সংবিধান, গণতন্ত্ৰৰ কথা কলেই নহ'ব, দায়িত্ববোধো থাকিব লাগিব

সংবিধান, গণতন্ত্ৰৰ কথা কলেই নহ'ব, দায়িত্ববোধো থাকিব লাগিব
সংবিধান, গণতন্ত্ৰৰ কথা কলেই নহ'ব, দায়িত্ববোধো থাকিব লাগিব
Published on
Updated on
চলি আছে অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিবেশন। এই অধিবেশনতে নিৰ্বাচিত সদস্যসকলে শপতগ্ৰহণ কৰিলে। তাৰ মাজতে ২৫ জুনত জৰুৰীকালীন অৱস্থাৰ কথা সোঁৱৰি বিজেপিয়ে পালন কৰিলে ক'লা দিন। ৰাহুল গান্ধীয়ে আকৌ সংবিধান হাতত লৈ ল'লে শপত। সংবিধান, গণতন্ত্ৰক লৈ চলি থকা এনে বিতৰ্কৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

হাতত সংবিধানৰ প্ৰতিলিপি লৈ ৰাহুল গান্ধীয়ে যিসময়ত লোকসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে সেই সময়তে মঙ্গলবাৰে দেশজুৰি বিজেপিয়ে পালন কৰিলে ক'লা দিৱস। ২৫ জুন, ১৯৭৫ ৰ মাজ নিশা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে সংবিধানৰ ৩৫২ (১) নং অনুচ্ছেদৰ অধীনত আভ্যন্তৰীণ সমস্যাৰহেতু জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল।

এই জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলক এফালে যিদৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল আনফালে দেশৰ নাগৰিকৰ অধিকাৰ খৰ্ব কৰিছিল। জনসংযোগ মাধ্যমসমূহৰো বাক-স্বাধীনতাও সীমিত কৰা হৈছিল। ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বৰ্তি থকা এই জৰুৰীকালীন অৱস্থাই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত সময়।

সেয়ে ২৫ জুনৰ দিনটোক বিজেপিয়ে ক'লা দিৱস হিচাপে পালন কৰি আহিছে। কাকতলীয়ভাৱে অষ্টাদশ লোকসভাৰ বিশেষ অধিৱেশনৰ মাজতে ২৫ জুনতে সংসদৰ সদস্য হিচাপে সংবিধানৰ শপত ল'লে ইন্দিৰা গান্ধীৰ নাতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। শপত ল'বলৈ যোৱাৰ সময়ত ৰাহুলে লগত ৰাখিলে সংবিধানৰ এক প্ৰতিলিপি।

শপত লোৱাৰ পূৰ্বে ৰঙা ৰঙৰ সেই সংবিধানৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিজেপি সাংসদসকলৰ ফালেও দেখুৱালে ৰাহুলে। শপত লোৱাৰ সময়তো সোঁহাতেৰে দাঙি থাকিলে এই সংবিধান।

২০২৪ ৰ লোকসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছ তথা বিৰোধীৰ মূল বিষয় আছিল সংবিধান ৰক্ষা। কংগ্ৰেছৰ অভিযোগ আছিল শাসকীয় বিজেপিৰ হাতত সুৰক্ষিত নহয় দেশৰ সংবিধান। আম্বেদকাৰে যি আদৰ্শ আগত লৈ দেশৰ সংবিধান প্ৰস্তুত কৰিছিল সেই আদৰ্শক নষ্ট কৰিবলৈ কৌশল ৰচনা কৰিছে বিজেপিয়ে।

ইফালে বিজেপিৰ এইবাৰ নিৰ্বাচনী শ্লোগান আছিল 'অবকি বাৰ ৪০০ পাৰ'। বিজেপিক কিয় ৪০০ ৰো অধিক আসনৰ প্ৰয়োজন সেই বিষয়ে ভিন্নজনে ভিন্নমত দিলেও একাংশ বিজেপি নেতাই মুকলিকৈয়ে সংবিধান সংশোধনৰ কথা ক'বলৈও কুণ্ঠবোধ কৰা নাছিল।

একক সংখ্যাগৰিষ্ঠতাৰে ২০১৪ ৰ পিছত ২০১৯ তো শাসনলৈ আহি বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত দেশৰ সংসদত নাছিল শক্তিশালী বিৰোধী। শক্তিশালী বিৰোধীৰ অনুপস্থিতিত বিজেপি হৈ পৰিছিল অপ্ৰতিৰোধ্য। সংখ্যাৰ বলতেই বিজেপিয়ে সংসদত নাগৰিকত্ব আইন সংশোধন কৰাৰ উপৰিও, ভাৰতীয় দণ্ডবিধিক আঁতৰাই এক বিতৰ্কিত পৰিবেশৰ মাজেৰে নতুনকৈ গৃহীত কৰিলে ভাৰতীয় ন্যায় সংহিতা। এয়া কেৱল মাত্ৰ উদাহৰণহে।

ইয়াৰোপৰি বিজেপিৰ বিৰুদ্ধে আছে দেশৰ স্বতন্ত্ৰ অনুষ্ঠানসমূহৰ ওপৰত অনাধিকাৰ হস্তক্ষেপ কৰি ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ একাধিক অভিযোগ। অবিজেপি শাসিত ৰাজ্যত চৰকাৰ ভংগ কৰি সেই ৰাজ্যত নিজা চৰকাৰ গঢ়াৰ বাবেও বিজেপিয়ে এনে সংস্থাসমূহ ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নহয়।

এনে পৰিস্থিতিতে কংগ্ৰেছ তথা বিৰোধীয়ে সংবিধান ৰক্ষাৰ শ্লোগানেৰে ২০২৪ ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ শক্তিশালী বিৰোধী হিচাপে আত্মপ্ৰকাশ কৰিলে। নিৰ্বাচনৰ পিছতো বিৰোধীৰ মুখৰ পৰা সংবিধান সুুৰক্ষাৰ সেই শ্লোগান আঁতৰা নাই।

অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিৱেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে কংগ্ৰেছৰ সকলো সদস্যৰ হাতত দেখা গৈছে সংবিধানৰ প্ৰতিলিপি। ৰাহুল গান্ধীয়ে সংবাদ মেলত এতিয়াও সংবিধান ৰক্ষাৰ কথা কৈ আহিছে।

এনে পৰিস্থিতিত ২৫ জুনৰ দিনটোক এক সুযোগ হিচাপে লৈ বিজেপিয়ে দেশজুৰি জৰুৰীকালীন অৱস্থাক পুনৰ সোঁৱৰি কংগ্ৰেছেহে সংবিধান অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গণতন্ত্ৰলৈ বিপদ কঢ়িয়াই অনা বুলি কৈ তাক সৱলভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিলে।

বিজেপিৰ অভিযোগ ১৯৭৫ ৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি সকলো গণতান্ত্ৰিক নীতি-নিয়ম অমান্য কৰিছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰিতাই কলুষিত কৰা গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত মাত মতা লাখ লাখ ভাৰতীয়ৰ শেষ আশ্ৰয় হৈছিলগৈ কাৰাগাৰৰ বন্ধ কোঠা।

জৰুৰীকালীন অৱস্থাৰ সেই ক'লা দিনক সোঁৱৰি বিজেপিয়ে কংগ্ৰেছক উভতি ধৰি ৰাহুল গান্ধীক ইয়াৰ বাবে কাঠগড়াত তুলিছে। ৰাহুলে এই বিষয়টোৰ অধিক ৰাজনীতিকৰণ নকৰাকৈয়ে ইতিমধ্যে বহু কেইবাৰ অৱশ্যে মুখ খুলিছে।

'Emergency was a mistake'- এই কথা ৰাহুলে কেইবাটাও অনুষ্ঠানত স্পষ্টকৈ কৈছে। ৰাহুলে ইন্দিৰা গান্ধীৰ এই সিদ্ধান্তক ভুল বুলি স্বীকাৰ কৰিছে। ৰাহুলে এই কথাও কৈছে সদায়েই কেৱল তেওঁক গণতান্ত্ৰিক ব্যৱস্থাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হয়। আন কোনো ৰাজনৈতিক দল, নেতাক এই বিষয়ত প্ৰশ্ন কৰা নহয়। কংগ্ৰেছ দলত আভ্যন্তৰীন গণতন্ত্ৰক লৈ প্ৰশ্ন কৰে। কিন্তু বিজেপি, বি এছ পি আদিৰ দৰে ৰাজনৈতিক দলক এই প্ৰশ্ন নকৰে বুলি কৈ এই দলসমূহতে আভ্যন্তৰীণ গণতন্ত্ৰ নাই বুলি অভিযোগ কৰিছে।

ৰাহুলে যিদৰে মুকলিকৈ জৰুৰীকালীন অৱস্থা এক ভুল আছিল বুলি স্বীকাৰ কৰিছে ঠিক সেইদৰেই বিজেপিয়ে যোৱা সময়ছোৱাত যিবোৰ সংবিধান বিৰোধী কাম কৰিলে সেই সমূহ স্বীকাৰ কৰিব পাৰিবনে? এই কথাত কাৰো দ্বিমত নাই জৰুৰীকালীন অৱস্থা আছিল ভাৰতীয় ৰাজনীতৰ এক ক'লা অধ্যায়। ইন্দিৰা গান্ধীয়ে ইয়াৰ অপব্যৱহাৰ কৰিছিল।

কিন্তু যোৱা সময়ছোৱাত বিজেপিৰ শাসনকালত শক্তিশালী বিৰোধীৰ অনুপস্থিতিত সংবাদ মাধ্যমৰ ওপৰত হস্তক্ষেপ, বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ইডি, নিয়া, চি বি আই, আয়কৰ বিভাগকে ধৰি স্বতন্ত্ৰ সংস্থাসমূহক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ, প্ৰভাৱ গোষ্ঠীৰ নেতৃত্বক হাৰাশাস্তি, একাধিক সামাজিক, মানৱ অধিকাৰ কৰ্মীক ৰাষ্ট্ৰদ্ৰোহৰ ভুৱা গোচৰত অভিযুক্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা আদিৰ দৰে ঘটনাৰে আন এক জৰুৰীকালীন অৱস্থাৰ দৰে এক পৰিবেশৰ সূচনা কৰা নাছিলনে?

অষ্টাদশ লোকসভা ইতিমধ্যে আৰম্ভ হৈছে। সকলো ৰাজনৈতিক দলৰ সাংসদসকলে সংবিধানৰ শপত লৈছে। ওম বিৰলা পুনৰ এবাৰ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হ'ল। লোকসভাৰ এই পবিত্ৰ মঞ্চত সাংসদসকলে যি শপত ল'লে সেই শপত ৰাখিব পাৰিবনে?

পাৰিবনে শাসক, বিৰোধীসকলোৱে সংবিধান বিৰোধ কোনো কাম কেতিয়াও নকৰো বুলি ক'বলৈ? পাৰিবনে নেতাই তেনে কোনো অপচেষ্টা কৰিলে তাৰ বিৰোধ কৰিবলৈ? অভিযোগ, প্ৰতিঅভিযোগ বহুত হ'ল। দেশবাসীয়ে এইবাৰ কাকো ক্ষমা নকৰে। ২০২৪ ত ভোটাৰসকলে তাৰ এক ইংগিত দিছে। সেয়ে সময় থাকোঁতেই সকলো সাৱধান হোৱা উচিত। দেশবাসীৰ নজৰ কিন্তু সকলোৰে ওপৰত আছে।

সংবিধান, গণতন্ত্ৰৰ কথা কলেই নহ'ব, দায়িত্ববোধো থাকিব লাগিব
ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in