দক্ষিণ আমেৰিকাৰ পৰা অহা 'বৌগেনভিলিয়া'ই অসমত সৃষ্টি কৰিছে উন্মাদনা

পৃথিৱীৰ প্ৰায় সৰ্বত্ৰে  ফুলা এই বৌগেনভিলিয়াৰ পিছে আছে ইতিহাস। ভাৰতৰো সকলো প্ৰান্ততে শোভা বৰ্ধন কৰা উজ্জ্বল ৰঙীন ফুলবিধ অৱশ্যে ভাৰতীয় ফুল নহয়।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
দক্ষিণ আমেৰিকাৰ পৰা অহা 'বৌগেনভিলিয়া'ই অসমত সৃষ্টি কৰিছে উন্মাদনা

অসমত চৌদিশে ফুলিছে এতিয়া কেৱল 'বৌগেনভিলিয়া'। বহুতৰে বাবে এই নাম অচিনাকী যদিও এই ফুলবিধ আকৌ অতি চিনাকী। ফাগুনক উদযাপন কৰাৰ বাবে এদল যুৱক-যুৱতীয়ে কৰা আয়োজনৰ ফচল আছিল 'বৌগেনভিলিয়া'। পিছে ফাগুন যোৱাৰ পিছতো শেষ  হোৱা নাই ইয়াৰ উন্মাদনা। সকলোতে এতিয়াও কেৱল চৰ্চা বৌগেনভিলিয়াৰ। আচুৰ্য, পাপলু চেতিয়াহঁতে কাগজফুলক নতুনকৈ বৌগেনভিলিয়া বুলি পৰিচয় কৰাই দিলে ঠিকেই। পিছে দক্ষিণ আমেৰিকাৰ পৰা কিদৰে অসম পালেহি বৌগেনভিলিয়া সেই কথা  কিমানে  জানিলে? সেয়ে বৌগেনভিলিয়াৰ ইতিহাস আৰু ইয়াৰ নানান প্ৰকাৰৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

অসমত এতিয়া কি ফুলিছে? সৌ সিদিনা বিদায় লোৱা ফাগুনে অসমৰ আকাশক তেজৰঙা কৰি পলাশ, শিমলু, মদাৰৰে সজাই থৈ গৈছে। সেই ৰাঙলী আকাশো এতিয়া অতীত হ’ল। 

চ’তে ব’হাগক আদৰি অনাৰ সময়তে এতিয়া নাহৰ, তগৰ, কপৌ, কেতেকীৰ সুবাস বিয়পিবলৈ আৰম্ভ কৰিছে যদিও অসমত এইবাৰ পিছে নাহৰ, তগৰ অথবা কপৌৰ সুবাসত মানুহৰ মন মতলীয়া হোৱা নাই। ফাগুনক লৈ ব্যস্ত মানুহখিনিৰ মনৰ পৰা এতিয়াও আঁতৰা নাই ফাগুন।

সেয়ে হয়তো কাৰোবাৰ অনুপস্থিতিত অকলশৰীয়া হৈ পৰা মানুহখিনিয়ে চ’তৰ এটা সপ্তাহ অতিক্ৰম কৰাৰ পাছতো ফাগুনক উদযাপন কৰাতেই ব্যস্ত। চৌদিশে কেৱল এতিয়া বৌগেনভিলিয়াৰ প্ৰেমত বলীয়া অসমৰ হাজাৰ হাজাৰ শিশু, যুৱক-যুৱতী।

সামাজিক মাধ্যমত ফেচবুক, ইনষ্টাগ্ৰাম আদিত কেৱল বৌগেনভিলিয়াৰ ৰীলছ। হোৱাটছএপৰ ষ্টেটাছতো বৌগেনভিলিয়া। বাগিচাৰ পৰা পথৰ কাষত ফুলি থকা বৌগেনভিলিয়াৰ তলতো যুৱক-যুৱতী, কিশোৰ-কিশোৰীৰ ভিৰ। মুঠতে এতিয়া অসমত ফুলিছে কেৱল বৌগেনভিলিয়া।

বৌগেনভিলিয়াক লৈ অসমত এই পৰিবেশ কিয়?

জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰ আৰু তেওঁৰ সৈতে আন কেইজনমান গায়ক, গায়িকা, গীতিকাৰ, চিত্ৰশিল্পী, লেখক, গল্পকাৰে এইবাৰ ফাগুনক বিশেষ কৰি তুলিলে। ‘ফাগুনঃ এজাক সুৰীয়া বতাহ’ শীৰ্ষক প্ৰকল্পৰে ফাগুনক উদযাপন কৰিলে তেওঁলোকে।

এই আয়োজনৰে এটা অংশ 'বৌগেনভিলিয়া'। ‘ফাগুন: এজাক সুৰীয়া বতাহ’ প্ৰকল্পৰ এটা জনপ্ৰিয় গীত 'বৌগেনভিলিয়া'। গীতটোত লিখিছে- ''বহুদিন হ'ল/ তোমাক একেৰাহে নেদেখা/ খবৰ নোপোৱা/  সলালা নেকি তুমি চহৰৰে ঠিকনা/ ভবাটো  নাছিলো তুমি/ হঠাৎ এৰি যাবা/ কৰি এৰাপৰলীয়া/ তুমি নহ'লে এই চহৰত/ নুফুলে বৌগেনভিলিয়া...।''

আচুৰ্য বৰপাত্ৰই গোৱা এই গীতটো লিখিছে পাপলু চেতীয়াই। গীতটোৰ সৈতে জড়িত হৈ আছে আন কেইবাজনো শিল্পী। গীতটোৱে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে।

অসমত কাগজ ফুল হিচাপেই জনপ্ৰিয় ফুলবিধক আকৌ বহুতেই হেনো এই প্ৰথমবাৰৰ বাবেহে বৌগেনভিলিয়া বুলি চিনি পাইছে। মিঠা সুৰৰ এই গীতটো এতিয়া সেয়ে সকলোতে বাজিছে। এক কথাত অসমত এতিয়া কেৱল বৌগেনভিলিয়াহে ফুলিছে।

বৌগেনভিলিয়াৰ বিষয়ে বহুতেই যে নাজানে সেয়া এই গীতটোৰ জনপ্ৰিয়তাৰ মাজতেই সামাজিক মাধ্যমতে স্পষ্ট হৈছে। পৃথিৱীৰ প্ৰায় সৰ্বত্ৰে  ফুলা এই বৌগেনভিলিয়াৰ পিছে আছে ইতিহাস। ভাৰতৰো সকলো প্ৰান্ততে শোভা বৰ্ধন কৰা উজ্জ্বল ৰঙীন ফুলবিধ অৱশ্যে ভাৰতীয় ফুল নহয়।

আহক জানো বৌগেনভিলিয়াৰ ইতিহাস, প্ৰকাৰ, আৰু ভাৰতলৈ ইয়াৰ আগমণৰ বিষয়ে কিছু কথা।


বৌগেনভিলিয়াৰ ইতিহাস


১৮শ শতিকাত ইউৰোপীয় আৱিষ্কাৰকসকলে প্ৰথমবাৰৰ বাবে বৌগেনভিলিয়া উদ্ভিদ আৱিষ্কাৰ কৰিছিল। ফ্ৰান্সৰ নৌসেনা অধিনায়ক আৰু আৱিষ্কাৰক লুইছ এন্টুৱাইন ডে বগেনভিলৰ নামেৰে এই ফুলবিধক নামকৰণ কৰা হৈছে। তেওঁ ১৭৬৬-১৭৬৯ চনৰ ভিতৰত ফ্ৰান্সৰ এদল পৰিভ্ৰমণকাৰীক পৃথিৱী ভ্ৰমণৰ নেতৃত্ব দিছিল।

এই অভিযানৰ সময়ত, বগেনভিলৰ সতীৰ্থ উদ্ভিদবিশাৰদ ফিলিবাৰ্ট কমাৰ্চনে ব্ৰাজিলত এই উদ্ভিদ চিনাক্ত কৰিছিল। ইয়াৰ ধুনীয়া ফুলবোৰে তেওঁলোকক আকৰ্ষিত কৰিছিল। সেয়ে এই ফুলবিধক ব্ৰাজিলৰ পৰা ইউৰোপলৈ কঢ়িয়াই আনিছিল।

পাছত ইউৰোপৰ উদ্যানসমূহত বৌগেনভিলিয়া জনপ্ৰিয় হৈ পৰে। ইয়াৰ অভিযোজন ক্ষমতা আৰু ফুলৰ সৌন্দৰ্যৰ বাবেই তাৰ পৰা লাহে লাহে আফ্ৰিকা, এছিয়া, আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহলৈয়ো বিস্তৃত হ’বলৈ ধৰে।

বৌগেনভিলিয়াৰ প্ৰকাৰ


বৌগেনভিলিয়া Nyctaginaceae পৰিয়ালৰ অন্তৰ্গত। ই মূলতঃ দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হৈছে। বৌগেনভিলিয়াৰ মুঠ ১৮ টা প্ৰজাতি আছে। তাৰোপৰি ইয়াক সংকৰ প্ৰজননৰ জৰিয়তে বহু কেইটা প্ৰকাৰৰ সৃষ্টি কৰা হৈছে।

তাৰ ভিতৰত বৌগেনভিলিয়া গ্লাব্ৰা, স্পেক্টাবিলিছ, পেৰুভিয়ানা, সংকৰ বৌগেনভিলিয়া আদি অতি জনপ্ৰিয় আৰু সহজলভ্য।বৌগেনভিলিয়া গ্লাব্ৰা সেউজীয়া পৰিবেশত সহজলভ্য। এইবিধকেই অসমত অসমৰ উপৰিও আন বহু কেইটা প্ৰান্ততো কাগজ ফুল বুলিয়েই কোৱা হয়।

বৌগেনভিলিয়া স্পেক্টাবিলিছৰ ফুলৰ পাহীবোৰ অতি উজ্জ্বল হয়। বৌগেনভিলিয়া পেৰুভিয়ানা প্ৰজাতিটো আকৌ তুলনামূলক কমকৈ দেখা যায়। ইয়াক আন ধৰণৰ সৈতে সংকৰিত কৰি নতুন প্ৰজাতি সৃষ্টি কৰা হয়।

সংকৰ বৌগেনভিলিয়াক বিভিন্ন সংকৰ জাতৰ সৃষ্টি কৰা হৈছে।  ইয়াৰ বিভিন্ন জাতৰ ভিতৰত ৰঙাপাহী, বেঙেুনীয়া পাহী, কমলা পাহী, বগা পাহীৰ জাতৰ উপলব্ধ আৰু জনপ্ৰিয়।

ভাৰতলৈ বৌগেনভিলিয়াৰ আগমণ

বৌগেনভিলিয়াৰ ভাৰতত কেইবাটাও নামেৰে পৰিচিত। বিশেষকৈ কাগজ ফুল হিচাপে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন আৰু বংগতো পৰিচিত এই বৌগেনভিলিয়া।

অৱশ্যে কবিগুৰু  ৰবীন্দ্ৰনাথ ঠাকুৰে এই  ফুলবিধক আকৌ বাগান বিলাসহে নাম দিছিল। বৌগেনভিলিয়াৰ পৰা অপভ্ৰংশ হৈ আকৌ বহুততে ই বাগানভেলিয়া হিচাপেহে পৰিচিত হৈ আহিছে।

ব্ৰিটিছ ঔপনিবেশিক শাসনৰ সময়তে ভাৰতলৈ আহিছিল এই ধুনীয়া ফুলবিধ। ১৮৬০ চনত কলকাতাৰ এগ্ৰি-হৰ্টিকালচাৰেল ছ’চাইটি অৱ ইণ্ডিয়াই (AHSI) প্ৰথমবাৰৰ বাবে ভাৰতীয়ক বৌগেনভিলিয়া উদ্ভিদৰ সৈতে পৰিচয় কৰাই দিয়ে।

তাৰ পাছত ভাৰতীয় উদ্যান বিজ্ঞানত বৌগেনভিলিয়াৰ জনপ্রিয়তা লাহে লাহে বৃদ্ধি হৈ পৰে।কলকাতাৰ পৰা সমগ্ৰ দেশলৈ প্ৰসাৰিত হয় ইয়াৰ সৌন্দৰ্য। কলকাতা আৰু তেতিয়াৰ মাদ্ৰাজ আৰু এতিয়াৰ চেন্নাইৰ এগ্ৰি-হৰ্টিকালচাৰেল ছ’চাইটিসমূহে দেশজুৰি বিভিন্ন স্থানত বৌগেনভিলিয়া প্ৰজাতি ৰোপণ আৰু প্ৰচলন কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।

১৯২৬ চনত, ভাৰতীয় উদ্যান বিজ্ঞানী চাৰ পাৰ্চি লেঙ্কাষ্টাৰে প্ৰথমে সংকৰ প্ৰজননৰ জৰিয়তে বৌগেনভিলিয়াৰ ‘স্কাৰলেট কুইন ভেৰিগেটা’ক চিনাকী কৰি দিয়ে। এই প্ৰজাতি ইয়াৰ উজ্জ্বল ৰং আৰু শক্তিশালী প্ৰকৃতিৰ বাবে অতি জনপ্ৰিয় হৈ পৰে।

নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI)-এ বৌগেনভিলিয়াৰ প্ৰজননত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৫৯ চনত, IARI-এ পাঁচটা অধিক ফুলধাৰী নতুন জাতৰ সংকৰ কৰে। সেই কেইটা ক্ৰমে ‘ড° আৰ. আৰ. পাল’, ‘ছ’নেট’, ‘স্প্ৰিং ফেষ্টিভেল’, ‘ছামাৰ টাইম’, ‘ষ্টেন্‌জা’।

এইবোৰৰ জাতৰ ভিতৰত ‘ড° আৰ. আৰ. পাল’ বিশেষভাৱে উল্লেখনীয়। এই জাতৰ বৌগেনভিলিয়াই সোনকালে বৃদ্ধি হোৱাৰ লগতে শিপা বহু তললৈ যায় বাবে ই অতি শক্তিশালী গছ হৈ পৰে।

দক্ষিণ আমেৰিকাৰ অৰণ্যৰ পৰা প্ৰথমে ইউৰোপ হৈ পাছলৈ এছিয়া মহাদেশকে ধৰি প্ৰায় প্ৰতিটো  প্ৰান্তলৈ সম্প্ৰসাৰিত হৈ পৰা বৌগেনভিলিয়া উদ্ভিত অন্বেষণ আৰু অভিযোজনৰ এক অনন্য উদাহৰণ। ইয়াৰ সৌন্দৰ্য যিদৰে মনোমুগ্ধকৰ সেইদৰেই ইয়াৰ ইতাহাসো উদ্ভিত বিজ্ঞানীৰ বাবে ৰোমাঞ্চকৰ।

অসমত বৌগেনভিলিয়াৰ ধুনীয়া ফুলৰ বাবেই পৰিচিত এই উদ্ভিতবিধৰ সন্দৰ্ভত এতিয়াও বিশেষ চৰ্চা হোৱা নাই। কিন্তু অসমৰ প্ৰতিখন গাঁৱতে, প্ৰতিটো অঞ্চলতো আনকি গুৱাহাটী মহানগৰৰ দৰে যান্ত্ৰিকতাৰ মাজতো পথৰ কাষত, এপাৰ্টমেণ্টৰ চৌহদত অথবা উদ্যান, পাহাৰ অঞ্চলত এতিয়াও সৌন্দৰ্য বিয়পাই ফুলি আছে সকলোৰে চিনাকী কাগাজ ফুল অচিনাকী বৌগেনভিলিয়া।

 

আচুৰ্য বৰপাত্ৰ ফাগুন