উত্তৰ পূৰ্বাঞ্চলত বিপৰ্যয়ঃ বান, ভূমিস্খলনৰ ভয়াৱহ ৰূপ

বান, ভূমিস্খলনৰ ফলত অসমত এই পৰ্যন্ত ১১ জন লোকৰ উপৰিও অৰুণাচল প্ৰদেশত ১০ জন, মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৩ জন আৰু ত্ৰিপুৰাত এজন লোকৰ মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
উত্তৰ পূৰ্বাঞ্চলত বিপৰ্যয়ঃ বান, ভূমিস্খলনৰ ভয়াৱহ ৰূপ

বান আৰু ভূমিস্খলনৰ কৱলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। অসম, ত্ৰিপুৰাৰ উপৰিও পাহাৰীয়া ৰাজ্য ছিকিম, অৰুণাচল, মিজোৰাম, মেঘালয়ত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত মৃত্যু হৈছে ৩৬ গৰাকী লোকৰ। টেলিফোনেৰে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ এই পৰিস্থিতি সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

যোৱা কেইবাটাও দিনত উত্তৰ পূৰ্বাঞ্চলত অব্যাহত থকা নেপানেপেৰা বৰষুণৰ ফলত অঞ্চলটোৰ কেইবাখনো ৰাজ্যত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বিশেষকৈ অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আদিত বৰষুণৰ ফলত বানৰ সমান্তৰালকৈ ভূমিস্খলনে বহু লোকৰ প্ৰাণ কাঢ়িছে। 

অসমত এই পৰ্যন্ত ১১ জন লোকৰ বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ বিপৰীতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পাইছে। 

তাৰ ভিতৰত অৰুণাচল প্ৰদেশত ১০ জন, মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৩ জন আৰু ত্ৰিপুৰাত এজন লোকৰ মৃত্যু হৈছে। এনে দুৰ্যোগৰ সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপত মিলিত হৈছে।

তাৰোপৰি তেওঁ তিনিওখন ৰাজ্যকে সকলোধৰণৰ কেন্দ্ৰীয় সাহায্যৰো আশ্বাস প্ৰদান কৰিছে। উল্লেখ্য উত্তৰ পূৰ্বাঞ্চলত এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ ফলত গৃহহীন হৈছে ৫.৫ লাখ লোক। 

উত্তৰ পূৰ্বাঞ্চলৰ এই আটাইকেইখন ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে অসম। এই পৰ্যন্ত অসমৰ মুঠ ৬৪ টা ৰাজহ চক্ৰৰ ১২৫০ খন গাওঁ বানপানীৰ কৱলত আছে। তাৰোপৰি ক্ষতিগ্ৰস্ত হৈছে ৫১৫০৩৯ গৰাকী লোক। এই পৰ্যন্ত স্থাপন কৰা হৈছে ১৬৫ টা সাহায্য শিবিৰ আৰু ১৫৭ টা সাহায্য বিচৰণ কেন্দ্ৰও স্থাপন কৰা হৈছে। 

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ কৰ্তৃপক্ষই আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ ২২ খন জিলা বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে আৰু ১৫ খন নদী এতিয়াও বিপদ চিহ্নৰ ওপৰেদি বৈ আছে। বহু কেইটা স্থানত পথ, ৰে’ল আৰু ফেৰী আদিৰ দৰে যোগাযোগ তথা পৰিবহণ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। 

অসমৰ আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা। অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নীপকোৱে কোনো জাননী নিদিয়াকৈ ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ ফলত জিলাখনত নৈপৰীয়া অঞ্চলত একপ্ৰকাৰে ধ্বংসলীলা চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এই অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলৰ সৈতেও মত বিনিময় কৰিছে। 

ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য ছিকিমৰ পাহাৰীয়া তিস্তা নদীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো ধ্বংসলীলা অব্যাহত ৰাখিছে। সমান্তৰালকৈ ভূমিস্খলনে বাট-পথ বন্ধ কৰিছে।

ছিকিমৰ মংগন জিলাৰ লাচেনৰ সমীপৰ সেনা শিবিৰত দেওবাৰে সন্ধিয়া সংঘটিত হোৱা ভূমিস্খলনত তিনি সেনা জোৱান নিহত হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৯ জন সেনা জোৱান। 

নিহত দুজন জোৱানক হাবিলদাৰ লক্ষৱিন্দৰ সিং, লেন্স নাইক মুনিষ ঠাকুৰ বুলি চিনাক্ত কৰাৰ লগতে আন এজন নিহতক প’ৰ্টাৰ অভিষেক লখা বুলি চিনাক্ত কৰা হৈছে। নিৰুদ্দেশ হোৱা বাকী কেইজন জোৱানৰ সন্ধানত উদ্ধাৰ অভিযান চলি আছে। 

ছিকিমৰ ডিজিপি অক্ষয় সাচদেৱে জনোৱা মতে, লাচুং আৰু চুংথাং চহৰত আবদ্ধ হৈ থকা ১৬৭৮ গৰাকী পৰ্যটকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এতিয়াও লাচেনত আবদ্ধ হৈ আছে ১০০ৰো অধিক লোক। 

তাৰোপৰি আন কেইবাঠাইতো বন্ধ হৈ আছে পথ যোগাযোগ ব্যৱস্থা। লাচেন, লাচুং, গুৰুডংমাৰ, ভেলী অৱ ফ্লাৱাৰ্ছ আৰু জিৰ’ পইণ্টৰ দৰে গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীৰ যথেষ্ট ক্ষতিসাধন হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত উফন্দি উঠিছে তিস্তা নদী।

গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰতো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি। ৰাষ্ট্ৰপতিৰ শাসনত থকা ৰাজ্যখনত যোৱা চাৰিদিন ধৰি ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে। 

ৰাজ্যখনৰ হাজাৰ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জানিব পৰা মতে ৰাজ্যখনৰ ৩৩৬৫ টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। প্লাৱিত হৈছে ১০৩ টা অঞ্চল। গৃহহীন হৈছে ১৯,৮১১ গৰাকী লোক। 

ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবে বিভিন্ন স্থানত ৩১টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। মণিপুৰ অগ্নিনিৰ্বাপক সেৱা, অসম ৰাইফলছ, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনাই যৌথভাৱে সাহায্য অভিযান আৰম্ভ কৰিছে। জানিব পৰা মতচে ইম্ফল নদীৰ মথাউৰিও চাৰিটা স্থানত ভাঙি যোৱাৰ ফলত পূব ইম্ফল জিলাত ব্যাপক বানপানীৰ সৃষ্টি হৈছে।


চুবুৰীয়া অৰুণাচল প্ৰদেশত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে ৰাজ্যখনৰ লোহিত জিলাত এজন লোকৰ মৃত্যু হৈছে। 

ৰাজ্যখনৰ ২৩খন জিলাৰ ১৫৬খনতকৈও অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে। ভূমিস্খলন আৰু বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা আন আন অঞ্চলৰ বাসিন্দাসকলক সজাগ হ’বলৈ পৰামৰ্শ দিয়া হৈছে। 

পশ্চিম কামেং, কমলে, সোৱণশিৰি, পাপুম পাৰে, দিবাং উপত্যকা, লোহিত, চাংলাং, লংডিঙকে ধৰি কেইবাখনো জিলাত বানপানীৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ অধিকাংশ নদী আৰু ইয়াৰ উপনৈসমূহ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।


ত্ৰিপুৰাত যদিও বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে তথাপিও ১০ হাজাৰ বানত ক্ষতিগ্ৰস্ত লোক এতিয়াও আশ্ৰয় শিবিৰতে আছে। জানিব পৰা মতে ত্ৰিপুৰাত মুঠ ৬৬ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত ২,৯২৯ টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে। 

মিজোৰামত এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ মে’ৰ পৰাই ধাৰাসাৰ বৰষুণ অব্যাহত থকা মিজোৰামত ম্যানমাৰৰ পৰা অহা তিনি শৰণাৰ্থীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

ভূমিস্খলনৰ ফলত বন্ধ হৈ আছে ২১২টা পথ। ভূমিস্খলন আৰু পানী জমা হোৱাৰ বাবে বিভিন্ন অঞ্চলত ব্যাহত হৈ আছে স্বাভাৱিক জীৱন। এনে পৰিস্থিতিত ৰাজ্যখনত বন্ধ ঘোষণা কৰা হৈছে সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান। 

 

ভূমিস্খলন বানপানী