্ত নামৰ এই যুদ্ধজাহাজে বাংলাদেশৰ স্বাধীনতা নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।

অৱশ্যে কৰাচীত ধ্বংস লীলা চলোৱা আই এন এছ বিক্ৰান্তখন আছিল পুৰণি যুদ্ধ জাহাজ। সেই যুদ্ধ জাহাজখনৰ স্থানত এতিয়া আছে নতুন আই এন এছ বিক্ৰান্ত। এই নতুন আই এন এছ বিক্ৰান্ত নিৰ্মাণ কৰা হৈছে ভাৰততে। 

১৯৭১ চনৰ যুদ্ধৰ সময়ত পুৰণি আই এন এছ বিক্ৰান্তে তেতিয়াৰ পূব পাকিস্তানত আৰু এতিয়াৰ বাংলাদেশ সামৰিক অভিযান আৰু নৌসেনাৰ আক্ৰমণৰ নেতৃত্ব দিছিল। ভাৰতৰ প্ৰথমখন বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত প্ৰকৃততে ব্ৰিটিছ ৰয়েল নেভিৰ বাবে ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল। 

সেই সময়ত ইয়াৰ নাম আছিল ‘এইচ এম এছ হাৰকিউলিছ’।কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত ইয়াৰ কাম বন্ধ হৈ গ’ল।পিছত ব্ৰিটিছ চৰকাৰে জাহাজখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই বিক্ৰী কৰিব বুলি ঘোষণা কৰে। 

১৯৫৭ চনত ভাৰতে ক্ৰয় কৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ১৯৬১ চনত ভাৰতীয় নৌসেনাক গতাই দিয়া হয়।এই জাহাজখন ব্ৰিটেইনৰ পৰা যাত্ৰা কৰি ১৯৬১ চনৰ ৩ নৱেম্বৰত মুম্বাইৰ উপকূলত উপস্থিত হৈছিলহি। তাৰ কেই বছৰমানৰ পাছতে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এই যুদ্ধজাহাজে বাংলাদেশৰ স্বাধীনতা নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।

আই এন এছ বিক্ৰান্তে সাগৰীয় পথেৰে পাকিস্তানৰ সামৰিক কাৰ্যকলাপ বন্ধ কৰি শত্ৰুৰ ঘাটি আক্ৰমণ কৰি ধ্বংস কৰিছিল।ভাৰতীয় নৌসেনাত ৩৬ বছৰ সেৱা আগবঢ়োৱাৰ পিছত ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰিছিল আই এন এছ বিক্ৰান্তে।

ইয়াৰ পিছত প্ৰায় ১৫ বছৰ ধৰি ইয়াক সংগ্ৰহালয় হিচাপে সংৰক্ষণ কৰা হয় আৰু পিছলৈ ইয়াৰ কিছুমান অংশ ভাঙি নিলাম কৰা হৈছিল। সেই আই এন এছ বিক্ৰান্তৰে স্থান দখল কৰিছে পূৰ্বতকৈ শক্তিশালী ৰূপত নতুন আই এন এছ বিক্ৰান্তে। 

আই এন এছ বিক্ৰান্ত হৈছে এখন বিমানপৰিবাহী জাহাজ। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আই এন এছ বিক্ৰান্ত দেশবাসীৰ বাবে উৎসৰ্গা কৰিছিল। ইয়াক নিৰ্মাণ কৰা হৈছে কোচি শ্বিপয়াৰ্ডত। 

ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰা এইখন প্ৰথমখন বিমানবাহী জাহাজ। উল্লেখ্য যে, ২০২২ চনৰ আগলৈকে ভাৰতত বিমান পৰিবাহী জাহাজ আছিল মাত্ৰ এখন। সেইখন আছিল আই এন এছ বিক্ৰমাদিত্য। 

আই এন এছ বিক্ৰান্তক নৌসেনাৰ হাতত গতাই দিয়াৰ লগে লগে নৌসেনাৰ হাতত এতিয়া দুখন বিমানবাহী জাহাজ আছে। উল্লেখ্য যে, নিজাকৈ এনে জাহাজ নিৰ্মাণ কৰা দেশ বিশ্বত মাত্ৰ কেইখনমানহে আছে। সেইসমূহ ক্ৰমে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। আই এন এছ বিক্ৰান্ত নিৰ্মাণ কৰি ভাৰতো এই তালিকাত অন্তৰ্ভুক্ত হৈছে।
 
স্মৰ্তব্য, ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত আই এন এছ বিক্ৰান্ত নামৰ যুদ্ধ জাহাজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই জাহাজৰ স্মৃতিতেই এই নতুন বিমানবাহী জাহাজখনৰ নামো ‘আই এন এছ বিক্ৰান্ত’ ৰখা হৈছে।

তথ্য অনুসৰি আই এন এছ বিক্ৰান্তৰ একেলগে ৩০খন যুদ্ধ বিমান কঢ়িয়াই নিয়াৰ ক্ষমতা আছে। এই জাহাজখনৰ দৈৰ্ঘ্য ২৬২ মিটাৰ। ইয়াৰ সৰ্বোচ্ত গতি ২৮ নট আৰু ইয়াৰ নিৰ্মাণত ব্যয় কৰা হৈছে ২০ হাজাৰ কোটি টকা। 

আই এন এছ বিক্ৰান্তে মিগ-২৯কে, কামোভ-৩২, এমএইচ-৬০আৰ, এডভান্সড লাইট হেলিকপ্টাৰ আৰু লঘু যুদ্ধ বিমানকে ধৰি ৩০ ধৰণৰ বিমান আৰু হেলিকপ্টাৰ কঢ়িয়াব পাৰে।বিক্ৰান্তক স্বয়ংক্ৰিয় ব্যৱস্থাৰে প্ৰস্তুত কৰা হৈছে। ইয়াক ফিক্সড উইং আৰু ৰটাৰী উইং দুয়োটা বিমান চলাব পৰাকৈ ডিজাইন কৰা হৈছে।

এই যুদ্ধজাহাজখনত মুঠ ১৮টা ডেক আৰু ২৪০০টা কোঠা আছে। প্ৰায় ১৬০০ জোৱানো থকাৰ ব্যৱস্থা থকা এই জাহাজখনত মহিলা বিষয়া আৰু নাৱিকৰ বাবেও আছে সুকীয়া কোঠা। 

বিশেষজ্ঞৰ মতে আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্য এই দুয়োখন বিমানবাহী জাহাজ ভাৰত মহাসাগৰ, আৰব সাগৰ আৰু বংগোপসাগৰত নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা হৈছে। পেহেলগাম আক্ৰমণৰ পাছত যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত এই দুয়োখন যুদ্ধ বিমানৰে গুৰুত্বও বৃদ্ধি পাইছিল। 

গুজৰাট আৰু মুম্বাইৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহক এই দুই যুদ্ধ জাহাজে সুৰক্ষা প্ৰদান কৰি আছে।এই অঞ্চলসমূহত ভাৰতৰ ওপৰত যিকোনো সম্ভাৱ্য আক্ৰমণ ৰোধ কৰিবলৈ আই এন এছ বিক্ৰান্ত নিৰ্মাণ কৰা হৈছে। লক্ষ্যণীয় ভাৱে লগতে ভাৰতে ভাৰতৰ হাতত এনে দুই যুদ্ধ জাহাজ আছে যদিও পাকিস্তানৰ হাতত তেনে বিমানবাহী জাহাজ নাই। 

 

অপাৰেচন সিন্দুৰ আই এন এছ বিক্ৰান্ত