আছেনে কুশলে কথাশিল্পী ইমৰাণ শ্বাহ...

নাৰায়নপুৰৰ সাহিত্য সভা অধিৱেশনক লৈ ব্য়স্ত সাহিত্য প্ৰেমী। সাহিত্য সাধনাতে ওৰেটো জীৱন উছৰ্গা কৰিছিল বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহে।
আছেনে কুশলে কথাশিল্পী ইমৰাণ শ্বাহ...

নাৰায়নপুৰৰ সাহিত্য সভা অধিৱেশনক লৈ ব্য়স্ত সাহিত্য প্ৰেমী। সাহিত্য সাধনাতে ওৰেটো জীৱন উছৰ্গা কৰিছিল বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহে। ৯০ টা বছৰ গৰকিছে তেওঁ। আছেনে কুশলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকী। এই সন্দৰ্ভত শিৱসাগৰৰ পৰা এনামউদ্দিন আহমেদৰ বিশেষ প্ৰতিবেদন-

৯০ টা বসন্ত গৰকা খ্যাতনামা কথা শিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ইমৰান শ্বাহৰ কলম এতিয়াৰ থমকি ৰোৱা নাই ৷ নীৰৱে অব্যাহত ৰাখিছে সাহিত্য সাধনা ৷ তেওঁ নিজেই কৈছে আৰ্নেষ্ট হেমিংৱেৰ বিখ্যাত উপন্যাস “অল্ড মেন ইন দ্যা চি ” ত  হিড়ামূৰে ধৰিলেও বঠা আৰু বৰশীৰ ৰছী এৰি নিদিয়া (সাগৰত বৰশী বোৱা) বৰ্ষীয়ান ব্যক্তি গৰাকীৰ দৰে হাতৰ পৰা কলম এৰি দিয়া নাই ৷

শিৱসাগৰ চহৰৰ ধাই আলিৰ কাষত থকা ঘৰটোত তেওঁ সাহিত্য সাধনাত ব্যস্ত হৈ আছে ৷ পুৱাৰ পৰা নিশা এপৰলৈকে তেওঁ ব্যস্ত নতুন গ্ৰন্থ অধ্যয়ন আৰু গল্প, প্ৰৱন্ধ ৰচনাত ৷ বিশেষ প্ৰয়োজন নহ’লে তেওঁ ঘৰৰ জপনা পাৰ নহয় ৷ যোৱা প্ৰায় তিনিটি বছৰ ধৰি নবাব ইমৰান শ্বাহে বাসগৃহ চৌহদত ৰাইজে অনুষ্ঠিত কৰা সভা সমিতিৰ বাদে আন ৰাজহুৱা অনুষ্ঠান তথা সভা সমিতিত ভাগ লোৱা নাই বুলি কলেও ভুল কোৱা নহ’ব ৷

আনকি পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে তেওঁ দিল্লীত কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত ভাগ লোৱাৰ পৰাও বিৰত আছিল ৷ যাৰ বাবে চৰকাৰে তেওঁক শিৱসাগৰৰ বাসগৃহটেই এই সন্মান প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ঘৰৰ চৌহদতেই পুৱা গধুলী দুই এখোজ কাঢ়ি হাত ভৰি পোন কৰি কথাশিল্পী পুনৰ ব্ৰতী হয় সাহিত্য সাধনাত ৷ তাৰ মাজতেই ঘৰলৈ অহা শুভাকাংক্ষী তথা বিশিষ্ট ব্যক্তিৰ লগত  তেওঁ আলাপ আলোচনাটো মিলিত হয় ৷

জুখি মাপি সহজ সৰল ভাষাৰে কথা কোৱা ইমৰান শ্বাহে শিশু সকলৰ লগতে সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী সকলক উৎসাহিত কৰাৰ লগতে প্ৰেৰণা  তেওঁৰ অন্যতম বৈশিষ্ট্য ৷ তেওঁৰ সানিধ্য লাভ কৰা অনেক লোক এতিয়া প্ৰতিষ্ঠিত কবি সাহিত্যিক ৷ তেওঁৰ আহ্বানত অনেকেই হাতত কলম তুলি লৈছে ৷

উল্লেখ্য যে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্ম গ্ৰহণ কৰা ইমৰান শ্বাহে নৱম শ্ৰেণীত অধ্যয়ন কৰি থাকোতেই “ বনবাসী ” নামৰ কাব্যগ্ৰন্থ ৰচনা কৰি প্ৰতিভাৰ উমান দিছিল ৷ সেই কাব্যগ্ৰন্থ অধ্যয়ন কৰি অনে স্বনামধন্য সমালোচকে ইমৰান শ্বাহক উচ্চ প্ৰশংসা কৰিছিল ৷

বনবাসীৰ পিছত “ সংগীতৰ সিপাৰে ” নামৰ আন এখন গ্ৰন্থ ৰচনাৰে তেওঁ চমক সৃষ্টি কৰে ৷ পিয়ামুখচন্দা, পথিক, বন্দী বিহংগমে কান্দে, পথিক, সংগীতৰ সিপাৰে, অনমিতা, তথাপি সাগৰকে ধৰি এখনৰ পিছত এখনকৈ গ্ৰন্থ ৰচনা কৰি ইমৰান শ্বাহে অসমীয়া ভাষা সাহিত্যৰ পথাৰ চহকী কৰিছে ৷ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ৰে পৰা ইমৰান শ্বাহে অধ্যয়নৰ সমান্তৰালকৈ অব্যাহত ৰাখিলে সাহিত্য সাধনা ৷

অত্যন্ত লাজকুৰীয়া স্বভাৱৰ ইমৰান শ্বাহে শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা অধ্যাপনা কৰি থকাৰ সময়ত ঈষাণ দত্ত ছদ্মনামেৰে অনেক গল্প কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় ৷

একে বহাতেই একোটা গল্প লিখিব পৰা গুণৰ অধিকাৰী ইমৰান শ্বাহে এতিয়ালৈকে দুই হেজাৰৰো অধিক গল্প ৰচনা কৰি অসমৰ সাহিত্যৰ ভড়াল চহকী কৰিছে ৷ ইয়াৰে এক হেজাৰমান গল্প ইমৰান শ্বাহৰ হাতত পৰে যদিও বাকী গল্পসমূহ তেওঁৰ হাতত নাই ৷ তেওঁ এগৰাকী উচ্চমানৰ কবি ৷ কেইবা শতাধিক কবিতাৰ লগতে ইমৰান শ্বাহে কেইবা শতাধিক গীতো ৰচনা কৰিছে ৷

“জবানবন্দী” উপন্যাসৰ শ্ৰষ্ট্ৰা ইমৰান শ্বাহে বৰ্তমানলৈকে শতাধিক গ্ৰন্থ ৰচনা কৰিছে ৷ ২০১৩ চনত প্ৰকাশিত“ মূৰ্খ পুৰাণ ” তেওঁৰ অন্যতম নিবন্ধ গ্ৰন্থ ৷ এতিয়াও তেওঁৰ কলমৰ তীব্ৰতা কমা নাই ৷ অতি সহজ সৰল ভাষাৰে গল্প ৰচনা কৰাটো ইমৰান শ্বাহৰ অন্যতম বৈশিষ্ট্য ৷ গল্পৰে তেওঁ সমাজৰ চিত্ৰ অংকন কৰে ৷ গল্পে সমাজত ঘটি থকা অবাঞ্চিত ঘটনাৰ প্ৰতিবাদ কৰে ৷ সমাজক কলমেৰে সঠিক পথৰ সন্ধান দিয়াৰ দিয়াৰ প্ৰচেষ্টা চলায় ৷

 তেওঁৰ গ্ৰন্থ, গল্প, প্ৰৱন্ধ পাঠকে আকোঁৱালি লোৱাৰ সন্দৰ্ভত ইমৰান শ্বাহে কয় যে, জীৱনৰ এই ক্ষণত পাঠক আৰু শুভাকাংক্ষীৰ মৰম তথা আশীৰ্বাদে মোক ধন্য কৰিছে। মানুহে দিব পৰা শ্ৰেষ্ঠ সম্পদ হৈছে মৰম আৰু হেঁপাহ। এই দুয়োটাই মই মানুহৰ পৰা পাই আহিছোঁ। বয়সে‌ মোক হাৰ মনাব পৰা নাই ,তাৰ বাবে মই অহৰহ চেষ্টা কৰি আছোঁ। যি পাৰোঁ সমাজৰ বাবে কৰি যাম। গল্পৰ মাজেৰে বহু কথা কব পৰা‌ শক্তি এতিয়াও মোৰ আছে। মই কথা দিব নোৱাৰোঁ, আশাহে দিব পাৰোঁ।

কথাশিল্পী ইমৰান শ্বাহে  কয় যে , সময়ৰ ওচৰত সকলোৱে হাৰ মানে। মানুহৰ মৰম আৰু আশীৰ্বাদৰ বাবেই মই এতিয়াও চফল ডেকাৰ  দৰেই সৃষ্টি কৰ্মত ব্ৰতী হৈ আছোঁ।  গল্প কবিতা লিখাৰ বাবে ৯০ বছৰ উপযুক্ত নহয় যদিও কেইদিনমানৰ পূৰ্বে প্ৰকাশিত 'শগুনৰ শাও' নামৰ মোৰ বিশেষ গল্পটোৱে পাঠক সমাজৰ সমাদৰ‌ লাভ কৰাত উৎসাহিত হৈ‌ পৰিছো। বিশেষকৈ নব প্ৰজন্মৰ পৰা ম্ই‌ বহুত সমাদৰ লাভ কৰিছোঁ। 

উল্লেখ্য যে ইমৰান শ্বাহৰ সাহিত্য অসমীয়া ভাষাতেই আৱদ্ধ হৈ থকা নাই ৷ তেওঁৰ অনেক গল্প ইংৰাজীৰ উপৰিও ভালেকেইটা ভাষালৈ অনুবাদ কৰা হৈছে ৷ ইমৰান শ্বাহে যি দৰে ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনেক গ্ৰন্থ অনুবাদ কৰিছে ঠিক একেদৰে তেওঁৰ সষ্টি আন আন ভাষালে অনুবাদ কৰা হৈছে ৷ অসমীয়াৰ দৰে ইংৰাজী ভাষাটো তেওঁৰ দখল আছে ৷ ইংৰাজী ভাষাত তেওঁ অনেক তত্ত্ব গধুৰ প্ৰৱন্ধ ৰচনা কৰিছে ৷

ভাষা সাহিত্যৰ উত্তৰণৰ বাবে সাতটা দশকৰো অধিক কালধৰি সেৱা আগবঢ়াই অহাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীক ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয় ৷ ২০২১ চনত বৰ অসম সমন্বয় বঁটা লাভ কৰাৰ পূৰ্বে তেওঁক ৰাজ্য চৰকাৰে “আজান পীৰ বঁটা” প্ৰদান কৰিছিল ৷ অতি শেহতীয়া ভাৱে তেওঁক কেন্দ্ৰীয় চৰকাৰে “পদ্মশ্ৰী” সন্মানেৰে সন্মানিত কৰে ৷ ইয়াৰ উপৰিও তেওঁ লাভ কৰিছে অনেক বঁটা ৷

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ প্ৰাক্ ক্ষণত ইমৰান শ্বাহৰ মনোভাৱ জানিব বিছৰাত তেওঁ সাহিত্য সভাৰ সন্দৰ্ভত মতামত দিয়াৰ পৰা বিৰত থাকে ৷ তেওঁ কয় ব্যক্তিগত ভাৱে মই ১৯১৭ চনৰ পৰা ১৯৬০ চন মানলৈকে সাহিত্য সভাৰ কাৰ্যকলাপ অধ্যয়ন কৰিব লাগে বুলি ভাবো ৷ তেতিয়া অন্তত জাতীয় অনুষ্ঠানটোৰ মহৎ উদ্দেশ্য আৰু লক্ষ্য বুজি পাম ৷ আচলতে জাতীয় অনুষ্ঠানটোৰ আদৰ্শ আৰু লক্ষ্য পুনৰ উদ্ধাৰ কৰাৰ প্ৰয়োজন ৷ ইমৰান শ্বাহৰ তাৎপৰ্যপূৰ্ণ মন্তব্য “মহৎ  আদৰ্শ, লক্ষ্য কেতিয়াও পুৰণি নহয়” ৷ জাতীয় জীৱনৰ বাবে এনে বিষয়ত গুৰুত্ব দিয়াৰ প্ৰয়োজন ৷

অৱশ্যে নতুন প্ৰজন্মক ইমৰান শ্বাহে সাহিত্য সাধনাত ব্ৰতী হোৱাৰ আহ্বান জনাই কয় যে- ভাষা সাহিত্যৰ উত্তৰণৰ দিশটো নতুন প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে ৷ নতুন প্ৰজন্মই নিজকে নতুন বুলি নেভাবি ভবিষ্যতৰ মানুহ বুলি ভাবি ভাষা সাহিত্য চৰ্চাৰ লগতে জাতিৰ উত্তৰণৰ বাবে কৰিব লাগিব ৷ তেনে ভাবি নতুন প্ৰজন্মই কাম কৰিলে আমি যিবোৰ কথাত হতাশ বা নিৰাশ হৈছো, ভবিষ্যতৰ দিনত সকলোৱে হতাশা নিৰাশত ভুগিব লগীয়া নহ’ব ৷

আৰু পঢ়ক: অবাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in